মাতৃভাষাঃ এটা জাতিৰ আশা-ভৰসা…

মাতৃভাষাঃ এটা জাতিৰ আশা-ভৰসা…

মৃদুল কুমাৰ সন্দিকৈ

মাতৃভাষা নিজৰ চকু, আৰু আন ভাষাবোৰ বিতচকু। এই সাৰগৰ্ভৰ মন্তব্য কৰিছিল উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে। ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা উদ্বোধন কৰি উপ-ৰাষ্ট্ৰপতি নাইডুৱে আৰম্ভ কৰিছিল অসমীয়াতে ভাষণ। বহুদিনৰ মূৰত এটা ভাল ভাষণ শুনাৰ সুযোগ পালে সকলোৱে।

গ্ৰন্থমেলাৰ বাকৰিত স্বয়ং উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মাতৃভাষাক আদৰ কৰিবলৈ, মাতৃভাষাৰ প্ৰতি দায়ৱদ্ধ হ'বলৈ জনোৱা এই আহ্বানে অসমীয়া ভাষাক কৈ হীনমন্যতাত ভোগা সকলক যেন এক ভাল সকীয়নি দি গ'ল। ১ নবেম্বৰ, ২০১৯ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই গ্ৰন্থমেলা উদ্বোধন অনুষ্ঠানত অংশ লৈ মাতৃভাষাত ভাষণ আৰম্ভ কৰি খোদ মুখ্যমন্ত্ৰী সোণোৱালেই কৈছিল- তেওঁ অসমীয়াত ভাষণ আৰম্ভ কৰাৰ কাৰণ হ'ল উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু ডাঙৰীয়াই তেওঁক অসমীয়াতে ভাষণ দিবলৈ অনুৰোধ কৰিছিল।

মাতৃভাষা আৰু জাতিৰ প্ৰতি দায়ৱদ্ধশীল হ'বলৈ আৰু জাতীয়তাবোধক হৃদয়ংগম কৰিবলৈ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে এক বাৰ্তা বিলাই যোৱা সেই মঞ্চতে অসমীয়া জাতীয় জীৱন লৈ কেইবাদশক জুৰি নীৰৱে অৱদান আগবঢ়োৱা এজন বিশেষ ব্যক্তিক যচা হৈছিল এক সন্মান।

উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে অসম সাহিত্য সভাই প্ৰদান কৰা ৰাজ্যৰ বিশিষ্ট বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা আগবঢ়াইছিল জয়ন্ত বৰুৱালৈ। সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্তাধিকাৰী জয়ন্ত বৰুৱাৰ জাতিটোৰ প্ৰতি, ভাষাটোৰ প্ৰতি থকা অৱদানৰ কথা সেই অনুষ্ঠানত উল্লেখ কৰিলে খোদ মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে ক'লে- 'প্ৰয়াত হেমচন্দ্ৰ বৰুৱাৰ ১৯০০চনৰ হেমকোষ প্ৰণয়নেৰে অসমীয়া ভাষালৈ আগবঢ়োৱা অৱদান সৰ্বজনবিলিত। আমাৰ ভাষাক পথ নিৰ্দেশনা প্ৰদানৰ ক্ষেত্ৰত প্ৰয়াত হেমচন্দ্ৰ বৰুৱাৰ অৱদান অনিস্বীকাৰ্য। ১৯৯৫চনত অসমীয়া প্ৰতিদিন কাকত প্ৰকাশৰ জৰিয়তে সংবাদ জগতলৈ এক নতুন অধ্যায় সূচনা কৰা জয়ন্ত বৰুৱাই মহিলাৰ বাবে নন্দিনী, সাহিত্যৰ বাবে সাতসৰী আৰু শেহতীয়াভাৱে প্ৰতিদিন টাইম ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে সংবাদ মাধ্যমক অধিক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিলে তাৰ বাবে মই ভাবো আজি তেখেতক এই বঁটা প্ৰদানৰ বাবে সিদ্ধান্ত লোৱা হৈছে। আমি সকলোৱে হাত চাপৰি মাৰি তেখেতক অভিনন্দন জনোৱা উচিত।'

