লকডাউনৰ মাজতে গুৱাহাটীত চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া বজাৰ, কেইটামান ধনত মেনেজ বন বিভাগ-আৰক্ষী…

লকডাউনৰ মাজতে গুৱাহাটীত চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া বজাৰ, কেইটামান ধনত মেনেজ বন বিভাগ-আৰক্ষী…

গুৱাহাটীত চলিছে অবৈধ চোৰাং কাঠৰ অবৈধ বজাৰ। কেমেৰাত ধৰা পৰিছে কেনেদৰে জিতু-প্ৰকাশ বাহিনীয়ে মেনেজ কৰে এই বেপাৰ। আৰক্ষী-বন বিভাগৰ লোক যেন তেওঁলোকৰ হাতৰ পুতলা। দেখিও নেদেখে বন বিভাগৰ বৰমূৰীয়াই। এখন ক'লা গাড়ী লৈ গেট-তালাচী চকী মেনেজ কৰে এই চক্ৰই। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ প্রথমখন অনুসন্ধানমূলক প্ৰতিবেদন।

লকডাউনৰ মাজতে ৰাজ্যত অব্যাহত আছে বিশাল চোৰাং কাঠৰ বেহা। মেঘালয়, কাৰ্বিআংলং, ডিমাহাচাওৰ পৰা ভিতৰুৱা পথেৰে বিনা টিপিত কাঠ আনি এটা চক্ৰই অব্যাহত ৰাখিছে এই চোৰাং কাঠৰ বজাৰখন।

মধ্য অসমৰ চোৰাং কাঠৰ এই ৰমৰমীয়া ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে আৰক্ষী, বন বিষয়া আৰু একাংশ দালাল। বৰ্ণিহাটত থকা এটা কাঠৰ মিলৰ পৰাও এই চোৰাং ব্যৱসায় চলি আছে। চোৰাংকৈ অনা কাঠবোৰ জমা হয়হি যোৰাবাটত।

তাৰপৰাই মহানগৰীকে ধৰি বিভিন্ন স্থানলৈ সৰবৰাহ হয় চোৰাং কাঠ। জাগীৰোডত জিতু আৰু যোৰাবাটত প্ৰকাশ নামৰ এজন লোকে এই চোৰাং কাঠ কঢ়িওৱা ট্ৰাকসমূহ সুচাৰুৰূপে পাৰ কৰোৱাৰ দায়িত্ব লয়।

এনেদৰেই ট্ৰাকেৰে চোৰাং কাঠ হৈছে সৰবৰাহ…

কাঠৰ ট্ৰাক অহাৰ সময়ত আৰক্ষীৰ তালাচী চকী আৰু বন বিভাগৰ লোকক মেনেজ কৰিবলৈ এখন ক'লা ৰঙৰ গাড়ীত গৈ নিৰ্দিষ্ট তালাচী চকী আৰু ফৰেষ্ট গেটত উপস্থিত হয়গৈ জিতু এণ্ড প্ৰকাশ কোম্পানী। তাৰপাছতে গুৱাহাটীত সোমাব খোজা মেঘালয়ৰ মাজেৰে অহা ট্ৰাকসমূহ অসমৰ বন বিভাগৰ নামত ভুৱা টিপি ব্যৱহাৰেৰে সৰবৰাহৰ দায়িত্ব লয়।

দৈনিক কেইবাখনো ট্ৰাকে এনেদৰে বন বিভাগৰ জ্ঞাতে আৰু আৰক্ষীক মেনেজ কৰি চোৰাং কাঠ সৰবৰাহ কৰি আহিছে। ডিমাহাচাওৰ পৰা চোৰাং কাঠ কঢ়িওৱা ট্ৰাকসমূহ ৰংপংবঙৰ পৰা খান্দুলি হৈ জোৱাইত ওলাইগৈ।

ক'লা গাড়ীত আহি একাংশ দালালে দিছে বনবিভাগ-আৰক্ষীক মেছেজ…

আন এক চোৰাং কাঠৰ ট্ৰাক চলাচল কৰাৰ পথ হ'ল উম্পানা হৈ হাৱাইয়েদি নেলিত ওলাইগৈ। এই দুটা পথেৰে বিনা বাধাই কেৱল চোৰাং কাঠেই নহয়, কয়লা, চূনশীল, বগা পাত্থৰ আদি চোৰাং খনিজ আৰু বনজসম্পদৰ লুন্ঠন চলি আহিছে।

আনকি দুদিনৰ পূৰ্বে হাৱাই-নেলি পথত এখন দলঙৰ পৰা বাগৰি পৰিছিল এখন কয়লাভৰ্তি ট্ৰাক। সেই ট্ৰাকখন দুৰ্ঘটনাস্থলীতে আছে যদিও ওলোৱা নাই কোনো মালিক। এই কথাই প্ৰমাণ কৰে যে, এই ট্ৰাকখনত আছিল চোৰাং কয়লা।

মেঘালয়ৰ পৰা যিসময়ত অসমত সাধাৰণ যান-বাহন প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল, সেই সময়ত এই ট্ৰাকবোৰে বৰ্ণিহাট টোলগেট আৰু অসম সীমান্তত স্থাপন কৰা তালাচী চকী হেলেঙেৰে পাৰ হৈ প্ৰৱেশ কৰিছিল ৰাজ্যত।

অসমৰ পৰাহে অত্যাৱশ্যকীয় বয়বস্তু কঢ়িওৱা ট্ৰাক মেঘালয়ৰ পথেৰে বৰাক বা চুবুৰীয়া ৰাজ্যখনলৈ যোৱাৰ অৱকাশ থাকে। কিন্তু এইদৰে ভৰ্তি কেইবাচকীয়া এই ট্ৰাকবোৰত যে চোৰাং কাঠ-কয়লা আদি চোৰাংভাৱে সৰবৰাহ হৈ আছে সেই কথা জানিও নজনা ভাও ধৰি আছে বন বিভাগ তথা আৰক্ষীয়ে।

এই চোৰাং কাঠ সৰবৰাহৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত আহি পৰিছে বহু বিস্ফোৰক তথ্য। ক'লা গাড়ীখনত ঘূৰা শইকীয়া উপাধিধাৰী যোৰাবাটৰ এজন ব্যক্তিয়ে মেনেজ কৰে এই চোৰাং বেপাৰ।

আনকি ৰাজ্যৰ শীৰ্ষ পদবীধাৰী বন বিভাগৰ লগতে কেইবাজনো শাসকীয় পক্ষৰ ৰাজনৈতিক নেতালৈও আহে ইয়াৰ ভাগ। কিদৰে এই চক্ৰই আৰক্ষীক কাঠ ভৰ্তি ট্ৰাক আহিলে ধনেৰে মেনেজ কৰে সেই দৃশ্যও বন্দী হৈছে কেমেৰাত।

লকডাউনৰ সময়ত আন গাড়ী চলাচল বন্ধ হোৱাৰ সুযোগ গ্ৰহণ কৰিছে এই চক্ৰটোৱে। দীৰ্ঘদিনৰ পৰা এনেদৰে বন ধ্বংস অভিযানেৰে মেঘালয় আৰু বৰাক তথা পশ্চিম কাৰ্বিআংলঙৰ পৰা চোৰাং কাঠৰ সৰবৰাহ হৈ আছে যদিও বন বিভাগৰ লোক কথা বন মন্ত্ৰী নিমাত।

লকডাউনৰ মাজতে চলিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা…

স্থানীয় আৰক্ষীৰ উপৰিও উচ্চপদস্থ আৰক্ষী বিষয়াকো দিয়া হয় এই চোৰাং কাঠৰ ধন। ডিমাহাচাওৰ পৰা অহা কাঠসমূহ ভিতৰুৱা বৈঠালাংছ'ৰ পথেৰে মেঘালয় হৈ অসমত প্ৰৱেশ কৰাৰ পথত বন বিভাগৰ কোনো লোকেই বাধা নিদিয়ে। ইয়াৰ বাবদত মেঘালয়ক কিছু পৰিমানৰ ৰাজহ দিয়ে যদিও, অসমৰ বন বিভাগে এই চোৰাং কাঠ সৰবৰাহত হাত উজান দি ভুৱা টিপিৰে কাঠসমূহ পৰবিহনৰ ক্ষেত্ৰত সহায় কৰি দিয়ে।

জিতু আৰু প্ৰকাশে কিদৰে এই বনজ সম্পদ ধ্বংস অভিযানত আৰক্ষীৰ বন বিভাগৰ লোক মেনেজ কৰিছে সেই বিষয়ে আহি পৰিছে বিস্ফোৰক তথ্য। জাগীৰোডত জিতু আৰু যোৰাবাটত প্ৰকাশৰ সহায় অবিহনে এই চোৰাং কাঠ সৰবৰাহ সম্ভৱ নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in