আমাৰ নেতাৰ আছে কোটি টকা, হেলিকপ্টাৰত উঠাতো সৰু কথা…

আমাৰ নেতাৰ আছে কোটি টকা, হেলিকপ্টাৰত উঠাতো সৰু কথা…

মৃদুল কুমাৰ সন্দিকৈ

প্ৰথম পৰ্যায়ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰু আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । পৰ্যায় ক্ৰমে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আনুষ্ঠানিকতা বোৰ সম্পূৰ্ণ হৈছে ।

মুঠ ৪৭ সমষ্টিত প্ৰথম পৰ্যায়ত হ'ব লগা ভোট গ্ৰহণৰ বাবে ২৬৪ জন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব । বৃহস্পতিবাৰ অৰ্থাত ১৮ মাৰ্চ ২০২১ত তৃতীয় পৰ্যায়ৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ জমা দিলে । সেই সকলৰ ভিতৰত দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অতুল বৰা, পূৱ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টচাৰ্য্য, পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ন কলিতা,হাজো সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদ আদি আছিল অন্যতম ।

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই উলুবাৰী বাসগৃহৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাইকেলেৰে গৈ গুৱাহাটী মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে । ইয়াৰ বিপৰীতে জাতীয় পৰিষদৰ নেতৃত্বই নিৰ্বাচন হেলিকপ্টাৰত উঠা হোৱাকলৈ মনোনয়ন পত্ৰ দিবলৈ যোৱা দৃশ্য আছিল ব্যতিক্ৰম ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল কৰিমগঞ্জলৈ । অসমলৈ তাঁত বাতি কঢ়া প্ৰধানমন্ত্ৰীয়ে টুইটাৰতে অসম প্ৰেম উথলাই দি অসমীয়াতে নিজৰ বক্তব্য টুইট কৰিছে । নিৰ্বাচনৰ সময়ত প্ৰতিটো দলৰ ইস্তাহাৰ ৰাইজে গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰে যদিও আজিকালি ইস্তাহাৰ প্ৰকাশৰ পৰিভাষা সলনি হৈছে ।

কোনোবাই যদি ইয়াক বিকাশ পত্ৰ আন কোনোবাই ইয়াক গেৰান্টী কাৰ্ড আৰু কিছুৱে জাতীয় দৃষ্টিপত্ৰ আখ্যা দিছে । পূৰ্বৰ দৰে ইস্তাহাৰ প্ৰতি গুৰুত্ব কমাই ৰাজনৈতিক দলবোৰে বিভিন্ন প্লেঠফ'ৰ্মত এনে কিছু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে সেই প্ৰতিশ্ৰুতি বোৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ।

বিৰেধীয়ে মোডীৰ চৰকাৰে বিকাশৰ নামত মিথ্যাচাৰৰ আশ্ৰয়লৈ প্ৰচাৰ চলোৱা বুলি অভিযোগ তুলি প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰিছে । কংগ্ৰেছৰ নেতৃত্বই সংবাদমেল অনুষ্ঠিত কৰি মোডীৰ চৰকাৰক ১০ টা প্ৰশ্ন কৰিছিল । ৰাজনীতিত এতিয়া সেইবোৰ দৃশ্যই সুলভ ।

সৰুতে গাড়ীত উঠিবলৈ ইচ্ছা কৰা সৰু ল'ৰাৰ দৰেই কোনো কোনোৱে হেলিকপ্টাৰত উঠি নিৰ্বাচনী প্ৰচাৰ চলোৱাকলৈও ৰাজ্যৰ ৰাজনীতিত গৰম আলোচনা চলিছে । অসমৰ জনমূৰী আয় কংগ্ৰেছৰ মতে ১০ শতাংশ হ্ৰাস হ'ল মোডীৰ শাসন কালত ।

এইবোৰ বাস্তবিক বিষয় । কিন্তু বিৰোধীয়ে জনসাধৰণৰ মাজলৈ নিব পৰা নাই । ইয়াৰ বিপৰীতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিজেপি চৰকাৰ আহিলে ১ লাখ যুবকক চাকৰি দিয়া আৰু চাকৰি পাই সেই যুবক সকলে একোজনীকৈ ধুনীয়া ছোৱালী বিয়া পতাৰ প্ৰসংগ বোৰতে ব্যস্ত হৈ পৰিছে ।

মোডীৰ দৰে অসমলৈ আহি আছে ৰাহুল গান্ধীয়েও । ডুমডুমাত জনসভাত অংশলৈ ৰাজ্যৰ আন কেইবা স্থানতো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ১৯ মাৰ্চ ২০২১ত অসম পাবহি ৰাহুল গান্ধী । নিৰ্বাচন শেষ নহোৱা পৰ্যন্ত অসমৰ প্ৰতি মৰম,ৰাইজৰ প্ৰতি দায়বদ্ধতা নেতা সকলৰ হ্ৰাস নাপায় । বৰঞ্চ নেতাৰ হৃদয়ত জনসাধৰণৰ প্ৰতি উথলি উঠা মৰমে এনেৰূপ ল'ব পাৰে যে আন্ধাৰত ক'ৰবালৈ গৈ থাকোতে ভৰিত সাপৰ দৰে কোনোবাই মেৰিয়াই ধৰিলে সেয়া সাপ নহ'বও পাৰে ।

