২লাখ দিয়ক ১কোটিৰ ঠিকা লওঁকঃ মন্ত্ৰী-সাংসদৰ কাষত থাকি কমিচনৰ দোকান খুলিছে বিজেপিৰ আই টি ছেলৰ কৰ্মীয়ে…

২লাখ দিয়ক ১কোটিৰ ঠিকা লওঁকঃ মন্ত্ৰী-সাংসদৰ কাষত থাকি কমিচনৰ দোকান খুলিছে বিজেপিৰ আই টি ছেলৰ কৰ্মীয়ে…

এক কোটিৰ কাম দিম, দুই লাখ কমিচন লাগিব। কাম দিলে ৪০লাখৰ। নাৰাজ ঠিকাদাৰ। উভতাই লাগে ধন। ২০ শতাংশহে ধন ঘূৰাই দিব পাৰিব, বাকীবোৰ বিলাওতেই গল। ঠিকাদাৰো আছিল বিজেপি কৰ্মী। কমিচন লোৱা বিজেপি আই টি ছেলৰ এজন কৰ্মকতা আৰু ঠিকাদাৰৰ মাজত সংঘাত। স্বচ্চ প্ৰশাসনৰ নমুনা এয়া! কেনেদৰে চলিছে ৰাজ্যত কমিচনৰ মুকলি বজাৰ। মৃদুল কুমাৰ সন্দিকৈৰ বিশেষ প্ৰতিবেদন।

শূণ্য দুৰ্নীতিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাতেই চলিছে দুৰ্নীতিৰ মুকলি বজাৰ। বিজেপি একাংশ নেতা-সাংসদে এই দুৰ্নীতি বজাৰৰ চৰ্দাৰৰূপে কাম দিয়াৰ নামত একাংশ দালালৰ যোগে সংগ্ৰহ কৰে ধন।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত পৰা তথ্য অনুসৰি বিজেপিৰ আই টি চেলত কাম কৰা আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ ঘনিষ্ঠ বুলি দাবী কৰা দুলৰ্ভ নাথ নামৰ এজন যুৱকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিজেপিৰে এজন কৰ্মীয়ে।

নিৰ্মল পায়েং নামৰ বিজেপি কৰ্মী তথা ঠিকাদৰজনে এই দুৰ্নীতিৰ সন্দৰ্ভচত দলটোৰ উৰ্ধতম কৰ্তৃপক্ষকো অৱগত কৰাৰ লগতে সেই সন্দৰ্ভত সহায় কৰিবলৈ লখিমপুৰ জিলাৰ আছু নেতৃত্বকো অনুৰোধ কৰিছিল। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে সেই সন্দৰ্ভত লখিমপুৰ জিলাৰ আছুৰ নেতা প্ৰাণজিত গগৈৰ সৈতে যোগাযোগ কৰাত নিৰ্মল পায়েঙে কাম দিয়াৰ নামত বিজেপি আই টি চেলৰ দুলৰ্ভ নাথে ধন লোৱা বুলি নিৰ্মল পায়েঙে অভিযোগ দিয়া বুলি কয়।

কিবা এটা কৰক আপোনালেোকে বুলি নিৰ্মল পায়েঙে দুলৰ্ভ নাথৰ সৈতে হোৱা মেচেজৰ স্কীণচৰ্টো তুলি দিছিল আছুৰ নেতাজনৰ হাতত। এই স্কীণচৰ্টত দুলৰ্ভ নাথে লিখিছে- এতিয়া তোৰ ১২লাখ লাভ হব। ১২লাখ কম পইচা নহয়।' কিন্তু নিৰ্মল পায়েঙেএই কাম নকৰো বুলি উল্লেখ কৰি কামটো উইদ্ৰ কৰাৰ কথা উ্ল্লেখ কৰিছে।

১২লাখ টকা কম পইচা নহয়…

দুলৰ্ভ নাথে ইয়াৰ প্ৰত্যুত্তৰত লিখিছিল যে নিৰ্মল পায়েঙৰ পৰা লোৱা ধনৰ ২০শতাংশ তেওঁ নিজে ৰাখি বাকী ধন জনৈক পৰাগ দাক দিছে। প্ৰয়োজন হলে সেই ২০ শতাংশ তেওঁ ঘূৰাই দিব পাৰে বুলিও এই মেচেজত দুয়ো বাৰ্তালাপ কৰিছে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি মুঠ ১ কোটি টকাৰ কাম দিয়াৰ কথা আছিল নিৰ্মল পায়েঙক। লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাক কৈ গড়কাপ্তানি বিভাগত সেই ঠিকা দিয়াৰ কথা আছিল দুলৰ্ভ নাথে।

১কোটি টকাৰ কাম দুলৰ্ভ নাথে যোগাৰ কৰি দিব নোৱাৰিলে যদিও পূব তেলাহী গাঁৱৰ পথ নিৰ্মাণৰ বাবে নিৰ্মল পায়েঙক ৪০লাখ টকাৰ কাম দিছিল তেওঁ। ইয়াৰ পূৰ্বেই এক কোটি টকা কাম দিয়াৰ বিনিময়ত নিৰ্মল পায়েঙে দুলৰ্ভ নাথক ২লাখ টকা দিয়াৰ কথা আছিল।

