সাৱধান! অসমতো হ’ব পাৰে অমৃতসৰ সদৃশ কাণ্ড, VIDEO

সাৱধান! অসমতো হ’ব পাৰে অমৃতসৰ সদৃশ কাণ্ড, VIDEO

পঞ্জাৱৰ অমৃতসৰত শুকুৰবাৰে সংঘটিত হৈছিল এক শোকাৱহ দুৰ্ঘটনা। ৰে'লৱে ট্ৰেকত উঠি দছেৰা উপভোগ কৰি থকা সময়ত জলন্ধৰ-অমৃতসৰ এক্সপ্ৰেছে মহতিয়াই নিছিল বহু লোকক। এই দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৬১ৰো অধিক হৈছে। শতাধিক দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ আছে। এই শোকাৱহ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। অসমতো কোনোবা দিনা সংঘটিত হ'ব অনুৰূপ ঘটনা। অসমৰ ক'ত অমৃতসৰ সদৃশ কাণ্ড সংঘটিত হ'ব পাৰে যিকোনো মুহূৰ্তত? 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সাংবাদিক মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন।

অসমত যিকোনো মুহূৰ্ততে সংঘটিত হ'ব অমৃতসৰ সদৃশ কাণ্ড। সকলো দেখিও কিন্তু যোৱা বহু বছৰ ধৰি চকু মুদা কুলি হৈ আছে ৰেলৱে বিভাগ আৰু স্থানীয় প্ৰশাসন তথা আৰক্ষী। অমৃতসৰৰ কাণ্ডই দেশজুৰি শোকাকুল পৰিৱেশ সৃষ্টি কৰা সময়ত নিশা ৭.৩০ বজাত আমি উপস্থিত হৈছিলো গৈ সেই স্থানত। সেই মুহূৰ্তত সেই পথেৰে আহি আছিল এখন ৰে'ল। কিন্তু তেতিয়া সেই ৰেল পথৰ ওপৰত যথেষ্ট ভিৰ আছিল। ৰেলখন প্ৰচণ্ড শব্দৰে পাৰ হৈ গ'ল যদিও, বৰ বিশেষ গুৰুত্ব নিদিলে লোকসকলে। কিয়নো সেই স্থানত থকা ৰেল পথবোৰৰ ওপৰতে বহে নিয়মীয়া বজাৰ। আমি সেই স্থানত প্ৰথমে কি দেখিলো তাৰ এক দৃশ্যাংশ এয়া-

এনেদৰে পাৰ হৈ গৈছিল এখন ৰে'ল। হাতত হুইচেল লৈ এজন ব্যক্তিয়ে মানুহবোৰক সতৰ্ক কৰাৰ চেষ্টা কৰিছিল। অমৃতসৰত সংঘটিত দুৰ্ঘটনাৰ পাছত এই দৃশ্য কোনো সাধাৰণ দৃশ্য বুলি ক'ব নোৱাৰি। বামুণীমৈদামৰ এই বজাৰখনলৈ হাজাৰ হাজাৰ লোকৰ আগমন ঘটে। সেই অঞ্চলটোত থকা কেবাটাও ৰে'ল পথৰ এটাৰে প্ৰচণ্ড শব্দ কৰি পাৰ হৈ গ'ল ৰেলখন। বজাৰ কৰাত ব্যস্ত সাধাৰণ লোকসকল। এতিয়া প্ৰশ্ন হয়- নিতৌ এইদৰে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটা বামুণীমৈদামৰ এই বজাৰখন কিমান সুৰক্ষিত। এনেদৰে ৰেলপথৰ ওপৰত নিয়মীত বজাৰ বহাৰ পাছতো কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসন তথা ৰেলৱে কৰ্তৃপক্ষই।

