দি দিম বুলি নক’ব…

দি দিম বুলি নক’ব…

মৃদুল কুমাৰ সন্দিকৈ

অপদাৰ্থ ! ঘৰত কাম বন নকৰি ডাঙৰ ডাঙৰ লেকছাৰ মাৰি সময় অতিবাহিত কৰা ডেকা ল'ৰাবোৰক গাঁৱত দেউতাকে প্ৰায়ে গালি পাৰে- অপদাৰ্থ ক'ৰবাৰ! লেকছাৰ মাৰিয়েই দিনবোৰ পাৰ কৰিছ'। কিবা প্ৰসংগক্ৰমে কথাবোৰ মনলৈ আহিছে। এই শব্দটোৰ সৈতে কোনো ৰাজনীতিৰ সম্পৰ্ক নাই। ই এটা অৰাজনৈতিক পাৰিবাৰিক শব্দ।

এনেদৰে গালি পাৰিলেও পিতৃৰ মুখে মুখে কোনো উত্তৰ নিদি সেই ডেকা ল'ৰাবোৰে সুযোগ বুজি ঘৰ এৰে। সুবিধা পালেই পুনৰ ভাষণৰ ফুলজাৰি মাৰে। তিনিআলি-চাৰিআলিত লগৰ বোৰৰ সৈতে দেশ উদ্ধাৰৰ কথা পাতে। আড্ডাত সামৰি লোৱা বিষয়বোৰৰ সন্দৰ্ভত বিশেষজ্ঞ মন্তব্যৰে আড্ডা জমাই তোলে। বাস্তৱত তেওঁলোক কৰ্মবিমুখ, দেউতাকৰ উপাৰ্জনেৰে খোৱা সুঠাম ডেকা ল'ৰা।

তেওঁলোকৰ কথা কোনোবা এদিনীয়া মানুহে শুনিলে ভাবিব- কি উচ্চ চিন্তা-চৰ্চা। এনেবোৰ ডেকা ল'ৰা অৰ্থাৎ নতুন প্ৰজন্মই দেশখন, সমাজখন সলাই পেলাব। সেই ধাৰণা সলনি হ'বলৈ বৰ বেছি সময় অপেক্ষা কৰিব নালাগে। অসমীয়াত এষাৰ কথা আছে- যি মানুহে কথা বেছি কয়, সেই মানুহে কাম কৰিব নোৱাৰে। কথাৰেই তেওঁলোকে জগত জিনে।

সকলো ক্ষেত্ৰতেই এনে মানুহ আছে। দেশ, জাতি বা ৰাজ্যৰ সন্মুখত কিবা সমস্যা হ'লেই তেনে এচাম লোক জঁপিয়াই পৰে। প্ৰকৃতাৰ্থত এই সকলো সেই পিতৃয়ে ভবাৰ দৰেই সমাজৰ বাবে একো একোজন অপদাৰ্থ। আজিৰ পৰা কেইটামান দশকৰ পিছলৈ ঘূৰি যাব লাগিব। ১৯৭২চনৰ ২৮ জুন। অসমৰ বিশিষ্ট বুদ্ধিজীৱি , সাংবাদিক হোমেন বৰগোহাঞি তেতিয়া নীলাচল কাকতৰ সম্পাদক। সাপ্তাহিক নীলাচল কাকতত ২৮জুন সংখ্যাত হোমেন বৰগোহাঞিয়ে এটা সম্পাদকীয় লিখিছিল।

সম্পাদকীয়টোৰ শিৰোনাম আছিল- প্ৰথম ১০০টা দিন। এই সম্পাদকীয়ত বৰগোহাঞিয়ে লিখিছিল- বাস্তৱতাক অস্বীকাৰ কৰি একো লাভ নহয়। সত্যৰ খাটিৰত এই কথা স্বীকাৰ কৰিবই লাগিব যে আজিৰ পৰা ১০০ দিনৰ আগতে শৰৎ চন্দ্ৰ সিংহৰ নেতৃত্বত নতুন মন্ত্ৰী সভাই কাৰ্যভাৰ গ্ৰহণ কৰোতে অসমৰ জনসাধাৰণৰ মনত যি নতুন আশা আৰু উৎসাহ-উদ্দীপনাৰ সঞ্চাৰ হৈছিল, এতিয়া আৰু নামমাত্ৰহে অৱশিষ্ট ৰৈছেগৈ। বহুতো মানুহৰ মনত আনকি আশাৰ ঠাই দখল কৰিছে মোহভংগজনীত বেদনাবোৰে। ইয়াৰ সাম্ভাব্য কাৰণবোৰ নিৰপেক্ষ আৰু বস্তনিষ্ট দৃষ্টিভংগীৰে বিশ্লেষণ কৰি চোৱা দৰকাৰ।

