বানে গৰকা অসমীয়াৰ চকুলো মঁচিব কোনে?

বানে গৰকা অসমীয়াৰ চকুলো মঁচিব কোনে?

মৃদুল কুমাৰ সন্দিকৈ

প্ৰকৃতিক কোনেও বাধা দিব নোৱাৰে। কিন্তু প্ৰকৃতিৰ সৈতে সহবাস কৰিব পাৰে। ৰাজ্যত বানপানী প্ৰতিবছৰে অহা এক ডাঙৰ সমস্যা। সেয়েহে বানৰ প্ৰতিৰোধ আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘম্যাদী আৰু পৰিকল্পিত আঁচনিৰ প্ৰয়োজন।

বানপানীৰ সমস্যা স্থায়ী সমাধানৰ বাবে দীৰ্ঘদিন ধৰি মাত মাতি অহাৰ পাছতো ইয়াৰ কোনো সমাধান নাই। ৰাজ্যৰ প্ৰথমটো বান আৰু ভূমিস্খলনত এতিয়ালৈকে চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি ১২গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। বহু ঠাইত দলং আৰু মথাউৰি উটুৱাই নিছে।

বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ লৈছে মঙলদৈতো। বানত উটি গৈছে শাকতোলা নদীৰ বাঁওফালে থকা মথাউৰিৰ অংশ। এই খবৰ পোৱাৰ পাছতে জল সম্পদ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী পীয়ুষ হাজৰিকা গৈ অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লৈছে।

একেদৰে গহপুৰ, কামপুৰ, হোজাই, হাফলং আদিত বান পৰিস্থিতি দ্ৰুত গতিত অৱনতি ঘটিছে। গহপুৰকে ধৰি বানত আক্ৰান্ত জিলা সমূহত প্ৰায় ৭০০শতাধিক গাও বানপানীৰ তলত। আটাইতকৈ বানত বেছি ক্ষতিগ্ৰস্ত হৈছে ডিমাহাচাও।

ধাৰাসাৰ বৰষুণৰ ফলত অকল্পনীয় পৰিৱেশৰ সৃষ্টি হৈছে ডিমা হাচাও জিলা হাফলঙত। প্ৰৱল বৃষ্টিপাতৰ পাছত পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে দিয়ুং নদীৰ উফন্দাই পেলাইছে। প্ৰকৃতিৰ ৰম্যভূমি ডিমাহাচাওত এতিয়া চৌদিশে ধ্বংসস্তূপ।

বোকা-পানীয়ে পুতিঁ পেলালে নিউ হাফলং ৰেল ষ্টেচন। এই পাহাৰীয়া ৰেল পথত ৫৩স্থানত ভূমিস্খলন হোৱাৰ খবৰ আহিছে। ঠায়ে ঠায়ে ৰেলপথ ওলমি গৈছে। বোকাপানীৰ ঢলে উটুৱাই নিছে ৰেল। ৰেলপথ সম্প্ৰসাৰণৰ নামত বৰাইল পাহাৰত চলিছিল প্ৰকৃতিৰ ধ্বংসযজ্ঞ।

অপৰিকল্পিতভাৱে পাহাৰ খনন কৰাৰ পৰিণতি এয়া। এই স্থানত বন ধ্বংস যজ্ঞও চলিছিল। বান আৰু খহনীয়াই ধাৰণ কৰা ৰূপে মূৰ্হুতৰ ভিতৰতে এই স্থানত বোকাৰ এক উপত্যাকালৈ পৰিণত কৰিলে। ৰেলপথৰ ওপৰত বাগৰি পৰিল মাটি, বোকা আৰু শিলৰ মিশ্ৰণ।

হাফলং চহৰৰ সৈতে ৰাজ্যৰ অন্য প্ৰান্তৰ যোগাযোগ বিচিন্ন হৈ পৰিছে। পানীৰ ঢল ইমান দ্ৰুত গতিত বৈছিল যে, গুৱাহাটী-শিলচৰ বিশেষ ৰেলখনৰ দবাসমূহো উটুৱাই নিলে। বোকাৰ মাজত আৱদ্ধ হৈ পৰিছিল মালবাহী এখন ৰেল। বায়ুসেনাৰ হেলিকপ্টাৰ, উদ্ধাৰকাৰী বাহিনীয়ে দুই সহস্ৰাধিক ৰেলযাত্ৰীক উদ্ধাৰ কৰে।

