অগপৰ স্বাৰ্থতেই যিবোৰ কথা ক’বই লাগিব…

অগপৰ স্বাৰ্থতেই যিবোৰ কথা ক’বই লাগিব…

♦ মৃদুল কুমাৰ সন্দিকৈ

অসম গণ পৰিষদৰ তথাকথিত নেতৃত্বৰ দাবী ইয়াৰ বিকল্প নাছিল তেওঁলোকৰ হাতত। তেওঁলোকক জাতিদ্ৰোহী বুলি আখ্যা দিছে বহুতে। চৰম বিশ্বাসঘাতকতা কৰা বুলিও কৈছে কিছুৱে। কোনো কোনোৰ মতে, তেওঁলোকৰ আৰু একো কথা কোৱাৰ অধিকাৰ নাই।

অগপৰ স্বাৰ্থত নে নিজৰ স্বাৰ্থত তেওঁলোকে দলটোক বন্ধকত দিলে সেয়া ৰাইজে যি বুজিব লাগে বুজিলে। আমি তেওঁলোকক ক'ব খোজা নাই প্ৰতাৰক বুলি। হয়তো তেওঁলোকে কিছু চিন্তা-চৰ্চা কৰিয়েই এই সিদ্ধান্ত লৈছে। কিন্তু জাতীয়তাবাদত বিশ্বাসী সকলে ইয়াক  চৰম প্ৰতাৰণা বুলি গণ্য কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৮ জানুৱাৰীত সোণোৱাল মন্ত্ৰী সভাৰ পৰা অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগক নাটক আখ্যা দিছে।

সেই নাটকৰ যৱনিকা পৰিল ১২ মাৰ্চ, ২০১৯ত। হোটেল ৰেডিশ্যন ব্লুত অগপৰ কফিনৰ শেষৰটো গজাল মাৰিলে বুলি চৰ্চা হৈছে। আকৌ বিজেপিৰ লগ লাগি লোকসভা নিৰ্বাচন খেলিবলৈ তেওঁলোক প্ৰস্তুত হৈছে। দলটোৰ সভাপতি অতুল বৰাৰ নিশ্চয় মনত আছে, এদিন কি কৈছিল তেওঁ? বিজেপিক বিপদ আখ্যা দিছিল অতুল বৰাই। কংগ্ৰেছকো দিছিল বিপদ আখ্যা। আৰু অগপক সম্পদ আখ্যা দি কৈছিল- এদিন নিজেই উভালি পৰিব বিজেপি নেতা। বিজেপিৰ ওচৰত খিলঞ্জীয়া নহয়, হিন্দু বাংলাদেশীহে নিৰাপদ।

এই কথা অতুল বৰাক মনত পেলাই দিয়াৰ সময় এয়া। অসমবাসীক অন্ধকাৰত ৰাখি নিশা ৰেডিশ্যন ব্লুত ৰাম মাধৱেৰে মিলি মিত্ৰতা চূড়ান্ত কৰিলে। অসমীয়া জাতীয় আৱেগক ভৰিৰে মোহাৰি ৮৫৫জন শ্বহীদৰ চৰম ত্যাগক উপলুঙা কৰি কেৱল ক্ষমতাৰ স্বাৰ্থত কেশৱ মহন্ত, অতুল বৰাৰ দৰে নেতাই এই কাম কৰিলে নেকি?

প্ৰফুল্ল মহন্ত স্বৰূপ ইতিমধ্যে ওলাই পৰিছে। কমলা কলিতা, বীৰেন বৈশ্য আদি নেতাসকলে কি ভূমিকা লৈছে পোহৰলৈ আহিছে। অতুল বৰাই অকলে হয়তো দলটোক উদ্ধাৰ কৰিব নোৱাৰে। কিন্তু বিজেপিৰ হাতত অগপক তুলি দিয়া মানেই জানো স্বাভিমানী অসমীয়া জাতিক আত্মসমৰ্পণ কৰাৰ দৰে নহ'ল?

আমি কিয় কেৱল অতুল বৰা আৰু কেশৱ মহন্ত তথা আন অগপ নেতাৰ যুক্তি শুনিব লাগে? তেওঁলোকেতো অসমীয়া জাতিৰ আৱেগ-অনুভূতিক মূল্য দিব লাগিছিল। সেই আৱেগক ধৰি ৰখাৰ দায়িত্ব কাৰ আছিল? নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৃষ্টি হোৱা আৱেগক মূলধন কৰি পঞ্চায়ত নিৰ্বাচন খেলিছিল। তাত মুখথেকেচা খোৱাৰ পাছত সেই আৱেগক জলাঞ্জলি দি পুনৰ বিজেপিৰ কাষলৈ দৌৰা এই দলটোৰ নেতাৰ প্ৰতি ন্যূনতম অনুকম্পা অসমবাসীৰ মাজত নাই।

মিত্ৰতা চূড়ান্ত কৰাৰ পাছত ৰেডিশ্যন ব্লুত ৰাম মাধৱৰ সৈতে অগপৰ নেতাসকল।
মিত্ৰতা চূড়ান্ত কৰাৰ পাছত ৰেডিশ্যন ব্লুত ৰাম মাধৱৰ সৈতে অগপৰ নেতাসকল।

অগপৰ স্বাৰ্থত আৰু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত লোৱা বুলি অতুল বৰা, কেশৱ মহন্তই কোৱা কথাবোৰ নিজক ৰক্ষাৰ বাবে দিয়া মূল্যহীন এটা যুক্তিৰ বাদে একো নহয়। বিজেপিৰ সৈতে মিলিলে, মিত্ৰতা কৰিলে অগপৰ অস্তিত্ব ৰক্ষা কেতিয়াও নহয়। অগপই নিজৰ কবৰ সদায় নিজেই খান্দি আহিছে।

অসম আন্দোলনৰ পটভূমিত যি আৱেগ-অনুভূতিৰ সৃষ্টি হৈছিল, সেই আৱেগ-অনুভূতিয়েই এটা ৰাজনৈতিক দলৰ মূলধন হ'ব নোৱাৰে। যদি সঁচা অৰ্থত অগপক ২০২১ৰ নিৰ্বাচনৰ বাবে সাজু কৰিব বিচাৰিছিল, তেন্তে দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে জাতীয় চেতনাৰ প্ৰতি আৰু অধিক সচেতন হোৱাৰ প্ৰয়োজন আছিল। শেষ মুহূৰ্তলৈকে বিজেপি চৰকাৰত থাকি নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ দিনা বিজেপিৰ সংগ এৰিলে ইয়াক ত্যাগ বুলি নকয়।

আজিৰ পৰিপ্ৰেক্ষিতত অতুল বৰা, কেশৱ মহন্ত অসমৰ ৰাইজৰ পৰা জবাবদিহি হ'বই লাগিব। সাৰি নাযাব ফণীভূষণ চৌধুৰীৰ দৰে নেতাও। কাৰণ মিত্ৰতা স্থাপন হ'ব বুলি ঘোষণা কৰাৰ ১২ ঘণ্টা নৌহওঁতেই তেওঁলোক গৈছিল মুখ্যমন্ত্ৰীৰ কাষলৈ। পুনৰ মন্ত্ৰিত্ব পদ চম্ভালিবলৈ যেন উত্ৰাৱল হৈ আছিল ইমান দিনে। আনকি ৬ নিগমৰ নিকায়ৰ অধ্যক্ষৰ পদো পুনৰ চম্ভালিব অগপ নেতাই।

অগপ নেতা কমলা কলিতাইতো এৰিয়েই নিদিলে খাদী বৰ্ডৰ অধ্যক্ষ পদ। অগপক নিঃশেষ কৰি দিয়া ষড়যন্ত্ৰ চলিছিল বিজেপিৰ ভিতৰৰ পৰাই। মিত্ৰতা নকৰিলে বিজেপিত যোগদান কৰিবলৈ হেনো এচাম নেতা টালি-টোপোলা বান্ধি সাজু হৈ আছিল। তেনে ভণ্ড নেতা সকলক যাবলৈ দি নতুন প্ৰজন্মৰ জৰিয়তে অতুল বৰাই দলটোক সবল কৰাৰ বাবে অসমৰ ৰাইজৰ সহযোগত কিয় দৃঢ় পদক্ষেপ ল'ব নোৱাৰিলে?