সম্পাদকীয়টোৰ এই লেখাখিনিয়ে মনলৈ আহি আছে। নাম সলনি কৰি এই কথাবোৰ নিৰপেক্ষ আৰু বস্তুনিষ্ট দৃষ্টিভংগীৰে বিশ্লেষণ কৰাৰ যেন প্ৰয়োজন আহিছে। হয়তো আশাভংগ বুলি নক'লেও আশাহত হোৱা কাৰণ হ'ব পাৰে বৰ্তমান অৱস্থাত যিখিনি সম্ভৱ ৰাইজে তাতোকৈ বহু বেছি আশা কৰিছিল। যি কাৰণতেই নহওঁক কথা দিয়া মতে কাৰ্যত সেইখিনি কৰিব পৰা নাই।

এই মোহভংগতাৰ কাৰণ ভিন্ন হ'ব পাৰে। কিন্তু দুয়োটা কাৰণেই এৰিব পৰা বিধৰ নহয়। মৌখিক প্ৰতিশ্ৰুতিৰ তালিকা দিবলৈ সহজ। কিন্তু কামবোৰ কৰিবলৈ যি পটভূমি ৰচনা কৰিব লাগে সেই পটভূমি ৰচনা কৰাত যেন তেওঁ ব্যৰ্থ হৈছে। সেই ব্যৰ্থতাৰ হিচাপ আজি নল'লেও সময়ে এদিন ল'ব। এইটো নহয় যে এই কামখিনি কৰাৰ দক্ষতা তেওঁৰ নাই। কিন্তু সেই দক্ষতা অনুসৰি তেওঁ ক'ৰবাত বিফলতাৰ বোজা বহন কৰিবলৈ আৰম্ভ কৰিছে।

এক প্ৰত্যাহ্বানৰ মাজেৰে ৰাজ্যখনৰ দায়িত্ব গ্ৰহণ কৰাৰ সময়ত আৰু আন এগৰাকী মুখ্যমন্ত্ৰী থকা সময়ত তেওঁ ট্ৰাব'ল শ্বুটাৰ ৰূপত পালন কৰা ভূমিকাৰ মাজত পাৰ্থক্য আছে। শেহতীয়াকৈ অসম-মিজোৰাম সীমান্ত অশান্ত হৈ পৰাৰ পাছত তেওঁ অসহায় আৰু চিন্তিত মুখখনে কিছু কথা যেন ক'বলৈ চেষ্টা কৰিছে। ভবাৰ দৰেই সকলো নহয়।

চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদ আজিৰ নহয়। এই সীমা কেন্দ্ৰিক বিবাদ কেৱল এখন ৰাজ্যক বাদ দি সমাধান কৰা হ'ব বুলি তেওঁ কৰা ঘোষণা আৰু বাস্তৱৰ পৰিঘটনাৰ মাজত আকাশ-পাতাল পৃথকতা । যি কাৰণতেই নহওঁক, সফলতাবোৰৰ দাবী তেওঁ যেনেকৈ কৰে, বিফলতাৰ বাবেও সমালোচনাৰ সন্মুখীন তেওঁ হ'বই লাগিব।

প্ৰশ্ন উঠিছে- কাৰ প্ৰৰোচনাত এই পৰিৱেশ ৰচনা হ'ল? উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত গঠন কৰা বিজেপিৰ ৰাজনৈতিক উমৈহতীয়া মঞ্চৰ নেতা হিচাপে তেওঁৰ প্ৰভূত্ব সীমাবদ্ধতাও ইয়াত পৰিস্ফূত হ'ল। ইয়াৰ দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সমাধান সূত্ৰ কোনো ব্যক্তি বিশেষৰ ৰাজনৈতিক সফলতাৰ নিৰ্ণয়ৰ আধাৰ হ'ব নোৱাৰে।