গ্ৰন্থমেলা উন্মোচনীৰ লগতে এই বঁটা প্ৰদান অনুষ্ঠানত অংশ ল'বলৈ গুৱাহাটীলৈ অহা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে এই বঁটা প্ৰদান কৰি জয়ন্ত বৰুৱাক অভিনন্দন জ্ঞাপন কৰে।লগতে উল্লেখ কৰে যে, অসম সাহিত্য সভা উত্তৰ-পূবৰেই এটা বৃহৎ সাহিত্য সংগঠন।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কিতাপ আৰু গ্ৰন্থমেলা সন্দৰ্ভত কয়- 'Books have the power to inspire and motivate us with stories of people who have fought against odds to succeed. Whether it is the journey of a fictional character or the real-life achievements of a historical figure, books encourage us to stay positive and keep moving forward. Books have the power to stir our creativity and stimulate innovative and inventive ideas.'

আনকি অনুষ্ঠান অন্ত পৰাৰ পাছত উপ-ৰাষ্ট্ৰপতিগৰাকী আহি সোমাইহি গ্ৰন্থমেলাৰ কেইবাখনো বিপনীত। এই বিপনীসমূহত যথেষ্ট সময় তেওঁ ৰৈ কেইবাখনো গ্ৰন্থ হাতত তুলি লয়।

উত্তৰ-পূব গ্ৰন্থমেলা উদ্বোধন কৰি এক গ্ৰন্থ বিপনীত কিতাপ চাই থকা সময়ত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু…

মাতৃভাষাৰ প্ৰতি সজাগ, সচেতন হ'বলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান আৰু মাতৃভাষা তথা জাতিৰ প্ৰতি দায়ৱদ্ধতাৰে কাম কৰা এজন ব্যক্তিক উপ-ৰাষ্ট্ৰপতিয়ে শশীচন্দ্ৰ বৰবৰুৱা বঁটা প্ৰদান কৰা ক্ষণটো বিশেষভাৱে উল্লেখযোগ্য হৈ ৰ'ল। তাকো গ্ৰন্থমেলাৰ প্ৰাংগণত উদ্বোধনী অনুষ্ঠানত জয়ন্ত বৰুৱাৰ হাতত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তুলি দিছিল এই সন্মান।

উপ-ৰাষ্ট্ৰপতিয়ে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্তাধিকাৰী জয়ন্ত বৰুৱাক 'শশীচন্দ্ৰ বৰবৰুৱা বঁটা' প্ৰদান কৰা মুহূৰ্তত…

উত্তৰ-পূবৰ সংবাদ ক্ষেত্ৰৰে জড়িত এক উল্লেখযোগ্য নাম জয়ন্ত বৰুৱা। ছপা মাধ্যম, ইলেক্ট্ৰনিক মাধ্যম, সাপ্তাহিক কাকত, সাহিত্য আলোচনী, নাৰী বিষয়ক আলোচনীৰ পৰা আৰম্ভ কৰি অসমৰ বাতৰি কাকতৰ প্ৰথমটো ডিজিটেল সংস্কৰণৰ লৈকে এটা সংবাদ গোষ্ঠীয়ে নিষ্ঠা আৰু দায়িত্বসহকাৰে সম্ভৱ কৰি তুলিছে।সাদিন-প্ৰতিদিন নামৰ এই গোষ্ঠীটোৰ এনে সফলতা সম্ভৱ হৈছে গোষ্ঠীটোৰ স্বত্তাধিকাৰী জয়ন্ত বৰুৱাৰ বাবে।

অসমীয়া প্ৰতিদিনৰ প্রথম বছৰৰ প্ৰথম সংখ্যা …

ইমান দায়ৱদ্ধতাৰে এটা সংবাদগোষ্ঠীয়ে এই অঞ্চলটোৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্যৰ পৰিচয় দি আহিছে যে, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলক উৎসাহিত কৰিবৰ বাবে যোৱা ৬ বছৰ ধৰি দি অহা হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ।

কেৱল সংবাদ দিয়েই নহয়, বিভিন্ন ধৰণে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসম আৰু অসমীয়া জাতীয় জীৱনক তুলি ধৰাত কোনোদিনেই কৃপণালী কৰা নাই সাদিন-প্ৰতিদিন গোষ্ঠীয়ে। যাৰ বাবে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে যোৱা ২৩ অক্টোবৰত কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছত অংশ লৈ কৈছিল- '৩০ বছৰীয়া দীঘলীয়া যাত্ৰা অতিক্ৰমী অসমৰ কন্ঠ হিচাপে প্ৰতিষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠী।'