যতে ততেই নেতাই ঘপকৈ আহি ভৰিত মেৰিয়াই ধৰি পৰি দিব পাৰে । ছচিয়েল মিডিয়াত এই সংলাপ ইমানেই জনপ্ৰিয় হৈছে যে আন্ধাৰত কোনোবাই ভৰিত মেৰিয়াই ধৰিলে সাপ বুলি ভয় নাখাব । সেয়া কোনোবা প্ৰাৰ্থীও হ'ব পাৰে ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ২৬জন প্ৰাৰ্থীৰ মুঠ সম্পত্তি ৫কোটিতকৈ অধিক। নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাত দিয়া হিচাপ অনুসৰি শপতনামা দাখিল কৰা ২৪৯জন প্ৰাৰ্থীৰ ভিতৰত ১০১জনেই কোটিপতি প্ৰাৰ্থী।

শতকৰা হাৰত ৯০শতাংশ অগপ প্ৰাৰ্থী কোটিপতি। প্ৰথন পৰ্যায়ৰ নিৰ্বাচনত অসম গণ পৰিষদৰ ১০জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই ১০জনৰ ভিতৰত ৯জনৰে সম্পত্তিৰ পৰিমাণ কোটিৰ ওপৰত। কংগ্ৰেছৰ ৪৩জন প্ৰাৰ্থীৰ ভিতৰত ৩১জনেই কোটিপতি প্ৰাৰ্থী।

লুৰীণজ্যোতি গগৈৰ সম্পত্তিৰ পৰিমাণ ১৫লাখ ৬১হাজাৰ ১৪১টকা

বিজেপিৰ ৩৯জন প্ৰাৰ্থীৰ ভিতৰত ২৮জনেই কোটিপতি। অসম জাতীয় পৰিষদৰ ৪১জন প্ৰাৰ্থীৰ ভিতৰত কোটিপতি প্ৰাৰ্থীৰ সংখ্যা ১৫গৰাকী। শতাংশৰ হাৰত বিজেপিত কোটিপতি প্ৰাৰ্থীৰ সংখ্যা ৭২শতাংশ, কংগ্ৰেছত ৭১শতাংশ। অসম জাতীয় পৰিষদত সেই হাৰ ৩৭শতাংশ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ শপতনামাত উল্লেখ থকা সম্পত্তিৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ গড় সম্পত্তিৰ পৰিমাণ ১.৮৪কোটি। দল হিচাপত কংগ্ৰেছৰ ৪৩গৰাকী প্ৰাৰ্থী গড়ে সম্পত্তিৰ পৰিমাণ ৩.৫৪কোটি। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীসকলৰ গড়ে সম্পত্তি ১.২৩কোটি। দলটোৱে প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ ভিতৰত ৪১টাতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

বিজেপিয়ে প্ৰথম পৰ্যায়ত ৩৯টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেওঁলোকৰ প্ৰাৰ্থীসকলৰ গড় সম্পত্তিৰ পৰিমাণ ৩.৬৪কোটি। অসম গণ পৰিষদৰ ১০জন প্ৰাৰ্থীৰ গড় সম্পত্তিৰ পৰিমাণ ৬.৭১কোটি। সম্পত্তিৰ তালিকাত শীৰ্ষত আছে নাহৰকটীয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা অসম গণ পৰিষদ নৰেন সোণোৱাল।

সোণোৱালৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৩,৮৮,১২, ৩৬৪টকা। ৩৩কোটিৰো অধিক সম্পত্তি থকা বুলি শপতনামা দাখিল কৰা নৰেন সোণোৱালৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩১, ৬১,৯৩, ৪৪৭টকা। অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ২,২৬, ১৮, ৯১৭টকা।

মন্ত্ৰী নৱ দলেৰ সম্পত্তি কিমান? ঢকুৱাখনাত বিজেপি প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰা নৱ দলেই সম্পত্তিৰ পৰিমাণ ২৫,৫২,৭৮, ৬১৭টকা। ভৰত নৰহ নাওবৈছাৰ কংগ্ৰেছৰ প্ৰাৰ্থী। তেওঁৰ সম্পত্তিৰ পৰিমাণ ২১,৭৮, ৫৬, ৩৫২টকা।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আটাইতকৈ ধনী প্ৰাৰ্থী নৰেন সোণোৱালৰ শপতনামা

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত মাত্ৰ ১৫,৫০৩টকাৰ সম্পত্তিৰে নাওবৈছাত প্ৰতিদ্বন্দ্বিতা কৰিছে অনুপমা চুতীয়াই। SUCI(C)ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা অনুপমা চুতীয়াৰ নাম নাই কোনো স্থাৱৰ সম্পত্তি।

