এখন গাঁও, দুই শতাধিক দিব্যাংগ আৰু বিদ্যালয়ৰ মুখ নেদেখা কিশোৰবোৰ…

এখন গাঁও, দুই শতাধিক দিব্যাংগ আৰু বিদ্যালয়ৰ মুখ নেদেখা কিশোৰবোৰ…

অসমৰ এখন বিশেষ গাঁও। য'ত সৰহভাগেই দেখা নাই শিক্ষাৰ পোহৰ। গাঁওখনৰ বেছিভাগ লোকেই দিব্যাংগ। কিন্তু কিয়? কি কয় চিকিৎসকে? এই সন্দৰ্ভত লাচিত বৰ্মনৰ এক বিশেষ প্ৰতিবেদন।

গাঁওখনৰ ভিতৰলৈ সোমাই গৈছিলো মানেই দেখিছিলো সেইবোৰ শিশু, সেইবোৰ কিশোৰ অথবা সেইবোৰ বৃদ্ধক। কোনোবাজন শিশু  যদি মাতৃৰ কোলাত, কোনোজন কিশোৰ ঘৰৰ পদূলিত অথবা কোনোবাগৰাকী বৃদ্ধই বহি আছে ঘৰৰ চোতালত। কিন্তু কি আছিল তেওঁলোকৰ ব্যতিক্ৰম? আনসকলৰ তুলনাত ব্যতিক্ৰম এইখিনিতেই যে তেওঁলোক দিব্যাংগ। আকৌ জাক জাক কিশোৰ-কিশোৰী প্ৰত্যক্ষ কৰিছিলো যিসকলৰ বেছিভাগেই বিদ্যালয়ৰ মুখ নেদেখা অথবা আধাতেই বিদ্যালয় সামৰা। এখন মাথোঁ গাওঁ, অসমৰ গাঁও- যিখন গাঁৱত আছে প্ৰায় দুশ গৰাকী দিব্যাংগ। তেওঁলোক শাৰীৰিকভাৱে অক্ষম অথবা বিশেষভাৱে সক্ষম। যিখন গাঁৱৰ খুউব কম সংখ্যক লোকহে শিক্ষাৰ পোহৰেৰে আলোকিত অথবা শিক্ষিত। এনে এখন গাঁও আছে নলবাৰী জিলাত।

জিলাখনৰ পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ২২ নং দক্ষিণ ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ অন্তৰ্গত বড়ি নামৰ গাঁওখন। এই বড়ি গাঁওখনৰ ওচৰতে থকা নিজটাপা গাঁওখনৰো অনুৰূপ অৱস্থা। সকলোৰে জ্ঞাত যে ১৯৮৫ চনৰ পৰা এই ধৰ্মপুৰ বিধানসভা সমষ্টিৰ যিগৰাকী নেতায়ে নিৰ্বাচনত জয়ী হৈছে তেঁৱেই ৰাজ্যৰ মন্ত্ৰী হোৱাৰ সুযোগ লভিছে। কিন্তু ইয়াৰ পাছতো কিয় এনে দুৰৱস্থা গাওঁখনৰ । গাঁওখনৰ লোকসকলৰ শাৰীৰিক অৱস্থাৰ এনে অৱনতি কিয়? শিশুৰ পৰা কিশোৰ-কিশোৰীলৈ- আজিৰ এই আধুনিক সময়তো কিয় বিদ্যালয়লৈ যাব নোখোজে? এই বিষয়ত কোনোদিনে তেওঁলোকৰ স্থানীয় জনপ্ৰতিনিধি অথবা মন্ত্ৰীয়ে জানিব নোখোজে। চৰকাৰৰ কল্যাণকামী আঁচনি ৰূপায়নৰ দায়িত্বত থকা বিষয়া-বৰ্গও তেওঁলোকৰ জীৱনক লৈ চিন্তিত নহয়।