এই অনুষ্ঠানতেই অংশ লৈ মুখ্যমন্ত্ৰীয়েও কৈছিল- 'চৰকাৰৰ কাম-কাজত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবেই আজিও অসমৰ সমাজত সাদিন-প্ৰতিদিন গোষ্ঠী পূৰ্বৰ দৰেই গ্ৰহণযোগ্য হৈ আছে।' আনকি জীৱনজোৰা সাধনা বঁটা গ্ৰহণ কৰি হোমেন বৰগোঁহাঞিয়ে ঘোষণা কৰিছিল- 'সাদিন-প্ৰতিদিন গোষ্ঠী অপ্ৰতিদ্বন্দ্বী হৈ আছে । আৰু চিৰকাল অক্ষুণ্ণ থাকক এই আসন।'

এচিভাৰ এৱাৰ্ডছ-২০১৯ জীৱনজোৰা সাধনা বঁটা বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱি হোমেন বৰগোঁহাঞিক প্ৰদান কৰা সময়ত…

এই সকলোবোৰৰ আঁৰৰ মানুহ জয়ন্ত বৰুৱা। কোনো দিনে তেওঁ কেতিয়াও স্বীকৃতি নিবিচাৰে। অথচ এই মানুহজনৰ বিষয়ে নতুন প্ৰজন্মই জানিব খোজে। সাদিন-প্ৰতিদিন গোষ্ঠী উত্তৰ-পূবৰ আটাইতকৈ সুপ্ৰতিষ্ঠিত আৰু প্ৰভাৱশালী সংবাদ গোষ্ঠী। ১৯৮৯চনত প্ৰথম সাপ্তাহিক কাকত 'সাদিন'ৰে সংবাদমাধ্যমৰ সৈতে জড়িত হৈ পৰিছিল জয়ন্ত বৰুৱা। তেওঁৰ আজু ককা আছিল ভাষাপ্ৰাণ তথা অসমৰ প্ৰথমখন অভিধান 'হেমকোষ'ৰ প্ৰণেতা সুসাহিত্যিক হেমচন্দ্ৰ বৰুৱা। তেওঁৰে সুযোগ্য নাতি দেৱানন্দ বৰুৱাৰ পুত্ৰ হ'ল জয়ন্ত বৰুৱা।

অসমৰ এই বিখ্যাত আৰু সুপ্ৰতিষ্ঠিত পৰিয়ালটোত জন্মগ্ৰহণ কৰা জয়ন্ত বৰুৱা অসম আন্দোলনেৰে জড়িত হৈ পৰিছিল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে জড়িত হৈ জয়ন্ত বৰুৱাই পৰৱৰ্তী সময়ত ছপা মাধ্যমৰ ব্যৱসায়ত মনোনিবেশ কৰে। চাকৰিৰ পৰা অব্যাহতি লৈ পিতৃ দেৱানন্দ বৰুৱাই হেমকোষৰ বৰ্ধিত সংস্কৰণৰ কামত আত্মনিয়োগ কৰাৰ সময়ত পুত্ৰ জয়ন্ত বৰুৱাই তেওঁক হেমকোষ প্ৰিন্টাৰ্ছৰ কাম-কাজ চোৱাত সহায় কৰিছিল।

পিতৃ দেৱানন্দ বৰুৱাৰ পৰামৰ্শ অনুসৰিয়েই সংবাদ ক্ষেত্ৰখনতভৰি থৈ অসমৰ এখন উল্লেখযোগ্য সাপ্তাহিক কাকত ৰূপে 'সাদিন'ক প্ৰতিষ্ঠিত কৰাৰক্ষেত্ৰত জয়ন্ত বৰুৱাৰ অৱদান আছিল আটাইতকৈ বেছি। তিলক হাজৰিকাক মুখ্য সম্পাদকৰূপেলৈ এই যাত্ৰা আৰম্ভ কৰিছিল। এমাহৰ ভিতৰতে এই কাকতৰ প্ৰচলনৰ সংখ্যাই এক লাখৰ ঘৰঅতিক্ৰম কৰিছিল।

