সোৱণশিৰি নদীত তিনি যুৱকৰ সলিল সমাধি..

সোৱণশিৰি নদীত তিনি যুৱকৰ সলিল সমাধি..

ডিজিটেল সংবাদ লখিমপুৰঃ লখিমপুৰৰ সোৱণশিৰি নদীত বৃহস্পতিবাৰে আবেলি এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। নদী খনৰ বাধাকৰা দৰ্গে ঘাটত তিনিজন যুৱকৰ সলিল সমাধি হয় ৷ ঘটনাৰ বিৱৰণী মতে বৃহস্পতিবাৰে আবেলি স্থানীয় মৈদমীয়া গাঁৱৰ ছয় জন যুৱকে নদী খনৰ বাধাকৰা দৰ্গে ঘাটত গা ধুবলৈ যায় ৷

প্ৰথমে ছাজাদুল হক নামৰ যুৱক জনে গা ধুবলৈ নদীত নামে ৷ যুৱক জনে পানীত ককবকাবলৈ ধৰাত আদনান হাজৰিকা আৰু মামুদ হুছেইন নামৰ দুই যুৱকে তেওঁক উদ্ধাৰ কৰিবলৈ যত্ন কৰে ।এই দুই যুৱকো নদীৰ পানীত ডুব যায় ৷ পাৰত থকা আন তিনিজন যুৱকে লগে লগে হুৱা দুৱা লগায়। স্থানীয় ৰাইজে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে ৷

এছ ডি আৰ এফে অভিযান চলাই আদনান হাজৰিকা আৰু মামুদ হুছেইনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই বাতৰি লিখা পৰলৈকে ছাজাদুল হকৰ মৃতদেহ উদ্ধাৰ হোৱা নাই ৷ বৃহস্পতিবাৰে আবেলি তিনি বজাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷ আদনান হাজৰিকাৰ বয়স ১৭ বছৰ ,ছাজাদুল হ'কৰ ২০ বছৰ আৰু মামুদ হোছেইনৰ বয়স ৩২ বছৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in