হোলী গ’ল, বিহু হ’বনে?

হোলী গ’ল, বিহু হ’বনে?

ডিম্পুল বৰগোহাঁই

ফাগুন আহিছে আজি/ মান প্ৰাণ জাগিছে/ খেলে ফাগু পুৰ নাৰী/ খেলে হোলী পুৰবাসী। ৰং আৰু আনন্দৰ উৎসৱ হোলী। ভাৰতবৰ্ষৰ এই উৎসৱক বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে পালন কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। বিশেষকৈ বসন্তোৎসৱ, মদনোৎস, ফগ্লুু উৎসৱ, ফাকুৱা, হোলী উৎসৱ, হোলিকা উৎসৱ আৰু দৌলৎসৱ বুলি কোৱা হয়।

এই হোলী উৎসৱৰ লগত শংখচূড়ৰ কাহিনী, জগন্নাথ-ঘুনুচা, ৰাধা-কৃষ্ণ আদিৰ কথা জৰিত হৈ আছে। বিশেষকৈ ওড়িশাত ঈশ্বৰ কৃষ্ণই নিজ দৌলৰ পৰা ঘুনুচাৰ বাৰীলৈ গৈ সাত দিন আছিল। যেতিয়া ঘুনুচাৰ বাৰীলৈ আহিছিল তেতিয়া প্ৰজাগণে ৰং-ৰহইচ কৰি ফাকুগুড়ি ছটিয়াইছিল। চৌদিশে ৰং আৰু আনন্দই বিৰাজ কৰিছিল। ইয়াৰ উপৰি ওড়িশাত প্ৰদ্যুম্ন ৰজাই জগন্নাথ-বলৰামৰ মূৰ্তি স্থাপন কৰি দৌল উৎসৱ কৰিছিল।

আচলতে হোলী উৎসৱ হৈছে এবিধ লোক উৎসৱ। ইয়াৰ অনেক লোক পৰম্পৰা আৰু লোকবিশ্বাস জড়িত হৈ আছে। বিশেষকৈ ফাকুগুড়ি গালে-মুখে ঘঁহিলে বসন্ত ৰোগ নহয়। এই ৰং ঘঁহিলে গাৰ ছাল নিমজ হয়। মুখৰ সৌন্দৰ্য বৃদ্ধি হয়। ইয়াৰ উপৰি দৌলৰ মণ্ডপৰ চাৰিওফালে ঘূৰিলে পূৰ্বজন্মৰ পাপ নাশ হয় বুলি কোৱা হয়। ফাকুগুড়ি পৃথিৱীত পৰিলে মাটিৰ উৰ্বৰতা বৃদ্ধি হয় বুলিও এক লোককথা প্ৰচলিত হৈ আহিছে।

প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্যত ধুমধামেৰে সকলোৱে পালন কৰিলে ৰঙৰ উতসৱ হোলী। এফালে নিৰ্বাচনৰ মাজত আৰু আনফালে কোৰোনাক লৈ প্ৰশাসনে দিয়া নিৰ্দেশনাৰ মাজতে পালন কৰা হল হোলী। নিৰ্বাচনৰ মাজতে এইবাৰৰ হোলীক বহুজনে নাম দিলে পলিটিকেল হোলী।

কিয়নো হোলীৰ দিনাই হোলী খেলাৰ চলেৰেই অনেকজন প্ৰাৰ্থীয়ে কৰিলে নিৰ্বাচনী প্ৰচাৰ। বহুজনে উলিয়ালে সমদল। উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থী দুগৰাকীয়ে সোমবাৰৰ দিনটোত উলিয়ালে সমদল। এই সমদলত লক্ষণীয় কথাটো হ'ল যে, বাটতে দুয়োজন প্ৰাৰ্থীয়ে লগ পাই ইজনে সিজনক কৰিলে আলিংগন। ৰাজনীতি পাহৰি এনে সমন্বয়ৰ বাৰ্তা সচাঁকৈয়ে যোগাত্মক।

ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ। বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত ১৫১৮ শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে।সেই দিনাৰ পৰা পৰম্পৰাগভাৱে ইয়াক পালন কৰি অহা হৈছে। দেউল উৎসৱৰ এমাহমানৰ আগৰে পৰা ইয়াৰ প্ৰস্তুতি আৰম্ভ হয়। ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে।