তাৰপাছত ১৯৯৫চনৰ ৩ মাৰ্চত দৈনিক কাকত প্ৰকাশৰ সিদ্ধান্ত লৈ জয়ন্ত বৰুৱাই অসমৰ সংবাদ জগতত সংযোজন ঘটাই 'অসমীয়া প্ৰতিদিন' কাকতখন। সেই সময়ত এই কাকতখনত যোগ দিয়েহি বিশিষ্ট আৰু নিৰ্ভিক সাংবাদিক পৰাগ কুমাৰ দাসে। তাৰপাছৰেই পৰা অসম আৰু অসমীয়াৰ কণ্ঠত পৰিণত হৈছিল এই কাকতখন।

মুখ্যমন্ত্ৰীৰ পৰা লাচিত বৰফুকন বঁটা গ্ৰহণ কৰা সময়ত জয়ন্ত বৰুৱা…

জাতীয়তাবাদী চিন্তা-চৰ্চাৰে আগবাঢ়ি যোৱা জয়ন্ত বৰুৱাইজাতীয় সমস্যাক লৈ কোনোদিনে আপোচ কৰা নাছিল। জাতিৰ সংকটৰ সময়ত তেওঁ এই কাকতখনৰজৰিয়তে এক মঞ্চ তৈয়াৰ কৰি জাতিটোৰ বাবে এই সংবাদ গোষ্ঠীৰ জৰিয়তে তেওঁ জাতীয় সত্বাকশক্তিশালী ৰূপত গঢ়ি তুলিছিল।

সন্মুখলৈ নাহিলেও জাতীয় চেতনাৰ প্ৰতি থকা তেওঁৰ তীব্ৰ টান প্ৰতিফলিত হৈছিল 'অসমীয়া প্ৰতিদিন'ত। পৰৱৰ্তী সময়ত তেওঁ এই সংবাদ গোষ্ঠীৰ পৰাই মহিলা বিষয়ক আলোচনী 'নন্দিনী' প্ৰকাশ কৰে। এইখন এনে এখন আলোচনী য'ত শেহতীয়া ফেশ্বন ডিজাইনৰ পৰা নাৰী বিষয়ক গুৰুত্বপূৰ্ণ বিষয়বোৰ সামৰি লোৱা হয়।

একেদৰে অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি থকা দায়ৱদ্ধতাৰ বাবেই জয়ন্ত বৰুৱাই সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰা প্ৰকাশ কৰি উলিয়াই 'সাতসৰী'ৰ দৰে সাহিত্য বিষয়ক আলোচনী। ব্যৱসায়িক লাভালাভৰ কথা চিন্তা নকৰি, ভাষা-সংস্কৃতি চৰ্চাৰ বাবে তৰুণ প্ৰজন্মই যাতে এক উচ্চমান সম্পন্ন মঞ্চ লাভ কৰে, তাৰ বাবেই প্ৰখ্যাত সাহিত্যিক, সাংবাদিক হোমেন বৰগোঁহাঞিক প্ৰতিষ্ঠাপক-সম্পাদক ৰূপে লৈ সাদিন-প্ৰতিদিন গোষ্ঠীয়ে প্ৰকাশ কৰে এই সাহিত্য আলোচনীখন।

সাহিত্য, সংস্কৃতি আৰু জাতীয় জীৱনক অগ্ৰাধিকাৰ দি একেইনিষ্ঠাৰে পৰৱৰ্তী সময়ত জয়ন্ত বৰুৱাই ইলেকন্ট্ৰনিক সংবাদমাধ্যমৰ ক্ষেত্ৰখনতো ভৰিথয়। অসমৰ অন্যতম সু-ৰুচিপূৰ্ণ বাতৰি চেনেলৰূপে ৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভকৰা 'প্ৰতিদিন টাইম' তেওঁৰেই চিন্তাৰ ফচল।

একেদৰে ৰাষ্ট্ৰীয় আন সংবাদ মাধ্যমসমূহে সংবাদমাধ্যমৰ ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি ডিজিটেল সংস্কৰণত মনোনিবেশ কৰে। সেই চিন্তা আৰু পৰিকল্পিত দূৰদৰ্শী সিদ্ধান্তৰে জয়ন্ত বৰুৱাই উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত 'অসমীয়া প্ৰতিদিন'ৰো ডিজিটেল সংস্কৰণৰো ব্যৱস্থা কৰে। এই দিশত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ উত্তৰ-পূবৰ বাতৰি কাকতসমূহৰ বাবে বাটকটীয়া।