পঞ্জাৱৰ অমৃতসৰত শুকুৰবাৰে নিশা ৬.৪৫ বজাত লোকৰ সমাবেশ হৈছিল দছেৰা উৎসৱ উপভোগ কৰিবলৈ । জ্বলি উঠিছিল ৰাৱণৰ প্ৰতিমূৰ্তি। তাৰ সমান্তৰালভাৱে ৰেলপথত ৰৈ সেই উৎসৱৰ আনন্দ উপভোগ কৰা মুহূৰ্তত কি ঘটি গৈছিল সেই দৃশ্য এয়া-

অমৃতসৰৰ চৌৰা বজাৰ অঞ্চলত দছেৰাৰ দিনা সমবেত হৈছিল ৰেল পথৰ ওপৰত ইমান মানুহ। কিন্তু এইখন বজাৰত প্ৰতিদিনেই বজাৰ কৰিবলৈ  আহে হাজাৰ হাজাৰ মানুহ। তেনেস্থলত ইয়াত অনুৰূপ অঘটন নঘটাৰ নিশ্চয়তা দিব কোনে?

আমি তাত গ্ৰাহকৰ প্ৰতীক্ষাত থকা এজন ব্যৱসায়ীৰ পৰা এই সন্দৰ্ভত কিছু কথা পাতিবলৈ যত্ন কৰিছিলো। তেওঁক সুধিছিলো- কেতিয়াৰ পৰা তেওঁ এই বজাৰখনত সামগ্ৰী বিক্ৰী কৰি আহিছে? ফল-মূলৰ বিক্ৰী কৰা এই ব্যৱসায়ীজনে আমাক এই প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰিলে। কিন্তু তেতিয়া ৰেলখন পাৰ হৈ গৈছিল। আৰু ৰেলখন পাৰ হোৱাৰ পাছতেই এয়া চাওঁক কেনেদৰে ৰেলপথ অতিক্ৰম কৰিছে বজাৰ কৰিবলৈ অহা লোকে-

ৰেলখন অতিক্ৰম কৰাৰ পাছত কাষ চাপি গৈছিলো আন এজন ব্যৱসায়ীৰ ওচৰলৈ। তেওঁক সুধিছিলো- আপোনালোকৰ ভয় নালাগেনে? তেওঁ উত্তৰ দিছিল- এই পথটোৰে ৰেল নাহে। তেতিয়া তেওঁক সুধিছিলো- কিন্তু ৰেল অহা পথ পাৰ হৈ আপোনাৰ তাত সামগ্ৰী কিনিবলৈ গ্ৰাহক আহে। তেতিয়া তেওঁৰ উত্তৰ আছিল এয়া-

কেৱল এই স্থানতেই যে ৰেলপথৰ ওপৰত বজাৰ বহে এনে নহয়। মহানগৰীৰ আন বহু স্থানত ৰেলপথৰ ওপৰত চলে ব্যৱসায়। চানমাৰিত বহে মাছৰ বজাৰ, পল্টন বজাৰৰ সমীপতো একেই বজাৰ-সমাৰ। আনকি ৰেলপথৰ কাষে কাষে তথাকথিত কিছু স্থানীয় লোকে আৰি দিছে জুপুৰি সদৃশ্য ঘৰ। সেই ঘৰবোৰত ঠেলা-ৰিক্সা চলাই দৈনিক ২০-৫০ টকা ভাৰা দি তাত থাকে শ্ৰমজীৱী লোক।

ড্ৰাগছ, চোৰাং বস্তুৰ বেপাৰ, দেহ ব্যৱসায়, লোকেল চুলাইৰ ৰমৰমীয়া বজাৰ, গুণ্ডা-অপৰাধীৰ আড্ডা হয় এই ৰেলপথৰ কাষে কাষে। আমি আগুৱাই গ'লো। বামুণীমৈদামৰ এই বজাৰৰ ব্যস্ততা সকলোতকৈ বেছি। ৪টা মান ৰেলপথ পাৰ হৈ আমি দেখিলো আন এক দৃশ্য। তাৰে দুটা ৰেলপথেৰে নিয়মীত অহা-যোৱা কৰে ৰেল। সেই পথেৰে ৰেল কাষতো একেই অৱস্থা। তাৰে চৌপাশে একেই দোকান। মুলতঃ শাক-পাচলি ক্ৰয় কৰিবলৈ সেই স্থানলৈ আহে গ্ৰাহক। তেতিয়া তাত যথেষ্ট ভিৰ।

