কোৰোনাকলৈ বিভ্ৰান্তি,বিপন্ন জীৱন,ভুল কাৰ ?

কোৰোনাকলৈ বিভ্ৰান্তি,বিপন্ন জীৱন,ভুল কাৰ ?

দীপজ্যোতি শৰ্মা

অসমত নিৰ্বাচনী প্ৰচাৰ অভিযানত প্ৰথম বাৰলৈ মঞ্চত নাচ-গান মূল মাধ্যম হিচাপে পয়োভৰ ঘটিছিল। বহু প্ৰাৰ্থী বা ৰাজনৈতিক নেতাই নাচ – গানেৰেই প্ৰচাৰ অভিযানৰ সৈতে জনতাক সংযুক্ত কৰি এক নতুন পৰিবেশ এইবাৰ ৰচনা কৰিছিল ।

ৰঙালীৰ প্ৰাকক্ষণত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবেই নিৰ্বাচনী সভাবোৰ বিহুতলী যেন লগা হৈছিল । কোভিড ১৯ৰ প্ৰথম ঢৌ সাম কাটিলেও নিৰ্বাচনৰ বতৰতে দেশত আৰম্ভ হ'ল কোভিডৰ দ্বিতীয় ঢৌ ।অসমত নিৰ্বাচন শেষ হৈ ৰঙালী বিহু আৰম্ভ হোৱালৈ কোৰোনাৰ এই দ্বিতীয় ঢৌৱে ৰাজ্য খনকো চুলেহি । সমগ্ৰ দেশৰ লগতে অসমতো কেন্দ্ৰীয় গৃহ বিভাগ,স্বাস্থ্য বিভাগ আদিয়ে শুনোৱা সতৰ্কবাণীৰ আধাৰত লক্ষণীয় ভাবে এইবাৰ জিলা প্ৰশাসনে সমূহে সুকীয়া সুকীয়াকৈ বিহু সমিতি বোৰলৈকো সকীয়নি বাৰ্তা প্ৰেৰণ কৰিলে ।

তাৰ পূৰ্বে পিছে ৪ এপ্ৰিল পৰ্যন্ত নিৰ্বাচনী সভাত ভাগ লোৱা শাসক দলৰ মন্ত্ৰী বিধায়কৰ লগতে বহু নেতাই অসমত কোৰোনা নাই মাস্কৰো নাই প্ৰয়োজন, সামাজিক দুৰত্ব অবিহনেই আমি আনন্দৰে ৰঙালী বিহু উদযাপন কৰিব পাৰিম বুলি ৰাইজক এক প্ৰকাৰ যেন গেৰান্টী দিলে । যাৰ পৰিনতিত কুম্ভ মেলাৰ থলীৰ দৰেই অসমৰো ৰঙালী বিহ উদযাপন থলীতো এতিয়া নিয়ন্ত্ৰনহীন পৰিস্থিতি ।

আনহাতে কোৰোনাৰ সংক্ৰমনে দেশত এক ভয়াবহতাৰ সৃষ্টি কৰিছে । বিগত ২৪ ঘন্টাত দেশত ২ লাখৰো অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে  কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰ সমূহে বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে ।

নতুন দিল্লীত কোৰোনাৰ সংক্ৰমন ৰোধৰ বাবে সাপ্তাহিক লকডাউন ঘোষণা কৰা হৈছে । ইফালে উত্তৰ প্ৰদেশ চৰকাৰে কোভিডৰ ভয়াবহ পৰিস্থিতিৰ বাবে দেওবাৰে লকডাউনৰ ঘোষণা কৰাৰ লগতে মাস্ক নিপিন্ধাৰ বাবে অধিক জৰিমনা বিহাৰ কথা ঘোষণা কৰে ।কুম্ভ মেলাত বহুতো লোক কোভিড লোক কোভিডত আক্ৰান্ত হৈছে ।

কোভিডৰ এই পৰিস্থিতিৰ মাজতে ৰাজ্যত উদযাপন হৈছে ৰঙালী বিহু । ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিছে যদিও সেয়া যেন সঠিক ৰূপত নিৰূপন হোৱা নাই ।ৰঙালী বিহুৰ উদযাপন সমিতি সকলে কোভিডৰ সম্পূৰ্ণ প্ৰট'কল মানি চলা দেখা পোৱা যোৱা নাই । এই ক্ষেত্ৰত প্ৰশাসনো বিশেষ গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে । আনকি বিহু উদযাপন কৰা স্থান সমূহত কোভিডৰ সতৰ্কীকৰণ সন্দৰ্ভতো কোনো বেনাৰ হ'ৰ্ডিং অঁৰা পৰিলক্ষিত হোৱা নাই ।

