চতিয়াৰ বালিজুৰিত শ্ৰী শ্ৰী শিৱ মহাপুৰাণ মহাযজ্ঞৰ আয়োজন

চতিয়াৰ বালিজুৰি  শিৱ মন্দিৰ প্ৰাংগনত প্ৰয়াত ধনপাল লিম্বু মেমোৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আৰু বালিজুৰিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এঘাৰ দিনীয়াকৈ শ্ৰীশ্ৰী শিৱ মহাপুৰাণ মহাযজ্ঞ ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-01 at 4.39.06 PM

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়াৰ বালিজুৰি  শিৱ মন্দিৰ প্ৰাংগনত প্ৰয়াত ধনপাল লিম্বু মেমোৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আৰু বালিজুৰিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এঘাৰ দিনীয়াকৈ শ্ৰীশ্ৰী শিৱ মহাপুৰাণ মহাযজ্ঞ ৷ আজি পুৱাৰে পৰা আৰম্ভ হোৱা এই শিৱ মহাপুৰাণ মহাযজ্ঞ ভাগ অহা ১১ মাৰ্চ লৈকে চলিব বুলি আয়োজক সকলে জানিবলৈ দিয়ে। 

শ্ৰী শ্ৰী শিৱ মহাপুৰাণ মহাজ্ঞান যজ্ঞ ভাগ অঞ্চলটোৰ বিশিষ্ট  সমাজকৰ্মী ধৰ্ম্মপ্ৰাণ ব্যক্তি স্বৰ্গীয় ধনপাল লিম্বু  আৰু তেখেতৰ পিতৃ কূলৰ উদ্ধাৰৰ লক্ষেৰে আয়োজন কৰিছে পৰিয়ালবৰ্গই ৷ পৰিয়াল তথা গাওঁবাসীৰ লগতে বিশ্বশান্তি কামনাৰে আয়োজিত এই শ্ৰীশ্ৰী শিৱ মহাপুৰাণ মহাযজ্ঞ উপলক্ষে পুৱাই বৰুণ আহ্বান কৰি জীয়া ভৰলী নৈ পৰা পাঁচ শতাধিক মহিলাই কলহত পানী ভৰাই জল যাত্ৰা কৰে ৷

পুৱাৰ কাৰ্য্যসূচীত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ শ্ৰীশ্ৰী শিৱপুৰাণ মহাযজ্ঞৰ কথা প্ৰবচক শ্ৰী বাসুদেৱ চৰণ দেৱা আৰ্চায্যয়ে  শিৱ পুৰাণ বিষয়ে ভক্তপ্ৰাণ ৰাইজক কথা শ্ৰৱণ কৰাব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে ৷

জামুগুৰিহাট