জাতীয় স্বাৰ্থত অখিল গগৈক সমৰ্থন দিব বিজেপিৰ কোন বিধায়কে? এক বিস্ফোৰক সাক্ষাৎকাৰ

জাতীয় স্বাৰ্থত অখিল গগৈক সমৰ্থন দিব বিজেপিৰ কোন বিধায়কে? এক বিস্ফোৰক সাক্ষাৎকাৰ

কেবাটাও বিস্ফোৰক স্বীকাৰোক্তি। জাতীয় স্বাৰ্থত অখিল গগৈক কিয়, প্ৰয়োজন হ'লে এ আই ইউ ডি এফকো সমৰ্থন কৰিব এজন বিজেপি বিধায়কে। মুখ্যমন্ত্ৰীক তেওঁ এটা কথা ক'ব খোজে। সময় হ'লে শুনিব পাৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ উপদেশ। মন্ত্ৰিত্ব নোপোৱাৰ বাবেই তেওঁৰ এই লম্ফ-জম্ফ নেকি? নে সঁচাকৈ তেওঁ জাতীয় সংকটৰ মুহূৰ্তত অসমবাসীৰ সৈতে থিয় দিছে? 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ হৈ মৃদুল কুমাৰ সন্দিকৈয়ে কথা পাতিছিল দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ সৈতে? আৰু কি ক'লে বিধায়কগৰাকীয়ে? বিশেষ প্ৰতিবেদন।

দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা। কিছুদিনৰ পূৰ্বে তেওঁ মুখ্যমন্ত্ৰী নায়ক নে খলনায়ক হৈ থাকিব সেয়া সময়ে ক'ব বুলি মন্তব্য কৰিছিল। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তেওঁ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এক বিশেষ পত্ৰ।

যিসময়ত বিজেপিয়ে এই বিধেয়কখনৰ সপক্ষে থিয় দিছে, সেই সময়ত এই বিধেয়কৰ বিৰুদ্ধে মাত মাতি দৃষ্টি আকৰ্ষণ কৰিছে এইগৰাকী বিধায়কে। তেওঁক সোধা হৈছিল- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থিতি আৰু দলৰ কাৰ্য-কলাপক লৈ তেওঁৰ ভূমিকা কি হ'ব। উত্তৰত অতুল বৰাই ক'লে-

বৰাক উপত্যকাতেই দেখোন সকলো লগ লাগিছে এই বিধেয়কৰ পক্ষত। ব্ৰহ্মপুত্ৰ উপত্যকাত আমি এই বিধেয়কখনৰ বিৰুদ্ধে কিয় লগ হ'ব নোৱাৰো? তেওঁৰ মতে অসমত থকা বঙালী মানুহখিনিৰ লগত সংঘাত নাছিল। এই বিধেয়ক হ'লে কোটি কোটি মানুহ আহি সোমাবহি অসমত।

লাখ লাখ বাংলাদেশী আহি সোমাইছে অসমত। তাৰ পাছত এনে এখন বিধেয়কৰ বিৰুদ্ধে তেওঁ গৰজি উঠিল বিধায়কগৰাকী। হিন্দু বাংলাদেশীক অনাৰ সম্পূৰ্ণ বিৰোধী তেওঁ।

তেওঁ ক'লে- এইদৰে মাত মাতিবলৈ সাহস লাগিব। তেওঁৰ বিশ্বাস জাতীয় সংকটৰ সময়ত এইদৰে মাত মাতিবই লাগিব। সমষ্টিবাসীও তেওঁৰ স্থিতিত ভাল পাইছে বুলি দাবী কৰে বিধায়কগৰাকীয়ে।

মন্ত্ৰীসভাত থকা হ'লেও এইদৰেই প্ৰতিবাদ কৰি গ'ল হেতেন তেওঁ। নমামি ব্ৰহ্মপুত্ৰ, এডভাণ্টেজ আছাম আৰু বিজেপি চৰকাৰৰ কাম-কাজক লৈ মুকলিকৈ ক্ষোভ ব্যক্ত কৰিলে বিধায়কগৰাকীয়ে। তেওঁৰ মতে- অধিক উৎসৱে কেতিয়াও উন্নতি সাধিব নোৱাৰে অসমৰ। উৎসৱ আমদানি কৰিছে এই চৰকাৰে।

এদিন সৰ্বানন্দ সোণোৱালে তেওঁক কৈছিল- ভগৱান ছাগৈ অনুতপ্ত হৈছে, অসমখন কিয় অসমীয়া মানুহক দিলে? সেই প্ৰশ্নৰ আঁত ধৰি তেওঁক সোধা হৈছিল- আজি অসমবাসী অনুতপ্ত হৈছে নেকি, সৰ্বানন্দ সোণোৱালক কিয় মুখ্যমন্ত্ৰী পাতিলে বা বিজেপিক কিয় ভোট দিলে বুলি?

মুখ্যমন্ত্ৰী নিমাতে আছে জাতীয় সংকটৰ এই মুহূৰ্তত। বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী মাতিলে তেওঁ দিব এক পৰামৰ্শ। কি পৰামৰ্শ দিব খোজে তেওঁ মুখ্যমন্ত্ৰীক?

মন্ত্ৰিত্ব নোপাৱাৰ বাবেই এই ক্ষোভ নেকি অতুল বৰাৰ? সেই কথাও সোধা হৈছিল তেওঁক। দিছপুৰ সমষ্টিৰ বিধায়কজনে এই সন্দৰ্ভত ক'লে- মই দুখী নহয় সুখীহে আজি। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ সৈতে কি কথা পাতিছিল অতুল বৰাই?

প্ৰায় তেওঁ হুংকাৰ দিয়ে- মুখ খুলিব তেওঁ। কেতিয়া মুখ খুলিব তেওঁ? এই কথাও সোধা হৈছিল স্পষ্টকৈ। নে এয়া তেওঁৰ ভীৰ্তি প্ৰদৰ্শন?

সোধা হৈছিল তেওঁক- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অখিল গগৈৰ নেতৃত্বত জাতীয় দল-সংগঠনে আন্দোলনত নামিছে। আছেনে আপোনাৰ সমৰ্থন এই আন্দোলনলৈ? এই সন্দৰ্ভত জনালে অখিল গগৈ কিয়, প্ৰয়োজন হ'লে জাতীয় স্বাৰ্থত তেওঁ এ আই ইউ ডি এফকো সমৰ্থন দিব। এজন বিজেপি বিধায়কৰ ভাষ্য আছিল এয়া।

সৰৱ হৈ পৰা অতুল বৰাই এনে বহু বিস্ফোৰক কথা ক'লে এই সাক্ষাৎকাৰত। কৌশলপূৰ্ণভাৱে তেওঁ বুজাই দিলে বিজেপি দলত থাকিও তেওঁ বিজেপিৰ কাম-কাজক লৈ সন্তুষ্ট নহয়। মুখ্যমন্ত্ৰীৰ কাম-কাজতো তেওঁ সন্তুষ্ট হ'ব পৰা নাই। তেওঁ আহ্বান জনালে- মুখ খোলক মুখ্যমন্ত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in