সেই চুক্তি অনুসৰি নিৰ্মল পায়েঙে ১ লাখ ৭০হাজাৰ টকা আদায় দিছিল দুলৰ্ভক। কিন্তু ৪০লাখ টকাৰ কাম দিয়াত অসন্তুষ্ট হৈ নিৰ্মল পায়েঙে ঠিকাটো নকৰি তেওঁ দিয়া ধন ঘূৰাই বিচৰাত দুয়োৰে মাজত ইয়াক লৈ মতভেদ হৈছিল।

দুলৰ্ভ নাথৰ পৰা নিৰ্মল পায়েঙে তেওঁ দিয়া ধন ঘূৰাই বিচৰাত দুলৰ্ভ নাথে মেচেজত লিখিছিল- এগিলাচ পানী খাই অলপ কথাবোৰ ভালকৈ ভাব। এটা মাত্ৰ কামৰ বাবে তই ঠিকাদাৰ হৈছ নেকি? প্ৰদান দাক কলেই অহা মাহত চাৰিটা এ চি গ্ৰুপৰ ৰাস্তা ওলাব, এটা মোক দিম বুলি। এতিয়াও তোৰ ১২ লাখ টকা কম পইচা নহয়।

মোক পইচা ঘূৰাই লাগে

এইদৰে দুয়োৰে মাজত হৈছিল এই কামক লৈ বাৰ্তালাপ। কমিচনৰাজে গড়কাপ্তানী বিভাগৰ ঠিকা প্ৰদানৰ নামত বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে কিদৰে ধন সংগ্ৰহ কৰে তাৰ প্ৰমাণ দুয়োৰে মাজত হোৱা এই বাৰ্তালাপতে পোৱা যায়।

ইফালে এই কাম দিয়াৰ নামত প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়কগৰাকীৰ ভূমিকাও মন কৰিবলগা। ২০ শতাংশ নিজৰ জেপত ভৰাই বাকী ধন ভগাই দিয়া বুলি উল্লেখ কৰিছিল দুলৰ্ভ নাথে। চুক্তি অনুসৰি কাম দিব নোৱাৰাত কমিচনৰূপে দিয়া ধন ঠিকাদাৰ তথা বিজেপি কৰ্মীয়ে বিজেপি কৰ্মীৰ পৰাই ঘূৰাই বিচাৰি সেই অভিযোগ লখিমপুৰ জিলাৰ আছুৰ ওচৰত দাখিল কৰাটোৱেই প্ৰমাণ কৰে ৰাজ্যত কি স্তৰত সংঘটিত হৈ আছে দুৰ্নীতিৰ বেহা।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত একাংশ যুৱ কংগ্ৰেছীয়ে এনেদৰেই মেলিছিল দুৰ্নীতিৰ বজাৰ। যাৰ বাবে কংগ্ৰেছক অতৰাই সুশাসনৰ বাবে বিজেপিৰ হাতত গতাইছিল শাসনভাৰ। কিন্তু বিজেপি বিজেপি যুৱ মৰ্চা তথা একাংশ দালালৰূপী কৰ্মী নেতাই দলটোপ সাংসদ-মন্ত্ৰীৰ পৃষ্ঠপোষকতাত অনুৰূপ কাণ্ডই সংঘটিত কৰাত লখিমপুৰ জিলাৰ সত বিজেপিৰ নেতা-কৰ্মীৰ মাজত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত অভিযোগ তোলা বিজেপি কৰ্মী তথা ঠিকাদাৰ নিৰ্মল পায়েঙক যোগাযোগ কৰাত, তেওঁ এই সন্দৰ্ভত বিজেপিৰ শীৰ্ষ মহলক অৱগত কৰা আৰু আনুষ্ঠানিকভাৱে সকলো কথা সংবাদমাধ্যমত জনাব বুলি কয়।

২০শতাংশহে মই ৰখাইছো

ইফালে এই বাৰ্তালাপত দুয়োজনৰ মাজত উল্লেখ আছে যে, কুলী নামৰ এজন লোকে স্থানীয় বিধায়ক আৰু এম পি মিলি কাম দিয়াৰ বিনিময়ত দালালৰযোগে কমিচন সংগ্ৰহৰ কথা স্পষ্টকৈ উল্লেখ আছে। জনৈক কুলী নামৰ এজন লোকে এউ কামটোত খেলি-মেলি কৰাৰ কথা লিখিছে দুলৰ্ভ নাথে।

নিৰ্মল পায়েঙে ধন ঘূৰাই দিবলৈ অনুৰোধ কৰি লিখিছে- এম পিয়ে ঘূৰাই দিলে হল। অতি লক্ষণীয়ভাৱে এই লুন্ঠনৰাজৰ ছবিখন স্পষ্ট হোৱাই নহয় কমিচনৰ নামত লোৱা সেই ধন যে সাংসদে পোৱাৰ কথাও স্পষ্ট হৈছে।

