বৰ ডাঙৰ ‘পেগাছাছ’ৰ চকুঃ আৰঁত কোন?

বৰ ডাঙৰ ‘পেগাছাছ’ৰ চকুঃ আৰঁত কোন?

ডিম্পুল বৰগোহাঁই

কেতিয়াবা ভাৱেনে, বিজ্ঞান-প্ৰযুক্তিয়ে আমাক কিমান দূৰ আগুৱাই নিলে? দুদিনৰ কাম দুই মিনিটতে শেষ কৰিব পৰা ভিন্ন প্ৰযুক্তিৰ নিত্য নতুন উদ্ভাৱন, ১০জনৰ কাম ১জনেই কৰিব পৰা অত্যাধুনিক যন্ত্ৰ-পাতিৰ উদ্ভাৱনে সহজ কৰিলে বহু কঠিন কাম। আমাৰ দৈনন্দিন জীৱনৰ কাম-কাজবোৰ সহজ আৰু -সৰল কৰি তোলাৰ পাছতো বিজ্ঞান-প্ৰযুক্তিৰ বিকাশ আৰ্শীবাদ নে অভিশাপ, তাৰ ওপৰত বাবে বাবে কিয় আলোচনা কৰিব লগা হয়!

বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত বিকাশে এখন সমাজত ধনাত্মক আৰু ঋণাত্মক দুই ধৰণেই প্ৰভাৱ পেলায়। বহুসময়ত বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰ মানুহে কিধৰণে প্ৰয়োগ কৰে তাৰ ওপৰতো নিৰ্ভৰ কৰে। একাংশ দুষ্ট চক্ৰই বিজ্ঞান প্ৰযুক্তিক বিভিন্ন সময়ত নেতিবাচক বা ঋণাত্মক কামত ব্যৱহাৰ কৰে বাবেই সময়ে সময়ে বিজ্ঞান-প্ৰযুক্তিৰ বিকাশক লৈ প্ৰায়ে প্ৰশ্ন উত্থাপিত হয়।

শেহতীয়াকৈ সমগ্ৰ বিশ্ব তথা বিশেষভাৱে ভাৰতত চৰ্চা লাভ কৰা এটা বিষয়ো এই বিজ্ঞান-প্ৰযুক্তিৰ সৈতেই সংলগ্ন বিষয়। বিষয়টো হৈছে- পেগাছাছ। পেগাছাছক লৈ বিৰোধী-শাসকপক্ষৰ কথাৰ কটাকটিৰ লগতে সদনৰ মজিয়া কিদৰে উত্তপ্ত হৈ পৰিছে নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। দেশৰ প্ৰায় ৩শতাধিক লোকৰ ওপৰত এই পেগাছাছে চকু ৰাখিছে বুলি চৰ্চা হৈছে।

পেগাছাছ বিষয়টোৱে বিগত দিনকেইটাই ইমানেই চৰ্চা লাভ কৰিছে যে , সকলো লোকৰে সাধাৰণ এক ধাৰণা ইতিমধ্যে স্পষ্ট হৈছে। পেগাছাছ হৈছে এটা ছফ্টৱেৰ। পেগাচাছ স্পাইৱেৰ ইজৰাইলী চাইবাৰ চোৰাংচোৱা প্ৰতিষ্ঠান এনএছঅ' গ্ৰুপৰ দ্বাৰা সৃষ্টি কৰা এটা নিৰীক্ষণ চফ্টৱেৰ। এই প্ৰতিষ্ঠানটোৱে অপৰাধ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিৰোধৰ জৰিয়তে জীৱন ৰক্ষা কৰাৰ একমাত্ৰ উদ্দেশ্যৰে পেগাচাছ স্পাইৱেৰ প্ৰস্তুত কৰিছিল। কেৱল আইন প্ৰৱৰ্তনকাৰী আৰু চৰকাৰৰ চোৰাংচোৱা সংস্থাকহে এই প্ৰতিষ্ঠানটোৱে বিক্ৰী কৰে অত্যাধুনিক ছফ্টৱেৰ পেগাছাছ।

