দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে অতিক্ৰম কৰিলে বিপদসীমা, ২ শতাধিক গাঁও পানীৰ তলত…

দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে অতিক্ৰম কৰিলে বিপদসীমা, ২ শতাধিক গাঁও পানীৰ তলত…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ উজনি আৰু মধ্য অসমৰ পিছত এইবাৰ নামনি অসমত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বিপদসীমা অতিক্ৰম কৰাত প্ৰায় জিলা দুখনৰ প্ৰায় দুই শতাধিক গাঁও পানীৰ তলত যোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে বিগত এটা সপ্তাহ ধৰি নেৰে নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ভয়াবহ ভাবে বৃদ্ধি পাইছে। আজি দুপৰীয়াৰ ভাগত পানীয়ে বিপদসীমা অতিক্ৰম কৰাৰ ফলত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শান্তিপূৰ, বাংৰীৰচৰ, নেয়াজেছপূৰ, সুখচৰ, চৰ কাশৰীপাৰা, হাজিৰহাট, দেৱানেৰ আলগা, পাটাকাটা, টুমনি, শালমাৰা, খোপাতিয়া, নিলখিয়াকে জিলাখনৰ প্ৰায় ধৰি প্ৰায় শতাধিক গাঁৱত এতিয়া পানীয়ে জলমগ্ন কৰি ৰাখিছে। আনহাতে ধুবুৰী জিলাৰ শালকাটা, মাটিফাটা, ফকীৰগঞ্জ, সূৰ্যমণি, জৰুৱা, বিৰসিং, বন্দিহানাকে ধৰি জিলাখনৰ অধীনস্থ কেৱল মাত্ৰ দক্ষিণ শালমাৰা সমষ্টিৰ প্ৰায় অৰ্ধ শতাধিক গাঁও এতিয়া পানীৰ তলত।

যোৱা বৃহস্পতিবাৰৰে পৰা শুকুৰবাৰলৈ পানী প্ৰায় ১২ চেমিতকৈ অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈয়ে। ফলত ঠায়ে ঠায়ে বানাক্ৰান্ত লোক নিজৰ ঘৰ দুৱাৰ এৰি ওখ স্থানলৈ ঢাপলি মেলিছে। একাংশ জনৰ ঘৰত একাঠু পানী হোৱাত ঘৰৰ চালতো আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। এনে হাঁহাকাৰ জনক পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও আজিৰ দিনলৈকে স্থানীয় জন প্ৰতিনিধি, বিধায়ক বা সাংসদৰ লগতে জিলা প্ৰশাসনে বানাক্ৰান্তৰ বাবে সহায় কৰাতো দুৰৰে কথা খবৰ এটাও নোলোৱাৰ অভিযোগ উঠিছে।

ইফালে মেঘালয়ৰ গাৰো পাহাৰৰ পানীয়ে মানকাচৰ কালাপানী অঞ্চলত বিগত এটা সপ্তাহ ধৰি বান পানীৰ সৃষ্টি হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টিহৈছিল। অৱশ্যে আজি বৰষুণ নোহোৱাৰ ফলত পানী কিছু পৰিমানে কমিছে যদিও বাট পথ বিধস্ত হৈ যোগাযোগ বিছিন্ন হৈ পৰিছে। একাংশ সংবাদ মাধ্যমত বানৰ খবৰ ওলোৱাৰ পাছতহে আজি জিলা উপায়ুক্ত আতিকা চুলতানা আৰু স্থানীয় বিধায়ক মতিউৰ ৰহমান মণ্ডল বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি খা খবৰ লৈ দায়িত্ব সামৰা পৰিলক্ষিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in