প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, কোনে কাক দিব ভোট…

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, কোনে কাক দিব ভোট…

♦ ডিম্পুল বৰগোহাঁই

মাজত মাঁথো কেইটামান দিন। ১১ এপ্ৰিলৰ পৰা ২৯ মে'লৈ দেশত অনুষ্ঠিত হ'ব ১৭ সংখ্যক লোকসভা নিৰ্বাচন। উত্থান-পতনৰ মাজেৰে ১৯৫২ চনৰ জৱাহৰলাল নেহৰুৰ পৰা ২০১৪ চনৰ নৰেন্দ্ৰ মোডীলৈকে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ এক বৰ্ণিল ইতিহাস আছে। সেই ইতিহাসৰ বিষয়ে দেশবাসীক হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আৰু সেই ইতিহাসক সাক্ষী কৰিয়েই ২০১৯ত দেশত হ'ব ১৭ সংখ্যক লোকসভা নিৰ্বাচন।

এতিয়া দেশৰ সকলো ৰাজনৈতিক দল ভীষণ ব্যস্ত। যোৱা ১০ মাৰ্চত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে ব্যস্ততা দুগুণ বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ। ভোটাৰক ন ন প্ৰতিশ্ৰুতিৰ ভুলাই শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবৰ বাবে অনাগত দিনকেইটাত সকলো ৰাজনৈতিক দলে চলাব যৎপৰোনাস্তি প্ৰচেষ্টা। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ একাংশ ৰাজনৈতিক নেতাই আৰম্ভ কৰিছে 'আয়া ৰাম, গয়া ৰাম' প্ৰক্ৰিয়া। জনসাধাৰণক সেৱা কৰা প্ৰতিশ্ৰুতিৰে ৰাজনৈতিক পথাৰত খোজ পেলোৱা এই ৰাজনৈতিক নেতাসকলে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে কেনেধৰণৰ পন্থা অৱলম্বন কৰিছে সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে।

নিজ স্বাৰ্থ আদায়ৰ বাবে ৰাজনৈতিক নেতা সকলে ৰাজহুৱা স্বাৰ্থক জলাঞ্জলি দিয়া এনে কাৰ্যত অতিষ্ঠ হৈ পৰিছে দেশবাসী। শেহতীয়াকৈ অসমৰ আঞ্চলিক ৰাজনৈতিক দল অগপই গ্ৰহণ কৰা স্থিতিয়েই হৈছে ইয়াৰ উৎকৃষ্ট প্ৰমাণ। নেতা সকলৰ এনে কাৰ্যই সচেতন ভোটাৰক বিপাঙত পেলোৱাৰ লগতে নিৰ্বাচনৰ প্ৰতি জনগণৰ যি উন্মাদনা থাকিব লাগে সেয়াও পৰিলক্ষিত হোৱা নাই। ৰাজনৈতিক নেতাসমূহৰ এনে কাৰ্যসমূহে আচলতে ইয়াকে প্ৰমাণ কৰে যে সততা আৰু প্ৰমূল্যবোধৰ ৰাজনীতি আজিৰ এই নেতা সকলে বিসৰ্জন দিছে। কেৱল এই নিৰ্বাচন বুলিয়েই নহয়, প্ৰতিতো নিৰ্বাচনৰ সময়তেই ৰাজনৈতিক নেতা সমূহৰ এনে কৰ্মকাণ্ড প্ৰত্যক্ষ কৰিয়েই সচেতন বহুলোকে এতিয়া কয়- 'এচেম্বলীয়েই যাৰ শেষ কল্পনা, মন্ত্ৰিত্বই যাৰ শেষ আশা, তেওঁলোকেনো কি বুজিব গণতন্তৰ প্ৰকৃত ধাৰা।'