এতিয়ালৈকে প্ৰকাশ কৰা তথ্য অনুসৰি, এই পেগাছাছৰ কৱলত পৰিছে দেশৰ প্ৰভাৱশালী ৰাজনীতিক, সাংবাদিক, ন্যায়াধীশ, সমাজকৰ্মীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীয়ো। ৪৫গৰাকী সাংবাদিক, ৩গৰাকী বিৰোধী নেতা, ২গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, আৰু ৩গৰাকী ন্যায়াধীশৰ দৰে গণ্যমাণ্য ব্যক্তিক এতিয়া পেগাছাছে ৰাখিছে নিজৰ কৱলত। ইফালে অতি শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৪গৰাকী ঘনিষ্ঠকো পেপাগাছে তীক্ষ্ন চকু ৰাখিছে।

এতিয়া জানি লওঁক পেগাছাছে কেনেকৈ কাম কৰেঃ-

ইতিমধ্যে উল্লেখ কৰা হৈছে যে, পেগাছাছ এটা স্পাইৱেৰ ছফ্টৱেৰ। যিকোনো এটা মোবাইলত যেতিয়া এই পেগাছাছে প্ৰৱেশ কৰে তেতিয়া সেই মোবাইলৰ সকলো তথ্যত কজ্বা কৰে এই ছফ্টৱেৰটোৱে। এই ছফ্টৱেৰটো কিমান শক্তিশালী সেই কথাৰ প্ৰমাণ দিবলৈ এটা উদাহৰণ এইখিনিতে উল্লেখ কৰিব লাগিব। যিকোনো হেকিং ছফ্টৱেৰ সাধাৰণতে এপলৰ আইফোনত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। আইফোনৰ ইন্টাৰনেল চিকউৰিটী চিষ্টেম ইমানেই শক্তিশালী যে হেকাৰে যিয়েই ছফ্টৱেৰ নহওঁক এনে ফোন কেতিয়াও হেক কৰিব নোৱাৰে। কিন্তু পেগাছাছে এই আইফোনকো কজ্বা কৰিব পাৰে। গতিকে এবাৰ ভাৱক কিমান শক্তিশালী এই পেগাছাছ।

পেপাগাছৰ সকলো প্ৰগাম এনেভাৱে ডিজাইন কৰা হৈছে যে, যিকোনো স্মাৰ্টফোনত এবাৰ প্ৰৱেশ কৰাৰ পিছত ফোনকলৰ উপৰিও কেমেৰা, ৰেকৰ্ডিং, অডিঅ', টেক্স মেজেজ, ইমেইল, লোকেশ্বনৰ লৈকে সকলো তথ্য লাভ কৰিব পাৰি। কেৱল তথ্য সংগ্ৰহেই নহয়, এই ছফ্টেৱেৰৰ জৰিয়তে সেই তথ্যসমূহ বিষয়ে সবিশেষ জানিবলৈ বিশ্বৰ সকলো ভাষালৈ ভাষান্তৰ কৰিব পাৰে পেপাগাছে। ইয়াৰ জৰিয়তে ভুক্তভোগীৰ স্ক্ৰীণশ্বট ল'বলৈ, কীষ্ট্ৰোক ৰেকৰ্ড কৰিবলৈ, আৰু ব্ৰাউজাৰৰ সবিশেষপ্ৰাপ্ত কৰিবলৈও সক্ষম হয়।

