অবিশ্বাস্য ৰূপত ৰাজ্যত বৃদ্ধি নাৰী সৰবৰাহৰ ঘটনা, কোনে কৰিব আমাৰ জীয়াৰী-বোৱাৰীক ৰক্ষা…

অবিশ্বাস্য ৰূপত ৰাজ্যত বৃদ্ধি নাৰী সৰবৰাহৰ ঘটনা, কোনে কৰিব আমাৰ জীয়াৰী-বোৱাৰীক ৰক্ষা…

নাৰী সৰবৰাহৰ ঘটনা ৰাজ্যত বৃদ্ধি পাই গৈ আছে। বহু নতুন কৌশলৰে আন ৰাজ্যবোৰলৈ সৰবৰাহ কৰা হয় যুৱতী-কিশোৰীসকলক। এই ঘটনা প্ৰতিৰোধত ব্যৰ্থ হৈছে আৰক্ষী-প্ৰশাসন। দিছে কেৱল সন্ধানহীন হোৱাৰ বিজ্ঞাপন। কিন্তু উদ্ধাৰ কৰাত ব্যৰ্থ হৈছে চৰকাৰ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক প্ৰতিবেদন।

ৰাজ্যত অতি ভয়াৱহ ৰূপত নাৰী সৰবৰাহকাৰীয়ে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছে যুৱতী-কিশোৰী। ন ন কৌশলেৰে বহিঃৰাজ্যলৈ যুৱতী-কিশোৰীক লৈ যোৱা এই চক্ৰৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰাতেই যেন ব্যৰ্থ হৈছে। ভাষণত ৰাজ্যৰ নাৰীৰ নিৰাপত্তাৰ কথা ক'লেও উদ্বেগজনকভাৱে অসমৰ পৰা প্ৰতিদিনাই সন্ধানহীন হোৱা যুৱতী-কিশোৰীক উদ্ধাৰ কৰাত ব্যৰ্থ হৈছে চৰকাৰ।

অতি শেহতীয়াকৈ ওদালগুৰি, বাক্সা, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, শোণিতপুৰ আদি জিলাত নাৰী সৰবৰাহৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ হাতত পৰা তথ্য অনুসৰি আৰক্ষীয়ে এনে সন্ধানহীন যুৱতী বা কিশোৰীক বিচাৰি উলিয়াবলৈ ব্যৱস্থা গ্ৰহণ কৰাতকৈ বহুদিনৰ বিৰতিৰ মূৰত একেলগে কাকতত বিজ্ঞাপন দিয়েই দায়িত্ব সামৰিছে।

২০২১চনত সংঘটিত তেনে ৯টা যুৱতী সন্ধানহীন ঘটাই এই কথাকে ভাবিবলৈ বাধ্য কৰিছে। ইয়াৰে অধিক সংখ্যক যুৱতী সন্ধানহীন হৈছে ওদালগুৰিৰ পৰা। বহু ক্ষেত্ৰত দেখা যায় সন্ধানহীন যুৱতী, নাৰী বা কিশোৰীৰ সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক নজনোৱাত সেইবোৰ ঘটনা আন্ধাৰতেই ৰৈ গৈছে।

যোৱা ১৯ ফেব্ৰুৱাৰী, ২০২১ত ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম হাহিমী গাঁৱৰ পৰা সন্ধানহীন হৈছিল এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম আছিল সোজা ৰাভা। ঘনকান্ত ৰাভাৰ পত্নী সোজা ৰাভা নিৰুদ্দেশ হোৱা সন্দৰ্ভত আৰক্ষীয়ে ৩৭০ তাং ২০-২-২০২১ত জেনেৰেল ডায়েৰীত এন্ট্ৰী কৰি সন্ধানহীনৰ সন্দৰ্ভত ২৬/২৩-২/২০২১ নম্বৰৰ এক সন্ধানহীন গোচৰ ৰুজু কৰে।

কিন্তু সেই মহিলাগৰাকী এতিয়া ক'ত সেই তথ্য বা তেওঁৰ সন্দৰ্ভত বিচাৰ-খোচাৰ কৰাৰ কোনো ব্যৱস্থাই নকৰিলে আৰক্ষীয়ে। ওদালগুৰি আৰক্ষী অধীক্ষকে এক বিজ্ঞাপন প্ৰস্তুত কৰি তেওঁৰ সন্দৰ্ভত কোনো লোকে কিবা তথ্য পালে ৮১৩৪৮৫২৫৫৯ বা ৯৮৫৯৪২৭৬২২ নম্বৰত যোগাযোগ কৰিবলৈ কৈয়ে দায়িত্ব সামৰণি পেলাইছে।