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপক মিত্ৰদল ৰূপে দিব লগা সন্মান কেতিয়াবা দিছিলনে? অতুল বৰাৰ মনত আছেনে- ৰঞ্জিত দাসে কি কৈছিল? যদি পুনৰ মিত্ৰতা হ'ব লাগে তেনেহ'লে নাগৰিকত্ব সংশোধনী বিধেয়ক অগপে বিৰোধিতা নকৰো বুলি লিখি দিব লাগিব। এই মন্তব্য আছিল ৰঞ্জিত দাসৰ।

মিত্ৰতা হৈ গ'ল। অতুল বৰা, কেশৱ মহন্ত বা আন অগপ নেতৃত্বই এতিয়া ৰাজহুৱা কৰক ৰাজ্যিক বিজেপিয়ে দাবী কৰাৰ দৰে তেওঁলোকে এই বিধেয়ক সমৰ্থন নকৰো বুলি বিজেপিক লিখিত প্ৰতিশ্ৰুতি দিলে নে নাই? অসম গণ পৰিষদৰ প্ৰতি ৰাইজৰ মৰম স্বতঃস্ফূতভাৱে সৃষ্টি হোৱা এক আৱেগৰ ফচল।

সেয়েহে অগপৰ সদস্য হ'লেও বা নহ'লেও এই দলটোৰ প্ৰতি ৰাইজৰ আছে এক টান। অসমৰ ৰাইজে বিচাৰিলে এই আঞ্চলিক শক্তিক পুনৰ তুলি ধৰিব পাৰিলে হয়। এই সুযোগ কোনো দিনেই অগপ নেতৃত্বই ৰাইজক নিদিলে। দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তক এতিয়াও বহুতে গণশত্ৰু জ্ঞান কৰে।

মহন্তই অগপৰ সিংহভাগ আস্থা তেওঁৰ কাম-কাজ আৰু স্বজন-প্ৰীতিৰ জৰিয়তে নষ্ট কৰি গ'ল। তাৰ পৰা দলটোক উলিয়াই আনিবলৈ কোনো নেতাই ব্যৱহাৰিক অৰ্থত সফল চেষ্টা নকৰিলে। বৃন্দাবন গোস্বামী, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আদিয়ে দলটোক নেতৃত্ব দিলে যদিও, তেওঁলোকো যেন থমকি ৰ'ল।

বৰ্তমানৰ অগপৰ নেতৃত্বৰ প্ৰতি আমাৰ কোনো ক্ষোভ নাই, নাই কোনো শত্ৰুতা। অগপৰ এক সুন্দৰ ভৱিষ্যতে আমাৰ থলুৱা খিলঞ্জীয়া লোকসকলক ৰাজনৈতিক সুৰক্ষা আৰু প্ৰবক্তা ৰূপত প্ৰক্ষেপ কৰাৰ সুযোগ আমি কোনো দিনেই নাপালো। ইয়াৰ বিপৰীতে এই দলটোৰ ভিতৰচৰাৰ খাম-খেয়ালি বাতৰিয়ে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি থাকিল।

বদনাম হ'লেও উপায় নাই বুলি আমবাৰীৰ পৰা অহা স্বীকাৰোক্তিৰ মাজতে অসহায় আৰু ৰাইজৰ প্ৰতি আস্থাহীনতা ভাৱক তুলি ধৰিলে। বিজেপিয়ে নে অসমৰ ৰাইজে অগপক সবল কৰাত সহায় কৰিব পাৰে, সেই সাধাৰণ প্ৰশ্নৰ উত্তৰ অতুল বৰা আৰু তেওঁৰ কোম্পানীয়ে বিচাৰি উলিয়াব নোৱাৰাটো দুৰ্ভাগ্যজনক। প্ৰয়োজনত লোকসভা নিৰ্বাচনত এখনো আসন লাভ নকৰিলেও, অগপৰ প্ৰতি থকা আস্থাক সুদৃঢ় ৰূপত জাতীয়তাবাদৰ স্বাৰ্থত প্ৰতিষ্ঠা কৰাৰ শেষ সুযোগ অগপই হেৰুৱালে।

মন্ত্ৰীৰ পৰা পদত্যাগ কৰা পদত্যাগ পত্ৰ কেইখন ঘূৰাই ল'বলৈকে যেন তেওঁলোক উত্ৰাৱল হৈ আছিল। সেই পদত্যাগ পত্ৰ ঘূৰাই লোৱাৰ পাছত এতিয়া তেওঁলোকে যিমানেই যুক্তি নিদিয়ক, সঁচা অৰ্থত ক্ষমতাৰ প্ৰতি কিমান দুৰ্বল সেই প্ৰমাণ ৰাইজে পালে। কোনোবাই অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীক মন্ত্ৰী হোৱাত বাধা দিবলৈ নাযায়। কিন্তু এই পৰিৱেশ-পৰিস্থিতিত তেওঁলোকে নিজৰ অন্তৰ আত্মাক সোধক- মন্ত্ৰী নে জাতীয় স্বাৰ্থ ডাঙৰ?

