কাষ চাপি আহিছে ‘আপ’

কাষ চাপি আহিছে ‘আপ’

মৃদুল কুমাৰ সন্দিকৈ

ৰাজনীতিত কাৰোৰে স্থায়ী ঠিকনা নাথাকে। ৰাজনৈতিক নেতা সকলে মানুহৰ মৰম আৰু আস্থা যি দলৰ প্ৰতি বেছি থাকে সেই দললৈ ধাপলি মেলিবলৈ সাজু হৈ থাকে। বিখ্যাত লেখিকা তথা সাংবাদিক সাগৰিকা ঘোষে অলপতে এক সাক্ষাৎকাৰত তেওঁ লিখা এখন কিতাপৰ কথা ক'বলৈ গৈ অটল বিহাৰী বাজপেয়ীৰ বিষয়ে কৈছিল। কিয়নো কিতাপখনৰ বিষয় আছিল বাজপেয়ী।

"মষ্ট লাভ প্ৰাইম মিনিষ্টাৰ" হিচাপে আখ্য়া দিছিল বাজপেয়ীক। তাৰ কাৰন বাখ্যা কৰি সাগৰিকা ঘোষে কৈছিল- শাসক বিৰোধী সকলোৱে বাজপেয়ীক ভাল পাইছিল। সকলোৰে ওচৰত তেওঁৰ গ্ৰহণযোগ্যতা আছিল। ৰাজনৈতিক জীৱনত তেওঁ বহু সময়ত জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হলেও ধৈৰ্যচ্যুতি হোৱা নাছিল। ঈৰ্ষা নকৰিছিল বা প্ৰতিশোধপৰায়ণ নাছিল।

সাম্প্ৰতিক সময়ত বাজপেয়ীৰ দৰে ৰাজনীতিত প্ৰমূল্যবোধ ৰক্ষা কৰিব পৰা নেতা প্ৰায় নথকাৰ দৰেই। হয়তো ক্ষমতাশালী বহু নেতা আছে, সেই নেতাসকলে ক্ষমতা, ধন জোৰত সকলো কৰিব খোজে কিন্তু কিমান দিনলৈ সেই ধাৰাবাহিকতা ৰক্ষাৰে তেওঁলোক ক্ষমতাশালী হৈ থাকিব, সেই সন্দেহ ৰৈ যায়।

ৰাজনীতিত বিকল্প সদায় উত্থান হয়। জনসংঘৰ পৰা আজি বিজেপিৰ লৈকে কিমান উত্থান, পতন আৰু ত্যাগ জড়িত হৈ আছে, সেয়া ভাৱিব নোৱাৰা ধৰণৰ। ক্ষমতাৰ জোৰত বহু কথা তল পেলাই থব খুজিলেও লাহে লাহে মানুহৰ মনত জন্ম হোৱা ক্ষোভ আৰু হতাশাই এটা সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰে।

ইয়াৰে স্ফুলিংগ অসমৰ ৰাজনীতিতো হৈছে নেকি? ৰাইজৰ দল, অসম জাতীয় পৰিষদ, কংগ্ৰেছ, বাঁওদলৰ বিৰোধী ভূমিকা সীমাৱদ্ধ হৈ ৰোৱাৰ পাছত সেই সুযোগ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপে ল'বলৈ যেন চেষ্টা কৰিছে। পি পি ই কিট কেলেংকাৰীক লৈ ৯জুন,২০২২ত আপৰ সমৰ্থকে মহানগৰীৰ ৰাজপথত এক বিক্ষোভ কাৰ্যসূচী হাতত লৈছিল।

সেই বিক্ষোভ কাৰ্যসূচীত অংশ লোৱা আপৰ সমৰ্থকসকলে দলটোৰ নেতৃত্বৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে পি পি ই কিট ক্ৰয় কেলেংকাৰীৰ অভিযোগ তুলি ইয়াৰ তদন্ত আৰু মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে ৰাজ্যৰ ৰাজ্যপাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।