শিল্পী সকলে ৰঙালী বিহু উপলক্ষে সংগীত পৰিবেশন কৰিছে । সংগীতৰ তালে তালে নাছিছে অসংখ্য সংগীত প্ৰেমী ।বহু দৰ্শকে বিহু স্থলী সমূহত মাস্ক অবিহনে প্ৰবেশ কৰা পৰিলক্ষিত হয় । ই কোৰোনা সংক্ৰমনৰ ক্ষেত্ৰত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ কথাও নুই কৰিব নোৱাৰি ।

আনকি বহু কেইজন শিল্পীয়ে চৰকাৰে দিয়া এছঅ'পিত ধৰি দিয়া ১১.৩০ বজাৰ পিছতো নিশা ১২ৰ পৰা ১২.৩০ বজালৈ সংগীত পৰিবেশন কৰিছে । এই ক্ষেত্ৰত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে এছঅ'পিৰ নিয়ম যি সকলে পালন কৰা নাই তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব বুলিও একপ্ৰকাৰে ঘোষণা কৰে । অকল চৰকাৰ বা প্ৰশাসনে নবয় বিহু উদযাপন কমিটী সমূহৰ লগতে এই ক্ষেত্ৰত অভিভাবক সকলো সজাগ হোৱাৰ প্ৰয়োজন ।  

বৰ্তমান উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত কুম্ভ মেলাইও এক ভয়াবহ ইংগিত বহন কৰিছে । কুম্ভমেলাত লক্ষাধিক ভক্তই কোভিড প্ৰট'কলক আওকান কৰি সমাজিক দুৰত্ব নমনাকৈ আৰু মাস্ক নিপিন্ধাকৈ অংশগ্ৰহন কৰিছে । এই মেলাত লক্ষাধিক লোকে মাস্ক পৰিধান নকৰা কৈ গংগাত স্নান কৰে ।

কোভিড প্ৰট'কল আওকান কৰাৰ বাবেই চাগে হৰিদ্বাৰত কুম্ভ মেলাৰ বাবে ৪৮ ঘন্টাৰ প্ৰায় ১০০০ জন লোক কোৰোনাত আক্ৰান্ত হয় । আনকি বিগত ৫ দিনত কুম্ভ মেলাত ১৭০০ জন লোক কোভিডত আক্ৰান্ত হয় । কোভিডত আক্ৰান্ত হৈ মহামণ্ডলেশ্বৰ কপিল দেবৰ ইতিমধ্যে মৃত্যু হয় ।

কুম্ভমেলা সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞ সকলে কয় যে – কুম্ভ মেলাৰ পৰা গাওঁলৈ মানুহ বোৰ যোৱাৰ পিছত কোভিডৰ গণ সংক্ৰমণ ঘটিব । এই গণ সংক্ৰমনে দেশত এক বিষম পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা দেখা গৈছে ।

ইফালে প্ৰশাসনে কুম্ভ মেলাত কোৰোনা পৰীক্ষা কৰিবলৈ অহা লোকৰ সংখ্যা বৃদ্ধি কৰাৰো নিৰ্দেশ প্ৰেৰণ কৰিছে । কুম্ভ মেলাত ভক্ত সকলে সামাজিক দুৰত্ব মানি নচলা সন্দৰ্ভত জিলা প্ৰশাসনে কয় যে সামাজিক ব্যৱধান মানি চলিব লাগিলে মেলাত হুলুস্থুলীয়া পৰিবেশৰ সৃষ্টি হ'ব ।

কুম্ভ মেলাৰ পৰা যাতে সমগ্ৰ দেশতে কোভিডৰ গণ সংক্ৰমন নঘটে তাৰ বাবে মেলা বন্ধ কৰাৰ কথাও ঘোষণা কৰিছে প্ৰশাসনে। পূৰ্বতে ৩০ এপ্ৰিললৈ এই মেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ১৭ এপ্ৰিললৈ অনুষ্ঠিত হ'ব এই মেলা ।    