অগপই আগতে অকলে নিৰ্বাচন খেলা নাছিল নেকি? এইবাৰ তেওঁলোকে অকলে নিৰ্বাচন খেলিব নোৱাৰাৰ কাৰণ ক'ত? দলটোৰ নেতৃত্বই প্ৰায়ে কয়- নিৰ্বাচন খেলিবলৈ অসম গণ পৰিষদৰ হেনো ধন নাই। ১৯৮৫ৰ নিৰ্বাচনত আপোনালোকে ক'ৰ ধন লৈ নিৰ্বাচন খেলিছিল? তেতিয়াওতো আপোনালোকৰ হাতত ধন নাছিল। কিন্তু ৰাইজৰ বিশ্বাস আছিল। সেই মূলধনকে সম্বল কৰি নিৰ্বাচন এইবাৰো খেলিব পাৰিলে হয়। কিন্তু আপোনালোকে হিচাব কৰিলে আপোনালোকৰ ব্যক্তিগত স্বাৰ্থক।

নেগুৰ পেলাই ৰাম মাধৱ আৰু হিমন্ত বিশ্বৰ সৈতে অতুল বৰা…
নেগুৰ পেলাই ৰাম মাধৱ আৰু হিমন্ত বিশ্বৰ সৈতে অতুল বৰা…

অগপ দল কেনেদৰে ধ্বংস হৈছে সেই প্ৰমাণ ৰাইজে দেখিলে। আপোনালোকে কিয় বিজেপিৰ সৈতে আকৌ মিত্ৰতা কৰিব বিচাৰিছিলে তাকো ৰাইজে বুজিলে। মিত্ৰতা চূড়ান্ত হোৱাৰ পাছতেই ৰাম মাধৱে ঘোষণা কৰিছিল- পুনৰ মন্ত্ৰিত্বৰ পদ ল'ব অগপৰ ৩ মন্ত্ৰীয়ে।

ৰাম মাধৱে কি লিখিছে নিজেই পঢ়ক…
ৰাম মাধৱে কি লিখিছে নিজেই পঢ়ক…

অগপৰ ভিতৰচৰাৰ বহু খবৰ মানুহে নাজানে। এদিন বৰ্তমানৰ অগপ সভাপতি অতুল বৰাই তেতিয়াৰ অগপত থকা জ্যেষ্ঠ নেতা অতুল বৰাক (দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক) সন্মুখত দলটোৰ ভিতৰ চৰাত সংঘটিত কৰ্মকাণ্ডক লৈ অতিষ্ঠ হৈ উষ্মা প্ৰদৰ্শন কৰা নাছিলনে?

হয়তো অতুল বৰাই পাহৰিছে সেইবোৰ কথা। সেয়া আছিল ১৮ মে', ১৯৯৮ৰ ঘটনা। সেইদিনা পদত্যাগ কৰিছিল অতুল বৰাই। শিক্ষা মন্ত্ৰী যতীন মালিয়েও পদত্যাগ কৰিব বিচাৰিছিল। থানেশ্বৰ বড়োৱেও পদত্যাগ কৰিছিল। আপোনালোকে ৰচিছিল থানেশ্বৰ বড়োক মুখ্যমন্ত্ৰী পতাৰ কৌশল।

ৰাজ্যপালৰ ওচৰলৈ যোৱা কথা আছিল আপোনালোক কেবাজনো নেতা। প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে আপোনালোকৰ আছিল তীব্ৰ ক্ষোভ। কিন্তু ৰাজভৱনলৈ যাবৰ সময়ত বৃন্দাবন গোস্বামীয়ে সংগ নিদিলে। হিতেন গোস্বামী যোৰহাটলৈ গুচি গৈছিল। ময়দুল ইছলামে থানেশ্বৰ বড়োক ৰঙিয়ালৈ মাতি নি সুৰেন মেধিৰ ঘৰত মহন্তক লগ কৰাই দিছিল।