এই বিক্ষোভ কাৰ্যসূচী প্ৰতিৰোধ কৰিবলৈ আৰক্ষ বাহিনীয়ে কেইবাতৰপীয়া বেষ্টনী গঢ়ি তুলি প্ৰতিবাদী কাৰ্যসূচীক যি মান্যতা দিলে তাৰ পৰাই অনুমান কৰিব পাৰি ৰাজনৈতিক দিশত ৰাজ্যত লাহে লাহে যে আপ এক ফেক্টৰ হবলৈ গৈ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত দিল্লীত সংবাদমেল পাতি দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই সমগ্ৰ বিষয়টো ৰাষ্ট্ৰীয় ইচ্ছ্যু কৰাত সফল হ'ল।

বিজেপিয়ে দলীয়ভাৱে তেওঁলোকৰ দলৰ এগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। স্বয়ং মুখ্যমন্ত্ৰীয়েও সমগ্ৰ বিষয়টোক যেন কৰবাত এৰাই চলিছে। অৱশ্যে সতীৰ্থ এগৰাকী মন্ত্ৰীয়ে একাধিকবাৰ অভিযোগ অস্বীকাৰ কৰি সংবাদমেল অনুষ্ঠিত কৰিলেও বিষয়টোৰ পৰা মুখ্যমন্ত্ৰীক দোষমুক্ত কৰিবলৈ সম্পূৰ্ণ সক্ষম হোৱা নাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও আপৰ নেতা মনীষ চিচৌদিয়াক অচিৰেই গুৱাহাটীত দেখা পাম বুলি হুংকাৰ দি তেওঁৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বুলিও কৈছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পি পিই কিট, হেণ্ড চেনিটাইজাৰ তেওঁৰ পৰিয়ালৰ লোকৰ শ্বেয়াৰ থকা কোম্পানীৰ জৰিয়তে উচ্চ দৰত ক্ৰয় কৰা অভিযোগ তুলি আহিছে আপে।

আপৰ এই ৰাজনৈতিক তৎপৰতাৰ মাজতে এনে কিছু খবৰো চৰ্চা হৈছে যে, দলটোক সু নেতৃত্ব দিবৰ বাবে আপে বৰ্তমান ৰাজ্যৰ দুই আঞ্চলিক দলৰ নেতৃত্বৰ সৈতে কথা-বতৰা পাতিছে। যদি আজি নহলেও কোনো দিনা সেই আলোচনা সফল হয়, তেনেহলে আপৰ নেতৃত্ব ৰূপত ৰাজ্যৰ ৰাজনীতিত চিনাকি কোনো এজন নেতাক আপে পৰৱৰ্তীসময়ত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিলেও আচৰিত হ'ব লগা একো নাথাকিব।

পূৰ্বতে কোৱা হৈছে যে, ৰাজনীতিত কাৰোৰেই স্থায়ী ঠিকনা নাথাকে। পৰিস্থিতি অনুসৰি নেতাই সিদ্ধান্ত লব বা বদলাব লগা হয়। মহানগৰীৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপৰ এইধৰণৰ প্ৰতিবাদ লক্ষ্যণীয় ৰূপে বিবেচিত হৈছে। আহি থকা দিনবোৰত এনেদৰে আপে যদি ৰাজ্যৰ ৰাজনীতিত মনোযোগ দিয়ে তেনেহলে ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ দৰে দুটাকৈ আঞ্চলিক দল থকাৰ পাছতো আপৰ প্ৰতি মানুহৰ টান আৰু আগ্ৰহ অধিক হৈ পৰিব।

নিৰ্বাচনৰ বাবে যথেষ্ট সময় আছে। ২০২৬লৈ এতিয়াও প্ৰায় ৪টা বছৰ বাকী। এই সময়চোৱাত লুইতৰ পানী কৰ পৰা ক'লৈ বয় কোনেও নাজানে একেদৰে অসমৰ ৰাজনীতিতো কি পৰিৱেশ সৃষ্টি হয়, কাৰোবাৰ গাদী থাকে নে যায়, সেই নিশ্চয়তা এতিয়াই দি দিব নোৱাৰি। কিন্তু পৰিৱৰ্তন হ'বলৈ বৰ বেছি সময়ৰ প্ৰয়োজন নহয়…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in