প্ৰশান্তই কি পলিটিক্স কৰিছে? ভাইৰেল AUDIOত গৰম ৰাজনীতি…

প্ৰশান্তই কি পলিটিক্স কৰিছে? ভাইৰেল AUDIOত গৰম ৰাজনীতি…

এটা অডিঅ' ক্লীপত পুনৰ গৰম ৰাজনীতি। ৰাজনৈতিক নেতাৰ তীব্ৰ বাক্যবাণ। কি এই অডিঅ' ক্লীপ। অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন…

খেলা হবে! কি বিজেপি, কি তৃণমূল ! বংগ ৰাজনীতিৰ খেলপথাৰত এতিয়া সকলোৱে প্ৰৰ্দশন কৰিছে নিজৰ খেল। ফলাফল কি হ'ব পাছৰ কথা, কিন্তু নিজৰ খেল দেখুওৱাত অকণো কৃপনালি কৰা নাই কোনো এটা ৰাজনৈতিক দলে। দৰ্শকৰ শাৰীত বহি খেলখন দূৰৰ পৰাই চাই থকা সাধাৰণ জনতাৰ মনত এটাই প্ৰশ্ন- এই খেলখনত জিকিব কোন?

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ কেইবাটাও সমীক্ষাত ইতিমধ্যে প্ৰকাশ পাইছে যে, বংগত 'দিদি'ক পৰাভূত কৰাটো ইমান সহজ নহ'ব। মমতা বেনাৰ্জীয়েই এইবাৰো বংগৰ গাদীত বহিব বুলি কেইবাটাও অপিনিয়ন প'লত প্ৰকাশ পোৱাৰ পাছতে অধিক আত্মবিশ্বাসেৰে খেলপথাৰত নামিছে তৃণমূল কংগ্ৰেছ তথা 'দিদি' বাহিনী।

এই সমীক্ষাবোৰত যদিও কোৱা হৈছে মমতা বেনাৰ্জীৰ হাততেই শাসনৰ বাকজৰী থাকিব, ইয়াৰ সমান্তৰালভাৱে আন এটা দিশৰ কথাও কোৱা হৈছে। প্ৰায়বোৰ সমীক্ষাত দিদিৰ বাবেও এইবাৰৰ খেল ইমান সহজ অথাত ভাতৰ লগত পানী খোৱাৰ দৰে নহব বুলি উল্লেখ কৰা হৈছে। কিয়নো এই খেলত বিৰোধী তথা গেৰুৱা বাহিনীয়েও সৰ্বশক্তিৰে নামিছে খেলপথাৰত।

পূৰ্বতকৈ ২০২১ত পশ্চিমবংগত বিজেপিৰ আসন বৃদ্ধি পোৱাৰ কথা প্ৰায় সকলো সমীক্ষাতে প্ৰকাশ পাইছে। ইয়াৰ কেইবাটাও কাৰনো উল্লেখ কৰা হৈছিল এই সমীক্ষাবোৰত। বিজেপিৰ সকলো শীৰ্ষ নেতাই পশ্চিম বংগত এইবাৰ অধিক গুৰুত্ব প্ৰদান কৰিছিল। ৭টা পৰ্যায়ত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ প্ৰতিটো পৰ্যায়ৰ আগত ৩-৪বাৰকৈ বংগ ভ্ৰমণ কৰিছে খোদ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।

দিদিৰ হাতৰ পৰা পশ্চিম বংগ কাঢ়ি আনিব পাৰিলে, সেয়া হব বিজেপিৰ বাবে এক বিশেষ কৃতিত্ব। কিন্তু বিজেপিয়েও জানে সেয়া সিমান সহজ নহয়। সাধাৰণ আৰু স্পষ্টবাদী মমতা বেনাৰ্জীৰ জনপ্ৰিয়তা, 'বংগৰ অগ্নিকন্যা' বুলি পশ্চিম বংগত থকা এক আৱেগৰ আগত যিকোনো ৰণকৌশল সহজে কৃতকাৰ্য হব নোৱাৰে।

