বিৰল ঘটনাঃ এবাৰতে ১০ টা সুস্থ সন্তানৰ মাতৃ হ’ল এইগৰাকী মহিলা…

বিৰল ঘটনাঃ এবাৰতে ১০ টা সুস্থ সন্তানৰ মাতৃ হ’ল এইগৰাকী মহিলা…

বিৰল ঘটনাঃ এবাৰতে ১০ টা সুস্থ সন্তানৰ মাতৃ হ'ল এইগৰাকী মহিলা…

ডিজিটেল ডেস্কঃ একেসময়তে এগৰাকী মাতৃয়ে ১০ টাকৈ সুস্থ সন্তান জন্মদি বিশ্বতে চাঞ্চল্য সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইদৰে একেসময়তে এগৰাকী মাতৃয়ে ১০ টাকৈ সন্তান জন্ম দিয়া কাৰ্য বিশ্বৰ প্ৰথমটো ঘটনা ৰূপে পৰিগণিত হৈছে। এই চাঞ্চল্য সৃষ্টিকাৰী ঘটনা সংঘটিত হৈছে দক্ষিন আফ্ৰিকাত। অষ্ট্ৰেলিয়াৰ ছেভেন নিউজ ডট কম নামৰ ৱেবছাইটত প্ৰকাশিত খবৰ মতে গোচিয়াৰে থমৰা চিথল নামৰ মহিলাগৰাকীয়ে ১০ টাকৈ সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হৈছে। এই ১০ টা সন্তানৰ ভিতৰত ৭ টা পুত্ৰ সন্তান আৰু তিনিটা কন্যা সন্তান।

জানিব পৰা মতে গৰ্ভাৱস্থাত চিকিৎসকে গোচিয়াৰে থমৰা চিথলক পৰীক্ষা কৰোতে তেওঁৰ গৰ্ভত কেইবাটাও সন্তানৰ উপস্থিতি ধৰা পেলাইছিল যদিও ১০ টাকৈ সন্তানে যে তেওঁৰ গৰ্ভত থিতাপি লৈছে সেয়া নিশ্চিত নাছিল। ৩৭ বৰ্ষীয় গোচিয়াৰে গৰ্ভধাৰণ কৰাৰ ২৯ সপ্তাহৰ পিছত অস্ত্ৰোপচাৰৰ জড়িয়তে এই সন্তান কেইটাক জন্ম দিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত গোচিয়াৰেৰ স্বামীয়ে এবাৰতে ১০ টাকৈ সন্তানৰ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ বাবে সুখী অনুভৱ কৰিছে বুলি মন্তব্য কৰিছে।

ইফালে গোচিয়াৰৰ চিকিৎসকে সংবাদ মাধ্যমৰ আগত জনাইছে যে গোচিয়াৰৰ সদ্যজাত ১০ টা সন্তানক কেইমাহমানৰ বাবে ইনকিউবেটৰত ৰখা হ'ব। এই সময়তে গোচিয়াৰে আৰু তেওঁৰ স্বামীয়ে সন্তানকেইটাৰ নামাকৰণ কৰিব বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে ৬ বছৰৰ পূৰ্বে এইগৰাকী গোচিয়াৰে থমৰা চিথলে ২টা যময সন্তান জন্ম দিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in