সন্ধানহীন হোৱা সোজা ৰাভা…

যোৰহাটৰ পৰা ৯ ফেব্ৰুৱাৰী, ২০২১ত সন্ধানহীন হৈছিল পূৰৱী বৰা। তৰুণ বৰাৰ জীয়াৰী পূৰবীৰ বয়স মাত্ৰ ১৭ বছৰ। যোৰহাটৰ দুলাকাষৰীয়া গাঁৱৰ এইগৰাকী যুৱতী সন্ধানহীন হোৱা সন্দৰ্ভত ৯ ফেব্ৰুৱাৰীতেই ভোগদৈ আৰক্ষীক অৱগত কৰা হৈছিল। আৰক্ষীয়ে জেনেৰেল ডায়েৰীত এই সন্দৰ্ভত ১৬১ তাং- ৯-২-২০২১ত এন্ট্ৰী কৰে।

৪ ফুট ৪ ইঞ্চি উচ্চতাৰ এইগৰাকী যুৱতীৰ সন্ধানহীন হোৱা সন্দৰ্ভত যোৰহাট আৰক্ষী অধীক্ষকে আনবোৰ সন্ধানহীন হোৱা গোচৰৰ দৰেই কাকতত বিজ্ঞাপন দিয়েই দায়িত্ব সামৰিলে। কোনে ক'লৈ এইগৰাকী যুৱতীক লৈ গ'ল সেই সন্দৰ্ভত কোনো তথ্য নাই আৰক্ষীৰ ওচৰত। আৰক্ষীয়ে ০৩৭৬২৩২০০১৮ নম্বৰত কোনোবাই সন্ধান পালে যোগাযোগ কৰিবলৈ বিজ্ঞাপন দিয়াতেই যেন দায়িত্ব শেষ।

যোৰহাটৰ পৰা সন্ধানহীন হোৱা পূৰবী বৰা…

১৩ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে মমিনা বেগম। ২১ বছৰীয়া মমিনাৰ ঘৰ আছিল নাহৰবাৰীত। মাজবাট থানাৰ অন্তৰ্গত ওদালগুৰিৰ নাহৰবাৰীৰ মুস্তাক আলীৰ জীয়াৰী মমিনা কোনো দুষ্ট চক্ৰৰ কৱলত পৰি সন্ধানহীন হৈ আছে। তেওঁ সন্ধানহীন হোৱা সন্দৰ্ভত মাজবাট আৰক্ষী থানাত জেনেৰেল ডায়েৰীৰ এন্ট্ৰী নম্বৰ হৈছে ৫৮৬ তাং- ২৯-৪-২০২১।

সন্ধানহীন হোৱা পঞ্জীয়ন বহীত এই সন্ধানহীনৰ সন্দৰ্ভত ৬৬ নম্বৰত এক গোচৰ ৰুজু হ'লেও তেওঁৰ সন্ধান নাই এতিয়াও। ৫ ফুট উচ্চতাৰ মমিনাৰ সন্ধান বিচাৰি পৰিয়ালে আৰক্ষীৰ কাষ চাপিলেও ওদালগুৰি আৰক্ষীয়ে তেওঁলোকৰ পুলিচ কন্ট্ৰ'লৰ দুটা নম্বৰেৰে এটা বিজ্ঞাপন দিয়েই পৰিয়ালটোক সান্তনা দিলে।

সন্ধানহীন হোৱা মমিনা বেগম

অসমৰ পৰা বহিঃৰাজ্যৰ ওপৰিও চুবুৰীয়া ৰাজ্যলৈও নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে। ২০২১ বৰ্ষৰ ২১ জুনত সন্ধানহীন হ'ল ৰেজিনা খাতুন। ২৮ বছৰীয়া ৰেজিনাৰ ঘৰ ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ চোবাত। মহম্মদ আকবৰ আলীৰ জীয়াৰী ৰেজিনা সন্ধানহীন হোৱা সন্দৰ্ভত ওৰাং আৰক্ষী চকীত জেনেৰেল ডায়েৰীৰ এন্ট্ৰী নম্বৰ হ'ল ৩৭৩।