ৰণকৌশলৰ প্ৰসংগ আহোতেই এইখিনিতে উল্লেখ কৰিব লাগিব যে, বংগত এইবাৰ দিদিৰ হৈ ৰণকৌশল তৈয়াৰ কৰিছে প্ৰশান্ত কিশোৰে। এতিয়া প্ৰশান্ত কিশোৰ কোন, এই কথা হয়তো পাঠকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। নৰেন্দ্ৰ মোডীক বৰ্তমানৰ নৰেন্দ্ৰ মোডী হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰশান্ত কিশোৰৰ অৱদান হয়তো বিনাদ্বিধাই প্ৰধানমন্ত্ৰীগৰাকীয়েও স্বীকাৰ কৰিব।

ৰাজনীতিৰ কৌটিল্য হিচাপে জনাজাত প্ৰশান্ত কিশোৰ এইবাৰ দিদিৰ আঁৰৰ মানুহ। বিজেপিয়েও এই কথা জানে যে, প্ৰশান্ত কিশোৰৰ ৰণকৌশল কিমান শক্তিশালী আৰু ফলপ্ৰসু। মমতা বেনাৰ্জীক পুনৰ শাসনত গাদীত বহুৱাৰ দায়িত্ব লোৱাৰ পাছত, সেই দায়িত্ব যে কিশোৰে অতি নিষ্ঠাৰে পালন কৰিব সেই কথা বিজেপিয়ে ভালকৈয়ে জানে।

এফালে নিৰ্বাচনী প্ৰচাৰ, আনফালে ভোটগ্ৰহণ আৰু ব্যাপক হিংসাত্মক ঘটনাৰ মাজত শনিবাৰে অনুষ্ঠিত হৈছে বংগৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন। বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত তীব্ৰ সংঘাত আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চি এ পি এফৰ গুলীচালনাত ৪গৰাকীকৈ লোকৰ মৃত্যুৱে অধিক উত্তপ্ত কৰিছে বংগৰ ৰাজনৈতিক প্ৰেক্ষাপট। এই সকলোবোৰৰ মাজতে এটা অডিঅ' ক্লীপে বংগৰ ৰাজনীতি অধিক গৰম কৰিছে।

এই অডিঅ' ক্লীপটো হৈছে বংগত দিদিক শাসনৰ গাদীত অধিষ্ঠিত কৰিবলৈ দায়িত্ব লোৱা প্ৰশান্ত কিশোৰৰ। ক্লীপটো এটা গ্ৰুপত হোৱা কথা-বাৰ্তাৰ । কেইবাগৰাকীও ৰাজনৈতিক বিশ্লেষকে গ্ৰুপটোত বংগৰ ৰাজনৈতিক পৰিস্থিতি আৰু আগন্তুক সম্ভাৱ্য ফলাফলৰ সন্দৰ্ভত আলোচনা কৰি আছিল।

অনুষ্ঠাটোৰ আঁতধৰোতা গৰাকীয়ে প্ৰশান্ত কিশোৰক সুধিছিল যে, পশ্চিম বংগত শেহতীয়াকৈ ৰাজনৈতিক প্ৰেক্ষাপট কেনে? তেতিয়া প্ৰশান্ত কিশোৰে কৈছে- নিশ্চিতভাৱে পশ্চিমবংগত এইবাৰ তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, যিটো বিজেপিৰ বাবে অতিকে প্লাছ পইন্ট।'

কিশোৰে লগতে এই আলোচনাত মোডীৰ জনপ্ৰিয়তাৰ কথাও দোহাৰিলে। তেওঁ কলে যে, পশ্চিম বংগত মোডীৰ ব্যাপক জনপ্ৰিয়তা আছে। হিন্দীভাষী লোকসকলৰ মাজত মোডীৰ জনপ্ৰিয়তা আটাইতকৈ বেছি। তেওঁ লগতে কয়, কিবা ভুল কৰিলেও পশ্চিম বংগত এচাম লোকে মোডীক ভগৱানৰ দৰে গণ্য কৰে।