১৭ সংখ্যক লোকসভা নিৰ্বাচন দেশত ৭টা পৰ্যায়ত অনুষ্ঠিত হ'ব। অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ত ৫টা, দ্বিতীয় পৰ্যায়ত ৫টা আৰু তৃতীয় পৰ্যায়ত ৪টা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। ২৩ মে'ত হ'ব নিৰ্বাচনৰ ভোটগণনা। ২২খন ৰাজ্যত অনুষ্ঠিত হ'ব এটা পৰ্যায়ৰ নিৰ্বাচন। দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব কৰ্ণাটক, মণিপুৰ, ৰাজস্থান আৰু ত্ৰিপুৰাত। এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৰাজ্য আৰু কেন্দ্ৰীয় স্বায়ত্ত শাসিত অঞ্চল সমূহ হ'ল- হাৰিয়ানা, অন্ধপ্ৰদেশ, গোৱা, গুজৰাট, অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, কেৰালা, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাৱ, ছিকিম, তেলেংগানা, তামিলনাডু, উত্তৰাখণ্ড, আন্দামান নিকোবৰ, দমন এণ্ড ডিউ, দাদৰা নগৰ হাভেলী, লক্ষ্যদ্বীপ আৰু চণ্ডীগড়। অসম আৰু ছত্তীশগড়ত অনুষ্ঠিত হ'ব তিনিটা পৰ্যায়ত নিৰ্বাচন। ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ওড়িশাত ৪টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৫ পৰ্যায়ত নিৰ্বাচন হ'ব জম্মু-কাশ্মীৰত। ৭ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৰাজ্য হ'ল- বিহাৰ ,উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগ।

অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগা সমষ্টিকেইটা হৈছে তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ। ১৮ মাৰ্চত আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৫ মাৰ্চ। মনোনয়ন পত্ৰ পৰীক্ষণৰ দিন ২৬ মাৰ্চ আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন ২৮ মাৰ্চ। এই পাঁচটা লোকসভা সমষ্টিত ইতিমধ্যে বিজেপি-অগপ, কংগ্ৰেছ, এ আই ডি ইউ এফকে ধৰি কেইবাটাও ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব আগবঢ়োৱাক লৈ আলোচনাত বহিছে। বিগত নিৰ্বাচনতকৈ এইবাৰৰ লোকসভা নিৰ্বাচন হ'ব কিছু পৃথক। কিয়নো এইবাৰৰ নিৰ্বাচনত অসমত নতুনকৈ ভূমুকি মাৰিব কেইবাটাও ৰাজনৈতিক দলে।

শুকুৰবাৰে সন্ধিয়া ৬ বজাত অসমৰ ১০ সমষ্টিৰ প্ৰাৰ্থীৰ পেনেল তালিকা লৈ দিল্লীলৈ উৰা মাৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব। দলটোত আছে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসৰ লগতে বিজেপিৰ কেইবাজনো শীৰ্ষ নেতা। ১৬ মাৰ্চত ঘোষণা হ'বলগীয়া এই প্ৰাৰ্থীৰ পেনেলত আছে-

ডিব্ৰুগড়ত ৰামেশ্বৰ তেলী, পুলক গোঁহাই।
যোৰহাটত তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, লক্ষ্য কোঁৱৰ, শান্তনু গগৈ।
লখিমপুৰত প্ৰদান বৰুৱা, হৰেণ দেউৰী।
তেজপুৰত হিমন্ত বিশ্ব শৰ্মা।
নগাঁৱত ৰূপক শৰ্মা, ৰাজেন গোঁহাই।
গুৱাহাটীত বিজয়া চক্ৰৱৰ্তী, বিজুলী কলিতা মেধি,কুইন ওজা আৰু ৰূপম গোস্বামী।
মঙলদৈত ৰমেন ডেকা, দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱা।
ডিফু হৰেণ সিং বে, বিদ্যাসিং ইংলেং, তুলিৰাম ৰংহাঙৰ পত্নী।
শিলচৰত ৰাজদ্বীপ ৰয়, পৰিমল শুক্লবৈদ্য।
কৰিমগঞ্জত কৃপানাথ মল্লা, অমৰেশ ৰায়।

ইফালে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাও বৰ্তমানলৈকে চূড়ান্ত হোৱা নাই। কেইবাটাও সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ বিৰ্তক থাকিলেও ১৫ মাৰ্চৰ নিশাৰ ভিতৰতে কংগ্ৰেছৰ হাইকামাণ্ডে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বুলি খবৰ পোৱা গৈছে। দিল্লীৰ ছোনিয়া গান্ধীৰ বাসগৃহত প্ৰাৰ্থিত্ব সন্দৰ্ভত শুকুৰবাৰে সন্ধিয়াৰ পৰা চলিছে ৰুদ্ধদ্বাৰ বৈঠক। খবৰ অনুসৰি বিজেপিৰ দৰেই কংগ্ৰেছেও ১৬ মাৰ্চতহে অসমৰ ১৪ লোকসভা সমষ্টিৰ বাবে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব।

