চীনা সেনাৰ এজন অৱসৰপ্ৰাপ্ত জোৱান, নিবিচাৰে ভাৰত-চীনৰ মাজত যুদ্ধ, বিচাৰে শান্তি…

চীনা সেনাৰ এজন অৱসৰপ্ৰাপ্ত জোৱান, নিবিচাৰে ভাৰত-চীনৰ মাজত যুদ্ধ, বিচাৰে শান্তি…

ভাৰত-চীনৰ মাজত বিৰাজ কৰিছে তীব্ৰ উত্তেজনাময় পৰিস্থিতি। সীমান্তত সংঘটিত সংঘৰ্ষত শ্বহীদ হৈছে দেশৰ ২০জনকৈ সেনা বিষযা-জোৱান। ১৯৬২চনত দুয়োখন ৰাষ্ট্ৰৰ মাজত সীমা বিবাদক লৈ হোৱা যুদ্ধৰ সময়তে ৭ বছৰৰ বাবে যুদ্ধবন্দী হৈছিল এগৰাকী চীনা সেনা জোৱান। এতিয়া ভাৰত আপোন হৈ পৰিছে তেওঁৰ বাবে। নিবিচাৰে দুয়োখন দেশৰ মাজত যুদ্ধ। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।

ভাৰত আৰু চীনৰ সীমা বিবাদক লৈ সৃষ্টি হোৱা পৰিস্থিতি অতি চিন্তনীয়। ১৫ জুন তাৰিখে পূব লাডাখৰ গালৱানত চীন-ভাৰত সেনা বাহিনীৰ মাজত সংঘটিত হৈছিল সংঘৰ্ষ। য'ত ভাৰতীয় সেনা বাহিনীৰ এগৰাকী কমাণ্ডিং বিষয়াসহ ২০জন জোৱান শ্বহীদ হৈছিল। আৰু প্ৰায় ৪৫-৫০জন চীনা সেনা বাহিনীৰ লোকৰ হৈছিল মৃত্যু।

উল্লেখযোগ্য যে, ১৯৬২চনত ভাৰত আৰু চীনৰ মাজত সীমা বিবাদক লৈ হৈছিল যুদ্ধ। হিমালয়ান সীমাই আছিল এই যুদ্ধৰ মুল কাৰণ। এই যুদ্ধ সময়ত ভুলতে ভাৰতৰ সীমাত প্ৰৱেশ কৰি দেশৰ বিভিন্ন জিলাত ৭ বছৰলৈ যুদ্ধ বন্দী হৈ আছিল এগৰাকী চীনা সেনা জোৱান।

মুকলি হোৱাৰ পাছত ৭ বছৰৰ পাছত তেওঁ ভাৰততে বাস কৰিবলৈ ল'লে। ভাৰততে তেওঁ আৱদ্ধ হ'ল বিবাহপাশত। বৰ্তমান চীনৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত এই জোৱানগৰাকীক ভাৰত চৰকাৰ তথা দেশবাসীয়ে দিয়ে মৰম-চেনেহ আৰু সন্মান। ভাৰতক সম্পূৰ্ণ ৰূপে আপোন বুলি ভবা এই অৱসৰপ্ৰাপ্ত জোৱানজনে নিবিচাৰে দুয়োখনৰ দেশৰ মাজত সৃষ্টি হওঁক পুনৰ এখন যুদ্ধ।

সপৰিয়াল সহ চীনা সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান ৱাং চী…

বৰ্তমান গলৱানৰ পৰা ২ হাজাৰ কিলোমিটাৰ দূৰৈৰ বালাঘাটত বাস কৰা ৰাজবাহাদুৰ ওৰফে ৱাং চীয়ে ভাৰত-চীনৰ মাজত এক শান্তিপূৰ্ণ পৰিৱেশ-পৰিস্থিতি ঘূৰি অহাতো বিচাৰে। তেওঁ এই সন্দৰ্ভত কয় যে, 'যুদ্ধ হ'ব নালাগে। ইয়াৰ পৰা কোনো লাভ পোৱা নাযায়। বৰঞ্চ ক্ষতিহে হয় দুয়োখন দেশৰ। যুদ্ধ নহয়, শান্তিহে লাগে…।'

৬২ বছৰীয়া ৱাং চী এসময়ত চীনৰ এজন জোৱান আছিল যদিও, তেওঁ দেখিছিল ১৯৬২ত দুয়োখন দেশৰ মাজত হোৱা যুদ্ধৰ ফল। উল্লেখ্য যে, ৱাং চীয়ে যুদ্ধৰ সময়ত ভাৰতত সীমান্তত প্ৰৱেশ কৰাৰ পাছত ৰেড ক্ৰ'ছৰ এখন জীপ দেখা পোৱাৰ পাছত সেই জীপখন চীনৰ বুলি ভাবি তাতে উঠি লৈছিল আৰু তাৰপাছতে তেওঁক কৰা হৈছিল গ্ৰেপ্তাৰ। ৱাং চীক গ্ৰেপ্তাৰ কৰাৰ পাছত ৰখা হৈছিল অসম চাউনীত। আৰু ১৯৬৩-৬৯চনলৈ দেশৰ বহু কেইখন জিলাত তেওঁ যুদ্ধ বন্দী হিচাপে ৰখা হয়। কিন্তু ৭ বছৰ সময় যুদ্ধ বন্দী খাটি মুকলি আকাশৰ তলত ঘূৰি অহাৰ পাছত তেওঁ বালাঘাটৰ তিৰোড়ীতে নতুনকৈ জীৱন আৰম্ভ কৰে।