ভৃগু ফুকনৰ ঘৰত এদিন তাৰ পাছত এটা ভোজ পাতিছিল। এই ভোজৰ লক্ষ্য আছিল আপোনালোকৰ বিসম্বাদী নেতা সকলে মহন্তৰ বিৰুদ্ধে কিবা সিদ্ধান্ত লোৱা। কিন্তু বৃন্দাবন গোস্বামী নাহিল। পুলকেশ বৰুৱা, যতীন মালি আহিছিল। পৰৱৰ্তী সময়ত হেনো বৃন্দাবন গোস্বামীয়ে কৈছিল- 'সেইদিনা মই ৰাজভৱনলৈ যোৱা হ'লে মহন্তৰ চৰকাৰৰ পতন ঘটিলে হেতেন।' তেজপুৰৰ কাৰ্যনিৰ্বাহকতে হেনো এই কথা কৈছিল গোস্বামীয়ে।

গ্ৰন্থঃ অবিৰত সংগ্ৰাম। লিখকঃ অতুল বৰা। পৃষ্ঠাঃ ১২৩
গ্ৰন্থঃ অবিৰত সংগ্ৰাম। লিখকঃ অতুল বৰা। পৃষ্ঠাঃ ১২৩

যোৰহাটলৈ গৈ হিতেন গোস্বামীয়ে মহন্তক মেনেজ কৰি মন্ত্ৰিত্বও পাইছিল। দুদিন মানৰ পাছত বৰ্তমানৰ অগপ সভাপতি অতুল বৰা জ্যেষ্ঠ অতুল বৰাৰ (দিছপুৰ সমষ্টিৰ বিধায়ক) ঘৰলৈ আহোতে সুধিছিল- কি কৰিলা এইবোৰ বুলি। তেতিয়া তেওঁ কি উত্তৰ দিছিল সেই কথা অতুল বৰাই (জ্যেষ্ঠ) গ্ৰন্থৰ পাতত লিখি থৈছে।

এইবোৰ কাৰোবাৰ কথা নহয়, লিখিত ৰূপত আছে এইবোৰ কথা।  অগপৰ ভিতৰচৰাৰ এই কথাবোৰ লিখি থৈছে অতুল বৰাই (জ্যেষ্ঠ)। প্ৰায় ১২ বছৰ আগতে প্ৰকাশ পোৱা গ্ৰন্থখনত থকা এই কথাবোৰ কোনেও অস্বীকাৰ কৰা চকুত নপৰে। গতিকে সেইবোৰ কথাক সঁচা বুলি মানি লৈছে ৰাইজে।

প্ৰথমৰ পৰাই অসম গণ পৰিষদে ৰাইজৰ আস্থা বুটলাত বিফল হ'ল। ১৯৮৫চনৰ অসম চুক্তিৰ পাছত গঠন হোৱা দল আছিল অসম গণ পৰিষদ। যিখন চুক্তি স্বাক্ষৰ কৰিবলৈ যাওঁতে এই চুক্তিৰ বিৰোধিতা কৰি ৰেলেৰে গুচি আহিছিল দুজনকৈ প্ৰতিনিধি। চুক্তি কৰিবলৈ গৈ চুক্তিৰ বিৰোধিতাৰে দিল্লীৰ পৰা ঘূৰি অহা নেতা দুজন আছিল- প্ৰবীন্দ্ৰ ডেকা আৰু থানেশ্বৰ বড়ো।

অসম আন্দোলনৰ পাছত সেই চুক্তি কৰিবলৈ যাওঁতে চুক্তিৰ নামত যে ভেকোভাওনা হৈছিল তাৰো প্ৰচাৰ চলিছিল। গেছ ক্ৰেকাৰ, শোধানাগাৰ আদি দিয়া বুলি প্ৰচাৰ চলাই অসমত এটা পৰিৱেশ সৃষ্টি কৰিহে ২১ আগষ্টত অসম চুক্তিত স্বাক্ষৰ কৰা নেতাসকল গৃহ ৰাজ্যলৈ ঘূৰি আহিছিল।

