মিঠাতেল নাখাব! মূল্যবৃদ্ধিৰ বাবে বেয়া…

মিঠাতেল নাখাব! মূল্যবৃদ্ধিৰ বাবে বেয়া…

মৃদুল কুমাৰ সন্দিকৈ

ডাক্তৰে দিয়া পৰামৰ্শৰ দৰে যোৱা কিছুদিন ধৰি আমাৰ নেতাসকলে কিছু পৰামৰ্শ আগবঢ়াই আহিছে। যেনে- মিঠাতেল নাখাব, স্বাস্থ্যৰ কাৰনে বেয়া। শাসকীয় দলৰ নেতাৰ মুখত মূল্যবৃদ্ধি কিয় হৈছে বুলি প্ৰশ্ন সুধিলে এনে উত্তৰ পোৱা যায়। শেহতীয়াকৈ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ মুখত এই বহুমূলীয়া পৰামৰ্শ শুনা গ'ল।

ব্যতিক্ৰম আৰু এক প্ৰতিবাদী কন্ঠ থকা বুলি ৰাইজে জনা এই বিধায়কজনেও যেন নেজ পেলাই দিলে। মিঠাতেল, পেট্ৰল-ডিজেলকে ধৰি অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ পাছত কিয় মূল্যবৃদ্ধি হৈছে সেই কাৰন আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সলনি এক প্ৰকাৰৰ অযুক্তিকৰ যুক্তিৰে এই নেতাসকলে মূল্যবৃদ্ধিৰ সপক্ষে দাঙি ধৰা যুক্তিবোৰ হাস্যকৰ।

বিধায়ক অতুল বৰাৰ মতে, মিঠাতেল হেনো খাবই নালাগে। খালেও একেবাৰে নাম মাত্ৰ খাব লাগে। তেওঁৰ ঘৰত কাম কৰিবলৈ অহা ছোৱালীজনীৰ মন্তব্য দোহাই এই বিধায়কজনে ইয়াকো ক'লে যে, আগতে যিঘৰ মানুহত এই ছোৱালীজনীয়ে কাম কৰিছিল তেওঁলোকৰ ঘৰত হেনো মিঠাতেল খোৱাই নাছিল।

লগতে বিধায়কজনে মিঠাতেল প্ৰায়বোৰ ভেজাল বুলিও কবলৈ নাপাহৰিলে। এনেবোৰ পৰামৰ্শ শুনি এতিয়া আপুনি কান্দিব নে হাঁহিব। দেশৰ কোটি কোটি জনতাই মূল্যবৃদ্ধিৰ প্ৰকোপত ত্ৰাহি মধুসূধন দেখিছে। কিন্তু ইমান গুৰুত্বপূৰ্ণ বিষয়টোক লৈও তেওঁলোকে কৌতুক কৰি গৈছে। ভেজাল মিঠাতেলৰ প্ৰসংগ উত্থাপন কৰা বিধায়কজনে কিন্তু মিঠাতেল ভেজাল কৰা সকলৰ বিৰুদ্ধে টো এটা শব্দ উচ্ছাৰণ নকৰিলে।

আচলতে ভেজাল আমাৰ নেতাও হৈছে! পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কৈছিল- বাইকত তিনিজনকৈ উঠিব লাগে। হিমালয় বেণ্ডৰ পানী পেট্ৰলতকৈ দামী বুলি আমাৰ কেন্দ্ৰীয় মন্ত্ৰীয়েই জানো কোৱা নাছিল।

একেদৰে পিয়াজৰ মূল্যবৃদ্ধি হওতে অসমীয়া মানুহে পিয়াজ নাখাই বুলি হাঁহি হাঁহি কোৱা গৰু গাড়ীত উঠা বিধায়কজনৰ কথা কোনে পাহৰিব পাৰে।মূল্যবৃদ্ধি এতিয়া সমগ্ৰ দেশৰ বাবেই ডাঙৰ সমস্যা হৈ পৰিছে। কিন্তু বিৰোধীৰ আসনত থকা নেতা-বিধায়ক, সাংসদসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এতিয়াও আজৰি পোৱা নাই।

গভীৰ নিদ্ৰাত তেওঁলোক। কুম্ভকৰ্ণৰ টোপনিত মচগুল এইসকল বিৰোধী নেতা। মানুহে মনৰ ভিতৰতে ভাল দিনৰ সপোন দেখি আজি পৰিস্থিতিত প্ৰমাদ গণিছে। নহ'লেনো চিলিণ্ডাৰ, মিঠাতেল আদিক লৈ মোদী, সৰ্বানন্দ, হিমন্ত বিশ্ব শৰ্মাৰ ফটো আঁৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাধাৰণ লোকে যজ্ঞ পাতি পূজা-অৰ্চনা কৰেনে?