১১ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অনুষ্ঠিত হ'বলগীয়া ৫ লোকসভা সমষ্টি দখলৰ বাবে অসমৰ সকলো ৰাজনৈতিক দলে বিভিন্ন কৌশল অৱলম্বন কৰিব। সমষ্টি সমূহৰ জনগাঁথনিক লৈ সকলো দলেই ৰচিব নিৰ্বাচনী ৰণ কৌশল। কিয়নো প্ৰতিটো নিৰ্বাচনতে জনজাতি, জনগোষ্ঠীৰ ভোটাৰ ৰাইজৰ আৱেগক লৈ খেলা কৰিয়েই বহু ৰাজনৈতিক নেতাৰ সুকলমে পাৰ হৈছে নিৰ্বাচনী বৈতৰণী। যদিও সাধাৰণ ৰাইজক দেখুৱাই ৰাজনৈতিক দলসমূহে এই ভেদাভেদ নৰখাৰ কথা কয়, তথাপি পৰোক্ষভাৱে এই ভোটাৰ সকলক লৈয়ে সকলো ৰাজনৈতিক দলে কৰে ভোটৰ অংক।

তেজপুৰ লোকসভা সমষ্টিঃ

২০১৯ৰ লোকসভা নিৰ্বাচনত অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত সবাতোকৈ হাই ভল্টেজ সমষ্টিটোৱেই আছিল তেজপুৰ লোকসভা সমষ্টি। তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি ইতিমধ্যে বিজেপিৰ ভিতৰচৰাত আৰম্ভ হৈছে তীব্ৰ বাক বিতণ্ডাৰ। বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাই প্ৰাৰ্থিত্ব নোপোৱাক লৈ ইতিমধ্যে বিজেপি দলৰ প্ৰতি অসন্তুষ্ট হৈ দল এৰাৰ ঘোষণা কৰিছে। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা প্ৰকাশ কৰিছিল তেজপুৰৰ সাংসদ গৰাকীয়ে। ১৪ মাৰ্চত বিজেপিয়ে ১০ সমষ্টিৰ বাবে তৈয়াৰ কৰা পাৰ্থীৰ পেনেলত তেজপুৰ সমষ্টিত আছে কেৱল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। বহু লোকে হিমন্ত বিশ্ব শর্মাক তেজপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে যদিও কিছু সংখ্যকে ইয়াৰ বিৰোধিতাও কৰিছে। শৰ্মাৰ বিৰুদ্ধে এই লোকসভা সমষ্টিত কংগ্ৰেছৰ পৰা দক্ষ প্ৰশাসনিক বিষয়া এম জি ভি কে ভানুক প্ৰাৰ্থিত্ব দিয়াৰ গুণাগঁঠা চলিছিল যদিও শেষ পৰ্যায়ত কংগ্ৰেছে অন্য ৰণনীতিহে প্ৰস্তুত কৰাৰ তথ্য পোহৰলৈ আহিছে। এম জি ভি কে ভানুৰ পৰিৱৰ্তে কংগ্ৰেছে এই সমষ্টিটোত জ্যেষ্ঠ নেতা টংক বাহাদুৰ ৰায়ক প্ৰাৰ্থিত্ব দিব বুলি ইতিমধ্যে চৰ্চা হৈছে।

টংক বাহাদুৰ ৰায় হৈছে বৰচলা সমষ্টিৰ প্ৰাক্তন বিধায়ক। তেজপুৰ লোকসভা সমষ্টিত টংক বাহাদুৰ ৰায়ৰ ভেটি যথেষ্ট শক্তিশালী বুলি বহু লোকে ক'ব খোজে। আনহাতে টংক বাহাদুৰ ৰায়ক তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামীয়েও পৰোক্ষভাৱে সমৰ্থন জনাব বুলি এক তথ্য পোহৰলৈ আহিছে। সেয়া যি কি নহ'লেও অহা ১৬ মাৰ্চতহে প্ৰাৰ্থিত্ব সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব কংগ্ৰেছ, বিজেপি দলে।

