অৰাজনৈতিক হৈ আছেনে সমুজ্জল কুমাৰ ভট্টাচাৰ্য…

অৰাজনৈতিক হৈ আছেনে সমুজ্জল কুমাৰ ভট্টাচাৰ্য…

মৃদুল কুমাৰ সন্দিকৈ

তেওঁ এজন অসমীয়া সমাজ জীৱনৰ পৰিচিত ব্যক্তি। তেওঁৰ উপস্থিতিয়েই বহু কথা কৈ যায়।জাতীয় জীৱনলৈ যেতিয়াই প্ৰত্যাহ্বান আহে, তেতিয়াই তেওঁ সন্মুখত থিয় দিয়ে। হৌ হৌ…তেওঁ চিঞৰিলেই সেয়া হৈ পৰে প্ৰতিবাদৰ শক্তিশালী ভাষা।

ইচ্ছা কৰা হ'লে আন ছাত্ৰ নেতাৰ দৰে তেওঁ মন্ত্ৰী, বিধায়ক বা সাংসদ সহজতেই হ'ব পাৰিলে হয়। সেই ইচ্ছা তেওঁৰ নাছিল। আনকি আছুয়ে ৰাজনৈতিক দল গঠন কৰাৰ পাছতো সেই ৰাজনৈতিক মঞ্চৰ পৰা আঁতৰত থাকি তেওঁ ঘোষণা কৰিছিল- অৰাজনৈতিক হৈয়েই তেওঁ থাকি যাব।

অসমৰ সমাজ জীৱনত তেওঁৰ গ্ৰহণযোগ্যতা সদায় আছে আৰু প্ৰাসংগিক হয়েই হয়তো থাকিব।সদৌ অসম ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব দি এই জাতীয় সংগঠনটোক অসম আৰু অসমীয়াৰ মুখপত্ৰৰূপত তুলি ধৰাত তেওঁৰ অৰিহণাৰ কথা কোনেও পাহৰিব নোৱাৰে।

একেলগে আছুক নেতৃত্ব দিয়া প্ৰায়বোৰ ছাত্ৰ নেতা আছুৰ পৰা আতৰি গ'ল। কিন্তু তেওঁ থাকি গ'ল। সেয়েহে আছু বুলি ক'লেই তেওঁৰ মুখখন মনত ভাঁহি আহে। বজ্ৰকন্ঠৰে জাতিক বিশ্বাসঘাটক কৰা সকলক তেওঁ হুমকি দিব জানে।

সেই স্থিত আৰু দৃঢ় মানুহজনৰ হয়তো ছাত্ৰনেতা হৈ থকা বয়স নাই। কিন্তু তেওঁৰ গ্ৰহণযোগ্যতা আজিও আছে। হঠাৎ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ঘোষণা কৰিলে তেওঁ আৰু আছুত নাথাকে। দুলীয়াজানত ২০২০বৰ্ষৰ ১৮ নৱেম্বৰৰ পৰা সংগঠনটোৰ কেন্দ্ৰীয় অধিবেশন আছে। ছলাকটকী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হব লগা এই অধিৱেশনতে তেওঁ ছাত্ৰ সংগঠনটোৰ পৰা বিদায় ল'ব। সেই ঘোষণা তেওঁ নিজেই কৰিব লগা হ'ল পৰিস্থিতিত পৰি।

হঠাৎ আছুত কিয় এলাগী হ'ল সমুজ্জল কুমাৰ ভট্টাচাৰ্য। কিহৰ বাবে তেওঁ ঘোষণা কৰিব লগা হ'ল যে, তেওঁক লৈ ছাত্ৰ সংগঠনটোত এসময়ত থকা এচামে অপব্যাখ্যা কৰিছে। সমুজ্জল কুমাৰ ভট্টাচাৰ্য অৰাজনৈতিক ব্যক্তি হৈ থাকিব পাৰিছেনে? এইবোৰ প্ৰশ্নও এতিয়া উত্থাপন হৈছে।

