উজ্বলিছে টলিউড, চলি আছে বলিউড…

উজ্বলিছে টলিউড, চলি আছে বলিউড…

বৰষা শৰ্মা

চিনেমা হৈছে এক জনপ্ৰিয় মাধ্যম। এটা জাতি,যুগ বা প্ৰজন্মই চিনেমাক নতুন ৰূপত তুলি ধৰে আৰু চিনেমাইও এখন সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে। সাম্প্ৰতিক সময়ত, দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ জনপ্ৰিয়তা আকাশ চুইছে। এটা সময় আছিল যেতিয়া দক্ষিণৰ চলচ্চিত্ৰ সমূহ কেৱল দক্ষিণৰ ৰাজ্যসমূহত সীমাবদ্ধ আছিল আৰু পিছত সৰু পৰ্দাত মুক্তি পাবলৈ হিন্দীত ডাব কৰা হৈছিল।

অৱশ্যে, এতিয়া পৰিস্থিতি সলনি হৈছে! বৃহত বাজেটৰ চলচ্চিত্ৰসমূহ একে সময়তে হিন্দীকে ধৰি একাধিক ভাষাত মুক্তি দিয়া হয় আৰু এই ছবি সমূহৰ কাহিনী, কাৰ্য, ভিএফএক্স, অভিনেতা আদিয়ে দৰ্শকৰ প্ৰশংসাও লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পৰিপ্ৰেক্ষিতত ক'ব পাৰি যে দক্ষিণ ভাৰতীয় ছবি উদ্যোগে এক বিশেষ গতি লাভ কৰিছে আৰু শীঘ্ৰেই দক্ষিণ ভাৰতীয় ছবি আৰু অভিনেতা অভিনেত্ৰী সকলে বলিউড দখল কৰিব।

টলিউড তাৰকা আল্লু অৰ্জুন অভিনীত তেলেগু মূলৰ চলচ্চিত্ৰ পুষ্পাঃ দ্য ৰাইজে ২০ ফেব্ৰুৱাৰীত দাদাচাহেব ফালকে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২২ ত সন্মানীয় 'ফিল্ম অফ দা ইয়েৰ' বঁটা লাভ কৰে। এই ছবিখনৰ যোগেদি আল্লু অৰ্জুনে দৰ্শকৰ মাজত অন্য এক স্থান দখল কৰিবলৈ সক্ষম হয়। এয়া কব পাৰি যে বৰ্তমান প্ৰজন্মৰ প্ৰভাস, ৰাম চৰণ, সিদ্ধাৰ্থ আৰু নাগা চৈতন্য, ৰাম চৰণ, এনটিআৰ, আল্লু অৰ্জুন আদিয়ে শীঘ্ৰেই বলীউডত আত্মপ্ৰকাশ কৰিব।অৱশ্যে ইয়াৰ পূৰ্বে ৰজনীকান্ত, কমল হাছান, চিৰঞ্জীৱী আৰু নাগাৰ্জুনৰ দৰে অভিনেতা সকলেও বলীউডত আধিপত্য বিস্তাৰ কৰা দেখা যায়।

 বিগত কেইটামান বছৰত প্ৰভাস আৰু য়শৰ দৰে দক্ষিণৰ অভিনেতাসকলে সমগ্ৰ বিশ্বতে তেওঁলোকৰ অনুৰাগ সৃষ্টি কৰিছে।বাহুৱলী, কেজিএফ আদি ছবিয়ে ভাৰতীয় ছবি জগতত এক সুকীয়া স্থান দখল কৰিছে। এইখিনিতে উল্লেখ কৰিব লাগিব যে দক্ষিণ ভাৰতীয় চলচিত্ৰ উদ্যোগ বুলি কলে ৪টা ভাষাৰ চলচিত্ৰ উদ্যোগক একেলগে বুজা যায়। সেইকেইটা হল- কন্নড়, মালায়লম, তামিল আৰু তেলেগু। ভাৰতীয় চলচিত্ৰ উদ্যোগক ৭৫ শতাংশ ৰাজহ কেৱল দক্ষিণ ভাৰতীয় ছবি উদ্যোগৰ পৰাই সংগৃহীত হয়।

কিন্তু ইয়াৰ সমান্তৰালভাৱে আমি ক'ব লাগিব বলিউডৰ কথাও। কিয়নো বলিউডৰ নাই এতিয়া পূৰ্বৰ মাদকতা। লাহে লাহে দৰ্শকৰ মাজৰ পৰা জনপ্ৰিয়তা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে বলিউডৰ ছবি সমূহে। RRR ছবিখনৰ সমান্তৰালভাৱে মুক্তি লাভ কৰা বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ ছবি ফ্লপ হোৱা পৰিলক্ষিত হয়। মুক্তিৰ ৭ দিনত ১০০ কোটি টকা উপাৰ্জন কৰিবলৈও সক্ষম নহল বচ্চন পাণ্ডে নামৰ ছবি খনে। কিন্তু কিছুদিন পূৰ্বে মুক্তি লাভ কৰা  প্ৰায় ৫৫০ কোটি টকা ব্যয়ত নিৰ্মাণ হোৱা RRR ছবি খনে ১২০০ কোটিতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

