লকডাউনত কি হ’ব দিন হাজিৰা কৰা শ্ৰমিকৰ? সেই সময়তে আবিৰ্ভাৱ এজন দেৱদূতৰ… VIDEO

লকডাউনত কি হ’ব দিন হাজিৰা কৰা শ্ৰমিকৰ? সেই সময়তে আবিৰ্ভাৱ এজন দেৱদূতৰ… VIDEO

লকডাউন আৰম্ভ হ'ল। সকলোৱে মানি চলক এই নিৰ্দেশনা। কিন্তু কি হ'ব দিনহাজিৰা কৰি খোৱা লোকসকলৰ। ৭ দিন তেওঁলোক কেনেদৰে চলিব? ভাবিছেনে কোনোবাই তেওঁলোকৰ কথা। কোৰোনাৰ জটিল পৰিস্থিতিৰ পৰা বাচিবলৈ লকডাউনৰ গত্যন্ত নাই। কিন্তু তাৰ মাজতে ভাবিব লাগিব এই লোকসকলৰ কথা। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক প্ৰতিবেদন।

সমগ্ৰ ৰাজ্যতে আৰম্ভ হ'ল লকডাউন। ২৪ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা লকডাউনেৰে কোৰোনা ভাইৰাছ প্ৰতিহত কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু তাৰ মাজতে প্ৰশ্ন উঠিছে এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ উপযুক্ত চিকিৎসাৰ বাবে অসমত পৰ্যাপ্ত সা-সুবিধা আছেনে?

চিকিৎসা সেৱাৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ স্থানত থকা দেশসমূহৰ অৱস্থাই আজি কাহিল হৈ পৰিছে। আমেৰিকাৰ দৰে দেশত কোৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ দীৰ্ঘদিনৰ বাবে শক্তি নাই বুলি হাত দাঙি দিছে খোদ ডনাল্ড ট্ৰাম্পে।

ইটালীৰ অৱস্থা কি হৈছে সেয়া সকলোৱে গম পাইছে। বিশ্বৰ গুণগত চিকিৎসাৰ সা-সুবিধা থকা দেশবোৰৰ ৰেংকিঙৰ তালিকাত ইটালীৰ স্থান দ্বিতীয়। তেনেস্থলত ভাৰত বা অসমৰ অৱস্থা কি হ'ব পাৰে সেয়া অকল্পনীয়।

অসম বিধানসভাত মুকলিকৈয়ে কোৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ল'লে পৰিস্থিতি কি হ'ব তাৰ উত্তৰ নাই বুলি স্বীকাৰ কৰিছে খোদ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সদনত জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰৰ হাতত বিত্তীয় বৰ্ষৰ শেষৰ ফালে এনেও ধন নাথাকে। তেনে পৰিস্থিতিত লকডাউন দীঘলীয়া হ'লে কি হ'ব পাৰে তাৰ উত্তৰ বিত্তবিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই।

ইফালে, কোৰোনা ভাইৰাছৰ চিকিৎসা আগবঢ়াবলৈ চিকিৎসক তথা চিকিৎসা কৰ্মীৰ বাবে পাৰ্ছনেল প্ৰটেকশ্যন ইকিউপমেন্টৰ চমুকৈ পি পি ইৰ প্ৰয়োজন। এই পি পি ইৰ অভাৱ এতিয়া ৰাজ্যত। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ২০০০ চিকিৎসক তথা চিকিৎসাকৰ্মীৰ বাবেহে সাজু কৰা হৈছে পি পি ই।

ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন, আছামৰ বিষয়ববীয়াসকলে হিমন্ত বিশ্ব শৰ্মালৈ এই সন্দৰ্ভত এখন পত্ৰও প্ৰেৰণ কৰিছে। চিকিৎসাৰ আন্তঃগাঁথনিকে ধৰি আন বহু সমস্যাৰে এতিয়া ভাৰাক্ৰান্ত ৰাজ্য। কিবা কাৰণত কোৰোনা ভাইৰাছে জটিল ৰূপ ধাৰণ কৰিলে পৰিস্থিতি অতি ভয়াৱহ যে হৈ পৰিব সেই ইংগিতে এতিয়া পোৱা গৈছে। সেয়েহে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে বচাই ৰখাৰ কোনো বিকল্প নাই।

এতিয়ালৈকে ৰাজ্যত কোৰোনা ভাইৰাছৰ ১৬৯টা নমুনা পৰীক্ষা কৰা হৈছে। সুখৰ খবৰ যে এজনৰ দেহতো সেই ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই। লকডাউন দীঘলীয়া হ'লে পৰিস্থিতি কেনেকৈ চম্ভালিব তাক লৈ চিন্তিত খোদ স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

