অসমৰ জন বিস্ফোৰণৰ আঁৰত কোন…

অসমৰ জন বিস্ফোৰণৰ আঁৰত কোন…

জনবিস্ফোৰণ অসমৰ আন এক প্ৰধান সমস্যা। এই সমস্যাৰ বাবে সংখ্যালঘু লোকসকলকে প্ৰধানকৈ প্ৰায়ে জগৰীয়া কৰা হয় যদিও শেহতীয়া কিছু চৰকাৰী পৰিসংখ্যাত প্ৰকাশ পাইছে কিছু তথ্য। তাৰ কিছু কথা সামৰি ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন…

সমস্যাজর্জৰ অসমৰ জনবিস্ফোৰণ অন্যতম ভয়াৱহ সমস্যা৷ বর্ধিত জনসংখ্যাই ৰাজ্যখনৰ জনগাঁথনিত ব্যাপকভাৱে পৰিৱর্তন ঘটোৱাটো এক অতিশয় অশুভ ইংগিত ৰূপে পৰিগণিত হৈছে৷ বিভিন্ন সময়ত এই জনবিস্ফোৰণ ৰোধ কৰিবৰ বাবে শাসধানধিষ্ঠ চৰকাৰসমূহে বিভিন্ন পন্থা অৱলম্বন কৰিছে যদিও সফল হ'ব পৰা নাই।

শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ জনসংখ্যা বিস্ফোৰণৰ এই প্ৰসংগত পুনৰ সৰৱ হোৱা পৰিলক্ষিত হৈছে। বিধানসভাৰ প্ৰথমখন অধিৱেশনতে এই প্ৰসংগটোৱে বিশেষ গুৰুত্বসহকাৰে উপস্থাপন কৰা হৈছিল। কেইটামান দিৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এক সংবাদমেল যোগে এই বিষয়ত অধিক সৰৱ হৈছিল আৰু ঘোষণা কৰিছিল যে, চৰকাৰী আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব কঠোৰ জনসংখ্যা নীতি। এই জনসংখ্যা নীতি অনুসৰি চৰকাৰী চাকৰিৰ লগতে অন্যান্য চৰকাৰী আঁচনিৰ লাভ আদায় কৰিবলৈ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব হিতাধিকাৰীৰ।

এতিয়া কথা হল, চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰিলেই জনবিস্ফোৰণ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা যাবনে? জনবিস্ফোৰণৰ উৎস যিয়েই নহওক কিয়, ৰাজ্যখনৰ আর্থ-সামাজিক দিশটো অতিশয় ক্ষতিগ্রস্ত হোৱাৰ ভয়াৱহ আশংকাত এই জ্বলন্ত সমস্যাটো খৰতকীয়াভাৱে প্রতিৰোধ কৰাটো ৰাজ্যিক চৰকাৰে অতিশয় জৰুৰী ৰূপে বিবেচনা কৰিছে৷ 

জনবিস্ফোৰণৰ প্ৰসংগটোত যেতিয়াই অধিক চৰ্চালৈ আহে, তেতিয়াই সংখ্যালঘু মুছলমান লোকসকলক লৈ সৰৱ চৰ্চা হয়। কেইটামান দিনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও অসমৰ জনবিস্ফোৰণ ৰোধ কৰাৰ ক্ষেত্ৰত অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক লৈ বিশেষ পন্থা অৱলম্বন কৰাৰ কথা উল্লেখ কৰিছিল। এই সমস্যা ৰোধৰ ক্ষেত্ৰত এ আই ইউ ডি এফৰ সহযোগত কাম কৰাৰ কথাও কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ এই আহ্বানত AIUDFয়েও সহাঁৰি জনাইছে।

স্বাভাৱিকতে এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হব পাৰে, জনবিস্ফোৰণৰ বাবে আচঁলতে দায়ী কোন? মুছলমান মহিলাই সচাঁকৈয়ে অধিক সন্তান বা পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত সঠিক নীতি অৱলম্বন নকৰে নেকি? এইখিনিতে পাঠকৰ সুবিধাৰ্থে অসমত জনসংখ্যা বিস্ফোৰণে কিদৰে ভয়ংকৰ ৰূপ লৈছে তাৰ এটা উদাহৰণ দাঙি ধৰিব বিচাৰিছো। ২০০১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যা আছিল ২.৬৬ কোটি আৰু ২০১১ চনত হ'লগৈ ৩.১২ কোটি৷ অর্থাৎ এটা দশকতেই ৬২ লাখ জনসংখ্যা বৃদ্ধি হৈছে৷ এতিয়া অৱশ্যে সেই সংখ্যা অধিক হব।