ৰাইজে তথাপিও মানি লৈছিল-  ২১ আগষ্ট, ১৯৮৫ত বৰঝাৰৰ পৰা জজ খেলপথাৰলৈ অভূতপূৰ্ব জনসমুদ্ৰ হৈছিল। শ শ গাড়ী-মটৰ চাইকেলেৰে ডব-কাঁহ বজাই চুক্তি স্বাক্ষৰকাৰী সকলক ৰাইজে আদৰিছিল। তাৰ পাছত ১৯৮৬চনৰ নবেম্বৰত অসম কৃষি বিশ্ববিদ্যালয়ত এখন অভিবৰ্তন হৈছিল। সেই অভিবৰ্তনত বিভিন্ন জনগোষ্ঠী, জনসাধাৰণৰ আৰ্থসামাজিক আৰু সাংস্কৃতিক আশা-আকাংক্ষা প্ৰতিফলিত কৰি অসমবাসীক এক ৰাজনৈতিক সত্তাৰে গঢ় দিয়াৰে মানসেৰে এখন সমিতি গঠন হৈছিল। সেই সমিতি খনৰ আহ্বায়ক আছিল দীনেশ্বৰ তাছা আৰু বৃন্দাবন গোস্বামী।

অগপ নেতৃত্বই এই ইতিহাস পুনৰবাৰ মনত পেলোৱা উচিত। এয়া আছিল অগপৰ জন্মৰ অতীত কাহিনীক। অসমবাসীক ৰাজনৈতিক সত্তাৰে সুৰক্ষিত কৰা লক্ষ্যৰে এই দলটোৰ গঠনৰ পটভূমি ৰচনা হৈছিল। প্ৰফুল্ল মহন্তৰ স্বাৰ্থসিদ্ধি, অতুল বৰা-কেশৱ মহন্তৰ ৰাজনৈতিক ক্ষমতা দখল আদিৰ বাবে এই দল গঠন হোৱা নাছিল।

১৯৮৫চনৰ ১২, ১৩ আৰু ১৪ অক্টোবৰত গোলাঘাটত অনুষ্ঠিত হৈছিল আন এখন ৰাজনৈতিক অভিবৰ্তন। সেই অভিবৰ্তনতেই ৰাজনৈতিক সত্তাক সুসংগত কৰি এক আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছিল। তেতিয়াই সেই দলটোৰ সৈতে পি এল পিকে ধৰি আন সংগঠনসমূহ চামিল হৈ গঠন কৰা হৈছিল অসম গণ পৰিষদ।

সেই অভিবৰ্তনতেই এই আঞ্চলিক ৰাজনৈতিক দলৰ এখন সভাপতি মণ্ডলী গঠন কৰা হৈছিল। কিন্তু গোলাঘাটৰ পৰা গুৱাহাটীলৈ অহাৰ পাছত সেই সভাপতি মণ্ডলীৰ ঠাইত প্ৰফুল্ল মহন্ত সভাপতি বুলি ঘোষণা কৰা হ'ল। অসম গণ পৰিষদ নামৰ ৰাজনৈতিক দল গঠনৰ পাছতেই অনুষ্ঠিত হৈছিল অসম বিধানসভা নিৰ্বাচন। কম সময়ৰ ভিতৰত প্ৰস্তুত কৰিব লগা হৈছিল প্ৰাৰ্থী। তাৰ বাবে ১১ জনীয়া এখন নিৰ্বাচনী পাৰ্টী কমিটী গঠন কৰা হৈছিল।

যোগ্যতা থকা প্ৰাৰ্থীৰ অভাৱ হৈছিল তেতিয়াও। কিন্তু প্ৰাৰ্থিত্ব বিচাৰিছিল বহুতে। কিছু খেলিমেলিৰে সেইবাৰ প্ৰস্তুত হৈছিল প্ৰাৰ্থীৰ তালিকা। অৱশেষত নিৰ্বাচন অনুষ্ঠিত হ'ল। নিৰ্বাচনী ফলাফল ঘোষণা হ'ল। তেতিয়া চানমাৰিত আছিল অসম গণ পৰিষদৰ কাৰ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেষ্ট হাউছত প্ৰফুল্ল, ভৃগুসহ অতুল বৰা (জ্যেষ্ঠ) বহি কোন কোন মন্ত্ৰী হ'ব সেই তালিকা চূড়ান্ত কৰা হৈছিল।

তাৰপাছত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল প্ৰফুল্ল কুমাৰ মহন্তৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ। প্ৰথমবাৰৰ বাবে আঞ্চলিক দলৰ চৰকাৰ গঠন কৰি সাজু কৰি থোৱা গাড়ীৰে দিছপুৰলৈ যাত্ৰা কৰিছিল ছাত্ৰ নেতাসকলে। তেতিয়াও ভৃগু কুমাৰ ফুকনে ইচ্ছা কৰিছিল- তেওঁ উপ-মুখ্যমন্ত্ৰীৰ পদ পাব বুলি।