২৯খন ৰে'লৰ চলাচল বন্ধ কৰা হৈছে। সম্পূৰ্ণৰূপে বাতিল হোৱা ৰে'লসমূহ : ১. 15611 নং গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ। ১৯, ২১মে'ত বাতিল ৰে'লখনৰ যাত্ৰা। ২. 15612 নং শিলচৰ গুৱাহাটী এক্সপ্ৰেছ বাতিল। ১৮,২০ আৰু ২২ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।৩. 15615 নং গুৱাহাটী–শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা বাতিল। ১৬ৰ পৰা ২২ মে' পৰ্যন্ত বাতিল ৰে'লখনৰ যাত্ৰা।৪. 15616 নং শিলচৰ–গুৱাহাটী এক্সপ্ৰেছ বাতিল। ১৬ৰ পৰা ২২ মে' পৰ্যন্ত বাতিল ৰে'লখনৰ যাত্ৰা।৫. 20501 নং আগৰতলা–আনন্দবিহাৰ টাৰ্মিনেল তেজস ৰাজধানী এক্সপ্ৰেছ বাতিল। ১৬ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।৬. 20502 নং আনন্দবিহাৰ টাৰ্মিনেল–আগৰতলা তেজস ৰাজধানী এক্সপ্ৰেছ। ১৮ মে'ত সম্পূৰ্ণৰূপে বাতিল ৰে'লখনৰ যাত্ৰা।৭. 12516 নং শিলচৰ কইম্বাট'ৰ এক্সপ্ৰেছ বাতিল। ১৭ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।৮. 12515 নং কইম্বাট'ৰ–শিলচৰ এক্সপ্ৰেছ বাতিল। ২২ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।৯. 15641 নং শিলচৰ–নিউ তিনিচুকীয়া–বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ বাতিল। ২১ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।১০. 15642 নং নিউ তিনিচুকীয়া–শিলচৰ বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ বাতিল। ২২ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।১১. 12503 নং বেংগালুৰু কেণ্ট–আগৰতলা এক্সপ্ৰেছ বাতিল। ১৭ আৰু ২৪ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।১২. 12504 নং আগৰতলা–বেংগালুৰু কেণ্ট এক্সপ্ৰেছ বাতিল। ২১ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।১৩. 15626 নং আগৰতলা–দেওঘৰ এক্সপ্ৰেছ বাতিল। ২১ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।১৪. 15625 নং দেওঘৰ–আগৰতলা এক্সপ্ৰেছ বাতিল। ২৩ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।১৫. 15888 নং গুৱাহাটী–বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ বাতিল। ১৮ আৰু ২১ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।১৬. 15887 নং বদৰপুৰ–গুৱাহাটী টুৰিষ্ট এক্সপ্ৰেছ বাতিল। ১৮ আৰু ২১ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।১৭. 07030 নং চেকেন্দ্ৰাৰাবাদ–আগৰতলা এক্সপ্ৰেছ বাতিল। ১৬ মে'ত বাতিল ৰে'লখনৰ যাত্ৰা।১৮. 07029 নং আগৰতলা–চেকেন্দ্ৰাৰাবাদ এক্সপ্ৰেছ বাতিল। ২০ মে' বাতিল ৰে'লখনৰ যাত্ৰা।

