সাজু থাকক মালিগাঁৱৰ যমৰ-যান্ত্ৰনা ৪ বছৰলৈ ভোগিব! দুবছৰতে নিৰ্মান সম্পূৰ্ণ হ’ব লগা উৰণীয়া সেতুৰ হৈছে ১০-১৫% হে কাম…

সাজু থাকক মালিগাঁৱৰ যমৰ-যান্ত্ৰনা ৪ বছৰলৈ ভোগিব! দুবছৰতে নিৰ্মান সম্পূৰ্ণ হ’ব লগা উৰণীয়া সেতুৰ হৈছে ১০-১৫% হে কাম…

মালিগাঁৱেদি যোৱা মানেই যেন যান্ত্ৰনা। যান-জঁটৰ মাজত কিমান সময় থাকিব লাগে তাৰ কোনো নাই ভৰসা। ২০২০তে নিৰ্মাণ আৰম্ভ কৰা মালিগাঁৱৰ উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য কিমান হৈছে জানেনে? এনে গতিত কাম চলিলে আৰু ৪ বছৰৰো অধিক সময় লাগিব উৰণীয়া সেতুৰ নিৰ্মান সম্পূৰ্ণ হ'বলৈ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।

আৰু চাৰি বছৰলৈ মালিগাঁৱেদি অহা-যোৱা কৰা কথা নাভাবি। উৰণীয়া সেতু নিৰ্মাণৰ নামত সেই পথেৰে যাওঁতে যি জীয়া যন্ত্ৰণা ভোগ কৰে সেয়া এতিয়াই অন্ত নপৰে। উক্ত পথৰে যোৱা প্ৰতিজন লোকেই অনুভৱ কৰে যে উৰণীয়া সেতুৰ নিৰ্মাণৰ ল'ৰাধেমালি কৰি আছে নিৰ্মাণ প্ৰতিষ্ঠানে।

উল্লেখযোগ্য যে, ২০২০ৰ মাৰ্চৰ প্ৰথম সপ্তাহতে এই উৰণীয়া সেতুখনৰ নিৰ্মাণৰ শোভাৰম্ভ কৰা হৈছিল। ২২ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা আছিল উৰণীয়া সেতুখনৰ নিৰ্মাণ। উত্তৰ পূব সীমান্তৰ ৰে'লৱেৰ মুখ্য কাৰ্যালয়, পাণ্ডু জাহাজ ঘাট, কামাখ্যা মন্দিৰ, দুখনকৈ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল থকা এই পথটো গুৱাহাটীৰেই অন্যতম গুৰুত্বপূৰ্ণ পথ।

সেয়েহে উৰণীয়া সেতু নিৰ্মাণৰ সময়ত এইবোৰ দিশত গুৰুত্ব দি ইয়াৰ নিৰ্মাণ কাৰ্য অত্যাধুনিক মেচিন আৰু সুপৰিকল্পনাৰে কৰিব লাগিছিল যদিও তেনে কৰা পৰিলক্ষিত হোৱা নাই। উল্লেখযোগ্য যে, ৪১০ কোটি টকাৰ আছিল এই উৰণীয়া সেতুখনৰ নিৰ্মাণৰ বাজেট।নিৰ্ধাৰণ কৰি দিয়া সময় অনুসৰি ২০২২ৰ মাৰ্চত নিৰ্মাণ সম্পূৰ্ণ হ'ব লাগিছিল এই উৰণীয়া সেতুখনৰ।

গৌতম কনষ্ট্ৰাকশ্যন আৰু অনুপম নিৰ্মানে ঠিকা লাভ কৰা এই উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম এতিয়া শামুকীয়া গতিত আগবাঢ়িছে। এটা বছৰ সম্পূৰ্ণ হৈ যোৱাৰ পাছতো দুটা বছৰত নিৰ্মাণ সম্পূৰ্ণ কৰিব লগা উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য ১৫ৰ পৰা ২০ শতাংশহে সম্পূৰ্ণ হৈছে।

ছিংগল পোষ্ট ষ্টীল গাৰ্ডাৰেৰে নিৰ্মাণ হ'ব লগা এই উৰণীয়া সেতুখন চাৰিলেনযুক্ত হ'ব। কিন্তু উৰণীয়ে সেতুখনৰ নিৰ্মাণৰ এই লেহেমীয়া গতিয়ে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ অতি কমেও ৪ বছৰতকৈ অধিক সময় প্ৰয়োজন হ'ব বুলি বিভাগৰ সূত্ৰতেই প্ৰকাশ।