এই অভিযোগ অৱশ্যে আমাৰ নহয় এই অভিযোগ এজন বিজেপি কৰ্মীৰে। ২৮ মে ২০২০ আবেলি প্ৰায় ৪বজাত দুয়োৰে মাজত হৈছিল এই বাৰ্তালাপ। দুলৰ্ভ নাথে দিয়া বাৰ্তালাপৰ মেচেজৰ স্কীণচৰ্ট নিৰ্মল পায়েঙে তুলি দিছিল আছু নেতাৰ হাতত। যত এই কথাও আছে যে, সাংসদ প্ৰদান দাই যি পাইছে কৰিব কৈছে। নেক্স ডাঙৰ কাম দিয়াৰো প্ৰতিশ্ৰুতি দিছে সাংসদগৰাকীয়ে।

একেবাৰতে সকলো নিবিচাৰিবি

একেবাৰতে সকলো নিবিচাৰিবলৈ দুলৰ্ভ নাথে উপদেশ দিছিল নিৰ্মল পায়েঙক। সম্পৰ্ক বেয়া কৰিলে পুনৰ কাম নিদিয়াকো ভাবুকি দিছিল বিজেপি আই টি চেলৰ এইগৰাকী দুলৰ্ভ নাথে। এই অভিযোগৰ সন্দৰ্ভত দুলৰ্ভ নাথৰ সৈতেও যোগাযোগ কৰা হৈছিল।

তেওঁৰ বিৰুদ্দে উত্থাপিত গুৰুতৰ অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, এয়া অপ্ৰচাৰ। একাংশ আছুকৰ্মীয়ে এই অপ্ৰচাৰ চলোৱা বুলিও তেওঁ দাবী কৰে। ৪০লাখ টকা কাম লোৱাটো সচাঁনে মিছা বুলি সোধাত নিৰ্মল পায়েঙেৰে মিলি সেই কাম তেওঁ লোৱাৰ কথা স্বীকাৰ কৰে।

নিৰ্মল পায়েঙে দিয়া মেচেজসমূহৰ বিষয়ে জানিবলৈ বিচৰাত সেয়া সম্পাদনা কৰা বুলি দাবী কৰে।ইয়াৰ বিপৰীতে অভিযোগকাৰীয়ে এই স্কীণচৰ্টসমূহ তদন্ত কৰিলে সচাঁ -মিছা ওলাই পৰিব বুলি জানিবলৈ দিয়ে।

দুৰ্নীতিৰ শূণ্য সহনশীলতাৰ কথা কোৱা ৰাজ্যৰ শাসকীয় দলটোৰ একাংশই চলোৱা দুৰ্নীতিৰ নমুনা এয়া। আগতে বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে এনে কমিচন লৈছিল। এতিয়া ঠিকা দিয়াৰ নামত, বদলিৰ নিযুক্তি দিয়াৰ নামতো মুকলি বেহা খুলি বহি আছে একাংশ লোক।

ৰাজ্যিক বিজেপিৰ এজন শীৰ্ষ নেতাক এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচৰাত তেওঁ বিষয়টো অৱগত নহয় বুলি এৰাই চলে।কিন্তু এৰাই চলিলেই জানো উত্থাপিত এই অভিযোগৰ চেকাৰ পৰা হাত হাৰিব পাৰিব বিজেপি নেতৃত্ব!

সাধাৰণ লোকে নহয় বিজেপি কৰ্মী তথা ঠিকাদাৰে উদঙাই দিলে কি স্তৰত সংঘটিত হৈছে দুৰ্নীতি। ইয়াৰ পাছত কি পদক্ষেপ লব বিজেপি নেতৃত্ব তথা মুখ্যমন্ত্ৰীয়ে! নে লংকালৈ গলে সকলো ৰাৱণ হোৱাৰ দৰে শাসনৰ ভাৰ লৈ মাজে মাজে দুৰ্নীতিৰ বিৰোধী স্থিতিৰ কথা কৈ ৰা্জ্যৰ এনে অনিয়ম-অনীতি চকু মুদি সহ্য কৰি যাব মুখ্যমন্ত্ৰীগৰাকীয়ে।

সাংসদ প্ৰদান বৰুৱাই স্পষ্ট কৰিবনে তেওঁৰ স্থিতি! এই অভিযোগ আঙুলি পৰোক্ষ-প্ৰত্যক্ষভাৱে তেওঁৰ গালৈও উঠিছে। লখিমপুৰ বিজেপিৰে একাংশ নেতা-কৰ্মীয়ে এই অভিযোগ গুৰুত্বসহকাৰে গ্ৰহণ কৰি ব্যৱস্থাগ্ৰহণৰ দাবী তুলিছে। এতিয়া ৰাইজে লক্ষ্য কৰিব, এনে কমিচনৰাজৰ দোকান খোলাসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লয় দলীয় নেতৃত্বই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in