এই পথেৰে এটা ৱৰ্কশ্বপলৈ অহা-যোৱা কৰে ৰেল। আমি তাত থকা আধা ঘণ্টা হৈছিল তেতিয়া। সেই সময়তে তিনিখনকৈ ৰেল পাৰ হৈ গৈছিল সেই পথেৰে। আমি দেখিছিলো ৰেল অহা সময়ত এজন ৰঙা টি ছাৰ্ট পৰিহিত যুৱকে হাতত হুইছেল লৈ ৰেল অহা পথটোত মানুহক সতৰ্ক কৰিছিল। ৰেল নহা সময়ত তেওঁ বহি আছিল তাৰেই এটা পোষ্টত।

আমি তেখেতৰ সৈতে কথা পাতিলো। তেখেতক কোনে নিযুক্তি দিছে জানিব বিচাৰিলো। ১২ বছৰ ধৰি হেনো তেওঁ এই কাম কৰি আছে। সন্মুখত থকা ছিগনেল চাই তেওঁ কোন পথে ৰেল আহিব গম পায়। তাৰপাছত এই পথৰ কাষত ৰৈ হুইছেল বজাই সতৰ্ক কৰি দিয়ে সেই পথেৰে অহা-যোৱা কৰা মানুহবোৰক। ইয়াৰ বাবে তেওঁ দৈনিক পাই ২৫০টকা।

আমি সেই ব্যক্তিজনৰ সৈতে কথা পাতি থাকোতেই এজন বিশেষ ব্যক্তিয়ে আহি আমাক সুধিলে- আমি ক'ৰ পৰা আহিছো? আমি তেনে এক পৰিৱেশত তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিলো। বজাৰ কমিটীৰ মানুহ আছিল তেওঁ। তেওঁ আমাক বহু কথাই কৈছিল। তেওঁৰ কথা পৰা গম পাই, আৰক্ষী, প্ৰশাসন, ৰেল কৰ্তৃপক্ষক তেওঁলোকে হাতত মুঠি ৰখাইছে। এই বজাৰক লৈ চলে ছিণ্ডিকেট। আমাৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ সাহস তেওঁ নকৰিলে।

সেই সময়তে এখন ৰেল আহিল আন এক পথেৰে। আমাৰ সৈতে কথাপাতি থকা লোকজন আতৰি গ'ল সেই পথটোৰ ফালে। আমি তেওঁৰ পিছ ল'লো। তেওঁ আমাক ক'লে- এখন ৰেল আহিছে এই পথেৰে। ধুবলৈ নিব এই ৰেলখন। সেই ৰেলখনো পাৰ হৈ গ'ল। ৰেল পথৰ কাষতে ৰৈ থাকিল দোকানী। ৰেল পাৰ হওঁতে বতাহত উৰিল ফল-মূলৰ তলত পাৰি থোৱা কাগজ। কিন্তু তেওঁ ৰেলপথৰ পৰা আধা ফুট দূৰৈতে তেনেদৰে বহি থাকিল। কি বিপদজনক দৃশ্য এয়া-

তাৰপাছত আমি আতৰি গ'লো আন এটা ৰেলপথলৈ। তাতো অনুৰূপ দৃশ্য। ৰেলপথৰ ওপৰত আৰু দুয়োকাষে দোকান। গ্ৰাহকৰ যথেষ্ট ভিৰ।

আমি আগুৱাই গ'লো। বিপদজনক এই পথেৰে বজাৰৰ পৰা কিছু আগুৱাই গৈ দেখা পালো, ৰখাই থৈছে এখন ৰেল। যিকোনো মুহূৰ্ততে আহিব পাৰে এই ৰেলখন। কিন্তু ইয়ালে কাৰো ভ্ৰূক্ষেপ নাই। জীৱনৰ প্ৰতি নাই কাৰো মমতা।