দিল্লীৰ প্ৰতি তেওঁৰ অনুগত্য হৃদয়তে থাকক। সেয়া এজন ব্যক্তিৰ ব্যক্তিগত ধাৰণা বা চেতনা। যদি ইয়াৰ উৰ্ধলৈ গৈ কোনোবা ৰাজ্যই বিচাৰিলে গুৱাহাটী-নলবাৰী তেওঁলোকক দি দিম বুলি কোনোবাই ক'ব পাৰে তেনেহ'লে সেয়া ধৃতালি। দিল্লীয়ে নিৰ্দেশ দিলেই অসম নামৰ এই ৰাজ্যৰ অস্তিত্ব কোনোবা অগ্ৰাসী ৰাজ্যক গতাই দিম বুলি ক'ব পৰা জনেই নিজৰ দিল্লীৰ প্ৰতি থকা অনুগত্য প্ৰকাশ কৰাৰ বিপৰীতে ৰাজ্য আৰু ৰাজ্যবাসীৰ প্ৰতি থকা দায়িত্ববোধক ক'ৰবাত যেন পাহৰি পেলালে।

এয়া সংকটৰ সময়। মিজো লোকৰ পৰা আমি শিকিব লগা বহুত আছে বুলি কোৱা সময় নহয়। অৱশ্যে কঠিন বাস্তৱৰ মুখামুখি হ'বলৈ সহযোগিতাৰ প্ৰয়োজন। অসমৰ সীমা বিবাদ কিমান গুৰুতৰ সেয়া শাসনাধিষ্ট চৰকাৰে নজনা কাৰণ নাই। ২০১৬চনৰ পৰা বৰ্তমানলৈকে অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই কিমান দখল কৰিলে? কেইটা অগ্ৰাসনৰ ঘটনা ঘটিল?

নিজেই দিয়া উত্তৰ তেওঁকেই মনত পেলাই দিব বিচাৰিছো। ২০১৬চনৰ পৰা বৰ্তমানলৈকে অসমৰ ভূমিত অগ্ৰাসন কৰা বা বেদখল কৰা ২০৯টা ঘটনা সংঘটিত হৈছে। অৰুণাচলপ্ৰদেশে লখিমপুৰত ৮টা, ধেমাজিত ৯টা, বিশ্বনাথ চাৰিআলিত ৭টা, শদিয়াত ১টা, তিনিচুকীয়াত ১টা, চৰাইদেউত ২টা বেদখল বা অগ্ৰাসনৰ ঘটনা সংঘটিত কৰিছে।

নগালেণ্ডে চৰাইদেউৰ ৫ স্থানত, শিৱসাগৰত ৩৪স্থানত, যোৰহাটত ৯স্থানত, কাৰ্বি আংলঙত ৪৯ স্থানত বেদখল বা অগ্ৰাসন কৰিছে। মিজোৰামে কাছাৰত ২৫ স্থানত, হাইলাকান্দিত ১৬ স্থানত, কৰিমগঞ্জত ১টা স্থানত অগ্ৰাসনৰ ঘটনা এই সময়চোৱাত অগ্ৰাসন কৰা বুলি চৰকাৰী তথ্যতে প্ৰকাশ। মেঘালয়ে পশ্চিম কাৰ্বিআংলঙত ২৭টা, কামৰূপত ১৩টা অগ্ৰাসন বা বেদখলৰ ঘটনা সংঘটিত কৰিছে।

এই সময়চোৱাত অগ্ৰাসন বা অসমৰ মাটি বেদখল কৰা সন্দৰ্ভত কিমান গোচৰ ৰুজু কৰাহৈছে? কিমানজন লোকক কৰায়ত্ত কৰা হৈছে? সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৰিতাপৰ কথা যে ২০১৬চনৰ পৰা এনেদৰে অসমৰ মাটি বেদখল কৰাৰ বিৰুদ্ধে ১২৭টা গোচৰ উক্ত সময়ত ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত মাত্ৰ ৩জন বেদখলকাৰীকহে গ্ৰেপ্তাৰ কৰা হ'ল।

গোচৰ ৰুজু হোৱা জিলাসমূহ হ'ল- লখিমপুৰত ৫টা, ধেমাজিত ৯টা, বিশ্বনাথত ৭টা, শদিয়াত ১টা, তিনিচুকীয়াত ১টা, চৰাইদেউত ১টা গোচৰ অৰুণাচলৰ বিৰুদ্ধে। চৰাইদেউত ৫টা, শিৱসাগৰত ১৭টা, যোৰহাটত ৯টা, কাৰ্বি আংলঙত ২১টা নগালেণ্ডৰ বিৰুদ্ধে গোচৰ। কাছাৰত ২৫টা, হাইলাকান্দিত ১৬টা, কৰিমগঞ্জত ১টা গোচৰ মিজোৰামৰ বিৰুদ্ধে। কামৰূপত ৬টা মেঘালয়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। এই গোচৰৰ বিপৰীতে চৰাইদেউত দুজন বেদখলকাৰীক আৰু মেঘালয়ত এজন বেদখলকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।

