শোণিতপুৰত বাঘৰ আতংকঃ খাদ্যৰ সন্ধান কৰি গোহালিত সোমাল বনৰজা, উপস্থিত বন বিভাগৰ লোক…

শোণিতপুৰত বাঘৰ আতংকঃ খাদ্যৰ সন্ধান কৰি গোহালিত সোমাল বনৰজা, উপস্থিত বন বিভাগৰ লোক…

ডিজিটেল সংবাদ, শোণিতপুৰঃ বন ৰজাক লৈ আতংকৰ সৃষ্টি শোণিতপুৰৰ বৰছলাত৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা প্ৰাপ্ত বয়স্ক প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে আতংকৰ সৃষ্টি কৰিছে উদ্যানখনৰ কাষৰীয়া অঞ্চল বৰছলাৰ নিছলামাৰীত। বুধেশ্বৰী দাস নামৰ এগৰাকী মহিলাৰ গোহালী ঘৰত বুধবাৰ নিশাৰে পৰা সোমাই আছে ঢেকীয়াপতীয়া বাঘটো৷ এটা গৰু নিধন কৰি বাঘটো নিশাৰে পৰা সোমাই আছে গোহালী ঘৰটোত৷ উল্লেখযোগ্য যে, বুধবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই অহা এই বাঘটোৱে এগৰাকী মহিলাৰ গোহালিত সোমাই এটা বলধ কৰি হত্যা কৰি ভক্ষণ কৰাৰ পাছতো গোহালিৰ পৰা বৰ্তমান লৈকে আঁতৰি যোৱা নাই বাঘটো।

বৰ্তমানো গোহালিতেই বাঘটো অৱস্থান কৰি থকাত গোহালিত থকা বাৰটাকৈ গৰু আৰু কেইবাটাও ছাগলি গোহালিতেই আৱদ্ধ হৈ আছে। ছাগলীৰ চাংৰ তলতে বাঘটো অৱস্থান কৰি আছে৷ ইপিনে বাঘটোৰ বাবে নিশাৰ পৰাই পৰিয়ালো ঘৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে৷ বৃহস্পতিবাৰে পুৱাই ঘটনাস্থলীত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষী বাহিনীৰ দল আৰু ঢেকীয়াজুলিৰ বন কৰ্মীৰ ওপৰিও আৰক্ষী উপস্থিত আছে যদিও বৰ্তমান লৈকে বাঘটো ট্ৰেংকুলাইজ কৰা নাই। ইফালে, বাঘটোক অঞ্চলটোৰ পৰা উলিয়াই অনাত বন বিভাগ ব্যৰ্থ হোৱাত অঞ্চলটোৰ লোক সকলৰ মাজত আতংকই বিৰাজ কৰিছে। কিবা কাৰণে যদি বাঘটো জনাঞ্চললৈ ওলাই যায় তেন্তে অধিক আক্ৰমনাত্মক হৈ উঠি পুনৰ গৰু ছাগলীকে ধৰি নিশাৰ ভাগত মানুহকো আক্ৰমণ কৰাৰ সম্ভাৱনা আছে।

বাঘটোক বৰ্তমানলৈকে বন বিভাগৰ লোকে পহৰা দি আছে যদিও দিনৰ ভাগতে যদি বাঘটো ট্ৰেংকুলাইজ কৰা নহ'য়, তেন্তে নিশালৈ গোহালিৰ ভিতৰত থকা গৰু ছাগলীক পুনৰ হত্যা কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। ইফালে, ঘটনাস্থলীত উপস্থিত থকা বন বিষয়া আৰু বনকৰ্মীয়ে প্ৰকাশ কৰা মতে সুৰক্ষাজনিত কাৰণত সন্ধিয়াৰ ভাগতহে বাঘটোক খেদি পঠোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব৷ প্ৰায় ১৫ ঘন্টা সময় ধৰি এটা ঢেকীয়াপতীয়া বাঘ গাওঁ খনৰ এঘৰ লোকৰ গোহালীত অৱস্থান কৰি থকা ঘটনাই আতংকৰ বিৰাজ কৰিছে৷ উল্লেখ্য যে, বাঘটো হয়তো আঘাট পোৱা বাবেই এঠাইতে বহু সময় ধৰি অৱস্থান কৰি থকাৰ কথা সন্দেহ কৰি কৰিছে বন বিভাগে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in