সদনত তেওঁ জনাই যে এই মুহূৰ্তত ৰাজকোষত কৰ্মচাৰীক দৰমহা দিয়াৰ বাবেহে ধন আছে। লকডাউনৰ সময়ত দৰিদ্ৰ শ্ৰমিক সকলৰ কি হ'ব সেই উত্তৰো নাই চৰকাৰৰ হাতত। মন কৰিবলগীয়া যে, ৰাজ্যত ২,৭২,০০০ পঞ্জীয়নকৃত শ্ৰমিক আছে। যিসকলে দিনটোৰ উপাৰ্জনেৰে পৰিয়ালটোক পোহ-পাল দিয়ে।

এই সকল লোকৰ এই লকডাউনৰ ফলত কি হ'ব বা তেওঁলোকক চৰকাৰে কিধৰণে সহায় কৰিব সেই উত্তৰো হেনো নাই বৰ্তমানৰ চৰকাৰৰ হাতত। তাৰমাজতে চৰকাৰৰ সাহায্য পুঁজিলৈ কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ বিভিন্ন জনে সহায়ৰ হাত আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।

অসমৰ কংগ্ৰেছৰ বিধায়কসকলে তেওঁলোকৰ এমাহৰ ধন কোৰোনা ভাইৰাছৰ বাবে চৰকাৰক দিবলৈ সিদ্ধান্ত লৈছে। কিন্তু এইবোৰে এই সাধাৰণ শ্ৰমিকজীৱী লোকসকলৰ সমস্যা সমাধান নকৰে। লকডাউনৰ ফলত ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিও অধিক জটিল হৈ পৰাৰ সম্ভাৱনা আছে।

শ্ৰমজীৱী লোকসকলৰ বাবে ১ এপ্ৰিললৈকে কোনো সহায়ৰ হাত আগবঢ়াব পৰা সিদ্ধান্ত চৰকাৰে লোৱা নাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, ১ এপ্ৰিলৰ পাছত তেওঁলোকে বিনামূলীয়াকৈ চাউল লাভ কৰিব। কিন্তু এই সময়চোৱাত এই সকল লোকৰ কি হ'ব সেই কথা এতিয়া চৰকাৰে ভবা নাই।

ৰিক্সাৱালা, ঠেলাৱালা বা আন ক্ষেত্ৰত জড়িত শ্ৰমিকসকলে দুই-এদিনৰ ৰেচন যোগাৰ কৰিব পাৰিলেও ৭দিন ধৰি লকডাউন হৈ থকাৰ পাছত এই সকল লোক অনাহাৰত ভূগিব লাগিব। দেশৰ আন ৰাজ্যসমূহে এই দিশত চিন্তা-চৰ্চা কৰি উদ্যোগ লৈছে যদিও অসমৰ ক্ষেত্ৰত তেনে ইতিবাচক কোনো সিদ্ধান্ত লোৱা নাই চৰকাৰে।

লকডাউন আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ বিপৰীতে দেখা পোৱা গ'ল এক বিপৰীত দৃশ্য। নিজৰ ঘৰলৈ বজাৰ কৰাৰ সলনি এজন লোকে পলিথিনৰ পেকেটত চাউল, দাইল আৰু অন্যান্য সামগ্ৰী টোপোলা কৰি বহু শ্ৰমজীৱী লোকক প্ৰদান কৰাও দেখিবলৈ পোৱা যায়।

এই সামগ্ৰী সমূহ তেওঁ মুলতঃ কেইবাজনো ৰিক্সাৱালাৰ মাজত বিতৰণ কৰে। সেই সকলৰ বাবে এই কঠিন সময়ত এই লোকজন মানুহ নহয় যেন দেৱদূতহে। চৰকাৰে ইতিমধ্যে এই ভাইৰাছৰ প্ৰতিৰোধৰ বাবে পাৰ্যমানে নীতি-নিৰ্দেশনা জাৰি কৰি ব্যৱস্থা গ্ৰহণ কৰিছে।

অসমত পঞ্জীয়নকৃত শ্ৰমিকৰ লগতে ১৫ লক্ষাধিক অসংগঠিত শ্ৰমিক আছে। যিসকলে দিনটোৰ হাজিৰাৰে পেট প্ৰবৰ্তন কৰে। এনে কঠিন সময়ত এই সকল লোকৰ কথাও চিন্তা কৰা উচিত। যাতে কোনেও খাদ্যৰ অভাৱত বা সংকটত ভূগিব লগা নহয় তাৰ প্ৰতি সকলোৰে মানৱীয় দায়িত্ব আছে এই সময়খিনিত।চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে উপলব্ধি কৰা উচিত। সকলো নীতি-নিয়ম মানি চৰকাৰে প্ৰয়োগ কৰা লকডাউনৰ মাজতে এই সাধাৰণ আৰু দৰিদ্ৰ লোকসকলৰ কথাও সকলোৱে ভাবিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in