২১ জুনত এই সন্দৰ্ভত আৰক্ষীয়ে মেন মিচিং ৰেজিষ্টাৰত পঞ্জীয়ন কৰা নম্বৰ ৮২ তাং ২৪-৬-২০২১। ২০দিনৰো বেছি হ'ল ৰেজিনা সন্ধানহীন হোৱা । ৰেজিনাৰ ক্ষেত্ৰতো এটা বিজ্ঞাপন দিয়েই দায়িত্ব সামৰিছে আৰক্ষীয়ে। প্ৰতিদিনাই এনেদৰে নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে ৰাজ্যত।

সন্ধানহীন ৰেজিনা খাতুন…

২০২১ৰ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে মনালী ৰাভা। তেওঁৰো ঘৰ ওদালগুৰিত। ৩১ বছৰীয়া এইগৰাকী মহিলা ৩০ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে। ইতিমধ্যে আৰক্ষীক জনাইছে পৰিয়ালে। তৰুণ ৰাভাৰ পত্নী মনালী ৰাভাৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী। আৰক্ষীৰ চকুত ধূলি দিয়েই এই চক্ৰটোৱে নাৰী সৰবৰাহ কৰি গৈছে।

দুই এঠাইত মহিলা, কিশোৰ আৰু শিশু উদ্ধাৰ কৰিলেও বহু ঘটনা এতিয়া আঁৰতে ৰৈ গৈছে। টংলা থানাৰ অন্তৰ্গত কঠালবাৰী গাঁৱৰ মনালী সন্ধানহীন হোৱা সন্দৰ্ভত টংলা আৰক্ষী থানাত জেনেৰেল ডায়েৰীৰ এন্ট্ৰী নম্বৰ ৯৬ তাং ৭-৫-২০২১। সন্ধানহীন পঞ্জীয়নৰ নম্বৰ ৬৯ তাং ২৪-৫-২০২১। আৰক্ষীয়ে পূৰ্বৰ সন্ধানহীন গোচৰৰ দৰেই মনালীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈ ওদালগুৰি আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ দুটা ম'বাইল নম্বৰসহ এটা বিজ্ঞাপন প্ৰকাশতেই দায়িত্ব শেষ কৰিছে।

সন্ধানহীন হোৱা মনালী ৰাভা…

ওদালগুৰিৰ পৰাই সন্ধানহীন হোৱা আন এগৰাকী মহিলা হ'ল নমিতা চৌহান। নমিতাৰ বয়স ৩৮ বছৰ। পানেৰী থানাৰ অন্তৰ্গত ভতিচাং গাঁৱৰ নিউ লাইনত ঘৰ নমিতাৰ। তেওঁৰ স্বামীৰ নাম কৃষ্ণ চৌহান। ১৪ জানুৱাৰী, ২০২১ৰ পৰা সন্ধানহীন হৈ আছে এইগৰাকী মহিলা। কৃষ্ণ চৌহানৰ পত্নী নমিতা চৌহানৰ সন্ধানহীন সন্দৰ্ভত পৰিয়ালে পানেৰী থানাত এক গোচৰো দিছিল। সেই অনুসৰি আৰক্ষীয়ে জেনেৰেল ডায়েৰীত ৩১৫ নম্বৰত এন্ট্ৰী কৰি থৈছে।

মিচিং ৰেজিষ্টাৰৰ এন্ট্ৰী নম্বৰ হ'ল ৯। ৫ ফুট উচ্চতাৰ নমিতাৰ সন্ধানহীনৰ ক্ষেত্ৰতো ওদালগুৰি আৰক্ষীয়ে পূৰ্বৰ দৰেই বিজ্ঞাপন প্ৰকাশতেই দায়িত্ব শেষ বুলি ভাবিছে। ইটোৰ পাছত সিটো নাৰী সন্ধানহীন হোৱা ঘটনা সংঘটিত হোৱাৰ পাছতো অসম আৰক্ষীৰ কোনো তৎপৰতা বা প্ৰশাসনেও বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