তদানীন্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ পৰা 'Outstanding Contribution of Vernacular Daily(ILNA) 2008 – award' গ্ৰহণ কৰা মুহূৰ্তত…

সংবাদমাধ্যমৰ প্ৰায়বোৰ ক্ষেত্ৰতে সফলতাৰে আগবাঢ়ি যোৱা জয়ন্ত বৰুৱা এজন সমাজমুখী ব্যক্তি। তেওঁৰ জন্ম হৈছিল ১৯৫৮চনৰ ৯ আগষ্টত। বাণিজ্য বিষয়ত স্নাতক ডিগ্ৰীধাৰী জয়ন্ত বৰুৱাই কেৱল সংবাদ মাধ্যমৰে জড়িত হৈ সমাজ, সংস্কৃতিৰ প্ৰতি সচেতনতাৰে দায়িত্ব পালন কৰাৰ বাবেই তেওঁক ২০১৭চনত প্ৰদান কৰা হৈছিল 'বীৰ লাচিত' সন্মান। অসমীয়া সংবাদমাধ্যমলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে সাংস্কৃতিক মহাসভাই ইতিপূৰ্বে তেওঁলৈ আগবঢ়াইচিল 'সংবাদ সূৰ্য্য সন্মান'।কেৱল সেয়েই নহয়, ২০০৮চনতেই উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক প্ৰচলিত আৰু শ্ৰেষ্ঠ সংবাদ গোষ্ঠী হিচাপে সাদিন-প্ৰতিদিন গোষ্ঠীলৈ আগবঢ়োৱা 'Outstanding Contribution of Vernacular Daily(ILNA) 2008 – award' নতুন দিল্লীত প্ৰদান কৰিছিল তেতিয়াৰ প্রধানমন্ত্ৰী ড০ মনমোহন সিঙে।

তেওঁৰ উল্লেখযোগ্য অৱদান সমূহ-

১) পিতৃ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাই ভাষা বিশেষজ্ঞৰ সহযোগত সম্পাদনা কৰা 'হেমকোষ'ৰ চতুৰ্থ সংস্কৰণৰ পৰা চতুৰ্দশ বৰ্ধিত সংস্কৰণলৈ মুদ্ৰণ আৰু সীমিত মূল্যত বিতড়ণৰ তিনি দশকজোৰা অবিৰত ধাৰা তেওঁ অব্যাহত ৰাখিছে।

২) হেমচন্দ্ৰ বৰুৱাৰ নামত উৎসৰ্গিত জীৱনজোৰা সাহিত্য সাধনা বঁটা জয়ন্ত বৰুৱাৰেই পৃষ্ঠপোষকতাত হেমচন্দ্ৰ বৰুৱা ন্যাসে দুবছৰৰ মূৰে মূৰে একোজন বিশিষ্ট ভাষা-সাহিত্যৰ কাণ্ডাৰীক প্ৰদান কৰি আহিছে। ২০১৮ বৰ্ষত এই বঁটা প্ৰদান কৰা হয় বিশিষ্ট ভাষাবিদ ড০ গোলকচন্দ্ৰ গোস্বামীক।

৩) গোলাঘাট চহৰৰ কলেজ ৰ'ড তিনিআলিত পৌৰ সভাই আৱন্টন দিয়া ভূমিত ১৯১৭চনতে নিৰ্মাণ কৰা হয় হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণ অৱয়বৰ ব্ৰঞ্জৰ মূৰ্তি আৰু উদ্যান। ইয়াৰ পৰৱৰ্তী বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ প্ৰায় ডেৰ কথা মাটি-কালিৰ এলেকাত ৪০ লাখ টকা ব্যয় সাপেক্ষ হেমচন্দ্ৰ বৰুৱাৰ সুউচ্চ ব্ৰঞ্জৰ মূৰ্তিৰ লগতে বৃহৎ উদ্যান নিৰ্মাণ কৰা হয়।

