ভয়ংকৰ দৃশ্য! অভিনেটাৰ সুউচ্চ কাট-আউটসহ বাগৰি পৰিল ৫জন, চাওঁক VIDEO

ভয়ংকৰ দৃশ্য! অভিনেটাৰ সুউচ্চ কাট-আউটসহ বাগৰি পৰিল ৫জন, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতত প্ৰায়ে দেখা পোৱা যায় জনপ্ৰিয় অভিনেতাসকলৰ কাট-আউটত গাখীৰ ঢালি অভিষেক কৰা। সৰ্বসাধাৰণে ইয়াৰ দ্বাৰা নিজৰ হৃদয়ত ব্যক্তিজনৰ প্ৰতি থকা মৰম, ভক্তি, শ্ৰদ্ধাৰ প্ৰদৰ্শন কৰে।

বৃহস্পতিবাৰেও একেই দৃশ্য দেখা গ'ল তিৰুক'ভিলুৰত। ছাউথৰ বিশিষ্ট অভিনেতা অজিতৰ এটা কাট-আউটত ওপৰলৈ উঠি গৈ তেখেতৰ অনুগামীয়ে গাখীৰেৰে অভিষেক কৰে। কিন্তু সেই সময়তে সংঘটিত হয় ভয়ংকৰ ঘটনা। গাখীৰ ঢালিবলৈ ৫জনকৈ লোকে যেতিয়া কাট-আউটটোৰ ওপৰত ওপৰলৈ উঠি যায়। কিন্তু  ভালদৰে কাট-আউটটোৰে সংযুক্ত বাঁহবোৰৰ ভালদৰে বান্ধি নিদিয়া আৰু অধিক মানুহৰ ওজন হোৱাৰ ফলত বাগৰি পৰে অভিনেতাজনৰ কাট-আউটটো। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় লোক কেইজন। ইতিমধ্যে লোক কেইজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in