ৰঞ্জন গগৈ কিয় প্ৰাক্তন ন্যায়াধীশৰ টাৰ্গেট…

ৰঞ্জন গগৈ কিয় প্ৰাক্তন ন্যায়াধীশৰ টাৰ্গেট…

পলাশ জ্যোতি গগৈ

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, যি গৰাকীক লৈ অসমবাসী গৌৰৱান্বিত, যাৰ কেইটামান ঐতিহাসিক ৰায়ক লৈ দেশবাসীয়েও গৌৰৱ কৰে, সেইগৰাকী ব্যক্তিকে ন্যায়াধীশ বোলাৰ যোগ্য নহয় বোলাতে ক্ষান্ত নাথাকি ন্যায়পালিকাৰ কলংক আখ্যা দিলে সৰ্বোচ্চ ন্যায়ালয়ৰে এগৰাকী প্ৰাক্তন জ্যেষ্ঠ ন্যায়াধীশে। ৰঞ্জন গগৈ সন্দৰ্ভত ইতিপূৰ্বেও আপত্তিকৰ মন্তব্য কৰা ন্যায়াধীশ কাটজুৱে 'দ্য উইক' নামৰ আলোচনীখনত লেখা শেহতীয়া এক নিবন্ধক লৈ সম্প্ৰতি সমগ্ৰ দেশজুৰি চলিছে চৰ্চা। কেৱল চৰ্চাই নহয় মাৰ্কান্দেই কাটজুৰ এই লেখাটোৰ জৰিয়তে উত্থাপন কৰা বিভিন্ন বিষয়ৰ ওপৰত দফা-দফাকৈ পৰ্যালোচনা কৰা কিছুমান ভিডিঅ'ও ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত ইয়াকে লৈ এতিয়া দেশত তুমুল আলোড়নৰ সৃষ্টি হৈছে। উল্লেখ্য যে, কাটজু হ'ল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন স্থায়ী বিচাৰপতি। প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপেও তেওঁক কেন্দ্ৰীয় চৰকাৰে মনোনিত কৰে। আৰু শেহতীয়াকৈ Indian Reunification Association (IRA)- অধ্যক্ষৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে।

ইফালে কাটজুৰ শেহতীয়া এই সেই বিশেষ নিবন্ধটোৰ সন্দৰ্ভত হোৱা চৰ্চা আৰু আলোচনাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব লাভ কৰিছে ভাৰতৰ এগৰাকী প্ৰখ্যাত সাংবাদিক, নিবন্ধকাৰ, তথা আৰ্থ-সামাজিক, ৰাজনৈতিক বিশ্লেষক হিচাপে প্ৰতিষ্ঠিত বিনোদ দোৱাই কাটজুৰ নিবন্ধটোৰ বিভিন্ন দফাৰ ওপৰত কৰা পৰ্যালোচনাৰ ভিডিঅ'ই। 

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাৰ্কান্দেই কাটজু।

কাটজুৱে 'দ্য উইক'ত লিখা নিবন্ধটোৰ প্ৰসংগ উল্লেখ কৰি প্ৰখ্যাত সাংবাদিক দোৱাই কয়, কাটজুৱে লিখিছে 'আগতে যেতিয়া উচ্চতম ন্যায়ালয়ত কোনো গোচৰৰ ৰায়ৰ সময়ত প্ৰাক্তন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই যেতিয়া বেয়া ব্যৱহাৰ কৰিছিল তেতিয়া ৰঞ্জন গগৈৰ লগতে বাকীসকলে প্ৰতিবাদ কৰিছিল। আনকি ন্যায়াধীশ মিশ্ৰৰ বিৰুদ্ধে সংবাদমেল পাতি তেওঁলোকে ২০১৮ বৰ্ষত নিজৰ এই অসন্তুষ্টি প্ৰকাশো কৰিছিল।