৪) অসম সাহিত্য সভা জাতীয় ন্যাসৰ আহ্বায়ক হিচাপে ২০১৪-১৫ বৰ্ষত জাতীয় ন্যাস পুঁজি
১ কোটি টকালৈ বৃদ্ধি।

৫) অসম সাহিত্য সভাই প্ৰকাশ কৰা ইতিহাস বিষয়ক বিশ্বকোষৰ তিনিটা খণ্ড মুদ্ৰণৰ দায়িত্ব বহন কৰি সুলভ মূল্যত ৰাইজৰ হাতত পৰাৰ ব্যৱস্থা কৰিছিল জয়ন্ত বৰুৱাই।

৬) তদুপৰি হেমকোষ প্ৰকাশনৰ জৰিয়তে হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ উপৰি অন্যান্য গ্ৰন্থসমূহৰ প্ৰকাশৰ ব্যৱস্থা কৰা। সেইদৰে তিলক হাজৰিকাৰ ৰচনা সম্ভাৰ হেমচন্দ্ৰ বৰুৱাৰ জীৱনিমূলক গ্ৰন্থ, অসম নাট্য সন্মিলনৰ ইতিহাস গ্ৰন্থ আদিৰ মুদ্ৰণৰ দায়িত্ব তেওঁ গ্ৰহণ কৰে। অতি শেহতীয়াকৈও অসমৰ নামঘৰ সমূহৰ চমু ইতিহাস সামৰি আউনীআটি সত্ৰই প্ৰকাশ কৰিবলৈ লোৱা অসমৰ নামঘৰৰ চমু ইতিহাস শীৰ্ষক গ্ৰন্থৰ প্ৰথম খণ্ডটিৰ মুদ্ৰণৰ দায়িত্বও তেওঁ গ্ৰহণ কৰিছে।

৭) বানপানী, প্ৰাকৃতিক দুৰ্যোগ, গোষ্ঠীগত সংঘৰ্ষৰ সময়ত আৰ্তজনলৈ সাদিন-প্ৰতিদিন গোষ্ঠীৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াই আহিছে জয়ন্ত বৰুৱাই।

৮) বিভিন্ন মঠ, মন্দিৰ, সত্ৰৰ সৈতে জড়িত হৈ সাংস্কৃতিক দিশত তেওঁ আগবঢ়াইছে যথেষ্ট অৱদান।

৯) গোলাঘাট নগৰত হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণ অৱয়ব ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আৰু উদ্যান স্থাপন।

১০) সাদিন-প্ৰতিদিন গোষ্ঠীৰ জৰিয়তে কেইবা শতাধিক লোকক আত্ম সংস্থাপন।

১১) জাতীয় সংকটৰ সময়ত সাদিন-প্ৰতিদিন গোষ্ঠীৰ জৰিয়তেৰাজ্যবাসীৰ সন্মুখত থিয় দিয়াৰ লগতে এই সংবাদ মাধ্যমৰ দ্বাৰাই জনমত গঠন।

১২) জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি বিকাশৰ বাবে এই সংবাদপ্ৰতিষ্ঠানৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন।

১৩) অসম নাট্য সন্মিলনৰ ইতিহাসক লৈ ৰচিত গ্ৰন্থ প্ৰকাশৰদায়িত্ব গ্ৰহণ।

১৪) তেওঁৰ দ্বাৰা পৰিচালিত সাদিন-প্ৰতিদিন গোষ্ঠীয়েপ্ৰৱৰ্তন কৰে সাদিন-প্ৰতিদন এছিভাৰ্ছ এৱাৰ্ড।

থোৰতে জয়ন্ত বৰুৱাঃ

জন্মঃ ৯ আগষ্ট, ১৯৫৯

জন্মস্থানঃ যোৰহাট

পিতৃঃ দেৱানন্দ বৰুৱা

মাতৃঃ কল্পনা বৰুৱা

শিক্ষাঃ বি এছ চি

কৰ্মক্ষেত্ৰঃ প্ৰথম ছপা ব্যৱসায়ত হাত দিছিল জয়ন্ত বৰুৱাই। তাৰ পাছত হেমকোষ প্ৰিন্টাৰ্ছৰ পৰা হেমচন্দ্ৰ বৰুৱাৰ বহু কেইখন বিলুপ্তপ্ৰায় গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল।

