আৰ এছ এছ প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰিবলৈ শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শনিবাৰৰ পৰা ৩ দিনীয়া কৰ্মকৰ্তা সন্মিলন…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ,শিলচৰঃ শনিবাৰৰ পৰা শিলচৰত আৰম্ভ হৈছে আৰএছএছৰ উত্তৰ পূৰ্বাঞ্চলৰ কৰ্মকৰ্তা সকলৰ 'কৰ্মকৰ্তা সন্মিলন' । এই সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে শুকুৰবাৰেই শিলচৰত উপস্থিত হৈছে আৰ এছ এছৰ মূৰব্বী মোহন ভাগৱত ।

তিনি দিন ধৰি চলিব লগা এই আৰএছএছৰ 'কৰ্মকৰ্তা সন্মিলন'ত অংশ লবলৈ অহা মোহন ভাগৱতক সাক্ষাৎ কৰিব মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে । আৰ এছ এছৰ মূৰব্বী মোহন ভাগৱতক সাক্ষাৎ কৰিবলৈ শনিবাৰে শিলচৰত উপস্থিত হয়গৈ মুখ্যমন্ত্রী সোণোৱাল । ভাগৱতক সাক্ষাৎ কৰি তেওঁৰ আশীৰ্বাদ লব মুখ্যমন্ত্রীয়ে ।

শিলচৰত আয়োজিত পোষণ মাহ অনুষ্ঠানৰ সামৰণি আৰু 'বেটী বাচাও বেটী পঢ়াও' আচনি খনৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিচত মুখ্যমন্ত্রীয়ে মোহন ভাগৱতক সাক্ষাৎ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ।

মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো বহিব আৰ এছ এছৰ মূৰব্বী মোহন ভাগৱত । এই বৈঠকত অসমৰ কি কি বিষয় লৈ আলোচনা হব সেয়া স্পষ্ট নহলেও NRC আৰু CAB সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভবনা প্রৱল । সৰ্বানন্দ সোণোৱালৰ উপৰি দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱেৰ সৈতেও বৈঠকত অংশ লব মোহন ভাগৱতে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in