সন্ধানহীন নমিতা চৌহান…

ডিব্ৰুগড়ৰ সোণমনি হাজৰিকাৰো সন্ধান নাই ৮ জানুৱাৰী, ২০২১ৰ পৰা। সেইদিনা সন্ধিয়া ৭ বজাৰ পৰা সন্ধানহীন হৈ আছে এইগৰাকী কিশোৰী। জিন্টু দাস নামৰ যুৱকজনৰ সৈতে পলাই গৈছিল ১৫ বছৰীয়া এই কিশোৰীগৰাকী। ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত পোহাৰী খনীয়া গাঁৱত ঘৰ সোণমনি হাজৰিকাৰ। সঞ্জয় কংচেন হাজৰিকাৰ কন্যা সোণমনিৰ সন্ধানহীনৰ সন্দৰ্ভতো আৰক্ষীয়ে প্ৰকাশ কৰিছিল পৰম্পৰাগত সেই বিজ্ঞাপন।

সন্ধানহীন সোণমনি হাজৰিকা…

ওদালগুৰিৰ পৰা ৭ জানুৱাৰী, ২০২১ত সন্ধানহীন হোৱা আন এগৰাকী মহিলা হ'ল শ্বেফালী মণ্ডল। ২৮ বছৰীয়া শ্বেফালী মণ্ডল ৬বছৰীয়া কন্যাৰ সৈতে সন্ধানহীন হৈ আছে। দীপক দেৱনাথৰ পত্নী শ্বেফালীৰ ঘৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত জালুকবাৰীত। কোনো দুষ্ট চক্ৰই তেওঁক প্ৰলোভন দি লৈ গ'ল নে আন কোনো কাৰণত শ্বেফালী মণ্ডল সন্ধানহীন হৈ আছে আৰক্ষীয়ে সেই সন্দৰ্ভত কোনো তথ্য উলিওৱাত বিফল হ'ল।

৪ ফুট ৮ ইঞ্চি উচ্চতাৰ শ্বেফালী সন্ধানহীন হোৱা খবৰে পৰিয়ালটোত হাঁহাকাৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে খৈৰাবাৰী থানাত মিচিং ৰেজিষ্টাৰত এই সন্ধানহীনৰ সন্দৰ্ভত এন্ট্ৰী নম্বৰ ৪ তাং ৮-০১-২০২১ত পঞ্জীয়ন কৰি বিজ্ঞাপন প্ৰকাশ কৰিছিল।

সন্ধানহীন শ্বেফালী মণ্ডল

ওদালগুৰিৰ পৰা যোৱা কেইমাহত সন্ধানহীন হোৱা আন এগৰাকী মহিলা হ'ল নিৰূপমা মাৰাক। ৪৭ বছৰীয়া নিৰূপমাৰ ঘৰ ডিমাকুছি থানাৰ অন্তৰ্গত আতেৰীখাত খৈৰাগাঁৱত। ২৫ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে এইগৰাকী মহিলা। তেওঁৰ স্বামীৰ নাম বিশ্বজিৎ চাংমাই। এই মহিলা গৰাকীৰ সন্ধানহীন সন্দৰ্ভত পৰিয়ালে আৰক্ষীৰ কাষ চাপিছিল। কিন্তু কোনো ব্যৱস্থা লোৱাত ব্যৰ্থ আৰক্ষী।

সন্ধানহীন নিৰূপমা মাৰাক…

এয়া কেৱল উদাহৰণহে। ওদালগুৰিৰ পৰাই ৭ গৰাকী মহিলা সন্ধানহীন হৈছে এই সময়চোৱাত। ৰাজ্যত বৃদ্ধি পাইছে মহিলা আৰু কিশোৰীৰ সন্ধানহীনৰ সংখ্যা। অনৈতিক কাৰ্যৰ লগতে বিভিন্ন কাৰণত ৰাজ্যৰ পৰা মহিলা সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে। বৰ্তমান সময়ত মানৱ সৰবৰাহ এক ডাঙৰ প্ৰত্যাহ্বান ৰূপে থিয় দিছে।

আৰক্ষীয়ে এই সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে। কিন্তু কাৰ্যতঃ মহিলা, শিশু আৰু কিশোৰীক সৰবৰাহ কৰাৰ ঘটনা আৰক্ষী তথা প্ৰশাসনে প্ৰতিৰোধ কৰিব পৰা নাই। অতি উদ্বেগজনকভাৱে সেই তথ্য উদঙাই দিলে এইবোৰ ঘটনাই। এনেদৰে এতিয়া ৰাজ্যৰ বোৱাৰী, জীয়াৰী এই নাৰী সৰবৰাহকাৰী চক্ৰৰ লক্ষ্য হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in