তেজপুৰ লোকসভা সমষ্টিত আছে ৯ টাকৈ বিধানসভা সমষ্টি। ইয়াৰে সৰহ সংখ্যক সমষ্টি বৰ্তমান বিজেপিৰ দখলত। ইয়াৰে প্ৰায় ৮টা সমষ্টি আছে বিজেপিৰ দখলত। ঢেকিয়াজুলী, বৰচলা, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ আৰু বিহপুৰীয়া সমষ্টি বিজেপিৰ দখলত থকাৰ বিপৰীতে তেজপুৰ সমষ্টিটো আছে অগপৰ দখলত। সমষ্টিটোৰ কোন ধৰ্মাৱলম্বী লোকৰ আৰু কোন সম্প্ৰদায়ৰ কিমান ভোটাৰ আছে তাৰ হিচাপ প্ৰস্তুত কৰি ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে ভোটৰ অংক ইতিমধ্যে কৰিছে।

ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে সংগ্ৰহ কৰা তথ্য অনুসৰি তেজপুৰ সমষ্টিৰ জনবিন্যাস এনেধৰণৰ-

তেজপুৰ লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা- ১৬,৩২,৪২৬ জন।

সমষ্টিটোত অসমীয়া ভোটাৰৰ সংখ্যা- ৪,৫০,৮০০ জন।

মুছলমান ভোটাৰৰ সংখ্যা- ২,৩৬,৪১৯ জন।

বড়ো ভোটাৰৰ সংখ্যা- ১,৬০,৯৫০ জন।

বঙালী ভোটাৰৰ সংখ্যা- ১০২০০০ জন।

আদিবাসী ভোটাৰৰ সংখ্যা- ২,৫৬,৭৮৫ জন।

নেপালী ভোটাৰৰ সংখ্যা- ১,৬০,৪৫০ জন।

আৰু অন্যান্য ভোটাৰৰ সংখ্যা- ৭৪,৩৬০ জন।

এই তেজপুৰ লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই ২০১৪ চনৰ লোকসভা নিৰ্বাচনত লাভ কৰিছিল ৪,৪৬,৫১১ টা ভোট। ইয়াৰ বিপৰীতে দ্বিতীয় স্থানত আছিল কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰা। লক্ষণীয়ভাৱে ২০০৯ চনত এই সমষ্টিত জয়লাভ কৰা অগপৰ সাংসদ যোছেফ টপ্পই লাভ কৰিছিল মাত্ৰ ৪০,৪৮৯ টা ভোট। ২০১৪ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ ৬.৪০ শতাংশ ভোট বৃদ্ধি পোৱাৰ বিপৰীতে অসম গণ পৰিষদতকৈ বিজেপিয়ে ৪১.৫৯ শতাংশ বেছি ভোট লাভ কৰিছিল। এই নিৰ্বাচনত অগপৰ ৩৭.৬৫ শতাংশ ভোট হ্ৰাস পাইছিল। গতিকে এই দিশৰ পৰা যদি চোৱা হয়, কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই ২০১৯ৰ নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বিতা হ'ব।

লখিমপুৰ লোকসভা সমষ্টিঃ

লখিমপুৰ লোকসভা সমষ্টি বৰ্তমান বিজেপিৰ দখলত। মুঠ ৯ টা বিধানসভা সমষ্টিৰে গঠিত এই সংসদীয় সমষ্টি। এইবাৰো সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ মাজতে পোনপোটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। লখিমপুৰ লোকসভা সমষ্টিত ২০১৪ চনৰ নিৰ্বাচনত বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জয়ী হৈছিল।

সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাত সেই সমষ্টিটোৰ সাংসদ পদৰ পৰা পদত্যাগ কৰে। পৰৱৰ্তী উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই জয়লাভ কৰা এই সমষ্টিটোত মিছিং ভোটাৰে নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অগপৰ দখলতো আছিল এই সমষ্টিটো।২০১৬ চনত অনুষ্ঠিত উপ-নিৰ্বাচনত প্ৰদান বৰুৱাই ৫,৫১,৬৩৩ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী হেম হৰি প্ৰসন্ন পেগুৱে ৩,৬১,৪৪৪ টা ভোট লাভ কৰিছিল। ৰাজনৈতিক দল সমূহৰ হাতত থকা এই সমষ্টিটোৰ ভোটাৰৰ জনবিন্যাস এনেধৰণৰ-

