দক্ষিণ কামৰূপৰ চৰাঞ্চলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি, বিৰোধী দলপতি-বিধায়কৰ চৰাঞ্চল পৰিদৰ্শন…

দক্ষিণ কামৰূপৰ চৰাঞ্চলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি, বিৰোধী দলপতি-বিধায়কৰ চৰাঞ্চল পৰিদৰ্শন…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ চৰাঞ্চলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ সোমবাৰে নিশাও বৃদ্ধি পোৱাত বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বৰলুইতৰ কালৰূপী বানে দক্ষিণ কামৰূপৰ পলাশবাৰী-গুমী-সোণতলী-নগৰবেৰা ই এণ্ড ডি মথাউৰিৰ উত্তৰ অংশৰ চৰাঞ্চল তথা গ্ৰামাঞ্চলৰ হাজাৰ হাজাৰ লোকৰ জনজীৱন বিপদাপন্ন কৰি তুলিছে৷

উল্লেখ্য যে পলাশবাৰী সমষ্টিৰ ১, ২নং কালাপানী, বৰদিয়া, বৰদিয়া চাপৰি, বৰদিয়া গাঁও, ভূৰাকাটাপাম, হেংৰাট্টাৰী, চৰাইমাৰী, ডাইৰট্টাৰী, কাজলট্টাৰী, বিটুৰট্টাৰী, ভেৰভেৰী, ছয়গাঁও সমষ্টিৰ জাহিৰপুৰ, বৰভিটা, বাঘমাৰা, টপাৰপথাৰ, কমলাপুৰ, অগ্ৰদূত ছাত্ৰ সন্থা, পুৰাণকুঁছিয়া, আচলপাৰা, বৰাখাট, খলিহামাৰী, মাজৰটোপ, কালাৰদিয়াটুপ, কালাৰদিয়া, মাগুৱা, মাগুৱাবিল পথাৰ, ডেউৰীডুৱা, সৰলপাৰা, ২নং সৰলপাৰা, বাতাহিদিয়া, উজান দুৰামাৰী, দুৰামাৰী, নলজুহি, বালাগাঁও, নয়াপাৰা, ভোগেৰদিয়া, বকো সমষ্টিৰ সোণতলী, মাহতলী, পানীখাইতী, বৰদিয়া-নয়াপাৰা, জ্যোতিয়াৰদিয়া, পল্লীমংগল, সৰু আৰিকাটি, বৰ আৰিকাটি, বৰঘোল, গৰুৰ চৰ, কুঁছিয়াৰদিয়া পথাৰ, চুতাৰুপাৰা, লটৰীয়াদিয়া, ৰৌমাৰী, গৰৈমাৰী চৰ, গৰৈমাৰী বিলৰজান, সোণতলী সত্ৰ, ১, ২নং ৰাংগাপানীকে ধৰি বহুসংখ্যক ৰাজহ গাঁও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে৷

ইফালে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱাত ছয়গাঁও, বকো আৰু পলাশবাৰী সমষ্টিৰ উপৰিউক্ত গাঁওকেইখনৰ হেজাৰ হেজাৰ পৰিয়াল কালৰূপী বানত ককবকাই থকাৰ লগতে সম্প্ৰতি বন্যাৰ্তৰ মাজত অনিশ্চিয়তাত দেখা দিছে৷

আনহাতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বাতাহিদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত নলজুহি আৰু বালাগাঁও চৰৰ ওখ-ভেটি দুটা ইতিমধ্যে পানীত বুৰ যোৱাত তেওঁলোকক অন্য আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি চৰাঞ্চলৰ ওখ-ভেটিত বানপীড়িতই পশুধনৰ সৈতে সহাৱস্থান কৰি আছে৷

পশুধনৰ মাজত খাদ্য সমস্যাই দেখা দিয়াৰ সমান্তৰালকৈ ওখ-ভেটিত ৰন্ধনৰ সু-ব্যৱস্থা নথকাৰ পৰিপ্ৰেক্ষিতত বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী লগতে খোৱাপানীৰ নাটনিয়ে দেখা দিছে৷ অৱশ্যে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা ছয়গাঁও সমষ্টিৰ চৰাঞ্চলৰ বন্যাৰ্তলৈ বিতৰণৰ বাবে ৫০০ বেগ পশুখাদ্য আৰু ২৫০টা তিৰ্পাল প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷

ইপিনে বকোৰ সোণতলী-ৰাংগাপানীৰ ই এণ্ড ডি মথাউৰিৰ আশ্ৰয় শিবিৰত বিশেষকৈ পশুখাদ্য সমস্যাই দেখা দিছে৷ ইপিনে বন্যাৰ্তই আশ্ৰয় লোৱা সোণতলী চাৰিআলিৰ পৰা নগৰবেৰাৰ ই এণ্ড ডি মথাউৰিলৈ ভাবুকি অহাত ঠাইখিনিত বিভাগীয় কৰ্তৃপক্ষই দিনে-নিশাই তদাৰক অব্যাহত ৰাখিছে৷

উল্লেখ্য যে ছয়গাঁও, বকো আৰু পলাশবাৰী সমষ্টিৰ অন্তৰ্গত চৰাঞ্চল তথা চৰগাঁৱৰ বানপীড়িতই ঘৰ-দুৱাৰ এৰি সম্প্ৰতি পলাশবাবাৰী-গুমী-সোণতলী-নগৰবেৰা ই এণ্ড ডি মথাউৰিৰ আশ্ৰয় শিবিৰত পশুধনৰ সৈতে অৱৰ্ণনীয় দুখ-কষ্টত দিন অতিবাহিত কৰি আহিছে৷ শিবিৰত নাই খোৱাপানী, ৰন্ধা-বৰাৰ সুব্যৱস্থা, নাই চিকিৎসা ব্যৱস্থা৷

এনে দুৰ্গম পৰিবেশত টিৰ্পালৰ তলত বন্যাৰ্তই দিন অতিবাহিত কৰি আছে৷ আনহাতে কলহী নৈৰ জলপৃষ্ঠ মঙ্গলবাৰেও সামান্য বৃদ্ধি পোৱাত লাৰুৱাজান, হাতীশলাপাম, হাতীশলা গাঁও, কৰাইবিল, কৰাইবিল পথাৰ, ভলুকাবাৰী অঞ্চলৰ বান পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰাত বন্যাৰ্তৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ বকো সমষ্টিৰ জলজলী নৈৰ পানীও সামান্য বৃদ্ধি পাইছে৷

ফলত বগুৰিগুৰী, বটিয়ামাৰী, ডেকাচাঙসহ বহু অঞ্চলত পশুখাদ্যৰ নাটনিয়ে দেখা দিছে৷ উল্লেখ্য যে দক্ষিণ কামৰূপৰ বানপীড়িত চৰাঞ্চল তথা গ্ৰামাঞ্চলত অদ্যাপি বান সাহায্য প্ৰদান নকৰাত বন্যাৰ্তসকলৰ মাজত প্ৰতিক্ৰিয়াৰ লগতে ক্ষোভৰ সৃষ্টি হৈছে৷

আনহাতে অসম বিধানসভাৰ বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ মঙ্গলবাৰে দুপৰীয়া যন্ত্ৰচালিত নাওযোগে ছয়গাঁৱৰ বাতাহিদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বানপীড়িত চৰাঞ্চল পৰিদৰ্শন কৰে৷

চৰাঞ্চল ভ্ৰমণকালত কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উপ-সভাপতি নৃতেন ঠাকুৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক আনোৱাৰ হুছেইন, কামৰূপ গ্ৰাম্য জিলা সমিতিৰ সভাপতি ঘনশ্বাম কলিতা, ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি নজমুল হক (বাবু), অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাক, গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ছামছুল হক প্ৰমূখ্যে ভালেসংখ্যক পঞ্চায়ত প্ৰতিনিধি-কংগ্ৰেছ কৰ্মকৰ্তাই সংগ দিয়ে৷ আটাইকেইজন জনপ্ৰতিনিধিয়ে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি চৰাঞ্চলৰ বন্যাৰ্তৰ পৰিস্থিতিৰ বুজ লয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in