চন্দ্ৰ পৰিভ্ৰমণ কৰিব দানুৰিয়েঃ মহাকাশ যাত্ৰাত সংযোজন হ’ল দক্ষিণ কোৰিয়া…

চন্দ্ৰ পৰিভ্ৰমণ কৰিব দানুৰিয়েঃ মহাকাশ যাত্ৰাত সংযোজন হ’ল দক্ষিণ কোৰিয়া…


ডিজিটেল ডেস্ক: ৫ আগষ্ট, শুকুৰবাৰে দক্ষিণ কোৰিয়াই মহাকাশলৈ নিক্ষেপ কৰিলে ৰকেট| এই ৰকেটে মহাকাশত এবছৰ সময় থাকিব। এই এবছৰত চন্দ্ৰ পৰিভ্ৰমণ কৰি এই কৃত্ৰিম উপগ্ৰহই মহাকাশৰ পৰা তথ্য জোগান ধৰাত সহায় কৰিব দক্ষিণ কোৰিয়াক ।

ফেলকন-৯ নামৰ ৰকেটৰ জৰিয়তে পঠিওৱা এই কৃত্ৰিম উপগ্ৰহটো দক্ষিণ কোৰিয়াৰ মহাকাশ পৰিভ্ৰমণৰ সামৰ্থ্যৰ প্ৰথম পৰীক্ষণ । ইয়াৰ পাছত ২০৩০ চনলৈ চন্দ্ৰত ৰ'ব'টৰ সহায়ত অৱতৰণৰ চেষ্টা চলাব দক্ষিণ কোৰিয়াই ।

উল্লেখ্য যে, দানুৰি নামৰ এই কৃত্ৰিম উপগ্ৰহটোৰ নামাকৰণ দুটা কোৰিয়ান শব্দ "চন্দ্ৰ" আৰু "ফূৰ্তি"ৰ সন্ধি । দানুৰিক লৈ উৎক্ষেপন কৰা ফেলকন-৯ বিশ্বৰ অন্যতম মহাকাশ গৱেষণা কেন্দ্ৰ "স্পেছ এক্স"ৰ ৰকেট, যি ফ্ল'ৰিডাৰ কেপ কানাভেৰাল স্পেছ ফ'ৰ্ছ ষ্টেছনৰ পৰা উৰা মাৰে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১১.০৮ বজাত ।

স্পেছ এক্স হৈছে ইলন মাস্কৰ প্ৰতিষ্ঠান যি ইতিধ্যেই মংগল গ্ৰহৰ বুকুত ৰ'ব'টৰ সহায়ত কৃত্ৰিম অৱতৰণত সফল হৈছে তথা মহাকাশলৈ ইলন মাস্কৰে আন এটা প্ৰতিষ্ঠান টেছলাৰ গাড়ী পঠিয়াবলৈ সক্ষম হৈছিল ।

প্ৰায় ১৮ মিলিয়ন ব্যয় সমৃদ্ধ এই প্ৰকল্পটোৱে চন্দ্ৰৰ প্ৰদক্ষিণ পথৰ তথ্যও যোগান ধৰিব দক্ষিণ কোৰিয়াক । ৬৭৮ কিলোগ্ৰামৰ উপগ্ৰহটোত সন্নিৱিষ্ট কৰা হৈছে ৬টা কৈ বৈজ্ঞানিক যন্ত্ৰ, যাৰ ভিতৰত ৫টাৰ নাম হোমগ্ৰ'ন আৰু আনটোৰ নাম শ্বেড'কেম । আন বিভিন্ন তথ্যৰ সৈতে চন্দ্ৰৰ চুম্বকীয়ক্ষেত্ৰখনৰো অধ্যয়ন কৰিব দানুৰিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in