নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন

নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন

ডিজিটেল সংবাদ, গেৰুকামুখঃ কেৰেলাত হোৱা বানত বিভীষিকা দেখাৰ পাছত  এতিয়া নদীবান্ধৰ ভয়ত কম্পমান হৈছে ধেমাজি-লখিমপুৰবাসী। ৩০০ৰো অধিক লোক মৃত্যু হোৱা কেৰালাতকৈ যে অসমৰ নদীবান্ধ হ'লে ক্ষয়ক্ষতি হাজাৰৰো বেছি হ'ব সেই কথা অনুমান কৰিব পাৰিছে অঞ্চলবাসীয়ে।

আমাৰ  হাতত পৰা তথ্য অনুসৰি নিৰ্মাণ সম্পূৰ্ণ নোহোৱা গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এতিয়াই পোৱা গৈছে বিপদৰ আগজাননী। বিগত কেবাদিন ধৰি বৰষুণ দিয়াৰ ফলত নদীবান্ধ প্ৰকল্পস্থলীত হৈছে ব্যাপক ভূমিস্খলন। অৰুণচলৰ দিশত থকা এই পাহাৰবোৰ খহি এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে যদিও, সেইবোৰ লুকুৱাবলৈ চেষ্টাৰ কৃপনালী কৰা নাই নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্ম-কৰ্তা সকলে।

সেই স্থানবোৰত ঢালাই কৰি দি পূৰ্বতেও পাহাৰত হোৱা ভূমিস্খলনৰ কথা গাপ দিবলৈ চেষ্টা কৰা হৈছিল। যোৱা কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণত কেবাস্থানতো পাহাৰ খহি পৰিছে। নদীবান্ধ হোৱাৰ পাছত ধাৰাসাৰ বৰষুণ হ'লে এই জলবিদ্যুৎ প্ৰকল্পটো জলবোমা সদৃশ যে হৈ পৰিব সেয়া এতিয়াই অনুমান কৰিব পৰা হৈছে।

ৰাজ্যৰ বিভিন্ন দল-সংগঠনে এই নদীবান্ধৰ কাম বন্ধ কৰিবলৈ দীৰ্ঘদিন ধৰি আন্দোলন চলাই আহিছে যদিও, তালৈ কোনো গুৰুত্ব নাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ। সম্পূৰ্ণ আইন উলংঘা কৰি গোপনে NHPCয়ে চলাই আছে নদীবান্ধৰ কাম। পাহাৰৰ পৰা বৈ অহা মাটিয়ে নদীবান্ধ নিৰ্মাণস্থলীতো যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে।

তাৰ পাছতো লখিমপুৰ, ধেমাজি তথা মাজুলীবাসীৰ জীৱনক লৈ হেতালি খেলিছে NHPC কৰ্তৃপক্ষই। আমাৰ হাতত পৰা সেই বিস্ফোৰক আলোকচিত্ৰই প্ৰমাণ কৰে আজিৰ তাৰিখত কিমান বিপদসংকূল হৈ আছে এই নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। এতিয়াই বাৰিষা এনে এক পৰিৱেশ সৃষ্টি হ'লে ভৱিষ্যতে কি হ'ব পাৰে সেয়া কল্পনাৰো অগোচৰ।

ইমানৰ পাছতো এই নদীবান্ধটোৰ নিৰ্মাণৰ স্বাৰ্থতহে ব্যস্ত আছে ৰাজ্য তথা কেন্দ্ৰ চৰকাৰ। বাৰে বাৰে ইয়াৰ বিৰোধিতা কৰাৰ পাছতো অঞ্চলটোৰ ৰাইজৰ ভৱিষ্যতৰ কথা ভাবি বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাই NHPC কৰ্তৃপক্ষ তথা চৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in