ইয়াৰ পৰা বুজা যায় বলিউডৰ জনপ্ৰিয়তাৰ কথা। ইয়াক অন্তৰালত হয়তো থাকিব পাৰে ছবিৰ বিষয় বস্তু অথবা পৰিচালনাৰ ক্ষেত্ৰত থকা ভুল।

যদি আপুনি চলমান খানৰ অনুৰাগী, তেন্তে নিশ্চয় গম পাব যে বলিউডৰ ভাইজান ক্ষাত ছলমান খান তেওঁৰ এখন ব্লকবাষ্টাৰ ছবি ৱাণ্টেডৰ জৰিয়তে 'ভাই' হৈ পৰিছিল।এই ছবিখন ২০০৯ চনৰ মহেশ বাবু অভিনীত তেলেগু চলচ্চিত্ৰ পোকিৰিৰ ৰিমেক আছিল।তদুপৰি লক্ষ্য কৰিলে দেখা যায় যে বলিউডৰ একাংশ চুপাৰহিট ছবি দক্ষিণ ভাৰতীয় ছবিৰ ৰিমেক হয়। এনে লাগে যে  বলিউড নিৰ্ভৰশীল হৈ পৰিছে দক্ষিণ ভাৰতীয় ছবিৰ ওপৰত।তদুপৰি এতিয়া আগৰ দৰে জনপ্ৰিয়তা নাই আন বহু বলিউড অভিনেতা অভিনেত্ৰীৰো।

উল্লেখ্য যে ছবি এখনৰ বিষয়বস্তুৱে আকৰ্ষিত কৰে দৰ্শকক। উদাহৰণ স্বৰূপে, আল্লু অৰ্জুনৰ পুষ্পা বা ৰাজা মৌলীৰ পৰিচালিত ছবি RRR  ৰ কথা ক'ব পাৰো। আল্লু অৰ্জুনৰ অভিনীত ছবি পুষ্পা এটা নেতিবাচক চৰিত্ৰক লৈ নিৰ্মাণকলৈ নিৰ্মাণ হ'লেও দৰ্শকে লাভ কৰিছিল অন্য এক মাদকতা। অন্যহাতে rrr ছবিখনৰ বিষয় বস্তুৱেও আকৰ্ষিত কৰিছে দৰ্শকক।  দক্ষিণ ভাৰতীয় ছবিত কাহিনীক উপস্থাপনৰ পৰা আৰম্ভ কৰি, এক্সন আদি পৰিচালনা আমি নুই কৰিব নোৱাৰো।

ইয়াৰ অন্যহাতে বৰ্তমান সময়ত বলিউড কেৱল বিতৰ্কৰ মাজত থকা দেখা যায়। এই সময়ত ''দ্যা কাশ্মীৰ ফাইলচ''ৰ কথা ক'বই পাৰো। কোনোবা নহয় কোনোবা খিনিত এই ছবিখনে সাম্প্ৰদায়িকতাৰ মনোভাৱ সৃষ্টি কৰিছে আৰু বিতৰ্কৰ মাজত সোমাই পৰিছে।

ইয়াৰ পূৰ্বে বলিউডত এক বিতৰ্ক হৈছিল নেপটিজমৰ। একাংশৰ মতে বলিউডত অভিনেতা অভিনত্ৰী সকলৰ সম্পৰ্কীয়কহে স্থান দিয়া যায়। বহু ক্ষেত্ৰত লক্ষ্য কৰিলে ইয়াক আমি নহয় বুলি ক'ব নোৱাৰো।

লাহে লাহে দক্ষিণ ভাৰতীয় ছবিৰ অভিনেতা অভিনেত্ৰী সকলে দৰ্শকৰ মাজতো বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ক্ৰমান্বয়ে সোমাই পৰিছে মানুহৰ ওচৰত। এটা সময়ত হেমা মালিনী, ৰেখা, শ্ৰীদেৱী, শ্বাহৰুখ খান, অমিতাভ বচ্চন আদিৰ বহু জনপ্ৰিয়তা আছিল। এয়া এতিয়াও সিমান কম হোৱা নাই কিন্তু সেই আগৰ অভিনেতা অভিনেত্ৰী সকলৰ দৰে বলিউডৰ নতুন অভিনেতা অভিনেত্ৰীয়ে হয়তো এতিয়াও দৰ্শকৰ অন্তৰত স্থান লাভ কৰিবলৈ সক্ষম নহয়।

গতিকে ইয়াৰ পৰা কব পাৰি যে দক্ষিণ ভাৰতীয় ছবিয়ে এক ছবিজগতত এক নতুন ইতিহাস ৰচাৰ পিনে গতি কৰিছে অন্যহাতে বলিউডৰ ছবি সমূহে বিতৰ্কৰ মাজত সোমাই ক্ৰমান্বয়ে হেৰাই পেলুৱাইছে জনপ্ৰিয়তা।বলিউডপ পূৰ্বৰ মাদকতা ঘূৰি আহিবনে নাই সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in