২০২০ বৰ্ষত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ উপস্থিত একাধিক লোক কোৰোনাত আক্ৰান্ত হোৱাৰ পিছতে দেশত বৃদ্ধি পাইছিল কোৰোনাৰ সংক্ৰমন । আনকি অসমতো মাৰ্কাজৰ পৰা অহা বহু লোকৰ দেহত কোৰোনাৰ উপস্থিতি পোৱা গৈছিল । ২০২০ বৰ্ষৰ ১০ এপ্ৰিলত কোৰোনাত আক্ৰান্ত হৈ অসমৰ প্ৰথম জন ৰোগীৰ মৃত্যু হৈছিল ।

দিল্লী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে পবিত্ৰ ৰমজান মাহত সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰী কৰা নিৰ্দেশনা সাপেক্ষে দিনত পাঁচবাৰকৈ নিজামুদ্দিন মাৰ্কাজ মছজিদত ৫০ জন লোকক প্ৰাৰ্থনা কৰিবলৈ অনুমতি প্ৰদান কৰিছে।

কোভিডৰ ভয়াবহতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰনালয়ে চিবিএছই ব'ৰ্ডৰ দশম শ্ৰেণী বাতিল কৰাৰ লগতে স্থগিত কৰা হৈছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা । ইফালে বিভিন্ন মহলত এই বিষয় সন্দৰ্ভত চৰ্চা লাভ কৰিছে যে, পৰীক্ষা বাতিল নকৰি স্থগিত ৰাখিব পাৰিলে বেছি ভাল হ'লহেঁতেন।

কিয়নো এই পৰীক্ষা পৰীক্ষাৰ্থী সকলৰ জীৱনৰ গঢ়াৰ বাবে এক মাইলৰ খুঁটি। শিক্ষাৰ্থী সকলে এই পৰীক্ষাৰ বাবে বহু দিনৰ পৰা অনুশীলন অব্যাহত ৰাখে। আৰু এই ক্ষেত্ৰত নামভৰ্তিৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে । ইফালে ১৮ এপ্ৰিলত এনডিএ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে জেইই আৰু নীট পৰীক্ষা কোভিডৰ পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছে ।

অসমতো কোৰোনাৰ পৰিস্থিতি ক্ৰমান্বয়ে বৃদ্ধি পাইছে । বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৪৯৯ জন।বৃহস্পতিবাৰে পজিটিভৰ হাৰ ২.৭২ শতাংশ । সেয়েহে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহন কৰিব সেয়া লক্ষণীয় হ'ব ।

কোভিডৰ এই ভয়াবহ পৰিস্থিতিত পশ্চিমবংগত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । কিন্তু এই ক্ষেত্ৰত যেন কোভিডৰ কোনো নীতি নিয়ম মনি চলা পৰিলক্ষিত হোৱা দেখা পোৱা যোৱা নাই । তদুপৰি ২ মেত ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব। কোভিডৰ এই ভয়াবহ পৰিস্থিতিত নিৰ্বাচন আয়োগে কি পদক্ষেপ প্ৰহন কৰে সেয়াও গুৰুত্বপূৰ্ণ ।কিয়নো ফলাফল ঘোষণাৰ বাবে সেই দিনটোত জয়লাভ কৰা দল সমূহে ৰেলী উলিয়াব ।য়'ত আনন্দ উল্লাসৰ বাবে সামাজিক দুৰত্ব বিঘিন্ন হ'ব ।

কোৰোনাক লৈ আচলতে বিভ্ৰান্তি কৰা হৈছে নেকি ? ক'ৰবাত যদি প্ৰশাসনে কোভিডৰ নীতি নিয়ম মানি দিছে সেয়া সঠিক ভাবে ৰূপায়ন হৈছে নে নাই এই ক্ষেত্ৰত কঠোৰ হোৱা নাই । পশ্চিম বংগৰ নিৰ্বাচন, কুম্ভমেলা আদিত কোভিডৰ প্ৰটকল ধৰি দিছে যদিও কোনোৱে এই নিয়ম মনা দেখা পোৱা যোৱা নাই । এই ক্ষেত্ৰত সকলো সাৱধান হোৱা উচিত । নহ'লে পুনৰ আকৌ কোভিডৰ ভয়াবহতাই দেখা দিয়াৰ জীৱন বিপন্ন কৰি তোলাৰ সম্ভাবনাই অধিক । এইক্ষেত্ৰত ভুল কাৰ প্ৰশাসন ? নে সজাগ নহয় জনসাধাৰণ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in