সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোভিড ভেকচিনৰ নামত চৰম অৰাজকতা…

সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোভিড ভেকচিনৰ নামত চৰম অৰাজকতা…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোভিড ভেকচিন প্ৰদানৰ নামত স্বাস্থ্য কেন্দ্ৰৰ কৰ্তৃপক্ষই সহজ-সৰল লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ জানিব পৰামতে, সোণতলীৰ বিবেক চন্দ্ৰ শীল নামৰ লোকজনে ক'ভিড ভেকচিনৰ বাবে কেবাদিন ধৰি সোণতলী স্বাস্থ্য কেন্দ্ৰত শাৰী-পাতি থাকিও ভেকচিন লোৱাৰ পৰা বঞ্চিত হৈছে৷ কিন্তু আশ্চৰ্যজনকভাৱে কিছুদিন পূৰ্বে তেওঁৰ ম'বাইলত হঠাতেই ভেকচিন লোৱাৰ বাৰ্তা লাভ কৰে৷ পেচাত নাপিত বিবেক চন্দ্ৰ শীল নামৰ ব্যক্তিজনে ম'বাইলৰ বাৰ্তাটো কম্পিউটাৰৰ পৰা উলিয়াই চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিও সুফল নাপালে৷

উল্লেখ্য যে, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ ছামচুল আলমে চিকিৎসালয়খন নিজৰ পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰাৰ লগতে চিকিৎসালয়ত অহা প্ৰসূতি আনকি সাধাৰণ ৰোগীৰ লগত চিকিৎসা বিষয়া ছামচুল আলমে দুৰ্ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ আনকি যোৱা ২৯ জুলাইত চিকিৎসালয়ত ক'ভিড ভেকচিন প্ৰদানক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সোণতলীৰ দুগৰাকী সাংবাদিকক চিকিৎসা বিষয়াগৰাকীয়ে অপদস্থ কৰে৷

আনকি নিজৰ দোষ ঢাকিবলৈ সাংবাদিকৰ বিৰুদ্ধে চিকিৎসক গৰাকীয়ে ভুৱা এজাহাৰ দাখিল কৰাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আনহাতে, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক'ভিড ভেকচিনৰ নামত চৰম অৰাজকতাৰ সৃষ্টি কৰা তথা বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অপদস্থ কৰা ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ছামছুল আলমৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্বাস্থ্য মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in