জোনাই বিধানসভা সমষ্টিত মিছিং ভোটাৰ- ৭০,০০০ জন।

বড়ো- ২৫,০০০ জন।

দেউৰী- ৩০০০ জন।

আদিৱাসী- ৩,০০০ জন।

হিন্দীভাষী- ১৫,০০০ জন।

বঙালী- ১৭,০০০ জন।

লখিমপুৰ বিধানসভা সমষ্টিত মিছিং ভোটাৰ- ৩৫,০০০ জন।

দেউৰী- ২,০০০ জন।

আদিৱাসী- ২১,০০০ জন।

নাওবৈচা বিধানসভা সমষ্টিত সংখ্যালঘু- ৭৩,০০০ জন।

মিছিং- ১৫,০০০ জন।

নেপালী- ১৮,০০০ জন।

আদিৱাসী- ৪৮,০০০ জন।

মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত মিছিং ভোটাৰৰ সংখ্যা- ৫২,০০০ জন।

দেউৰী ভোটাৰৰ সংখ্যা- ২২০০ জন।

মন্ত্ৰী নৱকুমাৰ দলেৰ ঢকুৱাখানা বিধানসভা সমষ্টিত মিছিং ভোটাৰ- ৬৪,০০০ জন।

আদিবাসী- ২২,০০০ জন।

এই জনবিন্যাস লক্ষ্য কৰিলে দেখা যায় যে এই লোকসভা সমষ্টিত মিছিং ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইবাবেই ২০১৪ চনৰ নিৰ্বাচনত প্ৰদান বৰুৱাৰ বিৰুদ্ধে ড০ হেমহৰি পেগু পৰাজিত হৈছিল যদিও কংগ্ৰেছৰ ৭.১৫ শতাংশ ভোট বৃদ্ধি পাইছিল।

কলিয়াবৰ লোকসভা সমষ্টিঃ

২০১৯ৰ লোকসভা নিৰ্বাচনত আন এটা অতিকৈ চৰ্চিত সমষ্টি হৈছে কলিয়াবৰ লোকসভা সমষ্টি। বহু ৰাজনৈতিক বিশ্লেষকে মন্তব্য কৰিছে যে ২০১৯ৰ নিৰ্বাচনত এই সমষ্টিত হ'ব হাই ভল্টেজ প্ৰতিদ্বন্দ্বিতা। এফালে কংগ্ৰেছৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈক প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপি আৰু অগপ মিত্ৰজোঁটে এই লোকসভা সমষ্টিটোত প্ৰাক্তন আছু নেতা মণিমাধৱ মহন্তক প্ৰাৰ্থিত্ব দিয়াৰ চিন্তা চৰ্চা কৰিছে। ২০১৪ৰ নিৰ্বাচনত এই সমষ্টিটোত গৌৰৱ গগৈয়ে লাভ কৰিছিল ৪,৪৩,৩১৫টা ভোট। ইয়াৰ বিপৰীতে বিজেপিৰ মৃণাল কুমাৰ শইকীয়াই লাভ কৰিছিল ৩,৪৯,৪৪১ টা ভোট ভোট। এই নিৰ্বাচনত বিজেপিৰ ২৯.৯৬ শতাংশ ভোট বৃদ্ধি পোৱাৰ বিপৰীতে কংগ্ৰেছৰ ৬.৪০ শতাংশ ভোট বৃদ্ধি পাইছিল।

মুঠ ১০ টা বিধানসভা সমষ্টিৰে গঠিত এই সংসদীয় সমষ্টিটোত বিজেপিৰ বিধায়ক আছে ২জন, কংগ্ৰেছৰ ৪ জন, অগপৰ ৩ জন আৰু এ আই ইউ ডি এফৰ ১ জন। এই সংসদীয় সমষ্টিটোত আদিবাসী, ধৰ্মীয় সংখ্যালঘু, মিছিং, চুতীয়া, টাই-আহোমৰ লগতে অন্যান্য বিভিন্ন জনগোষ্ঠীৰ লোক থাকিলেও প্ৰতিটো নিৰ্বাচনতে চাহ বাগিচাৰ ভোটাৰ আৰু ধৰ্মীয় সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত এই সমষ্টিটোত এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে ২ লক্ষাধিক ভোট লাভ কৰিছিল। সংখ্যালঘু অধ্যুষিত সমষ্টিটোত এই ভোটাৰ সকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি পুত্ৰ গৌৰৱ গগৈৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰাৰ উদ্দেশ্যে পূৰ্বতে হু ইজ বদৰুদ্দিন বুলি কোৱা তৰুণ গগৈৰ মুখত লক্ষণীয়ভাৱে ওলোৱা নাই তেনেধৰণৰ মন্তব্য।