বোকাখাত নিদৰ্লীয় প্ৰাৰ্থী চিমন তাঁতীৰ সম্পত্তিৰ পৰিমাণ ১৬,৩০০টকা। তিনিচুকীয়াৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সুৰেশ ভূমিজৰ সম্পত্তিৰ পৰিমাণ ২৪,৭৫৫টকা। এইসকলৰ উপৰিও প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নিদৰ্লীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা ৭৫গৰাকী প্ৰাৰ্থীৰ সম্পত্তিৰ গড় পৰিমাণ ৭১,৭২,২৮৩টকা।

বিশাল সম্পত্তিৰ গৰাকী আন প্ৰাৰ্থীসকল হল ঢেকিয়াজুলি বিজেপি প্ৰাৰ্থী অশোক সিংহালৰ সম্পত্তিৰ পৰিমাণ ১৭, ০৬, ৩৪, ৫২৬টকা। তালিকাত তেওঁৰ স্থান চতুৰ্থ। এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ প্ৰাৰ্থী বেনুধৰ নাথৰ সম্পত্তিৰ পৰিমাণ ১৬,৫৪, ৫৩, ০২২টকা।

নাওবৈচাৰ অগপ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ সম্পত্তিৰ পৰিমাণ ১৩, ৮১, ৯২, ৯৩৫টকা। তিতাবৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাৰ মুঠ সম্পত্তিৰ পৰিমাণ ১১,৩০,২৭,২৮৩টকা। মাৰ্ঘেৰিটাৰ বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ সম্পত্তিৰ পৰিমাণ ১১,০৮,৯৩,৬৫৫টকা।

তৰংগ গগৈৰ শপতনামাত উল্লেখ আছে তেওঁৰ সম্পত্তিৰ পৰিমাণ। তেওঁৰ সম্পত্তি ৩কোটি অধিক

অখিল গগৈয়ে শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁৰ শপতনামাত সম্পত্তিৰ তালিকাতকৈ তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যাহে বেছি। অখিল গগৈয়ে শপতনামাত দাখিল কৰা মতে, তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১কোটি ৫১লাখ ৯২হাজাৰ ৫৫৫টকা।

অখিল গগৈৰ শপতনামাত গোচৰ সংখ্যাহে অধিক

সৰুপথাৰৰ বিজেপি প্ৰাৰ্থী বিশ্বজিত ফুকনৰ মুঠ সম্পত্তিৰ পৰিমাণ ১০, ৮৭, ১৬, ১৯৪টকা। চতিয়াৰ বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সম্পত্তিৰ পৰিমাণ ১০, ১৯, ৫৭,৬৭৮টকা। বোকাখাতৰ নিদৰ্লীয় প্ৰাৰ্থী জিতেন গগৈৰ সম্পত্তিৰ পৰিমাণ ৯,০৩, ০৩, ৫৭০টকা।

ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ সম্পত্তিৰ পৰিমাণ ৮,৯৯, ১৯, ১৯৫টকা। চামগুৰিৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুচেইনৰ সম্পত্তিৰ পৰিমাণ ৮,২৬, ১৮, ২৪৩টকা। জোনাইৰ কংগ্ৰেছৰ প্ৰাৰ্থী হেমহৰি প্ৰসন্ন পেগুৰ সম্পত্তি ৬.০৮কোটি। মাৰ্ঘেৰিটাৰ অসম জাতীয় পৰিষদৰ সঞ্জয় কুমাৰ দেৱৰ সম্পত্তিৰ পৰিমাণ ৭.০৪কোটি।

ৰিপুণ বৰাৰ সম্পত্তিৰ পৰিমাণ ২.৮৮কোটি

ৰঙাপাৰাৰ কংগ্ৰেছ প্ৰাৰ্থী অভিজিত হাজৰিকাৰ সম্পত্তিৰ পৰিমাণ ৬.৬০কোটি টকা। তিনিচুকীয়াৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চামচেৰ সিঙৰ সম্পত্তিৰ পৰিমাণ ৬.৩২কোটি। মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ সম্পত্তিৰ পৰিমাণ ৬,০২,৮৮,৪৯৬টকা।

নাজিৰাৰ কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়া ৫.৪০কোটি টকাৰ সম্পত্তিৰ গৰাকী। কেশৱ মহন্তৰ সম্পত্তিৰ পৰিমাণ ৩কোটি। ৰিপুণ বৰাৰ সম্পত্তিৰ পৰিমাণ ২.৮৮কোটি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰিমাণ ৩,১৭, ৭১, ৩৯৫টকা।

মুখ্যমন্ত্ৰীৰ শপতনামা

অজন্তা নেওগৰ সম্পত্তিৰ পৰিমাণ ২,৬৭,৪৭, ৯২৩টকা। অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাৰ সম্পত্তিৰ পৰিমাণ ২, ২৭, ৭৪, ২৭৫টকা। আঙুৰলতা ডেকাৰ সম্পত্তি ২কোটিৰো অধিক। যোগেন মহনৰ সম্পত্তি ১কোটি ৩৩লাখ টকা। এয়া কিছু উদাহৰণহে। শপতনামাত দাখিল কৰা তথ্য। এইসকল কোটিপতি এতিয়া নিৰ্বাচনৰ প্ৰাৰ্থী। যিসকলৰ ভাগ্য নিৰ্ণয় কৰিব ২৭মাৰ্চত সাধাৰণ জনতাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in