শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

ছিপাঝাৰ ঢলপুৰৰ উচ্ছেদ সম্পৰ্কে সংবাদ মেল…

ডিজিটেল সংবাদ,ছিপাঝাৰঃ সোমবাৰে ছিপাঝাৰ ঢলপুৰত হোৱা উচ্ছেদ সম্পৰ্কে সদৌ অসম সংখ্যা লঘু ছাত্ৰ সন্থাই মঙলদৈ আবৰ্ত ভৱনত এক সংবাদ মেল সম্বোধন কৰে।  ছিপাঝাৰৰ ঢলপুৰত উচ্ছেদিত ঠাইত প্ৰশাসনে মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপিত কৰি আৰু ধৰ্মীয় অনুষ্ঠান ভঙাক লৈ এই সংবাদ মেলত চৰকাৰক তীব্ৰ ভাষাৰে কৰ্কৰ্থনা কৰে ।

সংবাদ মেলত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ছিপাঝাৰৰ ধলপুৰত সোমবাৰে হোৱা ৪৫০০ বিঘা ভূমিৰ উচ্ছেদ কৰাৰ পৰিপ্ৰেক্ষিতত মানৱ অধিকাৰ খৰ্ব হোৱা বুলি মন্তব্য কৰাৰ উপৰিও ধৰ্মীয় অনুষ্ঠান ধ্বংস কৰাত সংবাদ মেল যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

 লগতে কংগ্ৰেছৰ আৰু এই,আই, ইউ, দি, এফৰ সংখ্যা লঘু বিধায়ক আৰু সাংসদ সকলক এই ক্ষেত্ৰত গুৰুত্ব নিদিয়াত সংবাদ মেলত তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰি অনাগত দিনত যদি চৰকাৰক ধন্যবাদ হে জনাই সংখ্যা লঘু লোকৰ হকে মাত নামাতে তেনেহলে অনাগত দিনত এই সকল বিধায়ক,সাংসদ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।  

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি