শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

দৰঙত তিনি চোৰাং গঁড় চিকাৰী আটক

166

ডিজিটেল সংবাদ, মঙলদৈঃ পৃথিৱী বিখ্যাত এশিঙিয়া গঁড় চিকাৰৰ বাবে খাপ পিটি থকা তিনি গঁড় চিকাৰীক বুধবাৰে দৰং আৰক্ষী আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এটি দলে যুটীয়াভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্যমতে, ওৰাং ৰাষ্ট্রীয় উদ্যানত ১৫ মে’ৰ নিশা এটা গঁড় চিকাৰৰ বাবে এই তিনি ধৃতই পৰিকল্পনা কৰি শিলবৰী থানা এলেকাত বাহৰ পাতি থাকোতেই গোপন খবৰৰ ভিত্তিত দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ তত্বাৱধানত যোৱা অভিযানকাৰী দলটোৱে চোৰাং চিকাৰীৰ দলটোক আটক কৰিব সক্ষম হয়।

আৰক্ষীয়ে দলটোৰ পৰা এটা .৩০৩ ৰাইফল, এটা ছাইলেন্সৰ, ১১ জাই সজীৱ গুলী আৰু এখন খুকুৰী উদ্ধাৰ কৰে। ধৃত চিকাৰী কেইজন ক্ৰমে- সাগৰ সিনহা, সমচেৰ আলী আৰু মৰুজ আলী বুলি জানিব পৰা গৈছে। ইয়াৰে সাগৰ সিনহা ১২ আসাম ৰাইফলচৰ পৰা পলাই অহা জোৱান বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি