অসহায় তাজুদ্দিনৰ পৰিয়াল! ঈশ্বৰ সহায় হওঁক তেওঁৰ…

অসহায় তাজুদ্দিনৰ পৰিয়াল! ঈশ্বৰ সহায় হওঁক তেওঁৰ…

প্ৰকাশ মহন্ত

২০১৫চনৰ জুনতে এদিন মৃত্যু নিশ্চিত বুলি পৰিয়ালক জানিবলৈ দি গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালৰ পৰা অসমৰ এগৰাকী প্ৰখ্যাত গেষ্ট্ৰ'লজিষ্টে ৰিলিজ কৰি দিছিল তেওঁক। ৫ বছৰীয়া শিশুটিক কোচত লৈ পত্নী আৰু পৰিয়ালৰ লোকে চকুলো টুকি বৰ্তমানৰ হোজাই জিলাৰ অন্তৰ্গত মোৰাঝাৰৰ ঘৰলৈ বুলি ওভতাই লৈ গৈছিল তাজুদ্দিনক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জীত আৰু কানপুৰৰ চি এ জে এন বিশ্ববিদ্যালয়ৰ পৰা প্ৰাচীন বুৰঞ্জীত দুবাৰকৈ স্নাতকোত্তৰ ডিগ্ৰী লোৱা তাজুদ্দিন আছিল মোৰাঝাৰৰ বেচৰকাৰী কলেজখনৰ প্ৰবক্তা। তাৰ সমান্তৰালভাৱে তেওঁ সাংবাদিকতা কৰিছিল অসমীয়া প্ৰতিদিনত। সংবাদদাতা হিচাপে আৰু বেচৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে পোৱা ন্যূনতম মজুৰিৰে পৰিয়ালটোকে ভালদৰে চলাব নোৱাৰি, সেয়ে তেওঁৰ দুখীয়া পৰিয়ালটোৰ বাবে অসমৰ বাহিৰত উন্নত চিকিৎসাৰ সন্ধান কৰিবলৈ যোৱাতো তেওঁলোকৰ বাবে সামৰ্থৰ বাহিৰত আছিল।

কিন্তু হোজাই, মোৰাঝাৰৰ সংবাদদাতা সকল সাধ্যানুসাৰে তেওঁক সহায় কৰিবলৈ একত্ৰিত হৈছিল। তেওঁলোকে ধাৰণা কৰিছিল হায়দৰাবাদৰ এচিয়ান ইনষ্টিটিউট অৱ গেষ্ট্ৰ'লজিত চিকিৎসা কৰাব পাৰিলে তেওঁ ভাল হ'ব। যকৃতৰ ৰোগত আক্ৰান্ত অমায়িক শিক্ষক-সাংবাদিকগৰাকীক উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ পঠিয়াবলৈ কেইবাজনো ভাতৃ সদৃশ সাংবাদিকে মোলৈ ফোন কৰিছিল। একেদৰে আজমল ফাউণ্ডেশ্যনৰ সভাপতি বদৰুদ্দিন আজমলকো তেওঁলোকে অনুৰোধ জনাইছিল। সেইমৰ্মে প্ৰতিদিনৰ কৰ্তৃপক্ষক মই হায়দৰাবাদলৈ তিনিটা বিমানৰ টিকট কাটি দিয়াৰ লগতে কিছু অৰ্থ সাহায্য আগবঢ়োৱাৰো অনুৰোধ জনাইছিলো। আজমল ফাউণ্ডেশ্যনৰ কৰ্ম-কৰ্তালৈকেও ফোন কৰিছিলো। এনেদৰে গোট খাইছিল প্ৰায় ২ লাখ টকা।