যোৰাহাট লোকসভা সমষ্টিঃ

যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা। যোৰহাট লোকসভা সমষ্টিটোত নিৰ্ণায়ক ভূমিকা পালন কৰে আহোম আৰু চাহ বাগিচাৰ ভোটাৰে। যোৰহাট. তিতাবৰ, মৰিয়নী, টীয়ক, আমগুৰি, নাজিৰা, মাহমৰা, সোণাৰি, থাউৰা, শিৱসাগৰ বিধানসভা সমষ্টিৰে গঠিত এই যোৰহাট সংসদীয় সমষ্টি। ২০১৪ৰ লোকসভা নিৰ্বাচনত  বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই লাভ কৰিছিল ৪,৫৬,৪২০ টা ভোট। তাৰ বিপৰীতে বিজয় কৃষ্ণ সন্দিকৈ (কংগ্ৰেছ)য়ে লাভ কৰিছিল ৩,৫৬,০০০টা ভোট। মুঠ ভোটাৰৰ ৪৯.১ শতাংশ ভোট লাভ কৰা বিজেপিৰ এই নিৰ্বাচনত বৃদ্ধি পাইছিল ১০.৯৭ শতাংশ ভোট। আনহাতে কংগ্ৰেছৰ হ্ৰাস পাইছিল ৯.৪৫ শতাংশ ভোট।

যোৰহাট লোকসভা সমষ্টিৰ মুঠ ভোটাৰ ১৪ লাখ।

চাহ বাগিচাৰ ভোটাৰ ৪ লাখ।

আহোম ভোটাৰ ৫ লাখ।

অনুসূচিত জাতিৰ ভোটাৰ ৬০ হাজাৰ।

অনুসূচিত জনজাতিৰ ভোটাৰ ৪৫ হাজাৰ।

উচ্চ হিন্দু ভোটাৰ ১ লাখ ৪২ হাজাৰ।

সংখ্যালঘু ভোটাৰ (খ্ৰীষ্টান আৰু মুছলমান) ১ লাখ ২৫ হাজাৰ।

হিন্দী ভাষী, নেপালী, বঙালী ভোটাৰ ১ লাখ ৩৫ হাজাৰ।

যোৰহাট লোকসভা সমষ্টিত আছে ১৯৮ খন চাহ বাগিছা।

ডিব্ৰুগড় লোকসভা সমষ্টিঃ

ডিব্ৰুগড় লোকসভা সমষ্টি বৰ্তমান বিজেপিৰ দখলত। দীৰ্ঘদিন ধৰি এই সমষ্টিটো আছিল কংগ্ৰেছৰ দখলত। চাহ বাগানৰ ভোটাৰে সমষ্টিটোৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। এইবাৰ মুঠ ৯ টা বিধানসভা সমষ্টিৰে গঠিত এই সমষ্টিটোৰ ৮ টা বিধানসভা সমষ্টিয়েই বিজেপিৰ দখলত। বাকী নাহৰকটীয়া সমষ্টিটো আছে অগপৰ দখলত। ২০১৪ চনৰ নিৰ্বাচনত এই সংসদীয় সমষ্টিটোৰ পৰা নিৰ্বাচিত হোৱা বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে লাভ কৰিছিল ৪,৯৪,৩৬৪ ভোট। আনহাতে কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰে লাভ কৰিছিল ৩,০৯,০১৭ টা ভোট। এই নিৰ্বাচনত কংগ্ৰেছৰ ১৩.১৯ শতাংশ ভোট হ্ৰাস পাইছিল।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি ডিব্ৰুগড়। সমষ্টিটোত চাহ বাগানৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ শাসক-বিৰোধী সকলোৱে চেষ্টা অব্যাহত ৰাখিছে। এইবাৰো চাহ বাগানৰ ভোটাৰৰ ভোট যিটো দলে বেছিকৈ লাভ কৰে, সেই দলৰ হাতলৈকে যাব এই সমষ্টি। ২০০৯ চনত এই সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰ জয়ী হৈছিল। সেইবাৰ প্ৰায় ৩৫ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল সৰ্বানন্দ সোণোৱাল। অত্যন্ত কঠিন জনবিন্যাসৰ এই সমষ্টিটোত পৱন সিং ঘাটোৱাৰে ৫ বাৰকৈ প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ বিপৰীতে অগপৰ সাংসদ ৰূপে লোকসভালৈ নিৰ্বাচিত হৈছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in