এই সমগ্ৰ দৃশ্য আৰু পৰিবেশ দেখাৰ পাছত আপুনিয়ে কওঁক হঠাৎ কিধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে এই স্থানত? এয়া এক উদাহৰণ। বামুণীমৈদামৰ এই বজাৰলৈ অহা লোকসকল ব্যস্ত হৈ থাকে বয়-বস্তু কিনাত। হঠাৎ যদি দ্ৰুতবেগী ৰেল এই পথেৰে পাৰ হৈ আৰু ইয়াত বজাৰ কৰিবলৈ অহা মানুহৰৰ ওপৰেৰে পাৰ হৈ যায় তেন্তে ইয়াৰ বাবে দায়ী হ'ব কোন? কেইটামান টকাৰ বাবে কোনে ইয়াত খুলিছে এই ছিণ্ডিকেট? কিয় ৰেলৱে কৰ্তৃপক্ষই নলয় ব্যৱস্থা? অতি শেহতীয়াকৈ মৰিগাঁও, হাজো অঞ্চলৰ পৰা অহা ব্যৱসায় সকলক আতৰাই এচাম বিশেষ শ্ৰেণীৰ লোকক ইয়াত আনি সংস্থাপন কৰা হৈছে। আৰ পি এফে নেদেখে নেকি এইবোৰ দৃশ্য? বামুণীমৈদামত এদিন যে অমৃতসৰ সদৃশ কাণ্ড নঘটিব তাৰ নিশ্চয়তা দিব কোনে? এই প্ৰশ্ন আমি কৰিছিলো ৰেল কৰ্তৃপক্ষক। অমৃতসৰ কাণ্ডৰ পাছত শিক্ষা হ'ব নে এন এফ ৰেলৱে কৰ্তৃপক্ষৰ? টেলিফোনত কি ক'লে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই?-

ৰেলৱে কৰ্তৃপক্ষই আশ্বাস দিছে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু কেতিয়া? পুনৰবাৰ দেখুৱাব বিচাৰিছো সেই পৰিৱেশ। বামুণীমৈদানৰ সেই স্থানত বজাৰ কৰিবলৈ অহা লোকসকল এনেদৰে ৰেল পাৰ হৈ যোৱা স্থানত ৰেল পথৰ কাষত থিয় হৈ থাকে। এয়া অত্যন্ত বিপদজনক।

ইমানৰ পাছতো ইমান দীৰ্ঘদিন ধৰি এইদৰে ৰেল পথৰ ওপৰত চলি আছে বজাৰ। কি কাৰণত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে ৰেল কৰ্তৃপক্ষই? এই বজাৰখনলৈ বজাৰ কৰিবলৈ অহা লোকসকলে প্ৰাণ হাতৰ মুঠিত লৈ বজাৰ কৰে। কিছু দিনৰ পূৰ্বে সেই স্থানতে ৰেলৰ খুন্দাত নিহত হৈছিল এজন ব্যক্তি। তাৰপাছতো কাণসাৰ নাই ৰেল বিভাগৰ। চলি আছে এইদৰে বজাৰ। বিপদজনকভাৱে অহা-যোৱা কৰে মানুহ। ইমানখিনি দেখুৱাই দিয়াৰ পাছত, অমৃতসৰত সংঘটিত শোকাৱহ ঘটনাই দেশ জোকাৰি যোৱা মুহূৰ্তত উত্তৰ-পূৱ সীমান্তৰ ৰেলৱে কৰ্তৃপক্ষৰ শুভবুদ্ধি উদয় হ'বনে? নে অমৃতসৰ সদৃশ কাণ্ড বামুণীমৈদামত সংঘটিত হোৱালৈ ৰেল কৰ্তৃপক্ষই অপেক্ষা কৰিব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in