সন্মুখত নিৰ্বাচন, প্ৰতিবাদমুখৰ উত্তৰ-পূবৰ সামৰিক শাসনলৈ নিয়াৰ লক্ষ্য কেন্দ্ৰৰ

সন্মুখত নিৰ্বাচন, প্ৰতিবাদমুখৰ উত্তৰ-পূবৰ সামৰিক শাসনলৈ নিয়াৰ লক্ষ্য কেন্দ্ৰৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম তথা উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ লগতে অশান্ত অঞ্চল আইন বলবৎ কৰি সামৰিক বাহিনীক অনিয়ন্ত্ৰিত ক্ষমতা গতাই দিয়াৰ বিৰুদ্ধে দীৰ্ঘ দিনৰে পৰা প্ৰতিবাদ, আন্দোলন অব্যাহত আছে। এনে পৰিপ্ৰেক্ষিততে প্ৰথমে টাডাৰ দৰে ড্ৰেক'নিয়েল ল' বাতিল কৰাৰ উপৰি সামৰিক বাহিনীক ইউনিফাইড কমাণ্ডৰ অধীনলৈ আনি চৰকাৰ আৰু প্ৰশাসনৰ সহযোগতহে অভিযান চলোৱাৰ এক ব্যৱস্থা কৰা হৈছিল যদিও প্ৰায় সময়তে সামৰিক বাহিনীৰ লোকে এয়া উলংঘন কৰি চলিছিল।

ইফালে মণিপুৰৰ ঐতিহ্যমণ্ডিত ৰাজপ্ৰসাদ কাংলাফ'ৰ্টত আছাম ৰাইফলছৰ মুখ্য কাৰ্যালয় স্থাপন কৰা ঘটনাৰ বিৰুদ্ধে মণিপুৰী মহিলাই ইয়াৰ সন্মুখত নগ্ন প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘটনাই সমগ্ৰ বিশ্বতে জোকাৰণিৰ সৃষ্টি কৰিছিল। আনকি ৰাষ্ট্ৰ সংঘইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিব লগাত পৰিছিল। এনে পৰিপ্ৰেক্ষিততে চৰকাৰে সামৰিক আৰু অৰ্ধ-সামৰিক বাহিনীক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিলেও উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এই আইন অদ্যপি প্ৰত্যাহাৰ নকৰিলে। বিভিন্ন সশস্ত্ৰ বিদ্ৰোহী গোটৰ লগত শান্তি চুক্তি হোৱাৰ পাছতো অশান্ত অঞ্চল আইন বা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ পৰিৱৰ্তে ২০১৪ত মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পাছত সময়ে সময়ে ইয়াৰ ম্যাদৰ লগতে পৰিসৰো বৃদ্ধি কৰিহে আছিল।

ইফালে পৰিৱৰ্তনৰ স্বপ্নত বিভোৰ বহু লোকে অতি সতৰ্কতাৰে গণতান্ত্ৰিক পৰিকাঠোমোটোক উত্তৰ-পূবত চেপি অনা এনে কাৰ্য বহু সময়ত টলকিবই পৰা নাছিল। তাৰেই সুযোগ এতিয়া গ্ৰহণ কৰিছে চৰকাৰে। পাকিস্তান সীমান্তত ভাৰতীয় সেনাই পাকিস্তানৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত সন্ত্ৰাসবাদীক পুলৱামা কাণ্ডৰ এসপ্তাহ উকলি যোৱাৰ পাছতো যোগ্য প্ৰত্যুত্তৰ দিবলৈ অভিযান চলোৱাৰ পৰিৱৰ্তে সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অঞ্চলটোত প্ৰতিপত্তি থকা অৰ্ধ-সামৰিক বাহিনী আছাম ৰাইফলছক সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ গণ্ডীৰ ভিতৰলৈ নি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদমুখৰ ৰাজ্যকেইখনৰ আইন-শৃংখলাৰ দায়িত্ব সম্পূৰ্ণৰূপে গতাই দিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।

এই সন্দৰ্ভত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ দপ্তৰে জাৰি কৰা এক জাননী অনুসৰি আছাম ৰাইফলছকো সেনাৰ দৰেই বিদ্ৰোহী কবলিত অঞ্চলত নিয়ন্ত্ৰণহীন ক্ষমতা প্ৰদান কৰি কোৱা হৈছে যে এতিয়াৰে পৰা উক্ত আইনৰ ক্ষমতাৰ ভিত্তিত আছাম ৰাইফলছৰ সৰ্বনিম্ন পদবীধাৰী জোৱান এজনেও যিকোনো লোককে সন্দেহৰ ভিত্তিত আটক কৰা, সোধা পোছা কৰা বা গ্ৰেপ্তাৰ কৰাৰ কৰ্তৃত্ব লাভ কৰিব।

গৃহ দপ্তৰে আওপকীয়াকৈ দিব বিচৰা ধাৰণাটো হ'ল যিহেতু পাকিস্তান, চীন সীমান্তত সাম্ভাব্য যুদ্ধৰ বাবে ভাৰতীয় সেনা প্ৰস্তুত থাকিব লাগিব, সেইবাৰে আভ্যন্তৰীণ নিৰাপত্তা আৰু আইন-শৃংখলা নিয়ন্ত্ৰণৰ সম্পূৰ্ণ কৰ্তৃত্ব আছাম ৰাইফলছক গতাই দিয়া হ'ব। যদিহে এয়া কাৰ্যকৰী হ'বলৈ হয়, তেনেহ'লে নিশ্চিত ভাৱেই ৫খন ৰাজ্য অৰ্থাৎ অসম, নাগালেণ্ড, অৰুণাচল, মণিপুৰ আৰু মিজোৰামত সাধাৰণ প্ৰশাসন অথৱা আৰক্ষী প্ৰশাসনৰ ক্ষমতা সংকুচিত কৰাই নহয়, নাগৰিকৰ মৌলিক অধিকাৰ তথা বাক্ স্বাধীনতা খৰ্ব কৰি জৰুৰীকালীন সদৃশ এক পৰিস্থিতিৰ সৃষ্টি কৰা হ'ব।

ইতিমধ্যেই ইয়াকে লৈ ৰাষ্ট্ৰীয় স্তৰত বিশেষকৈ সংবাদ মাধ্যমত ব্যাপক চৰ্চা চলিছে। অসমতো এনে কাৰ্যৰ প্ৰতিবাদত আজি উত্তপ্ত হৈ পৰে বিধানসভাৰ মজিয়া। বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফে এনে ফেচিষ্ট কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি সদন ত্যাগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in