সাংবাদিকগৰাকীয়ে কাটজুৰ লেখাৰ উদ্ধৃতিৰে লগতে কয়- "কিন্তু গগৈ (যাক মই মুখ্য ন্যায়াধীশ বুলি ক'ব নোখোজো) য়ে যেতিয়া তেনে এটা ভুল কৰে, উচ্চতম ন্যায়ালয়খনকে চৰকাৰক গতাই দিয়ে, সাধাৰণ মানুহৰ অধিকাৰ সমূহো ৰক্ষা নকৰে, তেতিয়াও কোনো এজন লোকে প্ৰতিবাদ কৰা নাই।' তেওঁ লগতে লিখিছে, 'যেতিয়া মৰ্যাদা হানিকৰ ১৯৭৬ চনৰ মিছা ৰায় (ADM Jabalpur vs Shivakant Shukla) দিয়া হৈছিল, তেতিয়া ন্যায়াধীশ এইচ আৰ খান্নাই প্ৰতিবাদ কৰিছিল। কিন্তু ২০১৯ বৰ্ষৰ নৱেম্বৰ মাহত যেতিয়া ঐতিহাসিক অযোধ্যাৰ ৰায় দিয়া হ'ল তেতিয়া ৰঞ্জন গগৈৰ সহযোগী এগৰাকীও বিচাৰপতিয়ে ইয়াৰ প্ৰতিবাদ নকৰাৰ বাবেই ই বিচাৰপীঠৰ সৰ্বসন্মত ৰায় হিচাপে পৰিগণিত হ'ল। অথচ ন্যায়পালিকাৰ মতে, কোনো বিচাৰপীঠৰ সকলো বিচাৰকেই সম ক্ষমতাসম্পন্ন। এনে বিচাৰপীঠত মুখ্য ন্যায়াধীশ তেওঁলোকৰ উৰ্ধতম ক্ষমতাৰ বুলি গণ্য কৰা নহয়। এনে পৰিপ্ৰেক্ষিতত অযোধ্যাৰ ৰায়দানৰ ক্ষেত্ৰত বাকীসকল ন্যায়াধীশে পূৰ্বৰ নজিৰ উপেক্ষা কৰি মুখ্য ন্যায়াধীশ গগৈৰ ওচৰত কিয় আত্মসমৰ্পণ কৰিলে বুলিও কাটজুৰ নিবন্ধটোৰ সন্দৰ্ভত সাংবাদিক দোৱাই উল্লেখ কৰে।

প্ৰখ্যাত সাংবাদিক, নিবন্ধকাৰ, তথা আৰ্থ-সামাজিক, ৰাজনৈতিক বিশ্লেষক বিনোদ দোৱা।

ভিডিঅ'টোত প্ৰাক্তন মুখ্য বিচাৰপতি ৰঞ্জন গগৈকন্যায়পালিকাৰ নামত জ্যেষ্ঠ বিচাৰপতি কাটজুৱে কলংক বুলি অভিহিত কৰাৰ কথাও দোৱাইআঙুলিয়াই দি কয় যে, এই বিশেষনিবন্ধটোত মাৰ্কেন্দেই কাটজুৱে কৈছে, ন্যায়ৰ দিশৰ পৰা সকলো ন্যায়াধীশ একেই। মুখ্য ন্যায়াধীশগৰাকী তেওঁলোকৰ বাবেশ্ৰেষ্ঠ নহয়। কাটজুৱে প্ৰশ্ন কৰিছে ৰায়ৰ সময়ত অন্যান্য ন্যায়াধীশসকলে কিয়আত্মসমৰ্পণ কৰিছিল গগৈৰ ওচৰত।  তেওঁ লগতেবিভিন্ন শিতানত গগৈৰ বিৰুদ্ধে থকা নিজৰ অভিযোগসমূহো ৬ টা দফাত ভাগ ভাগ কৰিওদেখুৱাইছে।

ইয়াৰে প্ৰথম দফাটোত অযোধ্যা বিবাদ সংক্ৰান্তিয় গোচৰৰ কথা উল্লেখ কৰা হৈছে। এই গোচৰৰ বিচাৰপীঠত ৫ জন বিচাৰক আছিল বুলি স্পষ্ট কৰি দি কাটজুৱে লিখে যে, কেন্দ্ৰীয় চৰকাৰে যি কৰিবলৈ ক'ব ৰঞ্জন গগৈয়েও তাকে কৰাটোৱেই স্বাভাৱিক আছিল। কিন্তু আন ৪ জন বিচাৰকে এনে অপমানজনক, লজ্জাজনক, আসোঁৱাহপূৰ্ণ ৰায়ৰ সৈতে কিয় সহমত প্ৰকাশ কৰিলে।  তেওঁলোকৰ বিৱেক, বিচাৰ বুদ্ধি ক'ত আছিল? নে এই সকলোবোৰ তেওঁলোকে গগৈৰ ওচৰত সমৰ্পণ কৰিছিল।

'দ্য উইক'ত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে নিবন্ধকাৰ অভিজিত আয়াৰ মিত্ৰৰ জামিন আৱেদন সন্দৰ্ভত দিয়া ৰায় সন্দৰ্ভতো সমালোচনা কৰিছে কাটজুৱে। ৰায়টোৰ এটা লাইনৰ উদ্ধৃতি দি লিখা হৈছে, 'তোমাৰ বাবে সবাতোকৈ সুৰক্ষিত ঠাই হৈছে কাৰাগাৰ' বুলি গগৈয়ে আক্ৰোশমূলক আৰু কঠোৰ ৰায় প্ৰদানৰ কথা উল্লেখ কৰি ১৯৭৭ চনত ন্যায়াধীশ কৃষ্ণ আয়াৰে ৰাজস্থান চৰকাৰ আৰু বালচান্দ গোচৰ সন্দৰ্ভত দিয়া ৰায়ৰ সন্দৰ্ভত উল্লেখ কৰা এটা বাক্যৰ উদ্ধৃতিও দিছে। বাক্যটোত উল্লেখ কৰা হৈছিল, গুৰুতৰ অপৰাধত অভিযুক্ত অথবা পলাতক নাইবা ভয়ংকৰ জালিয়াতিত অভিযুক্ত অপৰাধী নহলে ভাৰতীয় ন্যায় ব্যৱস্থাৰ পৰম্পৰা অনুসৰি সাধাৰণতে জে'লৰ পৰিৱৰ্তে বেইলৰ নীতিহে অনুসৰণ কৰা হয়।

স্মৰ্তব্য যে, অভিজিতে কণাৰ্ক মন্দিৰ সন্দৰ্ভত এক সমালোচনামূলক টুইট কৰি পিছ মুহুৰ্ততেই ইয়াৰ বাবে ক্ষমাও বিচাৰিছিল। তেনে এক সাধাৰণ অভিযোগত অভিযুক্ত ব্যক্তিক ক্ষমা বিচৰাৰ পিছতো জামিনৰ আবেদন নাকচ কৰি কাৰাগাৰেই তেওঁৰ নিৰাপত্তাৰ বাবে উপযুক্ত ঠাই বুলি জামিনৰ পৰিৱৰ্তে কাৰাগাৰলৈ প্ৰেৰণ কৰাটো ন্যায়পালিকাৰ কোন পৰম্পৰাৰ অধীনত বুলিও লেখাটোত প্ৰশ্ন তোলা হৈছে।

প্ৰাক্তন মুখ্যবিচাৰপতি ৰঞ্জন গগৈয়ে ন্যায়াধীশ অখিল কুৰেছীক মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্যন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিতুলনামূলকভাৱে তেনেই সৰু ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিদিয়াৰ আঁৰত বিজেপি চৰকাৰৰ মুছলমান বিৰোধী স্থিতিৰ দ্বাৰা ন্যায়াধীশ গগৈ পৰিচালিতহৈছিল বুলিও অভিযোগ কৰে। এইক্ষেত্ৰতো বিচাৰপীঠৰ আন সদস্যসকলৰ মৌনতা সন্দৰ্ভত তেওঁপ্ৰশ্ন তোলে।

দ্য উইকৰ নিবন্ধটোত চিবিআইৰ প্ৰাক্তন সঞ্চালক আলোক বাৰ্মাৰ গোচৰত উচ্চতম ন্যায়ালয়ে শীৰ্ষ বিষয়াগৰাকীৰ মৰ্যাদাক তুচ্ছ জ্ঞান কৰা বুলি অভিহিত কৰা বুলি মন্তব্য কৰা ন্যায়াধীশ কাটজুৱে কয় যে, গগৈয়ে এইয়া জানি বুজিয়ে কৰিছিল যদিও এই বিচাৰপীঠৰ তেওঁ একমাত্ৰ বিচাৰক নাছিল। কিন্তু আনসকল বিচাৰকেও হাস্যকৰভাৱে এনে বিভ্ৰান্তিকৰ ৰায়ক কেৱল অনুসৰণ কৰিলে।