অগপৰ ভিতৰচৰাত ৰাজনৈতিক শক্তিৰে অসমৰ থলুৱা খিলঞ্জীয়া লোকৰ নিৰাপত্তা নিশ্চিত কৰাৰ বিপৰীতে চলিছিল বেছি ক্ষমতাৰ খোৱা-কামোৰা। সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা অগপৰ মন্ত্ৰীসকলৰ দুৰ্নীতি আৰু এই অসন্তুষ্টিৰ খবৰ কাকতত প্ৰকাশ পাইছিল।

সেই সময়ৰ আৰক্ষী সঞ্চালক প্ৰধান নিশিনাথ চাংকাকতিক লৈ মহন্ত আৰু ভৃগু ফুকনৰ সংঘাত এনে পৰ্যায় পাইছিল গৈ যে, প্ৰথম ভৃগু ফুকনে আৰু পৰৱৰ্তী সময়ত প্ৰফুল্ল মহন্তই পদত্যাগৰ নাটক কৰিব লগা হৈছিল। ভৃগু ফুকনে ২ আগষ্ট, ১৯৮৮ত লিখা পদত্যাগ পত্ৰত বিভাগীয় মন্ত্ৰী হিচাপে তেওঁ গৃহ বিভাগটো চলোৱাত ব্যৰ্থ হোৱা বুলি কৈ পদত্যাগ পত্ৰ দাখিল কৰিছিল।

ভৃগু কুমাৰ ফুকনে প্ৰেৰণ কৰা পদত্যাগ পত্ৰখন।
ভৃগু কুমাৰ ফুকনে প্ৰেৰণ কৰা পদত্যাগ পত্ৰখন।

ডিজিপি গৰাকীয়ে গৃহ মন্ত্ৰী হিচাবে ভৃগু কুমাৰ ফুুকনৰ কোনো কথাই নামানে বুলি অভিযোগ তুলি পদত্যাগ পত্ৰ দিছিল ফুকনে। সেই পদত্যাগ পত্ৰৰ পাছতেই প্ৰফুল্ল মহন্তয়ো দললৈ প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ। আচলতে এয়া আছিল মহন্তৰ নাটক। সেই সময়ত মহন্তই প্ৰায়বোৰ বিভাগ নিজৰ হাতত ৰাখি স্বেচ্ছাচাৰী শাসন চলাইছিল।

প্ৰফুল্ল মহন্তই দিয়া পদত্যাগ পত্ৰখন…
প্ৰফুল্ল মহন্তই দিয়া পদত্যাগ পত্ৰখন…

এইবোৰ নাটকৰ মাজেৰেই আৰম্ভ হৈছিল অগপৰ প্ৰথমটো কাৰ্যকাল। তাৰপাছত অগপৰ সংঘাত কি পৰ্যায়লৈ গৈছে সেয়া সকলোৱে দেখিছে। অসম গণ পৰিষদে কোনো দিনেই ৰাইজৰ আৱেগক গুৰুত্ব নিদিলে। কিন্তু ইয়াৰ বিপৰীতে তৃণমূল কৰ্মীসকলে সদায় অসম গণ পৰিষদৰ হকে নিঃস্বাৰ্থভাৱে কাম কৰি আহিছে। বাৰে বাৰে ব্যৰ্থিত হৈছে কেৱল দলটোৰ নেতাসকলে।

১৫ ছেপ্টেম্বৰ, ১৯৯৯ত দলটোৰ এখন তৃণমূল কৰ্মীৰ ৰাজ্যিক অভিবৰ্তন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছিল। এই সভাত সিদ্ধান্ত হৈছিল- বিপন্ন আঞ্চলিকতাবাদক পুনৰ উদ্ধাৰ আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ পৰা অগপক মুক্ত কৰাৰ। সেই সভাৰ সিদ্ধান্ত এয়া-