সেই টকাকে সমল কৰি মৃতপ্ৰায় তাজুদ্দিনক উন্নত চিকিৎসালয় এখনলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আশংকাও হৈছিল। কিয়নো অচিনাকি ঠাইখনত গৈ পৰিয়ালটোৱে অধিক পইচাৰ প্ৰয়োজন হ'লে ক'ত পাব? সেয়া আছিল এক ডাঙৰ প্ৰশ্ন। কিন্তু একো নাই যাৰ, ইশ্বৰ সহায় তাৰ বুলি আমাৰ সমাজত প্ৰচলিত প্ৰবাদ ফাঁকিকে সঁচাত পৰিণত কৰি বন্ধু এজনৰ জৰিয়তে টেলিফোনত চিনাকি হোৱা সুৰেশ নটৰাজন নামৰ হায়দৰাবাদৰ প্ৰতিষ্ঠিত ব্যৱসায়ীজনো সহায়ৰ বাবে আগবাঢ়ি আহিল। ফোনতে তেওঁ জনালে তাজুদ্দিনক পৰিয়ালসহ চিকিৎসালয়লৈ পঠিয়ালে তেওঁ আন সহায় কৰিব নোৱাৰিলেও নিজৰ ব্যক্তিগত অতিথিশালাত থকাৰ সুবিধা কৰি দিয়াৰ লগতে নিজৰ ঘৰৰ পৰা খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিব। তাৰোপৰি হায়দৰাবাদত থকা ৩খন প্ৰখ্যাত চিকিৎসালয়ৰ চিকিৎসকৰ সৈতেও আলোচনা কৰাত আগ-ভাগ লৈ দিব। আচৰিত! নিজৰ ঠাইখনক অসহায় অনুভৱ কৰা পৰিয়ালটোৰ তিনিজন সদস্যই হায়দৰাবাদত উপস্থিত হোৱাৰ পাছত মুহূৰ্তৰ ভিতৰতে সুৰেশ নটৰাজনৰ পৰিয়ালৰ সৈতে তেজৰ সম্বন্ধ থকাৰ দৰেই আপোন হৈ পৰিল।

বিমান বন্দৰৰ পৰা গাড়ীৰে নি নিজা অতিথিশালাত খোৱাই-বোৱাই ৰখাৰ পৰা পিছদিনা চিকিৎসকক দেখুওৱালৈকে সকলো তেওঁ কৰিলে। বিখ্যাত যশোদা হাস্পতালৰ চিকিৎসকে চাই অসমত নিশ্চিত মৃত্যু বুলি ৰিলিজ দিয়া ৰোগী গৰাকীৰ সন্দৰ্ভত জানিবলৈ দিলে যে, তাৎক্ষণিকভাৱে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ প্ৰয়োজন নাই। অতিথিশালাত থাকিয়েই পৰীক্ষা-নিৰীক্ষাখিনি সম্পূৰ্ণ কৰাৰ পাছতহে তেওঁলোকে সিদ্ধান্ত ল'ব। পৰীক্ষাৰ অন্তত তেওঁক এমাহৰ দৰৱ দি হায়দৰাবাদতে থাকিবলৈ পৰামৰ্শ দিয়া হ'ল। সেইমতে বিনা খৰচত সুৰেশ নটৰাজনে অচিনাকি সাংবাদিক বন্ধুজনক পৰিয়ালসহ তেওঁৰ অতিথিশালাত থকাৰ লগতে পত্নীয়ে নিজ হাতে বনাই দিয়া খাদ্যও খুৱাই-বোৱাই ৰখাৰ দায়িত্ব ল'লে। এমাহৰ পাছত ৬ মাহৰ বাবে পুনৰ দৰৱ লিখি দি খোৱা খাদ্যৰ ক্ষেত্ৰত সংযত হ'বলৈ পৰামৰ্শ দিয়াৰ লগতে ৬ মাহ সম্পূৰ্ণ হ'লে চেক-আপৰ বাবে তেওঁক পুনৰ হায়দৰাবাদলৈ যাবলৈ কোৱা হ'ল।