অসমৰ জনবিস্ফোৰণক লৈ অতি শেহতীয়াকৈ বিশ্ব আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান BBCত প্ৰকাশ পাইছে এক প্ৰতিবেদন। এই প্ৰতিবেদনৰ শিৰোনাম আছিল- মুছলমান মহিলাই অধিক হাৰত সন্তান জন্ম দিয়ে, কি কয় পৰিসংখ্যাই?  এই প্ৰতিবেদনত প্ৰণালীৱদ্ধভাৱে এক কিছু দিশ পুংখানপুংখভাৱে উল্লেখ কৰা হৈছে।

চৰকাৰী সমীক্ষা মতে দেখা গৈছে অসমৰ ১১খন জিলাত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি দ্রুতগতিত আগবাঢ়িছে৷ এই জিলাকেইখনত অধিক হোৱা জনসংখ্যা বৃদ্ধিৰ অন্তৰালত কেতবোৰ বিশেষ কাৰকৰ প্রভাৱ অতিকে লক্ষ্যণীয়৷ প্রব্রজন, জন্মসূত্রে, বাল্য বিবাহ, বহু বিবাহ, নিৰক্ষৰতা আদি মুখ্য কাৰকবোৰ বিশেষভাৱে উল্লেখযোগ্য৷

অসমৰ গড় জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ অধিক শতাংশৰ জনসংখ্যা বৃদ্ধিৰ জিলাকেইখন ধুবুৰী ২৪.৪৪,  গোৱালপাৰা ২২.৬৪, মৰিগাঁও ২৩.৩৪,  বৰপেটা ২১.৪৩, দৰং ২১.১৯, বঙাইগাঁও ২০.৫৯,  হাইলাকান্দি ২১.৪৫,  কাছাৰ ২০.১৯,  নগাঁও ২২ আদি৷ এই তথ্য প্ৰকাশ পাইছে চৰকাৰী তথ্যত।

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ চমুকৈ NFHSয়ে বিগত তিনিটা দশকত অসমৰ জনসংখ্যাক লৈ পাচোঁতাকৈ প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ভাৰত আৰু অসমৰ প্ৰজননৰ হাৰ প্ৰায় একে পৰ্যায়ৰ। ২০০৫-০৬চনত  ৰাষ্ট্ৰীয় পৰ্যায়ত এই প্ৰজননৰ হাৰ আছিল ২.৭শতাংশ আৰু সেই সময়ত অসমত প্ৰজননৰ হাৰ আছিল ২.৪শতাংশও। বৰ্তমান অসমত প্ৰজননৰ হাৰ হৈছে ১.৮৭ শতাংশ।

এতিয়া কথা হল অসমত জন বিস্ফোৰণৰ ক্ষেত্ৰত সচাঁকৈয়ে মুছলমান সকলেই দায়ী নেকি?  এটা কথা NFHSৰ সমীক্ষাতো প্ৰকাশ পাইছে যে, অন্য ধৰ্মৰ তুলনাত মুছলমান ধৰ্মাৱলম্বী লোকৰ প্ৰজনন দৰ যথেষ্ট বেছি। কিন্তু ১৯৯২-৯৩চনৰ তুলনাত বৰ্তমান যথেষ্ট হ্ৰাস পাইছে এই দৰ।

অসমত ১৯৯২-৯৩চনত প্ৰজনন দৰ আছিল ৩.৫৩শতাংশ কিন্তু ২০১৯-২০চনত এই দৰ হ্ৰাস পাই হৈছেহৈ ১.৮৭শতাংশ। ইফালে অসমত বিগত ১৫বছৰত হিন্দু ধৰ্মাৱলম্বী লোকৰ প্ৰজনন দৰ হ্ৰাস পাইছে .৩৬শতাংশ। বৰ্তমান এই দৰ হৈছে ১.৫৯শতাংশ। ইয়াৰ বিপৰীতে মুছলমানন ধৰ্মাৱলম্বী লোকৰ প্ৰজননৰ দৰো যথেষ্ট হ্ৰাস পাইছে। বিগত ১৫বছৰত এই দৰ ৩.৬৪ৰ পৰা হ্ৰাস পাই হৈছেগৈ ২.৩৮শতাংশ।

NFHSৰ ৰিৰ্পট অনুসৰি অসমত ঈশাই সম্প্ৰদায়ৰ লোকৰ প্ৰজনন দৰ আটাইতকৈ কম। ইয়াৰ পিছতে আছে অনুসূচীত জনজাতিৰ লোক। কিন্তু বিগত ১৫বছৰত মুছলমান সম্পাদায়ৰ লোকৰ ক্ষেত্ৰতো হ্ৰাস পাইছে প্ৰজনন ক্ষমতা। এয়া নিশ্চিতভাৱে এক আশাৰ বতৰা।

