অসুস্থ ছোনিয়া গান্ধী, বিগত ২৪ ঘন্টা ধৰি…

অসুস্থ ছোনিয়া গান্ধী, বিগত ২৪ ঘন্টা ধৰি…

ডিজিটেল ডেস্কঃ অসুস্থ কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী। বিগত ২৪ ঘন্টা ধৰি দিল্লীৰ গংগাৰাম হস্পাতালত ভৰ্তি হৈ আছে গান্ধী। দেওবাৰে সন্ধিয়াই কংগ্ৰেছ অধ্যক্ষাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সেই কথা ৰাজহুৱা কৰা নাছিল।

সোমবাৰে গংগাৰাম হস্পাতালৰ কৰ্তৃপক্ষই ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ সন্দৰ্ভত সংবাদমাধ্যমক অৱগত কৰে। পেটৰ অসুখৰ বাবে দেওবাৰে স্বাস্থ্যৰ কিছু অৱনতি ঘটাত ছোনিয়া গান্ধীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। বৰ্তমান নেত্ৰীগৰাকীৰ স্বাস্থ্য কিছু উন্নত হৈছে বুলি চিকিৎসকে সদৰী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in