আংশিকভাৱে বাতিল কৰা ৰে'লসমূহ হ'ল – ১. 13173 নং লামডিং–আগৰতলা অভিমুখী আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ।২. 13174 নং আগৰতলা–লামডিং অভিমুখী শিয়ালদহ–কাঞ্চনজংঘা এক্সপ্ৰেছ।৩. 13175 নং লামডিং–শিলচৰ অভিমুখী শিয়ালদহ– শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ।৪. 13176 নং শিলচৰ–লামডিং অভিমুখী শিলচৰ–শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ।৫. 12515 নং লামডিং–শিলচৰ অভিমুখী কইম্বাট'ৰ–শিলচৰ এক্সপ্ৰেছ।৬. 12508 নং শিলচৰ–গুৱাহাটী অভিমুখী শিলচৰ থিৰুৱনন্তপুৰম চেন্ট্রেল এক্সপ্ৰেছ।৭. 14620 নং গুৱাহাটী–আগৰতলা অভিমুখী ফিৰ'জপুৰ কেন্ট–আগৰতলা এক্সপ্ৰেছ।৮. 14619 নং আগৰতলা–গুৱাহাটী অভিমুখী আগৰতলা–ফিৰ'জপুৰ কেন্ট এক্সপ্ৰেছ।৯. 14037 নং শিলচৰ–গুৱাহাটী অভিমুখী শিলচৰ–নতুন দিল্লী পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ।১০. 02383 নং গুৱাহাটী–আগৰতলা অভিমুখী বেংগালুৰু কেণ্ট–আগৰতলা এক্সপ্ৰেছ।১১.02984 নং আগৰতলা–গুৱাহাটী অভিমুখী আগৰতলা–বেংগালুৰু কেণ্ট এক্সপ্ৰেছ।

ইমান এক তাণ্ডৱৰ পাছতো দিল্লীৰ কিয় এতিয়ালৈকে চকু পৰা নাই। বানপানীত কেৱল হাফলঙতে নহয় লখিমপুৰতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এদিনতে ছবাৰকৈ ৰঙানদীৰ প্ৰকল্পৰ গেট খুলি দিয়াত মানুহৰ মাজত আতংকৰ সৃষ্টি হৈছে।

বাঢ়নী পানীয়ে উটুৱাই নিলে বাহ-কাঠৰ তিনিখন দলং। ২০মে'ৰ লৈকে ৰাজ্যত প্ৰৱল বৰষুণৰ আগজাননী। পৰিস্থিতি যে ইয়াতকৈ ভয়ানক হ'ব সেই অনুমান কৰিব পাৰি। বানৰ তেনে পৰিৱেশ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰথমটো বানৰ কৱলত এতিয়ালৈকে অসমৰ ২০খন জিলা পৰিছে। ঘৰ-দুৱাৰ উপৰিও খেতি-পথাৰতো পানীয়ে উপচি পৰিছে। বানপানীয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ প্ৰতিবছৰে ভাঙি পেলায়। আকৌ থন ধৰি উঠিবলৈ বহু সময়ৰ প্ৰয়োজন হয়।

অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিবলৈ দাবী জনাই আহিলেও কেন্দ্ৰই সেই দাবীৰ প্ৰতি কোনো দিনে কাণসাৰ নিদিলে। পানী আহিলে ৰিলিফৰ নামত কেইটামান চাউল, কেইটামান দাউল, অলপ কেৰাচিন আৰু কিছু কাপোৰ দিয়েই চৰকাৰে দায়িত্ব সামৰে।

ভগা মথাউৰিবোৰৰ মেৰামতি সময়ত নহয়। কেৱল ঠিকাদাৰেই দায়ীনে ইয়াৰ বাবে। বিয়াগোম জলসম্পদ বিভাগে কি কৰি থাকে! সময়মতে মথাউৰিবোৰৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম কিয় সম্পূৰ্ণ নহয়। কি কৰে বিভাগীয় মন্ত্ৰীয়ে। ৰাজ্যত এনে পৰম্পৰাৰে বানপানী প্ৰতিবছৰে আহে আৰু যায়। বানপানীত লাখ লাখ লোকে ঘৰ দুৱাৰ হেৰুৱায়। তাৰ পাছতো চৰকাৰে বানপানীৰ ক্ষেত্ৰত কিয় গুৰুত্ব সহকাৰে নাভাৱে। পানী অহালৈ যেন বাট চায় আৰু বানাক্ৰান্ত লোকৰ কাষলৈ গৈ এয়া প্ৰকৃতিৰ লীলা বুলি ঘৰিয়ালৰ চকুপানী টুকে। সচাঁ অৰ্থত বানপানী সমস্যা ৰোধৰ বাবে ব্যৱস্থা লবনে, নে এনেদৰে বানপানী আহিব আৰু গৈ থাকিব…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in