নীলকন্ঠ হৈ আছুত থকা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ বাবেই জানো সদৌ অসম ছাত্ৰ সন্থাই সংবিধানত নথকাকৈয়ে দলটোৰ সংবিধান উলংঘা কৰি মুখ্য উপদেষ্টাৰ দৰে এটা পদ সৃষ্টি কৰা নাছিল। যিটো পদৰ সাংবিধানিক মৰ্যদা এই দায়িত্ব লোৱাৰ বহুদিনৰ পাছত আছুৰ ধেমাজি অধিৱেশনত আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা হৈছিল।

সকলোৰে বাবে ছাত্ৰ সংগঠনটোত তেওঁ সমুজ্জল দা। ধুমুহা আহিলে সেই ধুমুহাক মুখামুখি হোৱা মানুহ আছিল তেওঁ। দীৰ্ঘদিনৰ নীৰৱতাৰে হঠাৎ স্বনিৰ্বাসনলৈ গুচি যোৱা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ সাম্প্ৰতিক প্ৰেক্ষাপটত অৰাজনৈতিক ব্যক্তি হিচাপে থাকিও ৰাজনৈতিক দৃষ্টিভংগীৰে লব পৰা কিছু দায়িত্ব যেন তেওঁ লব বিচৰা নাই।

এয়া তেওঁৰ প্ৰমূল্যবোধ নে অতি চতুৰতাৰে ৰাজনৈতিক অদৃশ্যৰ পোছাক পিন্ধি নিজকে অৰাজনৈতিক কৰি ৰখাৰ কৌশল সেয়াও এতিয়া সন্দেহৰ বিষয় হৈ পৰিছে। ৰাজনৈতিক দৰ্শনৰ পৰা আতঁৰত থাকিব বিচৰা এই ছাত্ৰনেতা জনে বৰ্তমানৰ নেতৃত্বৰ সৈতে বিভিন্ন কাৰনত হোৱাত সংঘাতক তেওঁৰ মৌনতাই গভীৰ ৰূপ ধাৰণ কৰাৰ কথা অনুভৱ কৰিব নোৱাৰে বুলি ভাৱিব নোৱাৰি।

এখন গণতান্ত্ৰিক দেশৰ বাসিন্দা হোৱাৰ সূত্ৰে তেওঁৰ ৰাজনৈতিক দৰ্শন থাকিব পাৰে। প্ৰত্যক্ষ নিৰ্বাচনী প্ৰক্ৰিয়াত তেওঁ অংশ নল'লেও আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত হোৱা অসম জাতীয় পৰিষদৰ সিদ্ধান্তত তেওঁ সক্ৰিয়তা দেখা পোৱা হোৱা নাই।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰূপে সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ এই নীৰৱতাক বিভিন্নজনে বিভিন্ন বাখ্যাৰে বিষয়টোক অধিক ৰহস্যময় কৰি তুলিছে। উগ্ৰ জাতীয়তাবাদৰ পৰা জাতীয়তাবাদী চিন্তা আৰু প্ৰমূল্যক ৰাজনৈতিক বিচাৰধাৰাৰ পৰা পৃথক কৰি উগ্ৰ সাম্প্ৰদায়িকতাক সমৰ্থন নকৰিলেও তেওঁলোকৰ বাবে এক পথ আৰু পৰিৱেশ সৃষ্টি কৰাত এই ছাত্ৰ নেতাগৰাকীৰ ভূমিকা আছে নেকি বুলিও প্ৰশ্ন উঠিছে।

সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ বুদ্ধিদীপ্ত সিদ্ধান্ত কা আন্দোলনৰ পাছৰে পৰাই নতুন দিশেৰে গতি কৰা যেন বোধ হয়। সদায়ে সন্মুখৰ পৰা জাতিৰ হকে যুঁজ দিবলৈ প্ৰস্তুত থকা এই সংগ্ৰামী সত্বাৰ সৈতে ৰাষ্ট্ৰব্যৱস্থাৰ কিবা বুজাবুজি হোৱা বুলিও কোনোবাই ক'লে মানি ল'ব নোৱাৰা যুক্তিও বিচাৰি পোৱা নাযায়।

