ময়দানত এতিয়া দুই গগৈ…

ময়দানত এতিয়া দুই গগৈ…

মৃদুল কুমাৰ সন্দিকৈ

ময়দানত এতিয়া দুই গগৈ। অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈৰ নেতৃত্বত নতুনকৈ উত্থান হোৱা দুই আঞ্চলিক শক্তিয়ে মৰাণৰ পৰা একেলগে ২০২১ত নিৰ্বাচনী যুঁজত অৱৰ্তীণ হোৱাৰ ইংগিত ৰাজহুৱা কৰিলে।

ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনত অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী উপস্থিত হৈ সৰু-বৰ সকলো আঞ্চলিক শক্তিক ঐক্যৱদ্ধ হৈ বিজেপিক পৰাভূত কৰাৰ সংকল্প লবলৈ ৰাইজক আহ্বান জনালে।

ৰাইজৰ দলৰ এই জাতীয় অভিৱৰ্তনৰ মুকলি সভাত এজেপিৰ নেতাগৰাকীৰ উপস্থিতিয়ে আঞ্চলিকতাবাদী ৰাজনৈতিক শিবিৰলৈ এক শুভ বাৰ্তা প্ৰেৰণ কৰিলে। এই সভাত অংশ লোৱা চিত্তৰঞ্জন বসুমতাৰীয়ে কৰা উপলদ্ধি অসম জাতীয় পৰিষদৰ উপলদ্ধি বুলিব পাৰি। কিয়নো তেওঁ ভাষণ প্ৰসংগত এই কথা কলে যে, কলি যুগত সংগবদ্ধ হৈ আগনাবাঢ়িলে সফল হব পৰা নাযাব।

বিশ্বাসহীনতা, প্ৰতাৰণা, ভয়-শংকা, সন্দেহ আদিৰ অৱসান ঘটাই এক বিশ্বাসৰ পৰিৱেশ গঢ় দিবলৈ দুই দলৰ মাজত সৃষ্টি হোৱা এনে বাতাবৰণে অসমৰ আঞ্চলিকতাবাদত বিশ্বাস ৰখা লোকসকলক আশ্বস্ত কৰিলে। ২০২১চনৰ নিৰ্বাচন দুই আঞ্চলিক দল ক্ৰমে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত মিত্ৰতাৰে যুঁজাতো প্ৰায় চূড়ান্ত হৈছে।

এতিয়া কেৱল বাকী এই মিত্ৰতাৰ চীল-মোহৰ মাৰিবলৈ আৰু দুয়ো দলৰ মাজৰ উমৈহতীয়া ৰণনীতি প্ৰস্তুত কৰা। চিত্তৰঞ্জন বসুমতাৰীৰ সৈতে হোৱা আছুতীয়া বাৰ্তালাপত তেওঁ ক'লে- জাতীয় বিষয়সমূহ, কা, আদি ক্ষেত্ৰত দুই দলে সহমতেৰে অসমবাসীয়ে বিচৰা ধৰণেই সিদ্ধান্ত গ্ৰহণ কৰিব।

ৰাইজৰ দললৈ যোৱা আৰু নেতৃত্ব লোৱা একাংশ লোকে বিভিন্ন সময়ত বিৰোধী ঐক্য সমীকৰণত কংগ্ৰেছকো সাঙুৰি লোৱা দেখা গৈছিল। তেনে ব্যক্তি বিশেষৰ জৰিয়তে অসমৰ ৰাইজে এই দুয়োটা দলৰ মাজত হোৱা মিত্ৰতা পূৰ্বৰ দৰেই কংগ্ৰেছ আৰু বিজেপিৰ মাজত সমদূৰত্ব ৰক্ষা কৰাতো সম্ভৱ হবনে বুলি সোধাত বসুমতাৰীয়ে কয়, সেয়া তেওঁলোকৰ ব্যক্তিগত মতামত আছিল।

অখিল গগৈ বৰ্তমান কাৰাগাৰত । এনেস্থলত নতুনকৈ আত্মপ্ৰকাশ কৰা ৰাইজৰ দলে কম সময়ৰ ভিতৰতে ৰাইজৰ মাজলৈ কি ইচ্ছ্যু লৈ কাষ চাপিব, সেয়াও এক লক্ষণীয় বিষয় হৈ পৰিব। এই দুই নতুন ৰাজনৈতিক দলৰ নেতৃত্বই জাতীয়তাবাদী শক্তিক ঐক্যৱদ্ধ কৰি নিৰ্বাচনত কি ফলাফল লাভ কৰিব সেয়াও এতিয়া অনিশ্চিত।