মাৰ্কান্দেই কাটজু।

তাৎপৰ্যপূৰ্ণভাৱে এগৰাকী মহিলা কৰ্মচাৰীয়ে তেওঁক প্ৰাক্তন মুখ্য বিচাৰপতি ৰঞ্জন গগৈয়ে যৌন নিৰ্যাতন চলোৱা বুলি তোলা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভতো ন্যায়াধীশ কাটজুৱে অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ কথা উল্লেখ কৰি তেওঁৰ নিবন্ধৰ উদ্ধৃতিৰে প্ৰখ্যাত নিবন্ধকাৰ দোৱাই কয় যে, উক্ত গোচৰৰ বিচাৰৰ বাবে অভিযুক্ত গগৈসহ ৩জনীয়া বিচাৰপীঠ গঠন কৰা হৈছিল যদিও ৰঞ্জন গগৈয়ে শুনানি গ্ৰহণৰ পৰা নিজকে বিৰত ৰখাৰ এক নাটক কৰিছিল। ইয়াৰ পৰিৱৰ্তে উক্ত গোচৰ সন্দৰ্ভত গঠিত বিচাৰপীঠখন ভংগ কৰি দি ৰঞ্জন গগৈৰ অনুপস্থিতিৰে আন এখন বিচাৰপীঠ গঠন কৰাটোৱে ন্যায়িক পৰম্পৰা আছিল। কিন্তু বাকী দুজন বিচাৰপতিয়ে এই সন্দৰ্ভত একো নকলে।

লেখাটোত উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকলক ন্যায়পালিকাৰ মৰ্যাদা হৰণ প্ৰত্যক্ষ কৰা পীতামহ ভীষ্ম বুলিও অভিহিত কৰা সন্দৰ্ভত ভিডিঅ'টোত মন্তব্য কৰে প্ৰখ্যাত নিবন্ধকাৰ বিনোদ দোৱাই। লেখাটোৰ শেষত তেওঁ মন্তব্য কৰে এইয়া মাত্ৰ কেইটামান উদাহৰণহে। ন্যায়াধীশ গগৈৰ কাৰ্যকালত এনে বহু ঘটনা সংঘটিত হৈছে। যাৰ জৰিয়তে ন্যায়পালিকাৰ প্ৰতি থকা বিশ্বাস ক্ৰমান্বয়ে অৱণমিত হৈছে। সেয়ে দেশবাসীয়ে এইয়া সম্পূৰ্ণ নিঃশেষ হৈ যোৱাৰ পূৰ্বে এনে গুৰুত্বপূৰ্ণ বিষয়সমূহত ন্যায়াধীশসকলৰ সৱল স্থিতি আশা কৰিছে।

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

অতি স্বাভাৱিকভাৱেই ৰাষ্ট্ৰীয় সংবাদমাধ্যমত এনেদৰে অসমৰ গৌৰৱৰ প্ৰতীক স্বৰূপ সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰী মুখ্য ন্যায়াধীশগৰাকীৰ সন্দৰ্ভত সমালোচনাক লৈ ৰাজ্যবাসী উৎকণ্ঠিত আৰু ক্ষুন্ন। ৰাষ্ট্ৰীয় মহলতো মাৰ্কন্দেই কাটজু ব্যক্তিগতভাৱে ন্যায়াধীশ ৰঞ্জন গগৈৰ সন্দৰ্ভত পূৰ্বৰে পৰা ৰহস্যজনক কাৰণত ক্ষুব্ধ বুলি বিভিন্ন পক্ষই মন্তব্য কৰিছে। কিয়নো ইতিপূৰ্বেও এইগৰাকী প্ৰাক্তন ন্যায়াধীশে ৰঞ্জন গগৈৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে। আনকি মুখ্য ন্যায়াধীশৰূপে তেওঁ নিযুক্তি লাভ কৰাৰ সময়তো অতিকে আপত্তিজনক বিশেষণেৰে গগৈৰ নিযুক্তিক সমালোচনা কৰিছিল।

সেয়া যিয়ে নহওঁককিয়, এইয়া ধাৰাৱাহিকভাৱে চলিথাকিলে সৰ্বোচ্চ ন্যায়ালয় তথা দেশৰ ন্যায়পালিকাৰ মৰ্যাদাও এনে কাৰ্যই অৱনমিত কৰিব।এনে পৰিপ্ৰেক্ষিততে কাটজুৰ ধাৰাৱাহিক এই অভিযোগ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ উমৈহতীয়াএক বিচাৰপীঠৰ লগতে দেশৰ জ্যেষ্ঠ আইনজ্ঞসকলক লৈ সমগ্ৰ বিষয় সন্দৰ্ভত একনিস্পত্তিকাৰী  সিদ্ধান্ত লোৱাটো অতিকেপ্ৰয়োজন বুলি অসমবাসীৰ লগতে দেশবাসীয়েও কামনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in