দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ২ বাইক চোৰ গ্ৰেপ্তাৰ, উদ্ধাৰ চুৰি বাইক

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত ২ বাইক চোৰ গ্ৰেপ্তাৰ, উদ্ধাৰ চুৰি বাইক

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰৰ ফকিৰগঞ্জৰ আইৰকাটা পোৰাভিটা এলেকাৰ পৰা দেওবাৰে বিয়লি ৰাইজে দুটা বাইক চোৰক এখন চুৰি বাইকসহ আটক কৰি আৰক্ষীক গতাই দিয়ে। ধুবুৰী জিলাৰ অন্তৰ্গত আইৰকাটা পোৰাভিটা বজাৰৰ পৰা দেওবাৰে বিয়লি প্ৰায় ৩ বজাত স্থানীয় ৰাইজে বাইকক লৈ কাজিয়া কৰি থকা অৱস্থাত আটক কৰে চোৰ ২ টাক।

ইয়াৰ পাছত ৰাইজে ফকিৰগঞ্জ আৰক্ষীক খবৰ দি বাইকসহ চোৰ দুটাক গতাই দিয়ে। ধৃত বাইক চোৰ দুটা উক্ত থানা এলেকাৰ সাতছিয়া গাঁৱৰ জবেদ আলিৰ পুত্ৰ হামিদুল ইছলাম (২১) আৰু মৈৰাকুচি গাঁৱৰ মোস্তাফিজুৰ ৰহমানৰ পুত্ৰ ৰাখিফুল ইছলাম (১৯) বুলি জানিব পৰা গৈছে। প্ৰায় ১৫ দিন পূৰ্বে দুয়ো চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ চিবিনাঙৰ চুটমাংগিৰী বজাৰৰ পৰা এমএল-০৮-জি-২৯৪৯ নম্বৰৰ এখন ডিস্ক'ভাৰ বাইক চুৰি কৰি আনে। দেওবাৰে দুয়োৰে মাজত উক্ত বাইকখনক লৈ কাজিয়াৰ সৃষ্টি হোৱাৰ পাছত ৰাইজে দুয়োক আটক কৰে।

মন কৰিবলগীয়া যে, ফকিৰগঞ্জ আৰক্ষীয়ে ইতিমধ্যে মেঘালয়ৰ ফুলবাৰী থানাৰ আৰক্ষীক খবৰ দিয়াত মেঘালয় আৰক্ষীৰ দল এটা ফকিৰগঞ্জলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে। সম্প্ৰতি চোৰ দুটাৰ লগতে বাইকখন ফকিৰগঞ্জ থানাত ৰখা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in