১৯৮৯ চনঃ সাপ্তাহিক সাদিন কাকত প্ৰকাশ। এই কাকতৰ মুখ্য সম্পাদক আছিলতিলক হাজৰিকা। অসমৰ সংবাদ জগতত এই কাকতে আলোড়নৰ সৃষ্টি কৰিছিল।

১৯৯৫ চনঃ অসমীয়া প্ৰতিদিন দৈনিক কাকতখন প্ৰকাশ কৰে জয়ন্ত বৰুৱাই। যিখন কাকতে বিগত ২৫ বছৰ একেৰাহে অসমৰ সৰ্বাধিক প্ৰভাৱশালী আৰু জনপ্ৰিয় কাকত হিচাপে পৰিগণিত হৈ আহিছে।

১ আগষ্ট, ২০০০ চনঃ সাদিন-প্ৰতিদিনগোষ্ঠীৰ পৰা প্ৰকাশ কৰা হয় উত্তৰ পূবৰ মহিলা বিষয়ক সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিকপ্ৰচলিত নাৰী বিষয়ক আলোচনী নন্দিনী।

১ আগষ্ট, ২০০৫ চনঃ সাহিত্য বিষয়কআলোচনী সাতসৰী প্ৰকাশ কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰা। ২০০৫ চনৰ আগষ্টৰ পৰাপ্ৰথমে পষেকীয়াৰূপে এই আলোচনীখন প্ৰকাশ পাইছিল যদিও পৰৱৰ্তী সময়ত মাহেকীয়া কৰা হয়।

১ এপ্ৰিল, ২০১০ চনঃ সাদিন-প্ৰতিদিনগোষ্ঠীয়ে আৰম্ভ কৰেবৈদ্যুতিন সংবাদ মাধ্যম প্ৰতিদিন টাইম।

২০১৮ চনঃ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ প্ৰকাশ। উত্তৰপূবৰ দৈনিক কাকতৰ প্ৰথমটো ডিজিটেল সংস্কৰণ আছিল এয়া।

বঁটা আৰু সন্মানঃ

*২০১৭ চনত মহাবীৰ লাচিত বৰফুকন বঁটা।

*'Outstanding Contribution ofVernacular Daily(ILNA) 2008 – award'- এই সন্মান প্ৰদান কৰে তদানীন্তনপ্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে।

*মহেন্দ্ৰ নাৰায়ণ চৌধুৰী সোৱৰণী বঁটা।

*সাংস্কৃতিক মহাসভাৰ সংবাদ সূৰ্য উপাধিপ্ৰদান।

*২০০৮ চনত অসমীয়া প্ৰতিদিনৰ লিমকা বুকছৰ অভিলেখত সৰ্বাধিক প্ৰচলিত বাতৰিৰূপে স্থান লাভ। 

* ২০১৯ৰ ১ নবেম্বৰত অসম সাহিত্য সভাৰ শশীচন্দ্ৰ বৰবৰুৱা বঁটা।

জয়ন্ত বৰুৱাই সদায় জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি আহিছে। জাতীয় সংকটৰ সময়ত তেওঁ সদায় সন্মুখৰ শাৰীত থিয় দিছে। সাদিন-প্ৰতিদিন গোষ্ঠীয়ে বহু বিপদৰ সময়ত জাতিটোক দিশ নিৰ্ণয়ৰ ভূমিকা লৈ উদ্ধাৰ কৰিছে।

অসমীয়া ভাষা, সাহিত্য, জাতীয় সত্বা সকলোকে সামৰি জাতীয় জীৱনৰ প্ৰতি অৱদান আগবঢ়োৱা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্তাধিকাৰী জয়ন্ত বৰুৱাক অসম সাহিত্য সভাই শশীচন্দ্ৰ বৰবৰুৱা বঁটা প্ৰদান কৰাত সকলোৱে সন্তুষ্টি ব্যক্ত কৰিছে। কিয়নো আঁৰত থাকিলেও মানুহে ইতিমধ্যে লক্ষ্য কৰিছে, এই মানুহজনে জাতিটোৰ বাবে যোৱা কেইবাটাও দশক ধৰি নীৰৱে কিমান কাম কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in