দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ…

দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ ব্ৰহ্মপুত্ৰ, কলহী আৰু জলজলী নৈৰ পানী সামান্য হ্ৰাস পালেও অঞ্চলসমূহৰ বান পৰিস্থিতি বৃহস্পতিবাৰেও অপৰিৱৰ্তিত হৈ আছে৷ উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ঠাই বিশেষে এক-দুই ফুটলৈ হ্ৰাস পাইছে।

কিন্তু বৰ্তমানেও ছয়গাঁও সমষ্টিৰ কালাৰদিয়াটুপ, কালাৰদিয়া, মাগুৱা, মাগুৱাবিল পথাৰ, ডেউৰীডুৱা, সৰলপাৰা, ২নং সৰলপাৰা, বাতাহিদিয়া, উজান দুৰামাৰী, দুৰামাৰী, নলজুহি, বালাগাঁও, নয়াপাৰা, ভোগেৰদিয়া, জাহিৰপুৰ, বৰভিটা, বাঘমাৰা, টপাৰপথাৰ, কমলাপুৰ, অগ্ৰদূত ছাত্ৰ সন্থা, পুৰাণকুঁছিয়া, আচলপাৰা, বৰাখাট, খলিহামাৰী, মাজৰটোপ, বকোৰ সোণতলী, মাহতলী, পানীখাইতী, বৰদিয়া-নয়াপাৰা, জ্যোতিয়াৰদিয়া, পল্লীমংগল, সৰু আৰিকাটি, বৰ আৰিকাটি, বৰঘোল, গৰুৰ চৰ, কুঁছিয়াৰদিয়া পথাৰ, চুতাৰুপাৰা, লটৰীয়াদিয়া, ৰৌমাৰী, গৰৈমাৰী চৰ, গৰৈমাৰী বিলৰজান, সোণতলী সত্ৰকে ধৰি বহু ঠাই জলমগ্ন হৈ আছে৷

ইফালে, চৰাঞ্চলৰ বানাক্ৰান্তই ওখ-ভেটিত আৰু ছয়গাঁও-বকো-পলাশবাৰী সমষ্টিৰ হাজাৰ হাজাৰ পৰিয়ালে ই এণ্ড ডি মথাউৰিত পশুধনৰ সৈতে দুৰ্বিষহ জীৱন-যাপন কৰিছে৷ আশ্ৰয় শিবিৰৰ বন্যাৰ্তই অন্ন-বস্ত্ৰ, চিকিৎসা সেৱা, বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷

চাম্পুপাৰা গাঁও, লাৰুৱাজান, হাতীশলাপাম, হাতীশলা গাঁও, কৰাইবিল, কৰাইবিল পথাৰ, ভলুকাবাৰী, বগুৰিগুৰী, মালিবাৰী পথাৰ, বটিয়ামাৰী, চতুৰ্ভুজ, ডেকাচাং, জাওকাটা, জাওকাটাদিয়া তথা পাৰ্শ্বৱৰ্তী অঞ্চলত কলহী-জলজলী নৈৰ জলপৃষ্ঠ সামান্য হ্ৰাস পালেও বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে৷

প্ৰলয়ংকাৰী বানৰ ফলত বকোৰ ছমৰীয়াৰ পাৱাৰ হাউছৰ অন্তৰ্গত বৃহত্তৰ কৰাইবিল, লাৰুৱাজান, বগুৰিগুৰী, সোণতলীৰ পাৰ্শ্বৱৰ্তী অঞ্চলবোৰত বিগত এসপ্তাহ ধৰি বিদ্যুৎ যোগান ব্যাহত হোৱা বুলি জানিব পৰা গৈছে৷

আনহাতে, বান পৰিস্থিতি অপৰিৱৰ্তিত হোৱাত দক্ষিণ কামৰূপৰ বানপীড়িত অঞ্চলৰ বাট-পথ জলমগ্নৰ বাবে বন্যাৰ্তৰ মাজত সমস্যাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে, টপাৰপথাৰ, আলিকাষ ই এণ্ড ডি মথাউৰিত আশ্ৰয় লোৱা বন্যাৰ্তসকলৰ মাজত গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয় শিক্ষক গোট-ছাত্ৰ একতা সভা, গৰৈমাৰী বজাৰ ব্যৱসায়ী সন্থাৰ লগতে স্থানীয় একাংশ স্বেচ্ছাসেৱী সংগঠন তথা উদীয়মান যুৱকে বৃহস্পতিবাৰে নিজাববীয়াকৈ খাদ্য সামগ্ৰী বিতৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in