বড়ি নামৰ গাঁওখনৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিবলৈ যোৱাৰ সময়ত প্ৰত্যক্ষ কৰিছিলো দিব্যাংগসকলৰ ক্ষোভ আৰু বেদনা। দিব্যাংগসকলৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ন্যূনতম ভাট্টাৰ পৰাও বঞ্চিত তেওঁলোক। গাঁওখনত দেখিবলৈ পোৱা নগ'ল সৰ্বশিক্ষা অভিযানৰ অস্তিত্ব। অৱশ্যে বিধে বিধে আছে হিতাধিকাৰী। মৎস্যজীৱী এইসকল পৰিয়াল তেনেই দৰিদ্ৰ  সীমাৰেখাৰ তলত কাম কৰা। তেওঁলোকৰ দৰে নিঃস্ব হিতাধিকাৰীক লৈ অবিৰতভাৱে চলি আছে কেৱল লুণ্ঠন। এয়া চৰকাৰী লুণ্ঠন- চৰকাৰী বাসগৃহ আৱন্টনৰ নামত লুণ্ঠন, মৎস্য পালনৰ সাহায্যৰ নামত লুণ্ঠন, শৌচাগাৰ, পানীযোগানৰ নামত লুণ্ঠন আৰু বহুতো।

নলবাৰী জিলা সদৰৰ পৰা ২২ কিলোমিটাৰ দূৰৈৰ এই বড়ি নামৰ গাঁওখনৰ এনে অৱস্থাৰ বিষয়ে জানিবলৈ প্ৰথমে সাক্ষাৎ কৰিছিলো গাঁওখনৰ গাওঁবুঢ়া অৰ্জুন দাসক। অৰ্জুন দাসৰ ঘৰলৈ গৈ প্ৰত্যক্ষ কৰিছিলো তেওঁৰ বোৱাৰীয়েকৰ কোলাত থকা দুবছৰীয়া শিশুটো। দিব্যাংগ। শিশুটো যে কেৱল শাৰীৰিকভাৱে অক্ষম এনে নহয়, তেওঁৰ মগজুৰো বিকাশ ঘটা নাই।

গাঁওবুঢ়া অৰ্জুন দাসে এনেদৰে ক'লে- 'ল'ৰাটো জন্মৰে পৰাই বিকলাংগ। কিয় এনে হ'ল আমি একো ক'ব নোৱাৰিলো। বহু চিকিৎসকৰ পৰামৰ্শ ল'লো। চিকিৎসকৰ মতে ল'ৰাটো ভৱিষ্যতে কিমান সুস্থ হৈ উঠিব সন্দেহ। গাঁওখনত এনে ল'ৰা-ছোৱালী বহুতো আছে।" আমি গাঁওখনৰ ভিতৰলৈ গৈ থাকো মানেই প্ৰত্যক্ষ কৰিছিলো এনেবোৰ ল'ৰা-ছোৱালী। আনকি যুৱক-যুৱতী, বৃদ্ধ পৰ্যন্ত। কোনোবাজনৰ যদি ভৰি দুখন অচল, কাৰোবাৰ হাত দুখন, কাণ দুখন, চকু দুটা…।

গাওঁখনৰ চৰিয়াপাৰ চুবুৰীটোৰ প্ৰথমটো পৰিয়ালত আছে মাথো মাতৃ-পুত্ৰ। পুত্ৰৰ বয়স প্ৰায় ৩৫ বছৰ। মাতৃ বৃদ্ধ। বৃদ্ধ মাতৃয়ে দিনটো ভিক্ষা মাগি যিকেইটা চাউল পায় তাৰেই দৈনন্দিন জীৱন চলাই নিয়ে। এনেদৰে শিশুৰ পৰা বৃদ্ধলৈ বহু দিব্যাংগৰ পৰিয়াল যুঁজ দিব লাগে দৈনন্দিন ক্ষুধাৰ সৈতে। এই প্ৰতিবেদকে সাক্ষাৎ কৰিছিলো একোটা চুবুৰী চৰিয়াপাৰৰ অলকা দাস (২২ বছৰ), প্ৰদীপ দাস (২৫ বছৰ), জ্যোতিষ্মান (৪ বছৰ), ৰীমা দাস (৮ বছৰ), গৌতম দাস (৩০ বছৰ), ঘনেশ্যাম দাস (১৩ বছৰ), কামেশ্বৰ বৈশ্য (৩২ বছৰ), দিবাকৰ বৈশ্য (১৩ বছৰ), সুস্মিতা দাস (৮বছৰ), দীৰ্ঘেশ্বৰ দাস  (৮ বছৰ), মধুস্মিতা দাস (১৫ বছৰ), সক্ষণ দাস (৪৫ বছৰ), দিগন্ত দাস (১২ বছৰ), দিপালী দাস (৪৫ বছৰ), ধ্ৰুৱজ্যোতি দাস (১০ বছৰ), দুৰ্গা দাস (২৮ বছৰ), ৰাকেশ দাস (২২ বছৰ), ভদ্ৰকুচি চুবুৰীৰ দ্ৰুপদী দাস (৬৬ বছৰ), মহেশ দাস (৪বছৰ) আদিকে ধৰি বহুতো দিব্যাংগক।

