বন্ধুঃ পৰীক্ষাত ফেইল কৰিলেও বেয়া লাগে, প্ৰথম হ’লেও বেয়া লাগে…

বন্ধুঃ পৰীক্ষাত ফেইল কৰিলেও বেয়া লাগে, প্ৰথম হ’লেও বেয়া লাগে…

'বিপদৰ সময়ত মোক ফোন কৰিবি, ১০৮ তকৈ আগত তোৰ কাষ পাম'
আন্তৰ্জাতিক বন্ধুত্ব দিৱস ৰ সৈতে সংগতি ৰাখি ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন

বন্ধুৱে যেতিয়া পৰীক্ষাত ফেইল কৰে তেতিয়াও বেয়া লাগে আৰু বন্ধু যেতিয়া পৰীক্ষাত প্ৰথম হয় তেতিয়াও বেয়া লাগে। শব্দৰ মায়াজালেৰে বান্ধিব নোৱাৰা এক আচৰিত সম্পৰ্ক বন্ধুত্ব। দুখত ছাঁ দিয়া, সুখত লগ দিয়া বন্ধুজনক জানো কোনোবা এটা নিদিষ্ট দিনত শুভেচ্ছা জনালে একপ্ৰকাৰৰ স্বাৰ্থপৰতা নহব! বহুতে আজিৰ দিনটোক তেনেকৈয়ো লৈছে, অৱশ্যে গভীৰভাৱে চালে এই চিন্তাধাৰাকো একেবাৰে দলিয়াই দিব নোৱাৰি। কিন্তু এটা কথা ঠিক সকলো সম্পৰ্কত এটা বিশেষ দিনে সম্পৰ্কতো আৰু অধিক টনকিয়াল কৰে। গতিকে এনেদিশৰ পৰা বন্ধুত্ব দিৱস জিন্দাবাদ।


বন্ধুত্ব জিন্দাবাদ

সংজ্ঞাবিহীন যদিও বহুতে বন্ধুত্বক দিয়ে হাজাৰটা সংজ্ঞা। ইয়াৰে কিছুমান সংজ্ঞাই হৃদয়ৰ কোনোবাখিনিত চুই যায়। কোনো কোনোৱে কয়- বন্ধুত্ব হৈছে অক্সিজেন। এক শাশ্বত অনুভূতি বন্ধুত্ব। আনহাতে একাংশই কয় হৃদয়ৰ সমস্ত গোপন কথা প্ৰাণখুলি আপুনি যাৰ আগত কব পাৰে তেৱে বন্ধু। হৃদয়ৰ পাৰ ভঙা এক উছাহৰ নাম বন্ধুত্ব।


বন্ধু মানে অস্থির তন, উড়ুউড়ু মন

সময়ত অভিভাৱক আৰু সময়ত একেলগে দুষ্টামি কৰা জনেই বন্ধু। এজন বাংলা কবিয়ে বন্ধুত্বৰ সংজ্ঞা দি কৈছে- বন্ধু মানে… বন্ধু মানে খানিক ব্যথা, খনিক কষ্ট খনিকটা অভিমান, বন্ধু মানে মনের ভিতর কত যে আর্তনাদ ! বন্ধু মানে অস্থির তন, উড়ুউড়ু মন, বন্ধু মানে খানিক পর পর শুধু শুধুই ফোন 'বন্ধু' শব্দটি যতই ছোট হোক, এর গভীরতা আর ব্যাপ্তি অনেক বেশি। বন্ধুত্বের কোন সংজ্ঞা হয় না একে সংজ্ঞায়িত করা যায় না।


'য়ে দ'স্তী হম নহি তোড়েংগে'

বন্ধুৰ মাজত পোৱা যায় এক অদ্ভুত শক্তি। বন্ধুত্বৰ মৰমবোৰে এখন্তেকৰ বাবে হ'লেও পাহৰাই দিয়ে যান্ত্ৰিকতাবোৰ। এখন্তেকৰ বাবে হ'লেও ওভোতাই দিয়ে আকলুৱা শৈশৱ। বন্ধুত্বই আমাক দিয়ে অনাবিল প্ৰাপ্তি, গধুৰ বুকুৰ ওজন পাতল কৰা বন্ধুক লৈয়েতো হীৰুদাই লিখিছে-"বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত, এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল ছাঁত।"


এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল ছাঁত

কোৱা হয় বিপদৰ বন্ধুহে আচল বন্ধু। এদিন আপোনাৰ বিপদ হ'ব। আৰু সেইদিনাহে আপুনি আপোনাৰ বন্ধু আছে নে নাই চিনি পাব! যদিহে জীৱনটোত আপোনাৰ এদিনো বিপদ নহয়, তেন্তে আপুনি আচল বন্ধুজনক চিনি উলিয়াব কেনেকৈ? আমি এফালে কওঁ যে বিপদৰ বন্ধুহে আচল বন্ধু আৰু আনফালে কওঁ যে বন্ধুত্বত কোনো স্বাৰ্থই থাকিব নালাগে। দুয়োটা কথাই দেখোন পৰস্পৰ বিৰোধী।

যদিহে বিপদৰ বন্ধুজনহে আচল বন্ধু তেন্তে এটা কথা স্বীকাৰ কৰিবই লাগিব যে আমি এজনে আনজনৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক বৰ্তাই ৰখাত আমাৰ অজ্ঞাতে হ'লেও এটা স্বাৰ্থ ৰৈ যায়। সেয়া হৈছে এদিন মোৰ বিপদ হ'লে বন্ধুজনে মোক সহায় কৰিব। তেনেকৈ বন্ধুজনেও বিপদৰ সময়ত মোৰ পৰা সেই একেটা আশাকে কৰিব, কৰাটোও স্বাভাৱিক। সেয়েহে কেৱল বন্ধুত্ব বুলিয়েই নহয় জীৱনৰ প্ৰতিটো সম্পৰ্কতে নিহিত হৈ থাকে স্বাৰ্থ। কিন্তু এই স্বাৰ্থবোৰ হ'ব লাগে জীৱনমুখী আৰু ইতিবাচক।