প্ৰথম কেতিয়া চৰ্চা লাভ কৰিছিল পেগাছাছেঃ-

ভাৰতকে ধৰি মুঠ প্ৰায় ৪৫খন দেশে কিনি থৈছে পেগাছাছ চফ্টৱেৰ। ইয়াৰ ভিতৰত কেইবাখনো উন্নত দেশো আছে। পেগাছাছ প্ৰথমবাৰ চৰ্চালৈ আহিছিল ২০১৬চনত। ডুবাইৰ মানৱধিকাৰ কৰ্মী অহমদ মনছুৰে প্ৰথমবাৰৰ বাবে পেগাছাছক চৰ্চালৈ আনিছিল। মানৱধিকাৰ কৰ্মীগৰাকীলৈ প্ৰথমে আহিছিল এটা বিশেষে মেছেজ। মেছেজটোত কিছু বিসংগতি ধৰা পেলাই মনছুৰে টেৰেন্টু বিশ্ববিদ্যালয়ৰ লেবত ফোনটো পৰীক্ষা কৰিছিল। পিছত চাইবাৰ সুৰক্ষা সংস্থা লুকআউটৰ সহায়ত পোহৰলৈ আহিল যে, মানৱধিকাৰ কৰ্মীগৰাকী ফোনটো পেগাছাছৰ জৰিয়তে হেক হৈছে।

এই ঘটনাৰ পাছতে পুনৰ ২০১৭চনক পেগাছাছ সংবাদ শিৰোনামলৈ আহিছিল। মেক্সিক'ৰ চৰকাৰে পেগাছাছ ব্যৱহাৰ কৰি দেশৰে বিভিন্ন খণ্ডৰ ব্যক্তিৰ চোৰাংচোৱা গিৰি কৰিছিল। সমাজকৰ্মী, মানৱধিকাৰ কৰ্মী, সংবাদিকৰ লগতে বিভিন্ন উচ্চস্তৰীয় কৰ্মচাৰীৰ ফোন পেগাছাছৰ জৰিয়তে হেক কৰিছিল চৰকাৰে। চৰকাৰৰ এই কৰ্মকাণ্ডৰ বিৰুদ্ধে সেইসময়ত যথেষ্ট প্ৰতিবাদ হৈছিল মেক্সিকত।

দুটা এনে ঘটনা পাৰ হৈ যোৱা পাছত ২০২১ত পুনৰ সংবাদ শিৰোনাম দখল কৰিছে পেগাছাছে। এইবাৰ পেগাছাছৰ লক্ষ্য ভাৰত। কেৱল ভাৰতেই নহয় ডুবাইৰ ৰাজকুমাৰীৰ ফোনো শেহতীয়াকৈ পেগাছাছৰ কৱলত পৰিছে। ২০২১ত পেগাছাছৰ প্ৰসংগতো পোহৰলৈ আনিলে ফৰবিদেছন নামৰ এটা সংবাদ সংস্থাই। এমেনেন্ট্ৰী ইন্টাৰনেচনেলৰ সহযোগত পেগাছাছৰ কৱলত কোন কোন আছে তাৰ তালিকা প্ৰকাশ কৰা হৈছে। শেহতীয়াকৈ পেগাছাছৰ কৱলত পৰা প্ৰায় ৩০০গৰাকী সম্ভাৱ্য লোকৰ নামো প্ৰকাশ কৰা হৈছে।

আপোনাৰ মোবাইলতো ইনষ্টল হৈ যাব পাৰে পেগাছাছ, কিন্তু আনইনষ্টল কৰিব কেনেকৈঃ-

বৰ্তমান সময়ত বহুতো হেকাৰে পেগাছাছ ছফটৱেৰবিধ ব্যৱহাৰ কৰি ফেচবুক, হোৱাটচ্ এপ, টুইটাৰ, মেইল আদি হেক কৰি আহিছে। আপুনি ইণ্টাৰনেটৰ পৰা যিকোনো চফ্টৱেৰ ডাউনলোড কৰোতে, হোৱাটচ্ এপ বা অন্যান্য মাধ্যমত কোনো ব্যক্তিয়ে যিকোনো ফাইল প্ৰেৰণ কৰিলে পেগাছাছ ছফটৱেৰবিধ সেই ফাইলটোৰ ভিতৰতে সোমাই আপোনাৰ মোবাইলত নিৰ্দিষ্ট ফাইলটোৰ সমান্তৰালভাৱে ইনষ্টল হ'ব পাৰে। গতিকে পেগাছাছক আপোনাৰ ফোনৰ পৰা আতঁৰাব কেনেকৈ-