আমি ওপৰত উল্লেখ কৰি অহাৰ দৰে এই ক্ষেত্ৰত কোনো সন্দেহ নাই যে,   অসমত উচচতম হাৰত জনসংখ্যা বৃদ্ধি হোৱা জিলাকেইখন মূলতঃ ধর্মীয় সংখ্যালঘু বসতিপ্রধান৷ ইয়াত বসবাস কৰা লোকসকলো অসমীয়া আৰু অসমৰেই নাগৰিক৷ নিৰক্ষৰতা, বহু বিবাহ, বাল্য বিবাহ আদি কাৰকৰ প্রভাৱত তেওঁলোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অসমৰ গড় জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ অধিক৷

কিন্তু ধর্মীয় সংখ্যালঘু বসতিপ্রধান অঞ্চলত বাস কৰা লোক সকলক লৈও NFHSয়ে চলাইছিল এক সমীক্ষা। জনসংখ্যা বিস্ফোৰণৰ ক্ষেত্ৰত কিয় এই লোকসকলক সজাগ নহয়, তাৰ অন্তৰালতো আছে বহু কাৰন। ইয়াৰ প্ৰধান কাৰনটো হৈছে উক্ত বিষয়ৰ ওপৰত অজ্ঞতা আৰু সাক্ষৰতা।

NFHSৰ ৰিৰ্পট অনুসৰি সংখ্যালঘু বসতি প্ৰধান অঞ্চলত দ্বাদশ শ্ৰেণীৰ লৈকে পঢ়া মহিলাতকৈ কম শিক্ষিত মহিলাৰ সন্তান বেছি। লোকপিয়লত প্ৰকাশ পোৱা তথ্য অনুসৰি, অসমত হিন্দুৰ সাক্ষৰতাৰ হাৰ ৭৭.৬৭শতাংশৰ বিপৰীতে মুছলমানৰ সাক্ষৰতাৰ হাৰ ৬১.৯২শতাংশ। সাক্ষৰতাৰ হাৰৰ ক্ষেত্ৰতো এই বৃহত পাৰ্থক্য আছে। ই নিশ্চিতভাৱে জনবিস্ফোৰণৰ প্ৰধান কাৰন।


জনবিস্ফোৰণৰ ক্ষেত্ৰত কেৱল মুছলমান সম্প্ৰদায়কে প্ৰায়ে দোষ জাপিঁ অহা হৈছে যদিও শেহতীয়াকৈ পৰিৱেশ যথেষ্ট সলনি হৈছে। গৰ্ভ নিৰোধকৰ দৰে পদক্ষেপ গ্ৰহণো অসমত শেহতীয়াকৈ বৃদ্ধি পাইছে। NFHSৰ প্ৰকাশ কৰা কেইবাখনো প্ৰতিবেদনত ক্ৰমাগতভাৱে এই ক্ষেত্ৰত সংখ্যালঘু লোকসকলৰ প্ৰদৰ্শনো উন্নত হৈছে।

যদিও জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত সংখ্যালঘু লোকসকলকে প্ৰধানভাৱে জগৰীয়া কৰা হয়, কিন্তু বিগত ৫বছৰত এই দিশৰ ওপৰত যথেষ্ট সজাগতা বৃদ্ধি পাইছে। জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পন্থা অৱলম্বন গ্ৰহণ কৰাৰ ক্ষেত্ৰত সংখ্যালঘু লোকৰসকলৰ সজাগতা পূৰ্বৰ ৩৪.৭শতাংশৰ তুলনাত ৪৯.৬শতাংশলৈ বৃদ্ধি পাইছে।

নিশ্চিতভাৱে, অন্যান্য সম্প্ৰদায়ৰ তুলনাত সন্তান জন্ম বা প্ৰজননৰ দৰ সংখ্যালঘু বা মুছলমান সম্প্ৰদায়ৰ কিছু অধিক। কিন্তু বহুসময়ত এই বিষয়টো ৰাজনৈতিক মেৰপাঁকত পেলাই বহুতে বিভাজনৰ ৰাজনীতি কৰাও দেখা যায়। লাহে লাহে সজাগতা বৃদ্ধি হৈছে এই দিশত, চৰকাৰে উচিত পন্থা গ্ৰহণ কৰিলে এই দিশত আৰু অধিক কৃতকাৰ্যতা লাভ কৰিব বুলি আশা কৰিব পাৰি। কিন্তু ইয়াৰ বিপৰীতে এই বিষয়টো হিন্দু-মুছলমানৰ ৰাজনীতিৰ মেৰপাঁকত ভৰালে সমস্যা সমাধানৰ পথ কেতিয়াও নোলাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in