আন্তৰ্জাতিক বন্ধুত্ব দিৱস (International Friendship Day)ৰ ইতিহাসঃ

প্ৰতি বছৰৰ আগষ্ট মাহৰ প্ৰথম দেওবাৰে বিশ্বব্যাপি পালন কৰা হয় আন্তৰ্জাতিক বন্ধুত্ব দিৱস। ১৯১৯ চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েচ হলে বন্ধুত্ব দিৱস আৰম্ভ কৰিছিল। বহুতে আগষ্টৰ প্ৰথম দেওবাৰে বন্ধু সকললৈ কাৰ্ড পঠাইছিল। কিন্তু বন্ধুত্ব দিৱসৰ ইতিহাস মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ হয়। ১৯৩৫ চনত মাৰ্কিন কংগ্ৰেছে ঘোষণা কৰে যে প্ৰতি আগষ্টৰ প্ৰথম ৰবিবাৰ বন্ধুত্ব দিৱস হিচাপে পালন কৰা হব।

সেইদিনাৰ পৰা বন্ধুত্ব দিৱস জাতীয় উদযাপিত দিনবোৰৰ ভিতৰত অন্যতম ৰূপে স্বীকৃতি পায়। অতি শীঘ্ৰে ই জনপ্ৰিয় হৈ পৰে আৰু আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ৰূপ লাভ কৰে। আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ধাৰণা ১৯৫৮ চনৰ ২০ জুলাই ডঃ আৰ্টেমিঅ ব্ৰাচ'(Artemio Bracho) দ্বাৰা প্ৰস্তাৱিত হয়। তেওঁ তেতিয়া তেওঁৰ বন্ধু সকলৰ লগত পুয়েৰ্তো পিনাক্স'ত(আচোনচিয়ন, পাৰাগুৱেৰ পৰা প্ৰায় ২০০ মাইল দূৰত নদীৰ পাৰত অৱস্থিত এখন চহৰত ৰাতিৰ আহাৰ খাই আছিল।

লৰালি,,,

বন্ধুত্ব দিৱস বিভিন্ন দেশত বিভিন্ন তাৰিখে পালন কৰা হয়। ১৯৫৮ চনত প্ৰথম আন্তৰ্জাতিক বন্ধুত্ব দিৱস ৩০ জুলাই কৰাৰ বাবে প্ৰস্তাৱিত হৈছিল। ২৭ এপ্ৰিল ২০১১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ৩০ জুলাই Official International Friendship Day ঘোষিত হয়৷ ভাৰতসহ কিছু দেশত আগষ্টৰ প্ৰথম ৰবিবাৰটো বন্ধুত্ব দিৱস হিচাপে উদযাপন কৰা হয়৷

আন্তৰ্জাতিক বন্ধুত্ব দিৱস ২০১৯ঃ

আজি আগষ্ট মাহৰ প্ৰথমটো দেওবাৰ। বিশ্বৰ ভিন্ন প্ৰান্তত আজি উদযাপন কৰা হল বন্ধুত্ব দিৱস। সকলোৱে নিজৰ আপোন বন্ধুজনক জনালে বন্ধুত্ব দিৱসৰ শুভকামনা।এই দিৱস উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শুভেচ্ছা জনালে ইজৰাইল প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতন্যাহুৱে। টুইটাৰযোগে জনায় তেঁও শুভেচ্ছা। তেওঁ টুইটাৰত লিখে- 'ভগৱানৰ আগত কামনা কৰো যে আমাৰ বন্ধুত্ব যে প্ৰতিদিনে আৰু অধিক মজবুত হওঁক।' লগতে তেওঁ টুইটোটোত লিখে হিন্দী ছবি 'শ্বলে'ৰ 'য়ে দ'স্তী হম নহি তোড়েংগে'
জনপ্ৰিয় গীতৰ কিয়দাংশ।

এতিয়া সকলো সলনি হৈছে। সলনি হ'ল যোগাযোগৰ মাধ্যম, সলনি হৈছে মানুহৰ মনবোৰো । কিন্তু সলনি হোৱা সময়ৰ এচুকত যেন একেদৰেই ৰৈ আছে বন্ধুত্বৰ উমাল অনুভৱবোৰ । সেয়েহে এতিয়াও Facebook, অথবা whatsappৰ massage boxত ভাহি অহা বন্ধুৰ এটা মেছেজেই দি যায় হৃদয়ত অনাবিল আনন্দ।


জাত-পাতৰ বিচাৰ পাহৰি সমাজখনৰ সকলোৰে মাজত স্থাপন হওক বন্ধুত্ব

বন্ধুত্বৰ এই উমাল পৰশত সজীৱ হৈ থাকক সমাজৰ প্ৰত্যেকটো সম্পৰ্ক। জাত-পাতৰ বিচাৰ পাহৰি সমাজখনৰ সকলোৰে মাজত স্থাপন হওক বন্ধুত্ব। সকলো অপশক্তি অতিক্ৰমী জাতি, ভাষা, বৰ্ণ নিবিশেষে এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়ি উঠাৰ দিনাই বাস্তৱ পৰিণত হব বন্ধুত্ব দিৱসৰ সাৰ্থকতা। বিভেদকামী মনোভাৱ পাহৰি সকলোৱে এদিন একেলগে গুণগুণাব- 'য়ে দ'স্তী হম নহি তোড়েংগে'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in