১. প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ Play Store ছফটৱেৰলৈ গৈ Menu ত থকা Play Protect Optionটো ক্লিক কৰি Turn on কৰি ৰাখিব।
২. তাৰ পিছত মোবাইলৰ Settingsলৈ গৈ Additional Setting ক্লিক কৰিব। (Samsung ফোনৰ ক্ষেত্ৰত Biometricks and Security Optionত ক্লিক কৰিব)
৩.তাৰ পিছত Need Additional Settingত ক্লিক কৰি Privacyত ক্লিক কৰি Special App Accessত ক্লিক কৰিব।
৪. তাৰপিছত Device Admin App ত ক্লিক কৰি Play Buttonৰ কাষৰ Blue Tick (✔️) ত ক্লিক কৰিব।
৫. তাৰ পিছত Deactivate This Device Admin Appত ক্লিক কৰিব।
৬. শেষত পুনৰ App তালিকালৈ আহি পৃথককৈ Appটো Uninstall কৰি দিব।

পেগাছাছৰ অসম কানেকশ্যনঃ

ৰাহুল গান্ধীৰ পৰা আদি কৰি প্রশান্ত কিশোৰ, প্রাক্তন নির্বাচনী আয়ুক্ত অশোক লাভাছা, বিজেপি মন্ত্রী অশ্বিনী বৈষ্ণৱ, প্রহ্লাদ পেটেলৰ লগতে কেইবাগৰাকী বিশিষ্ট সাংবাদিক আৰু মানৱাধিকাৰ কর্মীৰ ম'বাইল হেক কৰি ফোনকল বা ব্যক্তিগত তথ্য চৰকাৰক যোগান ধৰাৰ অভিযোগ শেহতীয়াকৈ উত্থাপন হৈছে। এই প্ৰসংগক লৈ দেশৰ ৰাজনীতি গৰম হৈ থকাৰ পাছতে শেহতীয়াকৈ অসমৰ সৈতেও পেগাছাছৰ কানেকশ্যন পোহৰলৈ আহিছে।

পেগাছাছৰ ফোন টেপিং তালিকাত নাম অন্তর্ভুক্ত হৈছে সদৌ অসম ছাত্র সন্থা (আছু)ৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ৷ পেগাছাছৰ নিৰীক্ষণত থকা সমুজ্জ্বল ভট্টাচার্য আৰু অনুপ চেতিয়াৰ লগতে দিল্লীস্থিত মণিপুৰৰ এজন লেখক মালেম নিৎথোজাৰ নামো তালিকাত আছে৷ উল্লেখ কৰা প্ৰয়োজন যে, পেগাছাছৰ কৱলত পৰা সম্ভাৱ্য লোকৰ তালিকাতহে নাম আছে ড০ সমুজ্জ্বল ভট্টাচার্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ৷ দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নামো এই তালিকাত থকা বুলি চৰ্চা হৈছে।

ৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠানে প্রকাশ কৰা অনুসৰি 'কা'বিৰোধী আন্দোলনক নেতৃত্ব দিয়া ড০ সমুজ্জ্বল ভট্টাচার্য আৰু অনুপ চেতিয়াৰ কার্যকলাপ নিৰীক্ষণত ৰখাৰ বাবেই এইদৰে ফোন টেপিং কৰা হৈছিল৷ সমান্তৰালভাৱে অসম চুক্তিৰ ৬নং দফা সন্দর্ভত গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীয়ে প্রতিবেদন দিয়াৰ পিছতো ইয়াক কার্যকৰী নকৰাৰ বাবে সেই সময়ত সৰৱ হৈছিল আছুৰ মুখ্য উপদেষ্টাগৰাকী৷