দিল্লী, নাগপুৰৰ আৰ্শীবাদত ধন-জনৰ বলেৰে শক্তিশালী এই শাসক পক্ষক শাসনৰ পৰা আতৰাবলৈ যি নীতি আৰু ৰাইজৰ মাজলৈ যোৱাৰ পৰিৱেশ ৰচনা কৰিব লাগিছিল, সেয়া এতিয়াও সফল হোৱা নাই। কেৱল সম্বৰ্ধনা আৰু ভাষণৰ ফুলজাৰিৰে আৱেগক ভোটলৈ ৰূপান্তৰ কৰা সম্ভৱ নহয়।

কা আন্দোলনৰ সময়ত জাতীয় প্ৰেম উথলি পৰা বহু ছদ্মবেশী লোকৰ মুখা ইতিমধ্যে খোল খাইছে। একেদৰে ওচৰতে থাকি বুকুত কামুৰ মাৰি আতৰি যোৱা তথাকথিত নেতাক লৈ ভিতৰ চৰাত দেখা দিয়া অসন্তুষ্টি আঁতৰ কৰাৰ প্ৰতিও ৰাইজৰ দলৰ নেতৃত্বই চকু দিব লাগিব।

অখিল গগৈৰ মাতৃয়ে মৰাণৰ ৰাইজৰ দলৰ অভিৱৰ্তনত উপস্থিত হৈ কলে- অখিল জেলত আছে যদিও তেওঁ লাখ লাখ অখিলক দেখা পাইছে। এফাল অখিল গগৈ আৰু আনফালে লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এই দুই আঞ্চলিক শক্তিয়ে ২০২১ নিৰ্বাচনত বহু সমীকৰণ সলনি কৰিব।

কা এতিয়া ৰাজনৈতিক ইচ্ছ্যু হৈ আছেনে নাই,সিও সন্দেহৰ বিষয়। সহজ-সৰল খাটি খোৱা মানুহক আৱেগিক কৰি লুটি-বাগৰ মৰা শিল্পী নেতাসকলৰ স্বৰুপ দেখি সাধাৰণ ৰাইজে আকৌ যে কাৰোবাক বিশ্বাসত লৈ ৰাজপথলৈ ওলাই আহিব সেয়া সন্দেহৰ বিষয়।

জাতীয় জীৱনৰ সন্ধিক্ষণত আঞ্চলিক শক্তিক শক্তিশালী কৰাৰ লক্ষ্যৰে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰা শাসকীয় দলক প্ৰত্যাহ্বান জনাবলৈ এই দুই ৰাজনৈতিক শক্তিয়ে মূূলতঃ নতুন চিন্তা-চেতনাৰে আগবাঢ়িব লাগিব। নহলে তেওঁলোকো এদিন অগপৰ দৰেই বিজতৰীয়া হৈ পৰিব।

কা আন্দোলনত উদাত্ত ভাষণ দিয়া অভিনেত্ৰী গায়কে এতিয়া নিজৰ গাত গংগাজল ছটিয়াই আনৰ গাত দোষ বিচৰাত ব্যস্ত হৈ পৰিছে। চোলাৰ দৰে ৰাজনৈতিক দল সলোৱা এচামে নিজৰ স্বাৰ্থ সুৰক্ষা কৰাৰ বাবে এই শিবিৰত আহি আশ্ৰয় লৈছে। ৰাইজৰ দল, অসম জাতীয় পৰিষদ দুয়োটা দলতে তেনে মানুহৰ পয়োভৰ দেখি ৰাইজেও প্ৰমাদ গণিছে।

সেইসকল বৰণ সলোৱা ৰাজনৈতিক নেতাই দল সলালে যদিও তেওঁলোকৰ আদৰ্শ বুলিবলৈ একো নাই। যতেই সুবিধা, তাতেই তেওঁলোকে ৰৈ যায়। অৰ্থাত নতুন বটলত পুৰণি মদ। তেনে এচাম নেতাৰ ওপৰত অধিক আস্থা আৰু তেওঁলোকৰ ভেল্কীবাজী ৰাজনীতি ভাষণে কোনো জাতীয় জীৱনৰ দিক নিৰ্ণয় কৰিব নোৱাৰে।

খুব বেছি তেওঁলোকৰ লক্ষ্য পাকে পকাৰন্তে ২০২১ৰ নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থিত্ব সুৰক্ষিত কৰা। তেনে সুবিধাবাদী নেতাই ৰাইজৰ আৱেগ অনুভৱ কেৱল নিৰ্বাচনৰ আগতহে হৃদয়ংগম কৰে। সামাজিক মাধ্যমতো এইবোৰ কথা চৰ্চা হৈছে। কিন্তু মনত ৰখা ভাল, প্ৰকৃত জাতীয়তাবাদী, আঞ্চলিকতাবাদী নেতাই বান্দৰৰ জাঁপ দি নুফুৰে।কিয়নো মাংস নাপালেও বাঘে কেতিয়াও ঘাঁহ নাখায়।

