গ্ৰেপ্তাৰ হ’ব নে হিমন্ত বিশ্ব শৰ্মা…

গ্ৰেপ্তাৰ হ’ব নে হিমন্ত বিশ্ব শৰ্মা…

মৃদুল কুমাৰ সন্দিকৈ

ভুৱা বাতৰিয়ে অপকাৰ কৰে । শান্তি সম্প্ৰীতি বিনষ্ট কৰে । দায়িত্বশীল লোকে এই কাম কেতিয়াওঁ নকৰে। এনে ভূৱা বাতৰি বিয়পাই সমাজত অপকাৰ সাধন কৰা জনক আইন মতে শাস্তি দিয়াৰো বিধান আছে । উৰা বাতৰি বিয়পাই জেললৈ যোৱা লোকৰ সংখ্যা তাকৰ নহয় ।

তথাপিও উৰা বাতৰি বা ভুৱা বাতৰি বিয়পিয়ে থাকে । ইয়াৰ অন্তৰালত বিভিন্ন কাৰণ,উদ্দেশ্য থাকে । মুলত সেই উদ্দেশ্য বোৰ অপকাৰকে হয় । এনে এক খবৰে বহু লোকক বিপথে পৰিচালিত কৰে । সেয়েহে এই উৰা বা ভুৱা বাতৰি বোৰৰ বিৰুদ্ধে প্ৰশাসনে বিশেষ দৃষ্টি ৰাখিব লগীয়া হয় ।

কেতিয়াবা কোনো লোকে ভুলতেও দিয়া খবৰ সত্য সত্যতা বিচাৰ নকৰাৰ বাবে উৰাবাতৰি হৈ মানুহৰ মাজত বিয়পি পৰে । বৰ্তমান সময়ত সেয়েহে খবৰ বা কোনো কথা সামাজিক মাধ্যমত লিখোতে বা দিয়োতে বৰ সচেতন হ'ব লগা হয় ।

ফেচবুক ৱাটচএপ আদিয়ে শেহতীয়াকৈ এই দিশত চোকা নজৰ দিব ধৰিছে । বিশেষকৈ ফেচবুকে এই মাধ্যমত দিয়া খবৰ, ফটো সমূহে যদি সম্প্ৰদায়িক বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখে তেনেবোৰ খবৰ ভিডিও,আলোকচিত্ৰ বন্ধ কৰি দিয়ে ।

ইয়াৰ লক্ষ্য হ'ল মিছা খবৰ যাতে এই মাধ্যমৰ জৰিয়তে বিয়পাব নোৱাৰে । ৱাটচএপেও আগৰ দৰে ইচ্ছা গলেও বহু লোকক ভিডিও বা বাৰ্তা দিয়া প্ৰক্ৰিয়া বন্ধ কৰিছে । নিৰ্দিষ্ট সংখ্যলৈকে এজন লোকে এই বাৰ্তা বা ভিডিও অন্য ৱাটচএপ নম্বৰত প্ৰেৰণ কৰিব পাৰে ।

ভুৱা খবৰ সামাজিক ব্যধি । সেই খবৰ যিয়েই নহওক ইয়াৰ সত্যতা বিচাৰ কৰাতো সকলোৰে দায়িত্ব । লাখ লাখ লোক অনুগামী হিচাপে থকা আৰু সংবিধানৰ নামত শপত খাই দায়িত্বপূৰ্ন পদবীত থকা লোক সকলে সেয়েহে এই দিশত অধিক সচেতন হোৱাটো প্ৰয়োজন । ৰাজ্যৰ চৰকাৰে ছচিয়েল মিডিয়াত এনে ভুৱা খবৰ বা উৰা বাতৰি যাতে বিয়পি নপৰে তাৰ বাবে সময়ে সময়ে জন সচেতনতা সৃষ্টি কৰে ।

অসম চৰকাৰে প্ৰকাশ কৰা এটা বিজ্ঞাপন । বিজ্ঞাপনটোত লিখা হৈছিল ছচিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে এবাৰ ভাবি চাওক । তাত পৰামৰ্শ দিছিল সন্দেহজনক কোনো বিষয়বস্তু ছচিয়েল মিডিয়াত পোষ্ট নকৰিব ।

সামাজিক পৰিবেশ বিনষ্ট কৰিব পৰা লেখা অথবা কিবা লিংক প্ৰকাশ নকৰিবলৈ জনসাধৰনক অনুৰোধ কৰা হৈছিল । ছচিয়েল মিডিয়াত প্ৰকাশিত কোনো লেখা বিশ্বাস কৰাৰ আগতে বিভিন্ন বিশ্বাসযোগ্য মাধ্যমৰ জৰিয়তে সেইবোৰৰ সত্যতা নিশ্চিত কৰিবলৈ কোৱা হৈছে ।