এই প্ৰতিবাদৰ ভাষা চৰকাৰে নুবুজিলেও জনতাই ঠিকেই বুজিছে। মনৰ কথা কোৱা বুলি সামাজিক মাধ্যমত শ্বেয়াৰ, মন্তব্য কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলায়। মূল্যবৃদ্ধি হোৱা নাই ক'ত? ২০২১ত ১নৱেম্বৰৰ দিনটোতে আহিল আন এক মূল্যবৃদ্ধিৰ খবৰ। এল পি জিৰ বাণ্যিজিক চিলিণ্ডাৰৰ মূল্য একেকোবে ২৬৬টকা বৃদ্ধি পালে।

ইয়াতকৈ ভাল দিন আৰু লাগে কি! ৰাজধানী দিল্লীত ১৯কেজি ওজনৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ২০০০.৫০টকা হ'লগৈ। কলকাতাত ২০৭৩.৫০টকা আৰু চেন্নাইত বাণিজ্যিক ৰন্ধন গেছৰ মূল্য ২১৩৩টকালৈ বাঢ়িল। পেট্ৰল-ডিজেলৰ মূল্য কম হোৱাৰ নাম গোন্ধই নাই। ৰাজধানী দিল্লীত মূল্য প্ৰায় ১১০টকাই হ'লগৈ।

১নৱেম্বৰত ষষ্ঠবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰলত ৩৫পইচা আৰু ডিজেলতো বাঢ়িল ৩৫পইচাকৈ। মূল্যবৃদ্ধিত পেট্ৰল-ডিজেলও অভিলেখ গঢ়িলে। কেৱল বাঢ়ি গৈছে দাম। কাৰো নিয়ন্ত্ৰণ নাই। অক্টোবৰ মাহটোত পেট্ৰলৰ মূল্য ৭টকা, ডিজেলৰ মূল্য ৮টকা বৃদ্ধি পালে। যোৱা মাহটোত ২৪-২৫দিনেই পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি কৰিলে তেল কোম্পানীসমূহে।

মুম্বাইত পেট্ৰলৰ মূল্যই ১১৫টকা চুলেগৈ। ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ কেইবাখনো জিলাত পেট্ৰলৰ মূল্যই ১২০ৰ ঘৰ অতিক্ৰম কৰিছে। কলিকতাত পেট্ৰলৰ মূল্য ১১০টকা, ডিজেলৰ মূল্য ১০১.৫৬টকা। বেংগালুৰুত পেট্ৰলৰ মূল্য ১০৫.৫৬টকা আৰু ডিজেলৰ মূল্য ১০৪.৫৬টকা।

অসমতো পেট্ৰল-ডিজেলৰ মূল্য পিছ পৰি থকা নাই। ঠায়ে ঠায়ে সেই মূল্য ১১০টকাৰ ঘৰ স্পৰ্শ কৰিছেগৈ। আৰুনো অপেক্ষা কৰিব লাগিব কিমান দিন? পেট্ৰল-ডিজেলৰ মূল্যই প্ৰথম ১৫০ তাৰপাছত ২০০ৰ ঘৰ অতিক্ৰম কৰিব। আন অত্যাৱশকীয় সামগ্ৰীৰ মূল্যও চকুৰ সন্মুখতেই বাঢ়ি আছে।

চৌদিশে বজাৰত জুই লাগিছে। নীৰৱ চৰকাৰ, অসহায় মানুহ। সাংবাদিকে মূল্যবৃদ্ধি কেতিয়া নিয়ন্ত্ৰণ হ'ব বুলি প্ৰশ্ন কৰিল নেতা-মন্ত্ৰীৰ মুখত ভাঁহি আহে ৰেডিমেড উত্তৰ। কাৰোবাক দুখ দিয়েই বিষয়টো এৰাই চলে, কোনোৱে পৰামৰ্শ দিয়ে। চৰকাৰেই যদি মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেনেহ'লে এই কাম কৰাৰ কাৰ সাধ্য?

স্বাস্থ্যৰ বাবে মিঠাতেল বেয়া বুলি কোৱা বিধায়কজনে আওপকীয়াকৈ কৈ দিলে, মূল্যবৃদ্ধিৰ বাবে মিঠাতেল বেয়া। সেয়েহে তেওঁ মিঠাতেল খোৱাৰ পৰাই বিৰত থাকিবলৈ পৰামৰ্শ দিলে। এতিয়া সেই পৰামৰ্শ মনা-নমনাতো ৰাইজৰ কথা। আমাৰ সাধাৰণ মানুহৰ বাবেতো নেতাৰ মুখৰ সকলো কথাই সচাঁ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in