এইবোৰৰ উপৰিও আদৰ্শগত সংঘাতক একাষৰীয়া কৰি তেওঁ একনায়ত্ত্ববাদৰ অন্ত বিচাৰি নতুন প্ৰজন্মৰ ছাত্ৰ নেতাই কৰা আচৰণত তেওঁ ব্যৰ্থিত নেকি, সেয়াও আন এক আলোচ্য বিষয়। কৌশলপূৰ্ণভাৱে নিজক সদায় আঁৰৰ মাজত ৰাখি সত্য অন্বেষণত বাধা দিব পাৰিলেও সেয়া সাময়িক।

ছাত্ৰ নেতা ৰূপেই নহয় সমুজ্জল কুমাৰ ভট্টাচাৰ্য হিচাপেও তেওঁৰ দায়িত্ব অনেক। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যক্ষ ৰাজনৈতিক দৰ্শন নাথাকিলেও এই সংগঠনটোৱে উত্থাপন কৰা দাবীসমূহৰ সমাধান ৰাজনৈতিকভাৱেই কৰা সম্ভৱ। তেনেস্থলত আছুক অৰাজনৈতিক চৰিত্ৰৰে দীৰ্ঘস্থায়িত্ব কৰিব বিচাৰি জাতীয় জীৱনত বিকল্প আঞ্চলিক শক্তি উত্থানৰ ক্ষণত তেওঁৰ আচৰণ জাতীয়তাবাদী শিবিৰৰ বাবেই শুভ লক্ষণ নহয়।

সাম্প্ৰদায়িকতাৰ দৃষ্টিকোণেকৰে ৰাজনীতিত মেৰু বিভাজন কৰিব খোজা একাংশৰ সৈতে আৰু আঞ্চলিতাকতাবাদৰ ধ্বজা উৰুৱাই জাতি, মাটি, ভেটিক কেৱল প্ৰলোভনৰ চেষ্টা কৰা সকলৰ মুখত এতিয়া তেওঁৰ গুণানুকীৰ্তন।

সেই সুবিধা গ্ৰহণ কৰিবলৈ এচাম সদায় ৰৈ থাকে। তেওঁপৰ মৌনতাই সেই চাম আৰু জাতীয় হিতৰ হকে আগবাঢ়ি অহা দুয়োপক্ষকেই বিভিন্ন দৃষ্টিকোণেৰে প্ৰভাম্বিত কৰিছে। অৰাজনৈতিক হ'ব বিচাৰি নীৰৱ হৈ যোৱা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই জাতীৰ স্বাৰ্থত অভিজ্ঞতাৰ আধাৰত বৰ্তমানৰ নেতৃত্বই কৰা ভুলবোৰ আঙুলিয়াই বা আত্মবিশ্লেষণেৰে সিদ্ধান্ত নলৈ কৌশলীপূৰ্ণ স্থিতি গ্ৰহণ কৰি থাকিলে তেওঁক ৰাইজে সেই শাসকপক্ষৰ সৈতে থকা বুলি ভুল বুজিবও পাৰে।

অসমীয়া জাতিক শোষণ কৰা সকলৰ পৰা উদ্ধাৰ কৰিবলৈ , জাতীয় সমস্যাক সঠিক মঞ্চত তুলি ধৰিবলৈ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ দৰে নেতৃত্ব আমাক প্ৰয়োজন। সেই নেতৃত্ব গঢ়া আৰু ভঙা-পতাৰ চতুৰ খেলত কেতিয়াবা জাতিৰ স্বাৰ্থ বিঘ্নিত হলে তাৰ দায়িত্ব সমুজ্জল কুমাৰ ভট্টাচাৰ্যয়ো ল'ব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in