গাঁওখনত কিয় এনে পৰিস্থিতি? কিয় ইমান সংখ্যক লোক শাৰীৰিকভাৱে অক্ষম? এই সন্দৰ্ভত জানিবলৈ আমি সাক্ষাৎ কৰিছিলো স্থানীয় বড়ি-টাপা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ শ্বাহানুৰ হুছেইনক। চিকিৎসকগৰাকীয়ে এনেদৰে কয়- 'গাওঁখনৰ দৰিদ্ৰতাই মুখ্য কাৰণ। পৰিয়ালৰ কৰ্মজীৱন মাছ মৰা যদিও ইয়াত শাক-পাচলিৰ উৎপাদন বৰ বিশেষ নাই। মানুহখিনিয়ে বজাৰৰ পৰা শাক-পাচলি ক্ৰয় কৰি খাবলৈও সক্ষম নহয়। প্ৰতিগৰাকী গৰ্ভৱতী নাৰীয়ে ৰক্তহীনতাত ভোগা। বহু সময়ত এনে নাৰীয়ে জন্ম দিয়া সন্তানৰ শাৰীৰিক বিকাশ অথবা মগজুৰ বিকাশ কম হয়। খোৱাপানীৰ ক্ষেত্ৰতো বিশুদ্ধকৰণ, জীৱানুমুক্তকৰণৰ সীমাৱদ্ধতা আছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মতে, 'খোৱাপানীত মাত্ৰাধিক আৰ্ছেনিক আছে। মুঠতে এনে বিভিন্ন কাৰণত শিশুৰ পৰা বৃদ্ধলৈ বহুতৰে শাৰীৰিক বিসংগতি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে মানুহখিনিৰ বেছিভাগৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট সচেতনতাৰ অভাৱ আছে।'

গাঁওখনৰ উৎপল দাস, নৱ দাস, মানস দাস, মনোৰঞ্জন দাসক লগ পাইছিলো ৰাস্তাতে। মুখত তেওঁলোকৰ এমোকৰা এমোকৰা গুটখা। তেওঁলোকৰ পৰিচয় লোৱাৰ পাছত শিক্ষাৰ কথা সোধোতে কোনোৱে একো ক'ব নোখোজে। পাছলৈ স্থানীয় সিক্ষক পৰীক্ষিত দাসে ক'লে যে- এওঁলোকে বিদ্যালয়লৈ নাযায়। বয়স তেওঁলোকৰ ১৩ৰ পৰা ১৬ বছৰ হ'ব। কোনোৱে যদি চুতৰ্থ শ্ৰেণীলৈ কোনোজন ৬ষ্ঠ শ্ৰেণীলৈ পঢ়া। তেওঁলোক অজ্ঞাত কাৰণতেই বিদ্যালয়লৈ নোযোৱা হৈছে। অভিভাৱকৰো গুৰুত্ব নাই। দুই এদিন পিতৃৰ সৈতে মাছলৈ গৈ সহায় কৰি দিয়ে তাতেই পৰিয়ালৰ সকলো সন্তুষ্ট।

এনেকুৱা সিশু, কিশোৰ-কিশোৰী অজস্ৰজন আচে। পিতৃ-মাতৃ সকলো বৰ বিশেষ শিক্ষাৰ পোহৰ নেদেখা। গাওঁখনত বিদ্যালয়ো আছে অথচ বিদ্যালয়লৈ নাযায় ল'ৰা-ছোৱালী, কোনো কোনোৱে মধ্যাহ্ন ভোজনৰ বাবে বিদ্যালয়লৈ যায় যদিও আধাতে বিদ্যালয় সামৰে। এনে ক্ষেত্ৰত চৰকাৰী বিষয়-ববীয়াৰো একো দায়িত্ব নাই। দায়িত্ব নাই স্থানীয় বিধায়ক তথা বৰ্তমানৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। এনে ক্ষেত্ৰত এই সকল শিশু, কিশোৰ-কিশোৰীৰ ভৱিষ্যৎ কি? সেয়া আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in