হাতত পইচা কম বাবেই তেওঁলোক ৰে'লেৰে অসমলৈ আহিবলৈ ওলোৱাত নটৰাজনে মোলৈ ফোন কৰি জনালে- এনে অৱস্থাত যক্কৃত ৰোগীজন ৰে'লেৰে যোৱাতো উচিত নহ'ব, হয়তো পইচাৰ বাবেই তেওঁলোকে এই চিন্তা কৰিছে। তেওঁলোকক তুমি কোৱা যে ২০ হাজাৰ টকা মই দিম- যি পইচা মোক ঘূৰাই দিব নালাগে, কিন্তু তেওঁলোক বিমানেৰে ঘূৰি যাওঁক। সেইমৰ্মেই এজন অচিনাকি মানুহৰ অকল্পনীয় সহায়ত গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালৰ পৰা শ্মশান অভিমুখে প্ৰেৰণ কৰা তাজুদ্দিন আহমেদ ঘূৰি আহিল অসমলৈ। ৬ মাহৰ পাছত চেক-আপৰ বাবে পুনৰ যাওঁতে এবছৰৰ দৰৱ লিখি দি তেওঁক চিকিৎসকে পুনৰ সকীয়ালে যে, মাংসৰ দৰে গধুৰ আৰু চৰ্বিযুক্ত আহাৰ তেওঁ সম্পূৰ্ণৰূপে বৰ্জন কৰি চলিলে চিকিৎসালয়লৈ আৰু পুনৰ আহিব নালাগে। অৰ্থাৎ মৃত্যুৰ দুৱাৰদলিৰ পৰা জীৱনৰ আশা লৈ ২০১৫ চনৰ নবেম্বৰত তাজুদ্দিন পৰিয়ালসহ মোৰাঝাৰলৈ ঘূৰি আহিল।

পিছে এইখিনি সময়ৰ ভিতৰত বেচৰকাৰী কলেজখনৰ অস্থায়ী চাকৰিটো তেওঁ এৰিব লগা হ'ল। অৱশ্যে সাংবাদিকতাৰ দায়িত্ব তেওঁ পুনৰ আৰম্ভ কৰিব পৰা হ'ল। পৰিয়ালৰ সদস্যৰ দৰে ময়ো ভাবিছিলো- লাহে লাহে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব। বুৰঞ্জীৰ ডাব'ল এম এ তাজুদ্দিনে মোৰাঝাৰৰ কলেজখনত নহ'লেও ক'ৰবাত অধ্যাপনাৰ স্থায়ী চাকৰি এটা পাব। তেওঁ নাপালেও অসমীয়াত মেজৰসহ স্নাতক ডিগ্ৰীধাৰী তেওঁৰ পত্নীয়ে ক'ৰবাত এটা চাকৰি যোগাৰ কৰি ল'ব পাৰিব। কিন্তু স্বাভিমানী আৰু ৰাজনীতিৰ পৰা আঁতৰত অৱস্থান কৰা তাজুদ্দিন অথবা পত্নীক চৰকাৰী চাকৰিত নিয়োগ কৰাৰ দায়িত্ব কোনেও নল'লে। মোৰ বাবেও সেয়া সম্ভৱ নাছিল। পৰিস্থিতিটোৱে অতি স্বাভাৱিকভাৱে হতাশ কৰিছিল উচ্চশিক্ষিত আৰু মেধাৱী ডেকাজনক। যক্কৃত ৰোগৰ কাৰণ সন্দৰ্ভত মানুহৰ মাজত থকা ভুল ধাৰণায়ো হয়তো তেওঁক মনোকষ্ট দিছিল। তিনিটা বছৰ ভালদৰে পাৰ হৈছিল যদিও ২০১৯চনৰ আৰম্ভণিৰ পৰাই পুনৰ অসুস্থ হৈ পৰিল তেওঁ।