চাবলৈ গ'লে এখন বোলছবিৰ কাহিনী যেন লাগে। তিৰোড়ীৰ এগৰাকী স্থানীয় বাসিন্দা ৰেণুকা কাঠোতে ৱাং চীৰ সন্দৰ্ভত কয় যে, 'তেওঁৰ আচাৰ-ব্যৱহাৰ বহু ভাল। সৰুৰে পৰা তেওঁক দেখি আহিছো। তেওঁ এজন ভদ্ৰ লোক।' আৰু সেই ৱাং চীয়ে ভাৰতক এতিয়া আপোন কৰি লৈছে।

এজন চীনৰ জোৱানে ভাৰতত মৰম-চেনেহ আৰু সন্মান লাভ কৰাৰ পাছত দেশখনক আপোন কৰি ল'ব পাৰিছে। প্ৰকৃতাৰ্থত মানৱীয়তা সকলোৰে মাজত আছে। সকলোৱে বুজি পাই মৰমেৰে বুজালে। কিন্তু তাৰপাছতো সংঘটিত হয় দুখন ৰাষ্ট্ৰৰ মাজত সংঘৰ্ষ।

১৯৬২ ভাৰত-চীন সীমা বিবাদৰ সময়ত ৭ বছৰৰ বাবে যুদ্ধ বন্দী কৰা হৈছিল ৱাং চীক

ভাৰত-চীন সীমা বিবাদৰ সমগ্ৰ বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰ্যবেক্ষণ কৰি থকাৰ লগতে ১৭জুন, ২০২০ত দেশৰ তিনি সেনা প্ৰধানৰ সৈতে বৈঠকত বহে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। এই বৈঠকত সমগ্ৰ বিষয় আলোচনা কৰাৰ লগতে আগন্তুক কাৰ্যপন্থাৰ সন্দৰ্ভতো আলোচনা কৰা হয়।

ইফালে, দুয়োখন ৰাষ্ট্ৰৰ মাজত সংঘটিত এই সংঘৰ্ষৰ পাছত হাই এৰ্লাট জাৰি কৰা হয় এলঅ'চিত। হিমাচলৰ কিন্নৌৰ আৰু লাহৌল স্পীতি, উত্তৰাখণ্ডৰ পিথৌৰাগড় আৰু ছমেলী, চিকিম, অৰুণাচলৰ সীমান্ত ইতিমধ্যে মোতায়েন কৰা হৈছে সেনা। সূত্ৰৰ খবৰ অনুসৰি, নৌ আৰু বায়ু সেনাকো সষ্টম হৈ থকাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে।

চীনৰ সৈতে হোৱা এই সংঘৰ্ষৰ পাছতেই ২৯ জুন, ২০২০ত কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিলে ৫৯টাকৈ চীনৰ এপছ। চীনা এপ টিকটক লাখ লাখ লোকে ব্যৱহাৰ কৰে ভাৰতত। কিন্তু সীমা বিবাদক লৈ সৃষ্টি হোৱা এই সংঘাতৰ পাছত ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে দিলে অৰ্ধশতাধিক চীনা এপ।

ইফালে, ইয়াক লৈ ভাৰতত দেখা পোৱা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। বহুতে ই সিদ্ধান্তক লৈ সুখী হৈছে যদিও, একাংশই দুই এটা চীনা এপ নিষিদ্ধ কৰাৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হব বুলিও কোৱা দেখা গৈছে ছচিয়েল মিডিয়াত।

কোৰোনা ভাইৰাছৰ এই সংকটৰ মাজতে চীন-ভাৰতৰ সীমা বিবাদে যদি যুদ্ধলৈ পৰিণত হয় তেন্তে বহু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হব। দুয়োখন ৰাষ্ট্ৰৰ বহু সেনা বিষয়া-জোৱানৰ লগতে নিৰীহ লোকেও হেৰুৱাব প্ৰাণ। আৰু এই পৰিস্থিতি সৃষ্টি নোহোৱাতোৱেই কামনা কৰিছে চীনা সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান ৱাং চীয়ে। কিয়নো ১৯৬২চনত সংঘটিত দুয়োখন ৰাষ্ট্ৰৰ যুদ্ধত তেওঁ দেখিছিল ইয়াৰ পৰিণতিত। যত বহুতে হেৰুৱাইছিল নিজৰ আপোনজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in