দক্ষিণ শালমাৰাৰ কেইবাখনো গাঁৱত ধুমুহা-বতাহৰ তাণ্ডৱ, শতাধিক পৰিয়াল গৃহহাৰা, ব্যাহত বিদ্যুৎ সেৱা..

দক্ষিণ শালমাৰাৰ কেইবাখনো গাঁৱত ধুমুহা-বতাহৰ তাণ্ডৱ,  শতাধিক পৰিয়াল গৃহহাৰা,  ব্যাহত বিদ্যুৎ সেৱা..

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ সুখচৰ আৰু হাজিৰহাট অঞ্চলৰ কেবাটাও গাঁৱত দেওবাৰে নিশা হোৱা ধুমুহাৰ ফলত শতাধিক পৰিয়ালৰ ডেৰ শতাধিক ঘৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে গছ, বিদ্যুতৰ খুটা ভাঙি পেলোৱাত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা।

উল্লেখযোগ্য যে দেওবাৰে নিশা প্ৰায় ৯ বজাত জিলাখনৰ সুখচৰ-হাজিৰহাট অঞ্চলৰ বিশেষকৈ আকন্দেৰ চৰ, বৰবালু, সুখচৰ, হাজিৰহাট, খোপাতিয়া, কদমতলি, তাতিপৰা, বেৰাভাঙা, ৰসমাৰীকে ধৰি প্ৰায় ৭/৮ খন গাঁৱত বৰদৈচিলাৰ তাণ্ডৱ চলে। গাঁও কেইখনৰ এফালৰ পৰা ভাঙি তহিলং কৰে ঘৰ দুৱাৰ, উভালি পেলায় গছ গছনি, বিদ্যুতৰ খুটা।

ৰাজিউল ইছলাম ৩ টা ঘৰ , আব্দুল মতলেব শেখ ২ টা ঘৰ, মছলেম শেখ ১ টা ঘৰ , আব্দুল সত্তাৰৰ ১ টা ঘৰ, আব্দুল লতিফৰ ৩ টা ঘৰ, আশ্ৰফুল ইছলামৰ ১ টা ঘৰ সহ শতাধিক লোকৰ ডেৰ শতাধিক ঘৰ ভাঙি পেলোৱাৰ লগতে একাংশ জনৰ ঘৰ উৰুৱাই নিয়ে। আনহাতে আব্দুল লতিফৰ ৩ টা ঘৰ উৰুৱাই নি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়ে। ফলত ঘৰৰ অৱশিষ্ট খিনি তেওঁ উদ্ধাৰ কৰিবলৈ অক্ষম হয়। আনহাতে আব্দুল ছালামৰ পোহনীয়া ২ টা গৰু ঘৰৰ তলত পৰি মৃত্যু হয়। তদুপৰি আবু কালাম নামৰ লোকজনকে ধৰি কেবা জন লোক ধুমুহাৰ ফলত আহত হয়।

ইফালে ঘটনাক লৈ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক অৱগত কৰা হৈছে যদিও বাতৰি লিখা পৰলৈকে ঘটনাস্থলীত প্ৰশাসনৰ ফালৰ পৰা কোনো লোকে উপস্থিত নোহোৱাৰ অভিযোগ উঠিছে।

ইফালে দেওবাৰে মানকাচৰৰ কালো চৰত ধুমুহাই তাণ্ডৱলীলা চলাই কেবাটাও পৰিয়ালৰ ঘৰবাৰী বিনষ্ট কৰাৰ লগতে আহত হয় এজন ব্যক্তি। দক্ষিণ শালমাৰা মানকাচৰ জিলা ভাৰত বাংলা সীমান্তৰ মানকাচৰৰ কালোচৰত পুৱতিনিশা প্ৰায় ৩. ৫০ মান বজাত অহা ধুমুহা বৰষুনে তাণ্ডৱ চলাই গাওঁখনৰ কেৱাটাও পৰিয়ালৰ ঘৰ সম্পূৰ্ণ ৰুপে উৰুৱাই নিয়াৰ লগতে এগৰাকী ব্যক্তি গুৰুতৰ ভাৱে আহঁত হৈ চিকিৎসাধীন হব লগা হয়। ধুমুহাৰ ফলত উভালি পৰিল বিদ্যুত খুটা, উছন হল ঘৰৰ ভেটি, গছ ভাঙি পৰিল ঘৰৰ ওপৰত,ঘৰৰ টিনপাত উৰুৱাই নিলে পথাৰত, ঘৰৰ আচবাব পত্ৰ ধংসস্তুপত পৰিনত হৈ হাহাকাৰ সৃষ্টি হয় গাও খনত।

প্ৰায় ১০ টা পৰিয়ালৰ ১৫ তকৈ অধিক ঘৰ ধংসস্তুপত পৰিনত হল। গাওঁখনৰ মইদুল ইছলামৰ ২দুটা,লাল মিঞাৰ ২টা,সুনাৰ বাদসা এটা, মতিউৰ ৰহমানৰ ২টা, আনৰুল ইছলামৰ এটা, মুক্তাৰ ৰহমান এটা, ছবিয়া ৰহমান এটা, মিথুন মিঞাৰ এটা, নুৰ আবেদিন এটা বাস গৃহ ধুমুহাৰ ফলত তচ নচ হৈ পৰে লগতে ঘৰৰ সকোলো সা সম্পত্তি সম্পুৰ্ণৰূপে ধংসস্তুপত পৰিনত হল ।

ইপিনে ধুমুহাৰ ফলত ঘৰ ভাঙি মইদুল ইছলামৰ মূৰত আঘাতপ্ৰাপ্ত হৈ ১৩ টা চিলাই লব লগাত পৰে।ইফালে মানকাচৰ কামাখ্যা মন্দিৰস্ত বি এছ এফ কেম্পৰ চৌহদত থকা বৃহত গছ কেৱাটাও উভালি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in