ইয়াৰ উপৰিও এই বিজ্ঞাপনটোত ছচিয়েল মিডিয়াৰ যোগেদি সামাজিক পৰিবেশ বিনষ্ট কৰাটো এক দণ্ডনীয় অপৰাধ হিচাবে উল্লেখ কৰা হৈছে । বিজ্ঞাপনটোত তেনে খবৰ বা ভুৱা বাতৰি কোনো লোকে ছচিয়েল মিডিয়াত বিয়পালে ওচৰৰ আৰক্ষী অথবা কেইটামান নম্বৰ যোগাযোগ কৰিবলৈ কোৱা হৈছে । উদ্দেশ্য আছিল এনে ভুৱা খবৰ বিয়পোৱা সকলৰ বিৰুদ্ধে যাতে আৰক্ষীয়ে ব্যৱস্থা ল'ব পাৰে ।

চৰকাৰে দিছিল এদিন বিজ্ঞাপন ভুৱা খবৰ বিয়পোৱাৰ বিৰুদ্ধে ল'ব ব্যৱস্থা

ভুৱা খবৰ বিয়পোৱা সকলৰ বিৰুদ্ধে আৰক্ষীক দৃষ্টিগোচৰ কৰাতো প্ৰতিজন দায়ত্বশীল নাগৰিকৰে দায়িত্ব । ইয়াৰ বাবে ডিজি নিয়ন্ত্ৰন কক্ষৰ নম্বৰ -০৩৬১ – ২৫২১২৮২/ ৯৪৩৫২ ১৫০২৯, এছ বিৰ নিয়ন্ত্ৰন কক্ষৰ নম্বৰ ০৩৬১- ২৩৮১৫১১/২৩৮০৬২০ ইয়াৰ উপৰিও দিয়া হৈছিল এটা ৱাটচএপ নম্বৰ । সেই নম্বৰটো আছিল ৮৭৪৯৮৬০৮০৩ ।

এতিয়া দায়িত্ব জনসাধৰণৰ । এনে ভুৱা খবৰ বিয়পোৱা সকলৰ বিৰুদ্ধে আৰক্ষীক অৱগত কৰোৱাৰ দায়িত্ব সেচেতন জনসাধৰণে ল'ব লাগিব । কিয়নো অতি স্পৰ্শকাতৰ বিষয় এটাক লৈ এজন দায়িত্বশীল লোকে ফেচবুকত দিয়া এটা ভিডিও ভুৱা বুলি ফেচবুকে বন্ধ কৰি দিছে ।

আইন হেনো সকলোৰে বাবে সমান । আৰক্ষীয়েও কয় এই কথা । যদি ৰাইজে আৰক্ষীক সেই কথাটো দৃষ্টিগোচৰ কৰি দিয়ে আৰক্ষীয়ে ল'ব পাৰিবনে ব্যৱস্থা । কল্পনা কৰক, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীক জনোৱা হৈছে এই বিষয়টো এতিয়া আৰক্ষীয়ে কি কৰিব ।

হয়তো বিষয়টো অনুসন্ধান কৰা বুলি কেইদিনমান গাপ মাৰি থব । তাৰ পিছত মানুহে পাহৰিলে কথা বোৰ তল পৰি যাব । সেই ভিডিওটোত পাকিস্তান জিন্দাবাদ দিয়া বুলি লিখিখিল দায়ত্বশীল মন্ত্ৰী গৰাকীয়ে । ২৪ গন্টাতে তেওঁৰ ৱাটচএপত অহা ২২ হাজাৰ মেছেজ নপঢ়িলেও গণণা কৰিবলৈ সময় থকা এই মন্ত্ৰী গৰাকীয়ে এতিয়া বেলেগলৈ দোষ ঠেলিলেও তেওঁ কিয় এবাৰো ইমান গুৰুত্বপূৰ্ন বুলি ভবা ভিডিওটো চাই বা ভালদৰে শুনি নল'লে ।

স্পষ্টকৈ সেই ভিডিওটোত পাকিস্তান জিন্দাবাদ দিয়া কোনো শ্লোগান শুনিবলৈ পোৱা হোৱা নাই । যদি কোনোৱাই গভীৰ আত্মবিশ্বাৰে পাকিস্তান জিন্দাবাদ দিয়া বুলি কব বিচাৰে তেনেহ'লে এই বিষয়টো তদন্তৰ আওতালৈ আহিব লাগে । যি সকলে এই দাবী কৰে তেওঁলোকৰে পূৰ্ব পৰিকল্পিত অংশ বিশেষ এয়া নহয়তো ।

ৰাজনীতিত মানুহ বহু ততলৈ নামিব পাৰে । কোনে জানে এই পৰিকল্পিত ষড়যন্ত্ৰ বোৰেৰে ামাক ভাগ ভাগ কৰা পৃষ্ঠপোষক সকলে সাপ হৈ খুটি বেজ হৈ জাৰিবও পাৰে । কিন্তু ফেচবুকৰ মতে এয়া ভুৱা । সেয়েহে দায়ত্বশীল ভাবে অদায়িত্বশীল এনে লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in