১৫ ছেপ্টেম্বৰ, ১৯৯৯ত অনুষ্ঠিত হোৱা এখন সভাৰ সিদ্ধান্ত।
১৫ ছেপ্টেম্বৰ, ১৯৯৯ত অনুষ্ঠিত হোৱা এখন সভাৰ সিদ্ধান্ত।
সেইদিনা গৈছিল পদত্যাগ পত্ৰ দিবলৈ আৰু আজি গ'ল পদত্যাগ পত্ৰ উঠাই ল'বলৈ… ব্যৱধান মাত্ৰ ৬০ দিনৰ।
সেইদিনা গৈছিল পদত্যাগ পত্ৰ দিবলৈ আৰু আজি গ'ল পদত্যাগ পত্ৰ উঠাই ল'বলৈ… ব্যৱধান মাত্ৰ ৬০ দিনৰ।

এতিয়া হেনো নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ নাই। মুখ্যমন্ত্ৰীৰ অনুৰোধত তেওঁলোকে মন্ত্ৰীসভালৈ ঘূৰি অহা কথা ঘোষণা কৰিলে সংবাদমাধ্যমত। এই স্বৰূপ দেখাৰ পাছত কোন হতে অগপৰ এই নেতাসকলক পুনৰবাৰ বিশ্বাস কৰিব অসমৰ ৰাইজে? পদত্যাগ কৰি ওলাই অহা এটা দলে পুনৰ মিত্ৰতা স্থাপনেৰে দলটোৰ অস্তিত্ব ৰক্ষাৰ যুঁজত নমা ভাওনাখন দেখি ৰাইজে তবধ মানিছে।

ইমান জীয়া ফাঁকি কেনেকৈ দিব পাৰে এওঁলোকে? অগপ নেতৃত্বই কিয় নিজৰ মেৰুদণ্ড থিয় কৰি ৰখাব নোৱাৰিলে? অগপৰ সৈতে জাতীয়তাবাদৰ প্ৰশ্ন আৰু জাতীয়তাবাদত বিশ্বাসী সাধাৰণ লোকসকলৰ মৰ্যাদাবোধক বিজেপিয়ে কিঞ্চিৎ গুৰুত্ব নিদিয়াৰ পাছতো তেওঁলোকৰ আত্মসত্তাত অকণো আঘাত নাহানিলেনে?

৮৫৫জন শ্বহীদৰ ত্যাগৰ কথা ক'বলৈ কোনো অৱকাশ নাথাকিল আৰু অগপ নেতৃত্বৰ। ৰাজনৈতিক মুনাফা আদায় কৰাৰ বাবে এই প্ৰক্ৰিয়াত ৰহস্যজনকভাৱে আঁৰত থাকি পত্নী জয়শ্ৰী মহন্তক পুনৰ সাংসদ কৰিবলৈ চেষ্টা কৰা প্ৰফুল্ল মহন্তৰো মুখা খোল খালে। গুপ্তহত্যাৰ দৰে দাগ অগপৰ গাত কোনে সানিছিল? তাৰপাছতো ৰাইজে অগপক ক্ষমা কৰি দিছিল। এবাৰ নহয়, কেবাবাৰো ক্ষমা কৰি দিয়া এই দলটোৰ শেহতীয়া স্থিতিক লৈ অসমবাসীৰ মাজত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অসম গণ পৰিষদৰ নেতৃত্বই তাৰ উমান হয়তো নাপাব। তেওঁলোকে ইতিমধ্যে কৈছে- বদনামলৈ তেওঁলোকে ভয় নকৰে। বিকল্প পথ নাছিল তেওঁলোকৰ হাতত। কংগ্ৰেছ-বিজেপি কাৰোৰে তেওঁলোক বন্ধু হ'ব নোৱাৰে। সেই কথা জানিও কিয় এনে আত্মঘাতী সিদ্ধান্ত লৈ দলটোৰ নেতৃত্বই মিত্ৰতাৰ পথ বাচি ল'লে তাৰ উত্তৰ ৰাইজে ইতিমধ্যে পাইছে।

অসম গণ পৰিষদক অসমৰ ৰাইজে যথেষ্ট ভাল পাইছিল। দলটোৰ স্খলন দেখিলে বহুলোক আজিও উচুপি উঠে। চৰম ত্যাগ আৰু আশাৰ ফচল আছিল অসম গণ পৰিষদ। সেইবোৰ যেন এতিয়া শেষ হৈ গ'ল। অগপ নামৰ এটা আঞ্চলিক শক্তি মৃত্যুপথৰ যাত্ৰী হোৱাৰ পাছত কোনোবাই হাজাৰ বাধা দিলেও এইবোৰ কথা দলটোক ভালপোৱাসকলে নোকোৱাকৈ থাকে কেনেকৈ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in