এইবাৰ যেতিয়া তেওঁ হায়দৰাবাদলৈ গ'ল তাত চিকিৎসকে যক্কৃতৰ অৱস্থা অতি সংগিন বুলি কোৱাৰ লগতে ইয়াৰ সংৰোপনৰ বিকল্প নাই বুলি জানিবলৈ দিলে। এইবাৰ অধিক হতাশাৰে ঘূৰি অহা তাজুদ্দিনৰ পৰা সবিশেষ জানিব পাৰি হোজাইৰ সাংবাদিকসকলে পুনৰ আজমল ফাউণ্ডেশ্যন আৰু নতুনকৈ সাংসদ হোৱা প্ৰদ্যুৎ বৰদলৈৰ সহায় বিচাৰিলে। ৰাজ্য চৰকাৰলৈও জনোৱা হ'ল আৱেদন। মই নিজেও সাংসদ বৰদলৈৰ লগত কথা পাতোতে তেওঁ সকলো সহায় কৰাৰ কথা ক'লে যদিও চৰকাৰী আঁচনিৰ ডেৰ লাখ টকীয়া সহায়ৰ বাহিৰে অধিক সহায় কৰাতো সম্ভৱ নহ'ব বুলি জনালে। আজমল ফাউণ্ডেশ্যনৰো সঁহাৰি এইবাৰ পিছে আগৰবাৰৰ দৰে  পোৱা নগ'ল। ইফালে, চিকিৎসালয়ে জনোৱা মতে, যক্কৃত সংৰোপনৰ বাবে প্ৰয়োজন হ'ব যক্কৃতৰ দাতা আৰু প্ৰায় ৩০ লাখ টকাৰ। যি পৰিমানৰ ধন তাজুদ্দিনৰ পৰিয়ালৰ বাবে বহন কৰাতো অসম্ভৱ কথা। মই বিচাৰিব পৰা সহায়ৰ সামৰ্থও সেই পৰ্যায়ৰ নহয়।

এনে অৱস্থাত তাজুদ্দিনৰ অসহায় পৰিয়ালটোৱে যিমান মনোকষ্ট পাইছে সেয়া বৰ্ণনাতীত। ময়ো বৰ কষ্ট পাইছো। প্ৰায় ৫ বছৰ পূৰ্বেই মৃত্যু নিশ্চিত বুলি গুৱাহাটীৰ বেচৰকাৰী হাস্পতালখনৰ পৰা চিকিৎসকে পঠাই দিয়া তাজুদ্দিনে হায়দৰাবাদত চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈয়ে বিগত সময়চোৱা প্ৰায় সুস্থ হৈ আছিল। কিন্তু আজি তেওঁ পুনৰ টিলটিলকৈ মৃত্যুৰ শীতল কোলালৈ যেন আগবাঢ়িছে। যি কথা উচ্চশিক্ষিত তাজুদ্দিনৰ লগতে পত্নীয়েও সম্পূৰ্ণৰূপ বুজি উঠিছে। তিনিদিন পূৰ্বে তাজুদ্দিনক ফোন কৰি মই কৈছিলো- তেওঁক লৈ টিভিত শ্ব' এটা কৰিলে ৰাইজে নিশ্চয় সহায় কৰিব। সেয়ে তেনে এক ব্যৱস্থাকে কৰো নেকি? কিন্তু স্বাভিমানী তাজুদ্দিনে পূৰ্বৰ দৰেই নিম্নস্বৰত ক'লে- মই যেনে এক অৱস্থাত থিয় হৈছো সেই অৱস্থাত টিভিত থিয় হৈ ৰাইজৰ সহায় ভিক্ষা বিচাৰিলে বহুতে হয়তো সহায় কৰিব, আন একাংশই হয়তো ক'ব মদাহী আছিল ছাগৈ মানুহতো। নহ'লেনো যক্কৃত নষ্ট হয়নে? এনেকুৱা কথা মাজে মাজে পত্নী বা পৰিয়ালৰ কাণত নপৰা নহয়। কিন্তু তেওঁলোকে জানে মোৰ তেনে কোনো বদ অভ্যাস নাছিল।