অৰুণাচলে শোণিতপুৰত ১.০৮৪৯ হেক্টৰ মাটি বেদখল কৰিছে। আন জিলাত এইখন ৰাজ্যৰ বেদখল কৰা অসমৰ ভূমিৰ পৰিমান হ'ল- বিশ্বনাথত ৪৭৬১.০০ হেক্টৰ, লখিমপুৰত ১৯৭৫.৪১ হেক্টৰ, ধেমাজিত ১০৫৫.৭৪ হেক্টৰ, ডিব্ৰুগড়ত ১০ হেক্টৰ, চৰাইদেউত ৬০২.০১ হেক্টৰ। অৰ্থাৎ অৰুণাচলে অসমৰ ৮৩৯৫.২৫৪৫ হেক্টৰ ভূমি বেদখল কৰিছে।

নগালেণ্ডে যোৰহাটত ১৮৮০৭.৮২ হেক্টৰ, শিৱসাগৰত ২৩.৯০ হেক্টৰ, গোলাঘাটত ৩৬২৯৪.০৭ হেক্টৰ, চৰাইদেউত ২৭০.৪৩ হেক্টৰ মাটি বেদখল কৰিছে। নগালেণ্ডে বেদখল কৰা অসমৰ ভূমিৰ পৰিমান হ'ল ৫৫৩৯৬.১২ হেক্টৰ। মেঘালয়ে গোৱালপাৰাত ৩৩.৮১ হেক্টৰ, কাছাৰত ৬০২.০১ হেক্টৰ, কামৰূপত ৮০২.৬ হেক্টৰ, দক্ষিণ শালমাৰা-মানকাচৰত ৩.৩৫০ হেক্টৰ, পশ্চিম কাৰ্বিআংলঙত ২০ বৰ্গ কিলোমিটাৰ মাটি বেদখল কৰা বুলি অসম চৰকাৰৰ তথ্যত প্ৰকাশ। মেঘালয়ে বেদখল কৰা ভূমিৰ পৰিমান ৩৪৪১.৮৬ হেক্টৰ।

ইফালে, মিজোৰামে হাইলাকান্দিত ১০০০ হেক্টৰ, কৰিমগঞ্জত ৩৭৭.৫৮ হেক্টৰ, কাছাৰত৪০০ হেক্টৰকে ধৰি মুঠ ১৭৭৭.৫ হেক্টৰ ভূমি বেদখল কৰি থৈছে। চৰকাৰী নথিপত্ৰ অনুসৰিয়েই ২০১৬চনৰ পৰা চুবুৰীয়া ৰাজ্যই বেদখল কৰা অসমৰ মাটিৰ পৰিমান ৬৯০১০.৮২ হেক্টৰ। আন্তঃৰাজ্যিক এই সীমা সমস্যা সমাধানৰ বাবে দুটা গোচৰ উচ্চতম ন্যায়ালয়ত চলি আছে।

এটা নগালেণ্ড আৰু আনটো অৰুণাচলপ্ৰদেশৰ মাজত। নগালেণ্ডৰ বিৰুদ্ধে ২/১৯৮৮ নম্বৰৰ গোচৰৰ গোচৰীয়া পক্ষৰ শেষৰটো শুনানি শেষ পাছত পদকীয়া নগালেণ্ডৰ ৰাজ্যৰ সাক্ষী শুনানি আৰম্ভ হ'ব। অৰুণাচলপ্ৰদেশৰ বিৰুদ্ধে চলি থকা গোচৰৰ সকলো শুনানি সম্পূৰ্ণ হৈছে। এয়া হৈছে সীমা কেন্দ্ৰিক বিবাদৰ বাস্তৱ ছবি।