এনে জাঁপ দি ফুৰা এচাম নেতাৰ দিনৰ পৰিচয় যদি কংগ্ৰেছ, ৰাতিটোৰ ভিতৰতে তেওঁলোকে গেৰুৱা বসন পিন্ধি নিজৰ আদৰ্শকে সলনি কৰি পেলায়। দল সলনি কৰিলেই সলনি নহয় প্ৰকৃত নেতাৰ আদৰ্শগত চৰিত্ৰৰ। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এইবোৰ দিশ এতিয়ালৈকে আওকাণ কৰি চলিছে।

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত এচাম আমোলা বিষয়াক আনি নিজ দললৈ ৰঙা দলিচা পাৰি আদৰিছে। তেনে সুৰা কেলেংকাৰীৰ গোন্ধ লাগি থকা আমোলাও এতিয়া বৰ বৰ নেতা। হোটেল সংস্কৃতিৰ পৰা আঁতৰি আহিব নোৱাৰা নেতা বা নেতৃত্বই অন্ততঃ কেনেদৰে মানুহৰ কাষ চাপিব পাৰি সেই কচৰত কৰিবলৈ তৃণমূল পৰ্যায়ত, মানুহৰ মাজত অতিবাহিত কৰিব পৰা মানসিকতাৰ গৰাকী হব লাগিব।

অখিল গগৈ সেই মানসিকতাৰে গঢ়া নেতা আছিল। এতিয়া তেওঁ কাৰাগাৰত বন্দী। শুভেচ্ছা, সম্বৰ্ধনা আদি হৈ থাকিব। তাৰ মাজতে পদব্ৰজে অসমৰ ভিতৰুৱা গাওঁ সমূহলৈ গৈ সাধাৰণ মানুহৰ দুখ-ক্ষোভৰ উমান লৈ অন্তঃত ১০টা দিন লুৰীণজ্যোতি গগৈৱে পৃথকভাৱে এই ৰাজনৈতিক সংগ্ৰামখনক মানুহৰ মাজলৈ লৈ যাব পাৰিলে হয়!

ৰাইজৰ আশা বহু আছিল। পট পৰিৱৰ্তন হৈছে সঘনাই। নিৰ্বাচন অহাৰ লগে লগে নেতাইও চোঙ সলাইছে, পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰিছে। খিলঞ্জীয়া-থলুৱা লোকৰ অস্তিত্ব, আঞ্চলিক শক্তি আদি বিষয়বোৰ প্ৰাসংগিক হৈ পৰিছে।

বিকল্প ৰাজনীতিৰ সন্ধানেৰে বিকল্প নেতাৰ উপস্থিতিয়ে এখন শক্তিশালী আৰু প্ৰমূল্যবোধৰ ৰাজনৈতিক পৰিৱেশ গঢ়ি মানুহৰ আস্থা অৰ্জন কৰাটো ইমান সহজ নহয়। নহলে বান্দৰৰ সেই কলখোৱা কাহিনীটো মনত পেলাই মাটিয়ে কল খালে বুলি নিজকে ধিক্কাৰ দিয়াৰ বাবে আত্মসন্তুষ্টি আৰু একো নাথাকিব।

ৰাজনীতিত ঘৰ-পৰ নাই। ৰাজনীতিত বহু অংক চলে। সৰু সিদ্ধান্তই ৰাজনীতিৰ অংক সলনি কৰে। সাধাৰণ লোকৰ একো একোটা ভোটে ক্ষমতাশালী নেতা মন্ত্ৰীকো বিধ্বস্ত কৰে। সেয়েহে কোৱা হয়, গণতন্ত্ৰত ৰাইজেই ৰজা।

২০২১ৰ অসম বিধান সভা নিৰ্বাচনৰ মৈদানত দুই গগৈ। তেওঁলোকৰ নেতৃত্বত কিদৰে এক শক্তিশালী বিপক্ষৰ বিৰুদ্ধে এই নতুন আঞ্চলিক শক্তিটোৱে যুঁজ দিব, তাৰ ওপৰতেই নিৰ্ভৰ কৰিব জাতীয় জীৱনৰো ভৱিষ্যত। এই ৰাজনৈতিক শক্তিক কেৱল কাৰোবাৰ নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ সপোন পূৰণৰ আহিল ৰূপে ব্যৱহৃত হলে আকৌ এবাৰ ৰাইজ আশাহত হ'ব…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in