স্বাধীনতা সংগ্ৰামঃ দূৰদৰ্শনৰ পৰ্দাত জিলিকিব অসমৰ ত্যাগৰ জীৱন্ত ইতিহাস, নেতৃত্বত অসমীয়া উদীয়মান যুৱক…

স্বাধীনতা সংগ্ৰামঃ দূৰদৰ্শনৰ পৰ্দাত জিলিকিব অসমৰ ত্যাগৰ জীৱন্ত ইতিহাস, নেতৃত্বত অসমীয়া উদীয়মান যুৱক…

পোন প্রথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ধাৰাবাহিকৰ মূল বিষয় স্বাধীনতা আন্দোলনত অসমীয়া সংগ্ৰামীৰ অৱদান। দূৰদৰ্শনত চেনেলত সম্প্ৰচাৰিত হ'ব লগা 'লাল-ৰেখা' শীৰ্ষক এই ধাৰাবাহিকখন অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। লক্ষণীয় যে এই ধাৰাবাহিকখন কেৱল অসমৰ বীৰ শ্বহীদসকলক বিষয় হিচাপে নিৰ্মাণ কৰাৰ লগতে ইয়াৰ মুখ্য চৰিত্ৰত আছে এজন অসমীয়া অভিনেতা। এই ধাৰাবাহিকখনৰ দ্বাৰা নৱপ্ৰজন্মক শ্বহীদসকলে দেশৰ স্বাধীনতাত কি কি ভূমিকা-অৱদান আগবঢ়াইছিল সেয়া অৱগত কৰোৱা। কি ধাৰাবাহিকক লৈ ক'লে গুৱাহাটীৰ অভিনেতা জীৱিতেশ মজুমদাৰে? এই সকলোবোৰ বিষয় সামৰি অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ ৰাজৰ্ষি চহৰীয়াৰ বিশেষ প্ৰতিবেদন।

এক গৌৰৱৰ মুহূৰ্ত অসমবাসীৰ বাবে। কিয়নো পোন প্রথমবাৰৰ বাবে স্বাধীনতা আন্দোলনৰ অসমৰ শ্বহীদ যুঁজাৰু সকলৰ বিষয়ে এক ধাৰাবাহিকৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰ কৰাৰ উদ্দেশ্যে আগত লৈ নিৰ্মাণ কৰা হৈছে 'লাল-ৰেখা'।

অসমৰ শ্বহীদ যুঁজাৰুসকলৰ বিষয়টো মুল ভেঁটি হিচাপে লোৱাৰ লগতে লক্ষণীয় তথা এক আশাৰ কথা যে দূৰদৰ্শনত সম্প্ৰচাৰিত হ'ব লগা এই ধাৰাবাহিকখনৰ 'লাল' নামৰ মুখ্য চৰিত্ৰটোও ৰূপায়ন কৰিব এজন অসমীয়াই। যি সঁচাকৈ এক গৌৰৱৰ বিষয় ৰাজ্যবাসীৰ বাবে।

আহি আছে 'লাল-ৰেখা'…

অসমৰ জীৱিতেশ মজুমদাৰ নামৰ ২৭ বছৰীয়া অভিনেতাগৰাকীয়ে ইতিমধ্যে এই ধাৰাবাহিকখনক লৈ বহু উৎসাহ আৰু আশা ব্যক্ত কৰিছে।  গুৱাহাটী মহানগৰীৰ জীৱিতেশে অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক কয় যে- আমাৰ এয়া এক প্ৰচেষ্টা। অসমৰ প্ৰায়সকল শ্বহীদ বীৰ-বীৰাংগনা সকলক এই ধাৰাবাহিকত সামৰি লোৱা হৈছে। আজি কালি চাবলৈ গ'লে বিশেষকৈ ৰোমাঞ্চ, হাৰ্ট ব্ৰেক আদি কাহিনীহে পোৱা যায়। কিন্তু আজিকালিৰ বহু নৱ প্ৰজন্মই ফেচবুক আদি ব্যৱহাৰ যে ১৯৪৭ৰ আগৰে পৰা শ্বহীদসকলৰ সংগ্ৰামৰ কাৰণহে হৈছে সেই কথা গম নাপায়। এয়া মোৰ সৌভাগ্য যে এই ধাৰাবাহিকত মই কাম কৰিবলৈ পাইছো।