এই অডিঅ ক্লীপটোত প্ৰশান্ত কিশোৰে আওপকীয়াকৈ পশ্চিম বংগত বিজেপিৰ ভাল ফলাফল হব বুলি এক ইংগিত দিব বিছাৰিছে বুলিও ৰাজনৈতিক বিশ্লেষকসকলে কব খুজিছে। কিন্তু এইখিনিতে প্ৰশ্ন হয়, মমতা বেনাৰ্জীৰ হৈ ৰণকৌশল তৈয়াৰ কৰা প্ৰশান্ত কিশোৰে কিয় এনেদৰে কলে?

দৰাচলতে ফোনযোগে হোৱা এই অডিঅ আলোচনাচক্ৰত প্ৰশান্ত কিশোৰে পশ্চিম বংগৰ সমগ্ৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত ব্যাখা কৰিছিল। ভাইৰেল হোৱা ২ মিনিট ১২ চেকেণ্ডৰ অডিঅ'ৰ উপৰিও পাছলৈ আৰু বহু কথা তেওঁ কৈছিল বুলি প্ৰশান্ত কিশোৰে দাবী কৰিছে।

ইফালে লক্ষ্যণীয় কথাটো হৈছে, ছচিয়েল মিডিয়াত এই অডিঅ ক্লীপটো প্ৰথম ভাইৰেল হৈছিল বিজেপিৰ আই টি চেলৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা অমিত মালৱীয়ৰ টুইটৰ পৰা। প্ৰশান্ত কিশোৰে দাবী কৰিছে যে, বিজেপিয়ে তেওঁ ৰখা মন্তব্যৰ প্ৰথম ভাগহে ছচিয়েল মিডিয়াত আপলোড কৰিছে।

প্ৰশান্ত কিশোৰে এই অডিঅ ক্লীপৰ ওপৰত স্পষ্টীকৰণ দি কয়,- মই ভাল পাইছো, যে বিজেপিয়ে তেওঁলোকৰ নেতাতকৈ মোক অধিক গুৰুত্ব প্ৰদান কৰিছে। কিন্তু তেওঁলোকক মই অনুৰোধ কৰিছো তেওলোকে সম্পূৰ্ণ অডিঅটো ছচিয়েল মিডিয়াত এৰক। কিশোৰে লগতে কয়, এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে বংগত ১০০ৰ সংখ্যাও চুব নোৱাৰে।

ইফালে এই অডিঅ ভাইৰেল হোৱাৰ পাছতে বিজেপিয়ে বাক্যবাণেৰে গৰম কৰি তুলিছে ৰাজনৈতিক পৰিৱেশ। বিজেপিৰ মতে, প্ৰশান্ত কিশোৰে জানে বংগত এইবাৰ বিজেপিৰ চৰকাৰ। কিন্তু মানুহক বুৰ্বক সজাবলৈ তেওঁ টি এম চিৰ সৈতে সংযুক্ত হৈছে।'

বিজেপিৰ এনে কটাক্ষৰ বিপৰীতে প্ৰশান্ত কিশোৰে কৈছে যে,- যুজ কঠিন বুলি উল্লেখ কৰোতেই এনেদৰে উল্লাস কৰাটো আচলতে দুৰ্বলতাৰহে চিন। পৰিস্থিতি বাস্তৱসন্মতভাৱে ব্যাখা কৰিলে শুনিবলৈও ধৈৰ্য লাগিব। পৰিস্থিতি গৰম দেখি প্ৰশান্ত কিশোৰে টুইটাৰত লগতে লিখিলে- I have said this before & repeating again – BJP will not to CROSS 100 in WB. Period.

এতিয়াও অডিঅটোৰ সন্দৰ্ভত প্ৰশান্ত কিশোৰে খুলি কোৱা নাই যদিও ভাইৰেল সেই অডিঅটো-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in