সেয়ে টিভিৰ পৰ্দাত থিয় হৈ সহায় বিচাৰিবলৈ যাওঁতে তেনে পৰিস্থিতিৰ সৃষ্টি হ'লে পৰিয়ালটোৱে অধিক কষ্ট পাব। ৰাইজে কৰা সহায়ৰ জৰিয়তে যক্কৃতৰ সংৰোপন হ'লেও পুনৰ সুস্থ হৈ উঠিম বুলি নিশ্চিত হ'ব পৰা মানসিক অৱস্থা এটাত মই নাই। কিয়নো ২০১৫চনতে দেখোন মই সুস্থ হৈ উঠিছিলোৱেই। ৪ বছৰৰ পিছত এতিয়া পুনৰ লাহে লাহে মৃত্যুৰ গৰ্ভলৈ সোমাই যোৱাৰ দৰে লগা হৈছে। সেয়ে এইবোৰ আৰু কৰি থাকিব নালাগে ছাৰ। মাথোঁ দুখ লাগিল সাংসদগৰাকীয়ে সকলো কৰি দিম বুলি কৈ এটকাৰো সহায় নকৰিলে। চৰকাৰো নীৰবে থাকিল। আপুনি বা মোৰ বন্ধু সাংবাদিকসকলে কিমান টানি থাকিব?

আজি পুনৰ ফোন কৰিছিলো তাজুদ্দিনলৈ। বুজাবলৈ চেষ্টা কৰিছিলো টিভি শ্ব' এটাৰ বাবে সৈমান কৰাবলৈ। কিন্তু পৰিয়ালৰ কোনোবা এজন নাই বুলি কৈ স্বাভিমানী ল'ৰাজনে অতি কৌশলেৰে বিষয়টোৰ পৰা ফালৰি কটাৰ চেষ্টা কৰিলে। চফল ডেকা, মেধাৱী শিক্ষক-সাংবাদিক গৰাকীৰ সৈতে কথা পতা সময়ত মোৰ বুকুখন ধৰফৰাই আছিল। তেওঁৰ কথাবোৰ শুনি এনে লাগিছিল যেন নিশ্চিত মৃত্যুৰ দিশে আগবঢ়া ল'ৰাটোৱে নিজৰ ভৱিষ্যতৰ লগতে পৰিয়ালটোৰ ভৱিষ্যত আৰু বৰ্তমান সকলো বিষয়কে নেদেখাজনৰ হাতত এৰি দি নিৰ্বিকাৰ হৈ পৰিছে। যাৰ অৰ্থ হ'ল যিমানেই যন্ত্ৰণাদায়ক নহওঁক কিয়, মৃত্যুৰ পথেৰে আগবাঢ়ি যাবলৈ তেওঁ সাজু হৈছে।

কিয়নো এই সময়ত তেওঁ যদি চিকিৎসাৰ বাবে আকুল হয় তেনেহ'লে পৰিয়ালটোৱে হয়তো অৱশিষ্ট মাটি-ভেটিখিনি বেচি দিব। আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে ঘৰৰ চালিখনো নাথাকিবগৈ। কেনে কঠিন পৰিস্থিতিত তাজুদ্দিনে এনে এক সীমনাত থিয় দি দুখ-যান্ত্ৰণাৰ মাজেৰে প্ৰতিটো মিনিট পাৰ কৰিছে সেয়া অনুভৱ কৰাটো মোৰ দৰে লোকৰ সামৰ্থৰ বাহিৰত। এনে অৱস্থাত পুনৰ সেই প্ৰব্ৰচনকে মাথোঁ মনতে আওৰাব পাৰো- ইশ্বৰ সহায় হওঁক তাৰ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in