৩১ অক্টোবৰৰ পৰা দূৰদৰ্শনত চাবলৈ পাব লাল ৰেখা

জীৱিতেশ মজুমদাৰে কাম কৰা এইখনে প্রথমখন ধাৰাবাহিক নহয়। তেওঁ ইয়াৰ পূৰ্বে ২০১৬চনত মুক্তি পোৱা জনপ্ৰিয় ছবি 'পিংক'ত সহকাৰী পৰিচালক হিচাপেও কাম কৰাৰ অভিজ্ঞতা আছে। জীৱিতেশক সোধা হৈছিল তেওঁ এই অভিনয় বা পৰিচালনাৰ জগতখনৰ সৈতে কিমান সময়ৰ পৰা জড়িত হৈ আছে? অতি অমায়িকভাৱে তেওঁ উত্তৰ দিয়ে যে- 'মোৰ বিশেষ বেছি দিন হোৱা নাই এই ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত হোৱা। যোৱা ৫ বছৰৰ পৰা মই এই কামৰ সৈতে জড়িত হৈ আছো। মই পিংক ছবিখনৰ পূৰ্বে লক্ষ্ণীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু'ৰ 'লটকণ'ৰ এখন এনিমেটেড চিনেমা নিৰ্মাণ কৰিছিলো।'

অসমৰ কাৰণে নিৰ্মাণ কৰা এখন ধাৰাবাহিকত অসমীয়া ল'ৰা হিচাপে কাম কৰিবলৈ পাই অত্যন্ত সুখী জীৱিতেশ। উল্লেখ্য যে, অসমৰ ইতিহাস তথা শ্বহীদসকলৰ বিষয়ে সমগ্ৰ দেশবাসীয়ে অৱগত তথা জানিব পৰাকৈ নিৰ্মাণ কৰা 'লাল-ৰেখা'ৰ ১৫ অক্টোবৰ, ২০২০ত মুম্বাইত পোষ্টাৰ আৰু প্ৰ'ম' মুকলি কৰা হয়।

কমলাশ্ৰী ফিল্মছ প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা এই ধাৰাবাহিকখনৰ পৰিচালক আৰু প্ৰযোজক দিলীপ সোনকৰ। দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা অসমৰ শ্বহীদসকলক লৈ নিৰ্মাণ কৰা এই ধাৰাবাহিকখন ৩১ অক্টোবৰৰ পৰা দূৰদৰ্শনত চাবলৈ পাব দৰ্শকে। উল্লেখ্য যে, প্ৰতি শনিবাৰ আৰু দেওবাৰে সন্ধিয়া ৭ বজাত সম্প্ৰচাৰ কৰা হ'ব 'লাল-ৰেখা।'

ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে গুৱাহাটীৰ জীৱিতেশ মজুমদাৰে

লক্ষণীয় যে, গুৱাহাটীৰ জীৱিতেশ মজুমদাৰৰ লগতে এই ধাৰাবাহিকখনত দেখা পোৱা যাব সুদীপ্তা বন্দোপাধ্যায়ক। লগতে এই ধাৰাবাহিকখনত অভিনয় কৰিছে অৰুণ বক্সী, মুকুল নাগ, অনুপম শ্যাম ওঝা, পৃথ্বী জুতসী, বীৰবৰ খোঁচলা, মিথলেছ চতুৰ্বেদী, গৰিমা অগ্ৰৱাল, সংগীতা শ্ৰীবাস্তৱ, মায়ংক মিশ্ৰা, কুণাল সিং ৰাজপুত, ললিত মল্লা, পাৰছ ধাংগোৰিয়াকে ধৰি বহু কেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে।

আনহাতে, ধাৰাবাহিকখনৰ পৰিচালক-প্ৰযোজক দিলীপ সোণকৰে কয় যে, 'লাল-ৰেখা স্বাধীনতাৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ দ্বাৰা ভাৰতৰ স্বাধীনত আন্দোলনৰ সংগ্ৰামী আন্দোলনকাৰীসকলৰ অৱদান-বৰঙণিক সামৰি লোৱা এক পাৰিবাৰিক অমৰ প্ৰেম কথাৰ ওপৰত আধাৰিত ধাৰাবাহিক। এই ধাৰাবাহিকখন ৰোমাঞ্চক, ৰুচিপূৰ্ণ ৰূপে নিৰ্মাণ কৰা হৈছে। বৰ্তমানৰ নৱ প্ৰজন্মক এই ধাৰাবাহিকৰ দ্বাৰা কঠোৰ সংগ্ৰাম কৰা স্বাধীনতা আন্দোলনৰ সংগ্ৰামীসকলৰ বিষয়ে অৱগত কৰোৱাটোৱে মূল লক্ষ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in