ধেমালীৰ মাজতে বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে বন্ধুয়ে…

ধেমালীৰ মাজতে বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে বন্ধুয়ে…

ডিজিটেল সংবাদ,ছমৰীয়া:-দক্ষিন কামৰূপৰ ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা।বন্ধুৱে ধেমালিতে প্ৰহাৰ কৰোতে প্ৰাণ গ'ল বন্ধুৰ।

এই শিহৰনকাৰী ঘটনা সংঘটিত হৈছে ছয়গাওঁ উদ্যোগিক বিকাশ কেন্দ্ৰৰ NORTH EAST GRANULATORS নামৰ কোম্পানীত। ঘটনাৰ বিৱৰনী অনুসৰি প্ৰথমে ধেমালিতে চৰিয়াইছিল ইজনে-সিজনক।তাৰপিছতে বন্ধু ৰত্নেশ্বৰ দাসে বন্ধু মোহনক ধেমালীতে কিবা কৈ থকাত হঠাতে খৰ্গহস্ত হৈ উঠে বন্ধু মোহন।

ইয়াৰ পিছতে মোহনে হঠাৎ লোৰ পাইপৰে মুৰত প্ৰহাৰ কৰে তেওঁৰ বন্ধু ৰত্নেশ্বৰক।বন্ধু মোহনৰ লোৰ পাইপৰ প্ৰহাৰত থিতাতে নিহত ৰত্নেশ্বৰ দাসৰ।এই অনাকাংক্ষিত হত্যাত জড়িত মোহন দাসক ইতিমধ্যে বকো আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আটক কৰিছে।

নিহত ৰত্নেশ্বৰ দাসৰ ঘৰ ছয়গাঁৱৰ বালাগাঁৱত আৰু হত্যাকাৰী মোহন দাসৰ ঘৰ ছয়গাঁৱৰ বামুণীগাঁও চন্দ্ৰপুৰত বুলি জানিব পৰা গৈছে।জানিব পৰা মতে দুয়োজন শ্ৰমিক কোম্পানীটোত বাহনত সামগ্ৰী উঠোৱা-নমোৱা কামত নিয়োজিত আছিল।ইতিমধ্যে ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহটো বকো আৰক্ষী থানালৈ লৈ আহে আৰু শুকুৰবাৰে পুৱাৰ ভাগত মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়াব বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in