নগালেণ্ডৰ অগ্ৰাসনৰ বাবেই অসমে দুখনকৈ তৈলক্ষেত্ৰ এৰি দিব লগা হৈছে। দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰিবলৈ বন সুৰক্ষা শিবিৰ স্থাপন কৰা হৈছিল। কিন্তু ইয়াৰ পাছতো উক্ত স্থানত অগ্ৰাসন বা বেদখল হৈয়েই আছে। অৱশ্যে সীমান্ত উন্নয়ন মন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ তথ্যৰ মাজত পাৰ্থক্য আছে। এখন চৰকাৰৰ দুটা বিভাগৰ মুৰব্বীয়ে দাখিল কৰা তথ্যত এই পাৰ্থক্য থাকিলেও অসমৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ বাবে সীমা সমস্যা সমাধান অন্য এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ অধ্যক্ষতাত শ্বিলঙত এই সীমা কেন্দ্ৰিক সমস্যাক লৈ আলোচনা চলাৰ কেইঘন্টামানৰ পাছতেই মিজোৰামৰ লাইলাপুৰত সংঘটিত ঘটনাই ৰাজ্যবাসীক আতংকিত কৰি তুলিছে। নিজ দেশৰ ভিতৰতেই শত্ৰু আচৰণ কৰা এখন ৰাজ্যৰ বৰ্বৰতাৰ বলি হোৱা অসম আৰক্ষীৰ শ্বহীদ জোৱানসকলৰ এই ত্যাগেই প্রথম নহয়। ইয়াৰ পূৰ্বেও মেৰাপানীত যথেষ্ট সংখ্যক আৰক্ষীৰ এনেধৰণৰ সীমা কেন্দ্ৰিক বিবাদৰ পৰিণতিত মৃত্যু হ'ব লগা হৈছিল।

বিৰোধীয়ে প্ৰশ্ন তুলিছে- চৰকাৰৰ প্ৰতি আঙুলি তুলি কৈছে যে এই চৰকাৰে কেৱল ঘৰৰ ভিতৰতহে উচ্চ বাক্য কৰে। চৰকাৰৰ বৰমূৰীয়া গৰাকীক সমালোচনাৰে থকা সৰকা কৰিছে। বিৰোধীকো শাসকীয় পক্ষই উভতি ধৰিছে। এই ৰাজনৈতিক বাদবিবাদৰ সুযোগ চুবুৰীয়া ৰাজ্যখনে বাৰুকৈয়ে লৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে সমস্যা সমাধানৰ বাবে দিল্লীলৈ দুই ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী অধীক্ষক সকলক তাৎক্ষণিকভাৱে তলব কৰি দিছিল।

তাৰপাছত চিআৰপিএফক এই বিবাদমান অঞ্চলৰ দায়িত্ব অৰ্পণ কৰিছে। সীমান্তৰ যি স্থানত মিজোৰামে অসমৰ ভূমি অগ্ৰাসন কৰি বেদখলৰ অভিযোগ উত্থাপন হৈছিল, সেই ভূমিৰ পৰা অসম আৰক্ষীকো আঁতৰাই পঠিওৱা হৈছে। এনে সংঘাত কেতিয়াও কোনো চুবুৰীয়া ৰাজ্যৰ সৈতে অসমে নিবিচাৰে। কিন্তু তাৰ মানে এইটো নহয় যে ইচ্ছানুসৰি কোনো চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখল কৰি থাকিব আৰু অসমে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ সঠিক আৰু সংবিধানিক ভাৱে দিয়াৰ সলনি কেৱল বুকুত গুলী পাতি ল'ব লাগিব।

মিজোৰামৰ এজন জনপ্ৰতিনিধিয়ে কৰা মন্তব্য অতি তাৎপৰ্যপূৰ্ণ। এখন গণতান্ত্ৰিক দেশৰ ভিতৰত অসম আৰক্ষীৰ প্ৰতি তেওঁৰ এই বিদ্বেষপূৰ্ণ মন্তব্য শোভা নাপায়। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত প্ৰয়োজনত আদালতৰ সহায় লৈ আলাপ-আলোচনাৰ মাজেৰে এই সমস্যাবোৰ স্থায়ী সমাধানৰ পথ উলিয়াব লাগিব। কেৱল আৱেগিক কথাৰে দৰকাৰ হ'লে দিল্লীয়ে ক'লে মই গুৱাহাটী-নলবাৰী এৰি দিম বুলি কোৱা চলাহী কথাৰে ৰাজ্য নচলিব।

সংঘাতময় আৰু ৰাজ্যৰ বাবে চিন্তিত এই সময়ত সংযমতাৰে সকলো এক হৈ থিয় নিদিলে বিপদ আমাৰেই। সমালোচনাৰ বোকা ছটিয়াই সমস্যাক সমস্যা কৰি ৰাখি বিৰোধী পক্ষক দুৰ্বল বুলি সুযোগ দিলে সেই পিতৃ-পুত্ৰজনৰ দৰে তেওঁলোকে তেওঁক-আমাক সকলোকে হাঁহিব অপদাৰ্থ বুলি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in