নিৰ্ধাৰিত সময়তকৈ প্ৰায় দুগুণ সময় প্ৰয়োজন হোৱাৰ বাবে এই উৰণীয়া সেতুখনৰ নিৰ্মাণ ব্যয় বৃদ্ধি পাব। প্ৰতি বছৰে ১০ শতাংশকৈ নিৰ্মাণ ব্যয় বৃদ্ধি হ'ব মালিগাঁৱৰ উৰণীয়া সেতুৰ। সেই হিচাপত ৪১০ কোটি টকীয়া উৰণীয়ে সেতুখনৰ নিৰ্মাণ ব্যয় ৫৫০ কোটিৰ অধিক হ'ব বুলি জানিব পৰা গৈছে।

অত্যাধুনিক মেচিনেৰে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰিব লগা আছিল যদিও এতিয়া প্ৰতিদিনেই কেৱল মাত্ৰ ১০-১৫জন মানুহে ইয়াৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ আছে। সাধাৰণতে উৰণীয়া সেতুসমূহৰ নিৰ্মানৰ কাম দিনতকৈ নিশা ভাগত ক্ষীপ্ৰতাৰে হয়। সেই দৃশ্যও মালিগাঁও উৰণীয়া সেতুখনত দেখিবলৈ পোৱা হোৱা নাই।

২.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব এই উৰণীয়া সেতুখন। যিসময়ত মহানগৰীৰ লাষ্টগেটত নিৰ্ধাৰিত সময়তকৈ কম সময়ৰ ভিতৰত এজন অসমীয়া ঠিকাদাৰে উৰণীয়া সেতু নিৰ্মাণ কৰি নজিৰ স্থাপন কৰিছিল সেই সময়ত মালিগাঁৱৰ উৰণীয়া সেতু নিৰ্মাণৰে জড়িত ঠিকাদাৰ, নিৰ্মাণ কোম্পানীয়ে মহানগৰীবাসীক ঘটিয়ে ঘটিয়ে পানী খুৱাইছে।

উৰণীয়া সেতুখনৰ নিৰ্মাণস্থলীত দেখা পোৱা গৈছে যে কাষেদি যান বাহন চলাচলৰ বাবেও নাই পৰিকল্পনাযুক্ত পথৰ ব্যৱস্থা। ইয়াৰ উপৰিও উৰণীয়া সেতুখনৰ নিৰ্মাণৰে জড়িত সামগ্ৰী, খুটাৰ বাবে খন্দা মাটি আৰু নিৰ্মাণৰ কাৰ্যত ব্যৱহৃত নিৰ্মান সামগ্ৰী সেই স্থানতে পেলাই থোৱাত সমগ্ৰ অঞ্চলটো ধূলিময় হোৱাৰ লগতে কাষৰ লোকসকলৰ বাবে স্বাস্থ্যজনিত সমস্যাও সৃষ্টি হৈছে।

প্ৰতিদিনাই সেই পথেৰে যথেষ্ট সংখ্যক যান-বাহন অহা যোৱা কৰে। মহানগৰীৰ অন্যতম মূল পথ এই পথটোত উক্ত দুই আঢ়ৈ কিলোমিটাৰ পথ অতিক্ৰম কৰোতেই অতি কমেও ডেৰ-দুই ঘন্টা সময়ৰ প্ৰয়োজন হয়। ৰাজ্যৰ লোকনিৰ্মান বিভাগে এই বিষয়টোক লৈ এতিয়ালৈকে কোনো তৎপৰতা প্ৰদৰ্শন কৰা দেখা পোৱা হোৱা নাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো লাষ্টগেটৰ উৰণীয়া সেতুখনৰ বাবে যি তৎপৰতা প্ৰদৰ্শন কৰিছিল সেই তৎপৰতা তেওঁ মালিগাঁও উৰণীয়া সেতুখনৰ ক্ষেত্ৰত দেখুওৱা নাই। উক্ত পথেৰে অহা যোৱা কৰা আৰু স্থানীয় লোকসকলৰ দাবী – মুখ্যমন্ত্ৰীয়ে চকু দিয়ক বিষয়টো। নহ'লে লাভখোৰ নিৰ্মান প্ৰতিষ্ঠানৰ এনে লেহেমীয়া গতিত মালিগাঁও উৰণীয়া সেতুৰ নিৰ্মান কাৰ্য চলি থাকিলে অতি কমেও চাৰি বছৰৰ বাবে উক্ত অঞ্চলৰ লগতে সেই পথেৰে অহা যোৱা কৰা লোকসকল ভুক্তভোগী হৈয়ে থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in