নক্ষত্ৰ গণনা অনুসৰি এই উৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া বা পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে চাৰিদিনীয়াকৈ বা পাঁচদিনীয়াকৈ আৰু চ'তৰ মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে তিনিদিনীয়াকৈ পালন কৰা হয়। চাৰিদিনীয়া বা পাঁচদিনীয়া দৌলক ডেকাদৌল আৰু তিনিদিনীয়া দৌলক বুঢ়াদৌল বোলা হয়। দৌলোত্‍সৱৰ প্ৰথম দিনটোক "গোন্ধযাত্ৰা" বা বহ্নোৎসৱ বা গন্ধ, দ্বিতীয় দিনটোক "ভৰ দেউল" আৰু তাৰ পাছৰ দিনা "সুঁৱেৰী" বা "ফাঁকুৱা" বোলা হয়।

ইফালে বৰদোৱাতো আজি উলহ-মাহলেৰে উদযাপন কৰা হয় দৌল উৎসৱ। শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সত নগাঁওৰ বৰদোৱাত পাতেকীবাৰীত দৌল উৎসৱৰ পাতনি মেলিছিল। বলোৰাম আতৈক মকুৱা পুৰলৈ পঠিয়ায় সাতটা কড়িৰ বিনিময়ত সাত কলহ প্ৰাকৃতিক ফাকুগুড়ি আনি দিন-বাৰ চাই ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই দৌল উৎসৱ পালন কৰিছিল।

ভাৰতীয় ধৰ্ম-দৰ্শনৰ মূল আধাৰ ভগৱান শ্ৰীকৃষ্ণৰ লীলা জনসমাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দৌল উৎসৱ কৰা হয়। কৃষ্ণভক্তিৰ মাজেৰে ভক্তবৃন্দক পৰমাত্মাৰ ফালে গতি কৰাই এখন আধ্যাত্মিক চিন্তা-চেতনাৰ আদৰ্শ সমাজ গঢ়াৰ বাবে ৰং-ৰহইচৰ মাজেৰে ঐক্য-সংহতি অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰা হয়। দৌল উৎসৱৰ জৰিয়তে মানৱ মনক শান্তিৰ নিৰ্বাস বিলোৱাৰ বাবে যেন ভক্তিৰসেৰে আপ্লুত কৰি তোলে।

মুঠৰ ওপৰত নিৰ্বাচনী বতৰৰ মাজতে এইবাৰৰ ৰঙৰ উৎসৱ ফাকুৱা উলহ-মালহেৰে পালন কৰিলে ৰাজ্যবাসীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ফাঁচী বজাৰত ললে হোলীৰ আনন্দ। মুখ্যমন্ত্ৰীক সংগ দিলে পূব গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্ধ ভট্টাচাৰ্যই। হোলীৰ ৰঙৰ মাজতে মুখ্যমন্ত্ৰীয়ে এইবাৰৰ নিৰ্বাচনত বিজেপিৰ অপ্ৰতিৰোধ্য ধাৰা অব্যাহত থাকিব বুলিও কলে সংবাদমাধ্যমক।

কোৰোনাৰ বৰ্দ্ধিত সংক্ৰমণলৈ চাই এইবাৰৰ হোলী সেমেকা হব বুলি ভৱা হৈছিল যদিও তেনে নহল। প্ৰশাসনে বিভিন্ন সৰ্তকতামূলক পন্থা অৱলম্বনৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল যদিও বহুস্থানত তেনে নিৰ্দেশনা প্ৰায় নমনাৰ দৰে পৰিৱেশ সৃষ্টি হল। গুৱাহাটীৰ বিভিন্ন স্থান ইয়াৰ উদাহৰণ।

হোলী সুকলমে হৈ যোৱাৰ পাছত এইবাৰ একাংশ নেটিজেনে পোষ্ট কৰিছে যে, হোলী হৈ যোৱাৰ দৰে বিহুও সুকলমে পাতিবলৈ চৰকাৰে সুবিধা দিব লাগিব। নিৰ্বাচন মাজত হোলী পাতিবলৈ দি নিৰ্বাচন শেষ হোৱাৰ পাছত বিহু পাতিবলৈ নিদি, বিহুটোক বিহলৈ ৰূপান্তৰ নকৰিবলৈ আহ্বান জনাইছে একাংশ নেটিজেনে।

সেয়া যি কি নহলেও, কোৰোনাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ আগে পিছে প্ৰশাসনে কঠোৰ নিৰ্দেশনা যে জাৰি কৰিব, সেয়া এক প্ৰকাৰৰ নিশ্চিত। কিয়নো ইতিমধ্যেই কেন্দ্ৰৰ তৰফৰ পৰা কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে দেশৰ প্ৰতিখন ৰাজ্যলৈ…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in