সোণতলীৰ আৰাফা ৰয়েল একাডেমীৰ বাৰ্ষিক অধিবেশন সম্পন্ন

সোণতলীৰ আৰাফা ৰয়েল একাডেমীৰ বাৰ্ষিক অধিবেশন সম্পন্ন

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ফাতিমা ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আৰাফা ৰয়েল একাডেমীৰ ছাত্ৰ একতা সভাৰ পঞ্চমসংখ্যক বাৰ্ষিক অধিবেশনখন যোৱা ১২ নৱেম্বৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী অনুসৰি ১২ নৱেম্বৰত পতাকা উত্তোলন, সমাজ সেৱা, গছপুলি ৰোপন, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

১৩ নৱেম্বৰত তৰ্ক, গীত-মাত, নৃত্য, কবিতা আবৃত্তি আদি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়৷ ১৪ নৱেম্বৰৰ পুৱা ৰাজহুৱা স্থানত চাফাই অভিযান, প্ৰাচীৰ পত্ৰিকা 'ইকৰা' উন্মোচন কৰা হয়৷ বিয়লি আৰাফা ৰয়েল একাডেমীৰ উদ্যোগত অসম সাহিত্য সভাৰ দ্বাৰা আয়োজিত 'শিশু দিৱস'ৰ মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি-সম্পাদক প্ৰভাত বনিয়া, ৰাজেন মহন্ত, জনপ্ৰিয় অভিনেতা ক্ৰমে-ধ্ৰুৱকুমাৰ দাস, ধাৰাবাহিক খাপলাংকাইৰ অভিনেতা সাজু আহমেদ, সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ কিশোৰ কুমাৰ জৈন, কবি হেৰম্ব বৰা, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি গোস্বামী, ইণ্ডিয়ান আইডল হিচাপে পৰিগণিত মানস চহৰীয়া, অভিনেত্ৰী ৰিজুমণি চৌধুৰী, আৰাফা ৰয়েল একাডেমীৰ অধ্যক্ষ আলহাজ চুলতান আহমেদ৷ সন্ধিয়া একাডেমীৰ শিক্ষাৰ্থী আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিবেশন কৰা হয়৷

শুকুৰবাৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ বিয়লি আৰাফা ৰয়েল একাডেমীৰ অধ্যক্ষ আলহাজ চুলতান আহমেদৰ সভাপতিত্বত মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়৷ সভাত সোণতলী উচতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছৰাফ উদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষকদ্বয় ফজলুৰ ৰহমান, জহিৰুল হক ভূঞাৰ লগতে মীৰ ছামচুল হক চৌধুৰী, গৰৈমাৰীৰ হাতেম চৌধুৰী শিশু নিকেতনৰ অধ্যক্ষ ৰফিক চৌধুৰী, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ শ্বাহ ছফিউজ জামান, আৰাফা ৰয়েল একাডেমীৰ মুখ্য পৃষ্টপোষক ড০ এম ছি বাবুৰ উপৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ নিশা গীত-মাত অনুষ্ঠিত হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in