ইফালে প্রাক্তন আলফা নেতা অনুপ চেতিয়াৰ ফোন ২০১৮ চনৰ পৰা টেপিং কৰা বুলি অভিযোগ উঠিছে৷ বিশেষকৈ ২০১৮ চনত তিনিচুকীয়াত হিন্দু বাংলাভাষী পাঁচজন লোকক আলফাই হত্যা কৰা ঘটনাৰ পর্যবেক্ষণ কৰিবলৈ গৈছিল অনুপ চেতিয়া৷ 'কা'বিৰোধী আন্দোলনৰ সময়তে সংঘটিত এই ঘটনাক লৈ যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ লগতে অনুপ চেতিয়াৰ তিনিচুকীয়া ভ্রমণক লৈ গৃহ মন্ত্রালয়তো উদ্বিগ্ণতাৰ সৃষ্টি হৈছিল৷ সেই সময়ৰ পৰাই অনুপ চেতিয়াৰ ফোন টেপিং সম্ভাৱনাক উনুকিয়াইছে ৰাষ্ট্রীয় সংবাদ মাধ্যমে৷

পেগাছাছৰ ফোন টেপিঙৰ অনুসন্ধানৰ বাবে গঠন টাস্ক ফোৰ্চ ইজৰাইল চৰকাৰৰঃ-

বিশ্বজুৰি জোকাৰণিৰ সৃষ্টি কৰা ইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ ফোন টেপিং বিতৰ্কৰ মাজতে ইজৰাইলৰ চৰকাৰে এই বিষয়ত অনুসন্ধান কৰিবলৈ টাস্ক ফোৰ্চ গঠন কৰাৰ কথা ঘোষণা কৰিছে।এই টাস্ক ফোৰ্চত অন্তৰ্ভূক্ত কৰা হৈছে দেশ খনৰ বহু কেইগৰাকী শীৰ্ষ মন্ত্ৰীক। ইজৰাইলে গঠন কৰা টাস্ক ফোৰ্চ গঠন কৰা হৈছে দেশ খনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদকলৈ।

ফ্ৰান্সৰ Le Monde কাকতত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ইজৰাইলৰ প্ৰতিষ্ঠানটোৱে পেগাছাছ স্পাইৱেৰ বিশ্বৰ আন দেশক বিক্ৰী কৰাৰ ক্ষেত্ৰত ইজৰাইলৰ চৰকাৰৰ সৈতে কোনো চুক্তি কৰা নাছিল। সেই দিশৰ পৰা পেগাছাছ বিতৰ্কৰ সৈতে ইজৰাইলৰ চৰকাৰ পোনপটীয়াকৈ জৰিত নহয়।

পেগাছাছক লৈ কেন্দ্ৰ নিমাত কিয়ঃ-

পেগাছাছক লৈ শাসক-বিৰোধী তীব্ৰ বাক-বিতণ্ডাত লিপ্ত আছে যদিও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ কথা ৰাজহুৱা কৰা নাই। বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে, ২০১৭চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ইজৰাইল যাত্ৰাৰ সময়তে পেগাছাছক লৈ কথা হৈছিল। বিৰোধী এই অভিযোগ খণ্ডনো কৰা নাই কেন্দ্ৰীয় চৰকাৰে।

ইফালে পেগাছাছ কৰ্তৃপক্ষৰ ফালৰ পৰাও স্পষ্ট কৰি দিয়া হৈছে যে, চৰকাৰৰ বাবে তেওঁলোকে এই চফ্টৱেৰ কাকো বিক্ৰী নকৰে। প্ৰতিষ্ঠানটোৱে দাবী কৰিছে যে, এই চফ্টৱেৰ দেশৰ ৰাজনীতিক, সাংবাদিকৰ দৰে ব্যক্তিৰ চোৰাংচোৱা কৰাৰ উদ্দেশ্য প্ৰস্তুত কৰা নাই। সন্ত্ৰাসবাদৰ বিৰুদ্ধে, অপৰাধমূলক কাম-কাজৰ দমনৰ উদ্দেশ্যেহে এই চফ্টৱেৰ প্ৰস্তুত কৰা হৈছিল আৰু তেনেকৈয়ে ব্যৱহাৰ কৰা হৈ আছে।

প্ৰতিষ্ঠানটোৰ এই স্পষ্টীকৰণৰ পাছতে প্ৰশ্ন হয়, যদিহে চৰকাৰেই এই চফ্টৱেৰটো কিনিব পাৰে, তেনেহলে বৰ্তমানৰ চৰকাৰে বিৰোধী নেতা, সাংবাদিক আৰু সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত থকা দেশৰ লোকসকলৰে চোৰাংচোৱাগিৰি কিয় কৰিছে? ইফালে যদিহে এই চোৰাংচোৱাগিৰি ভাৰত চৰকাৰৰ অজ্ঞাতসাৰে হৈছে, তেনেহলে ইজৰাইলৰ সৈতে আলোচনা কৰি ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই কিয়?

পেগাছাছে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ লগতে ব্যক্তিৰ ব্যক্তিগত স্বাধীনতাৰ প্ৰতিও ভাবুকি আনিছে। পেগাছাছক লৈ বিৰোধীয়ে কেন্দ্ৰৰ স্থিতিক সন্দেহৰ চকুৰে চাইছে। এইখিনিতে উল্লেখ কৰি লাগিব যে, দেশত পেগাছাছৰ জৰিয়তে ফোন টেপিঙৰ বিৰুদ্ধে চাঞ্চল্য সৃষ্টি হৈ থকাৰ মাজতে দৈনিক ভাস্কৰে ১৫ বছৰ পূৰ্বে নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰীৰ হৈ থকাৰ সময়ত গুজৰাটৰ বিৰোধী নেতাকে ধৰি বহু ব্যক্তিৰ ফোন টেপিঙৰ ঘটনা সংঘটিত হোৱাৰ বিষয়ে বাতৰি প্ৰচাৰ কৰিছিল।

ইয়াৰ পাছতে আয়কৰ বিভাগে সংবাদ গোষ্ঠীটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। দিল্লী, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান আদিত থকা দৈনিক ভাস্কৰৰ কাৰ্যালয়ত বৃহস্পতিবাৰে( ২২জুলাই, ২০২১) এই অভিযান চলাইছে দৈনিক ভাস্কৰে। সংবাদ প্ৰতিষ্ঠানটোৱে চৰকাৰৰ ভুল নীতিক সমালোচনা কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে আয়কৰ বিভাগৰ জৰিয়তে সংবাদ গোষ্ঠাটোৰ মুখ বন্ধ কৰিব বিচাৰিছে বুলি অভিযোগ তুলিছে।

পেগাছাছ বিৰ্তকৰ সময়তে গুজৰাটৰ এই প্ৰসংগটো পুনৰ চৰ্চালৈ অহাৰ লগে লগে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনৰ ওপৰতো বিভিন্নজনে সন্দেহ প্ৰকাশ কৰিছ। বিৰোধীয়ে কব খোজে যে, গুজৰাটৰ নৰেন্দ্ৰ মোডী মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত ফোন টেপিং আৰু বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত পেগাছাছৰ দৰে ঘটনা আচৰিত হব লগা একো নাই। এয়া তেওঁলোকে কৰিয়েই আহিছে। বিৰোধীৰ এনে অভিযোগক তথ্য প্ৰমাণ সহকাৰে কেন্দ্ৰই উত্তৰ দিয়েনে নিদিয়ে, সেয়া লক্ষ্য কৰিব দেশবাসীয়ে…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in